Logo
image

সম্পূৰ্ণ বেদখলমুক্ত কৰিবলৈ কমেও ২৫ বছৰ লাগিবঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জুলাইঃ   ৰাজ্যৰ প্ৰায় পাঁচ লাখ পৰিয়ালে অবৈধভাৱে চৰকাৰী মাটি দখল কৰি আছে৷ ৬৩ লাখ বিঘা ভূমিত বেদখল হৈছে৷ বিধানসভাত ৰাজ্যৰ ৰাজহমন্ত্ৰী যোগেন মহনে দাখিল কৰা এক তথ্য অনুসৰি কামৰূপ মহানগৰ জিলাত ৪৭,৮১০টা পৰিয়ালে, শিৱসাগৰ জিলাত ৪,১২৯টা পৰিয়ালে যোৰহাট জিলাত ৩,৮৭১টা পৰিয়ালে, গোলাঘাট জিলাত ৬,৫৪৯টা পৰিয়ালে, দক্ষিণ শালমৰা জিলাত ৭৪৯টা পৰিয়ালে, চৰাইদেউ জিলাত ১,০২৭টা পৰিয়ালে, কাচাৰ জিলাত ৪৩টা পৰিয়ালে হাইলাকান্দি জিলাত  ৪,২০৯টা পৰিয়ালে, কামৰূপ জিলাত ১৯,০২২টা পৰিয়ালে, বঙাইগাঁও জিলাত ১২,৪৯১টা পৰিয়ালে, ধুবুৰী জিলাত ১৫,২৯৮টা পৰিয়ালে, বিশ্বনাথ জিলাত ১১,৭৭৬টা পৰিয়ালে, বজালী জিলাত ৰ,১৬০টা পৰিয়ালে, লখিমপুৰ জিলাত ৩৪,৪৩৭টা পৰিয়ালে, হোজাই জিলাত ১২,৭২২টা পৰিয়ালে, শোণিতপুৰ জিলাত ৭,৮৮৩টা পৰিয়ালে মৰিগাঁও জিলাত ১৪,১৭১টা পৰিয়ালে, তিনিচুকীয়া জিলাত ৭৭,৮১০টা পৰিয়ালে, মাজুলী জিলাত ৪৬০টা পৰিয়ালে, ধেমাজি জিলাত ১০,৩৭১টা পৰিয়ালে, ডিব্ৰুগড় জিলাত ১০,৯২২টা পৰিয়ালে, দৰং জিলাত ৬২,২৫৩টা পৰিয়ালে, শ্ৰীভূমি জিলাত ৪৪৮টা পৰিয়ালে, নগাঁও জিলাত ৯৫৯৮টা পৰিয়ালে, নলবাৰী জিলাত ৩,৪৫৯টা পৰিয়ালে, গোৱালপাৰা জিলাত ৩১,১৬৫টা পৰিয়ালে আৰু বৰপেটা জিলাত ৪৩,১৯১টা পৰিয়ালে চৰকাৰী মাটি অবৈধভাৱে দখল কৰি আছে৷ মুঠ দখলিকৃত মাটিৰ পৰিমাণ হৈছে ৪,৪৭,৯১৬ বিঘা৷ তথ্যৰ পৰা দেখা গৈছে যে চৰকাৰী মাটি দখলত শীৰ্ষত আছে তিনিচুকীয়া জিলা৷ ইয়াৰ পাছতে আছে ক্ৰমে– কামৰূপ মহানগৰ আৰু বৰপেটা জিলা৷ উল্লেখ্য, দুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত ঘোষণা কৰিছে যে ‘ৰাজ্যত ৬৩ লাখ বিঘা ভূমিত বেদখল হৈছে৷ যোৱা তিনি-চাৰি বছৰত ইয়াৰে প্ৰায় ১ লাখ ২০ হাজাৰ বিঘা ভূমি ৰাজ্য চৰকাৰে বেদখলমুক্ত কৰিছে৷ সম্পূৰ্ণ ভূমি বেদখলমুক্ত কৰিবলৈ বৰ্তমানৰ দৰে উচ্ছেদ চলি থাকিলেও কমেও ২৫ বছৰ সময় লাগিব৷ বৰ্তমানলৈকে যিমানখিনি ভূমি মুক্ত কৰা হৈছে এয়া ৪০ ভাগৰ এভাগ৷’ মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি যোৱা চাৰি বছৰত ৰ লাখ ১৯ হাজাৰ ৫৪৮ বিঘা ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰা হৈছে৷ ইয়াৰ ভিতৰত সৰ্বাধিক ৮৪,৭৪৩ বিঘা বনভূমি, ৩৬৪৩ বিঘা  ভিজিআৰ, ৪,৭৩০ বিঘা খাচলেণ্ড বা চৰকাৰী ভূমি আৰু ৪,৪৪৯ বিঘা সত্ৰ নামঘৰ আদিৰ ভূমি আছে৷ বৰ্গ কিলোমিটাৰ হিচাপে বেদখলমুক্ত কৰা ভূমিৰ পৰিমাণ ১৬০ বৰ্গ কিলোমিটাৰ, এয়া চণ্ডিগড়ৰৰ আকাৰৰ তুলনাতো অধিক৷ শোণিতপুৰত ৩২,০০০ বিঘা বনভূমি আৰু ৭০ বিঘা ভিজিআৰ আৰু পিজিআৰ, লখিমপুৰত ১৩,৪৮ৰ বিঘা, গোৱালপাৰাত ৮২৮০ বিঘা, দৰঙত ১৭,৯০৫ বিঘা, হোজাইত ১০,৭৪৯ বিঘা ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰা হৈছে৷ একেদৰে বৰপেটাত ৪০৮ বিঘা, বঙাইগাঁৱত ভিজিআৰ ১৭৪ বিঘা আৰু বন ভূমি ৯৭ বিঘা, কাচাৰ জিলাত ৭৫৬ বিঘা, চিৰাঙত ১৫৭৩ বিঘা বনভূমি, দৰঙত ৯৯১৫ বিঘা বনভূমি, ১০৫ বিঘা ভিজিআৰ-পিজিআৰ, বৰপেটাত ১৫২৬ বিঘা, ধুবুৰীত ১০১ বিঘা বনভূমি ৪৬ বিঘা সাধাৰণ চৰকাৰী ভূমি, গোৱালপাৰাত ৬২৪৩ বিঘা বনভূমি আৰু ১৯৯ বিঘা সাধাৰণ চৰকাৰী ভূমি, হাইলাকান্দিত ১৯৩১ বিঘা বনভূমি, হোজাইত ১০৭২৫ বিঘা বনভূমি, কামৰূপ জিলাত ১,২৭৬ বিঘা সাধাৰণ চৰকাৰী ভূমি আৰু ২৮০ বিঘা বনভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰা হৈছে৷


