
একো নিষিদ্ধ কাম কৰা নাই! অৰ্চিতাৰ ভাষ্যত সত্যতা কিমান
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদনঃ পাৰ্থিৱ নে অপাৰ্থিৱ? সঁচাই ৰক্ত-মাংসৰ নাৰী শৰীৰ নে এ আই জেনেৰেটেড? অৰ্চিতা ফুকন বুলি পৰিচয় দিয়া এগৰাকী সুন্দৰী মডেলে বিশ্বখ্যাত পৰ্নষ্টাৰ কেন্দ্ৰা লাষ্টৰ সৈতে থকা এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰাৰ পাছত ৰাজ্যজুৰি তোলপাৰ হৈ থকাৰ সময়তে এই প্ৰশ্ন উত্থাপিত হৈছে– অসমৰ বিভিন্ন প্ৰজন্মক উত্তেজিত কৰি তোলা এই ফটোৰ গৰাকী সঁচাই এগৰাকী তৰুণী নে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্ট এক ‘ইল্যুজন’? ছ’চিয়েল মিডিয়াৰ নেটিজেনে ‘বেবীডল অৰ্চিতা’ নামৰ ইনষ্টাগ্ৰাম একাউণ্টটো কেইদিনমানৰ ভিতৰতে তল-ওপৰ কৰি ৰাজ্যৰ ‘মষ্ট ছাৰ্চড’ একাউণ্ট কৰি তোলাৰ সময়ত সীমিত সংখ্যক নেটিজেনে এই ফটো আৰু ভিডিঅ’ এ আইৰ দ্বাৰা সৃষ্ট বুলিও দাবী কৰিছে৷ জাৰ্মানীৰ বাৰ্লিনত থকা আৰু এ আইৰ পাঠ্যক্ৰম অধ্যয়ন কৰি থকা এগৰাকী যুৱতীয়ে এটা ফেচবুক পোষ্টত ‘বেবীডল অৰ্চিতা’ৰ ফটো-ভিডিঅ’ কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা তৈয়াৰ কৰা বুলি দাবী কৰিছে৷
কিন্তু যিসময়ত আগ্ৰহৰ সীমা নোহোৱা হৈ অৰ্চিতা ফুকনৰ এটা ‘এডাল্ট ভিডিঅ’ৰ ক্ষণিক অংশ উপভোগ কৰিবলৈ ব্যাকুল হৈ থকা নেটিজেনে বেবীডল অৰ্চিতাক এগৰাকী আকৰ্ষণীয় তৰুণী নহয় বুলি মানি ল’বলৈ নাৰাজ, সেই সময়তে এ আইক বাৰম্বাৰ কৰা প্ৰশ্নৰ উত্তৰতো অৰ্চিতাৰ ফটো ‘সঁচা’ আৰু এ আই জেনেৰেটেড নহয় বুলি নিশ্চিত কৰিছে৷ পৰ্নষ্টাৰ কেন্দ্ৰা লাষ্টৰ সৈতে যোৱা ৪ এপ্ৰিলত ইনষ্টাগ্ৰামত আপলোড কৰা যিখন ফটোক লৈ ৰাজ্যত হুলস্থূল, এক নিষিদ্ধ চেতনাৰ ঢৌৱে ৰাজ্যক জোকাৰি পেলাইছে, সেই ফটোখন এটা এ আই চাটবুট মডেলে ‘ফেক’ নহয় বুলি নিশ্চিত কৰিছে৷ একেলগে অৰ্চিতা ফুকনৰ আন কেইবাখনো ফটো এ আইত আপলোড কৰি সত্যতা জানিবৰ বাবে কৰা প্ৰশ্নত সেই এ আই চাটবুটে ফটোবোৰ এ আইৰ দ্বাৰা সৃষ্ট নহয় বুলি নিশ্চিত কৰিছে৷
