
গৰু
গৰু এবিধ চাৰিঠেঙীয়া ঘৰচীয়া পোহনীয়া জন্তু৷ গৰুৰ বিষয়ে ৰচনা সচৰাচৰ এনেদৰে আৰম্ভ হৈছিল৷ কিন্তু এতিয়া অসমতো গৰুৰ বিষয়ে ৰচনা লিখা ক্ৰমান্বয়ে জটিল আৰু প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে; বিশেষকৈ গৰুৱে ৰাজনীতিত প্ৰৱেশ কৰাৰ পাছত৷ গৰুৰ আকৃতি-প্ৰকৃতি-উপকাৰিতা আদি বৰ্ণনা কৰোঁতে বৰ্ণনা কৰা হৈছিল যে জীয়াই থাকোঁতে মানুহৰ কামত অহা গৰু মৰাৰ পাছতো মানুহৰ কামত আহে৷ গৰুৰ শিং, ছাল, হাড় বিভিন্ন পণ্য প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়৷ কিন্তু গৰুৱে ৰাজনীতিত প্ৰৱেশ কৰাৰ পাছত আৰু গৰুৱে তথা গৰুৰে ক্ষমতা লাভ কৰা সম্ভৱ হৈ উঠাৰ পাছত গৰুৰ ৰচনা আগৰ দৰে নিৰহ-নিপানি হৈ থকা নাই৷ গৰুৰ মাংস বা কটা মূৰ কোনো ধৰ্মীয় স্থানৰ কাষত আৱিষ্কাৰ হোৱাৰ পাছত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি পাব পাৰে, দুটা ধৰ্মীয় সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ হ’ব পাৰে৷ মানুহ মৰিব পাৰে, ঘৰ-বাৰী জ্বলিব পাৰে৷ গৰু যে ৰাজনীতিৰ মূল বিষয় হৈ পৰিব পাৰে, ভোট গোট খুৱাব পাৰে, ক্ষমতা দখলৰ প্ৰধান আহিলা হৈ পৰিব পাৰে, সাম্প্ৰদায়িক সংঘৰ্ষৰ কাৰণ হ’ব পাৰে– এই আধুনিক কথাবোৰ নোকোৱাকৈ গৰুৰ ৰচনা কেনেকৈ সম্পূৰ্ণ হ’ব পাৰে?
গৰুৰে ৰাজনৈতিক-অৰ্থনৈতিক ব্যৱস্থাৰ ‘ইজ্ম’ বা ‘বাদ’বোৰৰ আকৰ্ষণীয় ব্যাখ্যা দিয়া হয়৷ তেনে কেইটামান–সামন্তবাদঃ আপোনাৰ দুটা গৰু আছে৷ আপুনি দুয়োটাৰে যত্ন লয় আৰু জমিদাৰে বেছিভাগ গাখীৰ লৈ যায়৷ সমাজবাদঃ আপোনাৰ দুটা গুৰু আছে, চৰকাৰে দুয়োটাকে ৰাষ্ট্ৰীয়কৰণ কৰে আৰু আন গৰুৰ স’তে সমাজৰ গোহালিত ৰাখে৷ আপুনি সকলো গৰুৰ যত্ন ল’ব লাগে আৰু বিনিময়ত চৰকাৰে আপোনাক এগিলাচ গাখীৰ দিয়ে৷ বিশুদ্ধ কমিউনিজ্মঃ আপুনি চুবুৰীয়াৰ স’তে গৰু দুটাৰ সমান মালিক৷ আপোনালোক কাৰ দক্ষতা বেছি আৰু কাৰ প্ৰয়োজন বেছি তাক নিৰ্ণয় কৰিবলৈ আপোনালোকে