
চীনৰ জলবোমাই ধবংস কৰিব পাৰে অসম-অৰুণাচল
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ জুলাইঃ ভাৰতৰ সীমান্তৰ তেনেই কাষত, অৰুণাচল প্ৰদেশৰ পৰা মাথোঁ ৫০ কিলোমিটাৰ নিলগত চীনে নিৰ্মাণ কৰি থকা বিশ্বৰ বৃহত্তম নদীবান্ধটো অসম-অৰুণাচল প্ৰদেশৰ বাবে এক ভয়ংকৰ জলবোমা হৈ উঠিব বুলি উদ্বিগ্নতা প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে৷ মেডগ নদীবান্ধ হিচাপে পৰিচিত এই বান্ধৰ যি বিশালাকাৰ জলাধাৰ [Reservoir] চীনে নিৰ্মাণ কৰি আছে, সেয়াই অৰুণাচল প্ৰদেশ আৰু অসমৰ বাবে এক ভয়ংকৰ জলবোমা হ’ব পাৰে বুলি আশংকা কৰিছে পেমা খাণ্ডুৱে৷ পেমা খাণ্ডুৰ উদ্বিগ্নতাৰ অন্যতম মূল কাৰণ হৈছে বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধটোৰ নিৰ্মাণৰ ক্ষেত্ৰত চীনে প্ৰদৰ্শন কৰা স্বচ্ছতাহীন কাৰ্যকলাপ৷ ১৩৭ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থ ব্যয় কৰি নিৰ্মাণ কৰিবলৈ লোৱা এই বান্ধটোৰ নিৰ্মাণ অথবা তেনে কোনো তথ্য চীনে ভাৰতৰ সৈতে বিনিময় কৰা নাই৷ সেয়ে চীনৰ এই বান্ধ সম্পৰ্কীয় সকলো কাৰ্যকলাপ ৰহস্যৰ আৱৰ্তত৷ আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি নদীবান্ধ, নদীৰ পানীৰ নিৰ্গমনৰ পৰিমাণ, জলাধাৰৰ বাবে ধৰি ৰখা পানীৰ পৰিমাণ সন্দৰ্ভত একেখন নদী প্ৰবাহিত হোৱা দুখন কিম্বা তিনি-চাৰিখন প্ৰতিবেশী দেশে তথ্য বিনিময় কৰিব লাগে৷ কিন্তু চীনৰ সৈতে পূৰ্বৰ জলবণ্টন চুক্তিৰ ম্যাদ শেষ হোৱাৰ অজুহাতত আৰু নতুন চুক্তি সম্পাদিত নোহোৱাত চীনে ভাৰতৰ সৈতে জলপ্ৰবাহ সম্পৰ্কীয় তথ্য ভাৰতৰ সৈতে বিনিময় নকৰে৷ সেয়ে ৬০,০০০ মেগাৱাট পৰিমাণৰ বিদ্যুৎ শক্তি আহৰণ কৰিব পৰাকৈ য়াৰলুং ছাংপোৰ [চীনত ব্ৰহ্মপুত্ৰৰ নাম] ওপৰত চীনে নিৰ্মাণ কৰি থকা মেডগ নদীবান্ধৰ নূ্যনতম তথ্যৰ বাহিৰে কোনো বিশদ তথ্য দেশখনে ভাৰতক প্ৰদান কৰা নাই৷ প্ৰসংগতঃ উল্লেখযোগ্য, এই মেডগ ডেমৰ বাহিৰে বিশ্বৰ কোনো নদীৰ ওপৰত ১৩৭ বিলিয়ন ডলাৰ ব্যয় সাপেক্ষ আৰু ৬০,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ ক্ষমতা থকা নদীবান্ধ নাই৷
কোৱা বাহুল্য মাথোঁ, পূৰ্বৰ ‘থ্ৰী গৰ্জেছ ডাম’ৰ উপৰি চীনে সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ ওপৰত ভাৰতলৈ পাক এটা লৈ নদীখনে প্ৰৱেশ কৰাৰ ঠিক পূৰ্বে ১৩৭ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় সম্বলিত এটা নদীবান্ধ নিৰ্মাণ কৰিবলৈ লৈছে, যিটো হ’ব বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ৷ এই নদীবান্ধ ভাৰতৰ বাবে আৰু বিশেষকৈ অসমৰ সুৰক্ষাৰ প্ৰতি চীনৰ পৰা অহা অভাৱনীয়ভাৱে ভয়ংকৰ ভাবুকি৷ সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ চীনে এই নদীবান্ধেৰে ব্ৰহ্মপুত্ৰৰ অৰ্ধেক জলপ্ৰৱাহৰ গতি সলনি কৰি দিব জলবিদ্যুৎ উৎপাদনৰ বাবে৷ ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা ‘টানেল’ নিৰ্মাণ কৰা এই নদীবান্ধে ৬০ গিগা ৱাট শক্তি আৰু বছৰি ৩০০ বিলিয়ন কিলোৱাট [কেডব্লিউএইছ] বিদু্যৎ উৎপাদন কৰিব৷ এয়া হ’ব চীনৰ ব্ৰহ্মপুত্ৰৰ ওপৰৰ পূৰ্বৰ ‘থ্ৰী’ গৰ্জেছ ডাম’ৰ তিনি গুণ অধিক পৰিমাণৰ উৎপাদিত শক্তি৷ চীনৰ এই নিৰ্মীয়মান বিশ্বৰ বৃহত্তম নদীবান্ধে ভয়ংকৰ ‘ডাউনষ্ট্ৰীম এফেক্ট বা নামনি অঞ্চলত প্ৰভাৱ পেলাব৷ কিয়নো নিয়মিতভাৱে শক্তি উৎপাদন কৰি থকা অৱস্থাত যদি ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পায়, তেন্তে চীনে জলাধাৰৰ পৰা ২০০০ কিউমেকছ পানী এৰি দিব৷ আনহাতে খৰালিৰ সময়ত যেতিয়া ব্ৰহ্মপুত্ৰৰ জলস্তৰ কমি যাব, তেতিয়াও এই নদীবান্ধৰ জৰিয়তে শক্তি উৎপাদন কৰিবলৈ চীনে সেই বান্ধৰ জলাধাৰ ব্ৰহ্মপুত্ৰৰ পানীৰেই পূৰ্ণ কৰি ৰাখিব৷ তেতিয়া অৱধাৰিতভাৱে নামনি অংশ, অৰ্থাৎ অসমত ব্ৰহ্মপুত্ৰৰ পানীৰ পৰিমাণ কমি যাব৷
প্ৰসংগতঃ উল্লেখযোগ্য, চীনৰ চৰকাৰৰ ‘পলিচি’ নিৰ্ধাৰণ কৰা অন্যতম শীৰ্ষ ব্যক্তিত্ব ভিক্টৰ ঝিয়াই গাৱে ভাৰতক ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত চীনৰ নদীবান্ধৰ জৰিয়তে ক্ষতি কৰিব পৰাৰ ক্ষমতা থকা বুলি ভাবুকি প্ৰদান কৰিছিল৷ বেইজিঙৰ চেণ্টাৰ ফৰ চাইনা এণ্ড গ্লোৱেলাইজেচনৰ উপাধ্যক্ষ গাৱে ইণ্ডিয়া টুডেক দিয়া এটা সাক্ষাৎকাৰত ভাৰতক একপ্ৰকাৰৰ ভাবুকি দি কৈছিলঃ– তোমাৰ ক্ষেত্ৰত যিটো ক্ষতি হ’ব নালাগে বুলি ভাবা, সেইটো ক্ষতি আনৰ ক্ষেত্ৰত নকৰিবা৷ বেইজিঙৰ হাতত ব্ৰহ্মপুত্ৰৰ জলপ্ৰবাহৰ ছাবি-কাঠি [ষ্ট্ৰটেজিক গ্ৰিপ] আছে৷ ভাৰতে সিন্ধু জলবণ্টন চুক্তি বাতিল কৰি পাকিস্তানক এসেকা দিবলৈ লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত চীনে পাকিস্তানৰ পক্ষ লৈ এই ভাবুকিসূচক মন্তব্য কৰিছিল৷ ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত চীনৰ প্ৰতি ভাৰতৰ যিটো সবাটোকৈ ভয়ংকৰ ভীতি, সেয়া হৈছে চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত ভাৰতৰ তেনেই সীমান্তত নিৰ্মাণ কৰা বিৰাট নদীবান্ধ৷ চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা নদীবান্ধক লৈ দেশৰ শীৰ্ষস্থানীয় নদী বা জল বিশেষজ্ঞৰ আশংকা আছে৷ কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰণালয়ৰ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ প্ৰাক্তন আয়ুক্ত তীৰথ সিং মেহৰা আৰু সিন্ধু প্ৰবাহৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন আয়ুক্ত তথা ‘কেন বেটৱা লিংক’ প্ৰকল্পৰ প্ৰাক্তন উপদেষ্টা প্ৰদীপ কুমৰ ছাক্সেনাই চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা আৰু সম্প্ৰতি নিৰ্মাণ কৰি থকা নদীবান্ধক লৈ গভীৰ শংকা প্ৰকাশ কৰিছে৷ একে সময়তে কেন্দ্ৰীয় চৰকাৰৰো এইক্ষেত্ৰত আশংকা আছে৷ সেয়ে কেন্দ্ৰই ২০০৬ চনতে এই উদ্বেগ চম্ভালিবৰ বাবে এক্সপাৰ্ট লেভেল মেকানিজম গঠন কৰিছিল৷