তদুপৰি এ আই চাটবুট মডেলটোৱে জনাইছে– ইনষ্টাগ্ৰামত এ আইৰ দ্বাৰা তৈয়াৰ কৰা ফটো আপলোড কৰিলে ‘মেটা’ই সেয়া ধৰা পেলাই ‘ৰিমুভ’ কৰি দিয়ে৷ তদুপৰি যিটো একাউণ্টৰ পৰা অৰ্চিতা ফুকন আৰু কেন্দ্ৰা লাষ্টে দুয়োৰে ফটো পোষ্ট কৰিছে, সেই দুয়োটা একাউণ্টেই ‘জেনুইন’ আৰু ‘ভেৰিফাইড’৷ যদিহে অৰ্চিতাৰ এই ৰূপ আৰু ‘কীৰ্তি’ বিশ্বস কৰে, তেন্তে তেওঁ ‘ফল’ৱাৰ্ছ’ৰ বাবে নিজৰ ‘কাৰ্য-কলাপ’ক লৈ এটা স্পষ্টীকৰণো আগবঢ়াইছে৷ প্ৰশ্ন উঠিছিল– অৰ্চিতা ফুকনে মাৰ্কিন পৰ্ন উদ্যোগত প্ৰৱেশ কৰিছে নেকি? যিহেতু তেওঁ বিশ্বখ্যাত পৰ্ন তাৰকা কেন্দ্ৰা লাষ্টক আমেৰিকাৰ মিছিগানত সাক্ষাৎ কৰা বুলি এখন ফটোৰে সৈতে দিয়া পোষ্টত কেন্দ্ৰা লাষ্টৰ আত্মবিশ্বাস দেখি অনুপ্ৰাণিত হোৱা বুলি জনাইছিল, সেয়ে এই প্ৰশ্ন স্বাভাৱিক আছিল৷
নিজৰ এটা পোষ্টৰ কমেণ্টত সেই স্পষ্টীকৰণ দিছে অৰ্চিতা ফুকনে, য’ত তেওঁ পৰ্ন উদ্যোগত জড়িত হোৱাটো স্বীকাৰো কৰা নাই আৰু অস্বীকাৰো কৰা নাই৷ তেওঁ কৈছে– ‘শেহতীয়াকৈ মোৰ নামটোৱে শিৰোনাম দখল কৰা দেখিছোঁ, ফুচফুচনি আৰম্ভ হৈছে, জল্পনা-কল্পনাও চলিছে৷ এই সকলো হৈছে এটা সাক্ষাতৰ বাবে, একেটা ফ্ৰেমৰ বাবে, এটা লহমাৰ বাবে৷ হাঁহি উঠে, কিদৰে মানুহে হঠাতে কাৰোবাক কোনো এঠাইলৈ ঠেলি নিব পাৰে আৰু তেওঁলোকে ভবাৰ দৰে অভিহিত কৰিব পাৰে৷ এটা কথা স্পষ্টভাৱে কওঁ, মই তেনে জল্পনা নিশ্চিত নকৰোঁ৷ অৱশ্যে মই অস্বীকাৰো নকৰোঁ৷ কিয়? কাৰণ মই শিকিছোঁ, নীৰৱতাই বহু সময়ত ডাঙৰ স্পষ্টীকৰণ হৈ পৰে৷ কিছুমান পথ ব্যক্তিগত৷ কিছুমান পদক্ষেপ কৌশলগত৷ কিছুমান গল্প কেপচনৰ দ্বাৰা নহয়, একোটা অধ্যায়ৰে কোৱাই ভাল৷ যদিহে মানুহে নিজেই অনুমান কৰি লয়, লওঁক৷ সংবাদ মাধ্যমে মোক যদি এটা সাক্ষাতৰ দ্বাৰা বিচাৰ কৰে, তেন্তে লিখি থাকক৷ কিন্তু মনত ৰখা ভাল, বিৰাট ‘ৰিউমাৰ’ এটা সাধাৰণতে সত্যৰ বহু দূৰৈৰ পৰা ওলাই আহে৷’