গভীৰ তাত্ত্বিক আলোচনাত মগ্ন হয়৷ কোনেও প্ৰতিপাল নকৰা বাবে গৰু দুটা চেৰেলা পৰে৷ কোনেও গাখীৰ নাপায় আৰু গৰু দুটাও অৱশেষত মৰি থাকে৷ ফেচিজ্মঃ আপোনাৰ দুটা গৰু আছে৷ চৰকাৰে দুয়োটা গৰু লৈ যায়, আপোনাক গৰুকেইটা চোৱাচিতা কৰিবৰ বাবে নিয়োগ কৰে আৰু আপোনাক গাখীৰ বিক্ৰী কৰে৷ ৰুছ কমিউনিজ্মঃ আপোনাৰ দুটা গৰু আছে, আপুনি দুয়োটাকে লালন-পালন কৰিব লাগে৷ চৰকাৰে গোটেইখিনি গাখীৰ লৈ যায়, গতিকে আপুনি যিমানখিনি পাৰে গাখীৰ লুকুৱাই ৰাখি সেইখিনি মনে মনে ক’লাবজাৰত বিক্ৰী কৰে৷ পুনৰ্গঠিত ৰাছিয়াৰ অৰ্থনীতিঃ আপোনাৰ দুটা গৰু আছে৷ আপুনি দুয়োটাকে পালন কৰে, কিন্তু মাফিয়াই গোটেইখিনি গাখীৰ কাঢ়ি লৈ যায়৷ গতিকে আপুনি যিমান পাৰে গাখীৰ লুকুৱাই ৰাখি তাক মুকলি বজাৰত বিক্ৰী কৰে৷ প্ৰতিনিধিত্বমূলক গণতন্ত্ৰঃ আপোনাৰ দুটা গৰু আছে৷ আপোনাৰ চুবুৰীয়াই এজনক নিৰ্বাচন কৰে যিজনে সিদ্ধান্ত লয় যে আপোনাৰ গাখীৰখিনি কোনে পাব৷ পুঁজিবাদঃ আপোনাৰ এটাও গৰু নাই, আৰু আপোনাক বেংকে গৰু কিনিবলৈ ঋণ নিদিয়ে, কাৰণ গৰু কিনাৰ বাবে ঋণ ল’বলৈ বন্ধকত দিবলৈ আপোনাৰ গৰু নাই৷ নিউ ডিলইজ্মঃ আপোনাৰ দুটা গৰু আছে৷ চৰকাৰে এটাক গুলীয়াই মাৰিব আৰু আনটোৰ গাখীৰ খীৰাব৷ তাৰপাছত গাখীৰখিনি নৰ্দমাত পেলাই দিব৷
এৰণন কেলেংকাৰী আমেৰিকাৰ এটা বিখ্যাত অৰ্থনৈতিক কেলেংকাৰী৷ এৰণন কৰ্প’ৰেচন পৃথিৱীৰ অন্যতম বৃহৎ একাউণ্টিং সংস্থা আছিল আৰু এই কেলেংকাৰীৰ পাছত সংস্থাটো দেউলীয়া ঘোষিত হৈছিল৷ সংস্থাটোৰ কেলেংকাৰীৰ নামেৰে নামকৰণ কৰা হৈছিল এৰণনিজ্ম৷ এৰণনিজ্মঃ আপোনাৰ দুটা গৰু আছে৷ আপুনি আপোনাৰ খুলশালীয়ে বেংকত মুকলি কৰা লেটাৰ অৱ ক্ৰেডিট ব্যৱহাৰ কৰি আপোনাৰ ৰাজহুৱা তালিকাভুক্ত কোম্পানীটোক তাৰে তিনিটা গৰু বিক্ৰী কৰে৷ তাৰ পাছত ঋণ আৰু ইকুইটীৰ জটিল আন্তঃপ্ৰক্ৰিয়া এটাৰে আপুনি আপোনাৰ চাৰিওটা গৰু ওভতাই পায় আৰু লগতে পাঁচটা গৰুৰ বাবে কৰ ৰেহাইৰ ৰাজসাহায্য