Logo
image

বিশ্বৰ প্ৰতিজনক ভেক্‌চিন দিবলৈ নিধন কৰিব লাগিব ৫ লাখ হাংগৰ

আমাৰ অসম, ৩০ ছেপ্টেম্বৰঃ কৰ’না ভেক্‌চিন তৈয়াৰ কৰিবৰ বাবে পাঁচ লাখ হাংগৰ [ছাৰ্ক] নিধন কৰিব লাগিব৷ শেহতীয়াকৈ গৱেষণা সূত্ৰে এই কথা জানিব পৰা গৈছে৷ হাংগৰৰ যকৃতৰ তেল ব্যৱহাৰ কৰি কৰ’নাৰ ভেক্‌চিন তৈয়াৰ কৰাৰ চেষ্টা কৰিছে অনেক গৱেষকে৷ এই ভেক্‌চিন তৈয়াৰ কৰিবলৈ বৃহৎ সংখ্যক হাংগৰ নিধন কৰিব লগা হ’ব বুলি গৱেষকসকলে মত প্ৰকাশ কৰিছে৷ গৱেষণাৰ বাবে ইতিমধ্যে কৰ’নাৰ ভেক্‌চিনৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হৈছে স্কোয়ালিন৷ যাক তৈয়াৰ কৰা হয় হাংগৰৰ যকৃতৰ তেলৰ পৰা৷ বৃটিছ গৱেষণা সংস্থা গ্লাক্সোস্মিথক্লাইনে কৰ’না ভেক্‌চিন তৈয়াৰ ক্ষেত্ৰত স্কোয়ালিন ব্যৱহাৰ কৰিছে৷ ইতিমধ্যে বিভিন্ন বন্যপ্ৰাণী সংস্থাসমূহে হাংগৰ হত্যাৰ বিৰোধিতা কৰি কৈছে– পাঁচ লাখ হাংগৰ নিধন কৰিবলৈ হ’লে প্ৰজাতিটোৱে বিপন্ন প্ৰজাতিৰ তালিকাত স্থান পাব৷