কিন্তু যিখন দেশত, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ য়াজুলিত থকা ৰঙানদী বান্ধৰ পানী এৰি দিওঁতেই অসমৰ প্ৰশাসনক আগতীয়া খবৰ নিদিয়ে আৰু নীপকোৰ হঠকাৰিতাত লখিমপুৰৰ গাঁও, মাটি-ভেটি উটি যায়, সেইক্ষেত্ৰত শত্ৰুদেশ চীনে যদি কোনো খা-খবৰ নিদিয়াকৈ তেওঁলোকৰ বৃহত্তম বান্ধৰ অতিৰিক্ত পানী বাৰিষাত এৰি দিয়ে, তেতিয়া অসমৰ অৱস্থা কি হ’ব? অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বক্তব্যত এই আশংকা পূৰ্ণৰূপত প্ৰতিফলিত হৈছে৷ কিয়নো চীনে বিদু্যত উৎপাদনৰ বাবে এই বিৰাট বিৰাট নদীবান্ধ নিৰ্মাণ কৰিলেও তেওঁলোকে এই নদীবান্ধৰ পানী প্ৰয়োজনত ভাৰতৰ বিৰুদ্ধে জলবোমা হিচাপেও ব্যৱহাৰ কৰাৰ পৰিকল্পনা আছে৷ সম্ভৱতঃ সেয়ে চীনৰ ভিক্টৰ ঝিকাই গাৱে ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত কৈছিলঃ– বেইজিঙৰ হাতত ব্ৰহ্মপুত্ৰৰ জলপ্ৰৱাহৰ ছাবি-কাঠি [ষ্টেটেজিক গ্ৰিপ] আছে৷ অনস্বীকাৰ্য যে, চীনক লৈ ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ উদ্বেগ আছে৷ কাৰণ পাকিস্তানক না না উপায়ে ভাৰতে বশ কৰিব পাৰিলেও চীন ভাৰতৰ বাবে কেতিয়াও সহজ শত্ৰু নহয়৷
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে জনোৱা অনুসৰি চীনৰ মেডগ প্ৰদেশত নিৰ্মাণ হ’বলগীয়া বান্ধটোৰ সন্দৰ্ভত ২০২৪ চনত যৎকিঞ্চিত প্ৰকাশ কৰিছিল চীনে৷ তাৰ পাছৰ পৰা দেশখনে এই বান্ধ সন্দৰ্ভত সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰিছে৷ পেমা খাণ্ডুৱে কয় যে, অৰুণাচল প্ৰদেশৰ বাবে এই বান্ধ ভয়ংকৰ ভীতি৷ ইয়াৰ জলাধাৰটোৱেই মূল ভীতিৰ কাৰণ, কিয়নো চীনে হঠাতে এৰি দিয়া পানীয়ে চিয়াং আৰু ব্ৰহ্মপুত্ৰ নদীত অভাৱনীয় বান সৃষ্টি কৰি সকলো নিশ্চিহ্ন কৰি নিব পাৰে৷ এই বান্ধ চীনে ভাৰতৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে বুলি তেওঁ পিটিআইৰ আগত মন্তব্য কৰিছে৷ পেমা খাণ্ডুৰ দাবী, চীনে ইয়াৰ জৰিয়তে ভাৰতৰ কি ক্ষতি কৰিব পাৰে সেয়া কোনেও নাজানে৷ তেনে পৰিকল্পনা হাতত ৰাখিয়েই চীনে ভাৰতৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চুক্তি সম্পাদন নকৰা বুলি পেমা খাণ্ডুৱে আশংকা প্ৰকাশ কৰে৷ চীনে তেনে কোনো পদক্ষেপ ল’লে তাৰ প্ৰথম বলি অৰুণাচল প্ৰদেশ আৰু অসম হ’ব বুলি তেওঁ মন্তব্য কৰে৷