লাভ কৰে৷ তাৰ পাছত ছটা গৰুৰ গাখীৰৰ বেপাৰৰ অধিকাৰ আপোনাৰ মুখ্য আৰ্থিক বিষয়াজনৰ গোপন মালিকানাধীন সাত সাগৰ তেৰ নদীৰ পাৰৰ কোনোবা এটা দ্বীপত থকা কোম্পানী এটাক অৰ্পণ কৰে৷ তেওঁ সাতটা গৰুৰ অধিকাৰ পুনৰ আপোনাৰ নামত থকা কোম্পানীক হস্তান্তৰ কৰে৷ কোম্পানীৰ বাৰ্ষিক প্ৰতিবেদনত দেখুওৱা হয় যে কোম্পানীটোৰ আঠটা গৰু আছে আৰু কোম্পানীটো আৰু ছটা গৰুৰ মালিক হ’ব পাৰে৷ এৰণনৰ এই কথাখিনি অদ্ভুত যেন লাগিছে? পৃথিৱীৰ আৰ্থিক বজাৰখন এনেদৰেই পৰিচালিত হয়৷ তাতে আকৌ এতিয়া ঋণ তথা ইকুইটীৰ জটিল কাৰবাৰটো প্ৰায় সম্পূৰ্ণৰূপে কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন এলগৰিড্মে নিয়ন্ত্ৰণ কৰে৷
বিজেপিৰ এসময়ৰ দিগ্গজ নেতা, বাজপেয়ী মন্ত্ৰীসভাৰ মন্ত্ৰী অৰুণ শ্বোৰীয়ে কৈছিল যে কংগ্ৰেছৰ স’তে গৰু যোগ কৰি দিলেই সি বিজেপি হৈ পৰে৷ নিজকে আনতকৈ বেলেগ বুলি প্ৰমাণ কৰিবলৈ বিজেপিৰ একমাত্ৰ অস্ত্ৰ হ’লগৰু৷ কিন্তু নিজৰ জাতীয় উৎসৱ ৰঙালী বিহু, যিটো জাতিয়ে গৰু বিহু উদ্যাপনেৰে আৰম্ভ কৰি সেই জাতিটোক গৰু-প্ৰীতি দেখুৱাবলৈ কৰা প্ৰচেষ্টাত মানুহে গৰু প্ৰেমতকৈ ৰাজনীতি বেছিকৈ দেখিলে, তাত আচৰিত হ’বলগীয়া নাই৷ গুজৰাটী গীৰ গৰু অসমলৈ আহিল, কিছুমান হেনো বাটতে অবাটে গ’ল৷ বাকীবোৰক অসমৰ মাটি-পানী-বায়ুৱে নুশুজিলে৷ গোটেই কাৰবাৰটোত কাৰ কিমান টকা পানীত পৰিল কোনেও নাজানে৷ শেষত গৈ হয়তো ৰাজহুৱা ধনৰ আন এক শৰাধ হ’ল৷ অসমৰ অৰ্থনীতিত গুজৰাটৰ পৰা অহা বিদেশী জাতৰ গৰুৱে বিশেষ একো অৰিহণা যোগাব নোৱাৰিলে, কিন্তু এতিয়া গুজৰাটী গৰুৱে অসমৰ ৰাজনীতি তোলপাৰ লগাই আছে৷ অসমীয়া জাতীয়তাবাদৰ, অসমৰ উন্নতিৰ এক গুজৰাটী গীৰ গৰু তত্ত্ব উদ্ভাৱন কৰিব পাৰি আৰু তাক আমাৰ দেশীয় গৰুৰ ৰচনাৰ অন্তৰ্ভুক্ত কৰিব পাৰি৷ অহাবাৰৰ পৰা গৰুবিহুত বা গো-মাতা পূজনত গুজৰাটী গীৰ গৰুক অন্তৰ্ভুক্ত কৰিলে বা অন্তৰ্ভুক্ত কৰাটো বাধ্যতামূলক কৰিলে কেনে হয়?