উচ্ছেদিতৰ আক্ৰমণৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ পাইকানত আজি উচ্ছেদিতই যিধৰণে আক্ৰমণ চলালে, সেই বিষয়ত আইনৰ দ্বাৰা বিচাৰ হ’ব৷ আমাৰ লক্ষ্য হৈছে পাইকানৰ ভূমিক বনাঞ্চললৈ ৰূপান্তৰ কৰা৷ সেই হিচাপেই আমি আমাৰ কামত আগবাঢ়িছোঁ৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত বৃহস্পতিবাৰে আৰক্ষীৰ ওপৰত একাংশ বেদখলকাৰী বুলি সন্দেহ কৰা লোকে কৰা আক্ৰমণৰ ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাত এটা অনুষ্ঠানত ভাগ লৈ সংবাদ মাধ্যমৰ সৈতে হোৱা চমু বাৰ্তালাপত কয়– মই পাইকানত আজি আৰক্ষীৰ ওপৰত একাংশ লোকে আক্ৰমণ কৰা বুলি জানিব পাৰিছোঁ৷ আৰক্ষীৰ ওপৰত যিসকল লোকে আক্ৰমণ কৰিছে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি নিশ্চিতভাৱে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ ই সাধাৰণ ঘটনা নহয়৷ একেদৰে পাইকান সংৰক্ষিত বনাঞ্চলৰ যিখিনি ঠাই বেদখল উচ্ছেদ কৰি মুক্ত কৰা হ’ল তাত নতুনকৈ গছপুলি ৰোপণ কৰা হ’ব যাতে তাক পুনৰ বনাঞ্চললৈ ৰূপান্তৰিত কৰিব পাৰি৷ আমি ব্যাপক হাৰত বৃক্ষৰোপণৰ ব্যৱস্থা কৰিম আৰু এই সম্পৰ্কে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰা হৈছে৷ তেওঁ আৰু কয়– ৰাহুল গান্ধী কালি অসমলৈ আহিছিল আৰু মুকলিকৈ বেদখলকাৰীক বনভূমি দখল কৰিবলৈ উৎসাহিত কৰি গ’ল৷ তেওঁৰ অযুক্তিকৰ কথাৰ দ্বাৰা উৎসাহিত হৈ আজি পাইকান সংৰক্ষিত বনাঞ্চলত পুনৰ বলপূৰ্বক বেদখল কৰিবলৈ চেষ্টা চলাই থকা সময়ত হিংসাত্মক পন্থা অৱলম্বন কৰি এচামে আমাৰ আৰক্ষী আৰু বনকৰ্মীসকলক আক্ৰমণ কৰে৷ কৰ্তব্যৰত অৱস্থাত ২১জন সাহসী আৰক্ষী বিষয়া আৰু বনৰক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে৷ বিকল্প ব্যৱস্থা নোহোৱাৰ হেতু আৰক্ষীয়ে পৰিস্থিতি পুনৰুদ্ধাৰ কৰিবলৈ গুলীচালনা কৰিব লগা হৈছিল, যাৰ ফলত এজন বেদখলকাৰীৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হৈছিল৷ এয়া হৈছে ৰাহুল গান্ধীৰ এদিনীয়া অসম ভ্ৰমণৰ ধবংসাত্মক পৰিণাম৷ তেওঁৰ দায়িত্বজ্ঞানহীন বক্তব্যই আমাৰ ৰাজ্যৰ সমাজ জীৱনক পোনপটীয়াকৈ ব্যাঘাত জন্মাইছে আৰু শান্তি বিঘ্নিত কৰিছে৷ অসমৰ ৰাইজে এই বিশ্বাসঘাতকতাক কাহানিও নাপাহৰে বা ক্ষমা নকৰে৷

অবিভক্ত বৰপেটাৰ ৰিজাৰ্ভ, জলাশয়, চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ আহ্বান

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদকঃ  সভ্যতা, ঐতিহ্য আৰু জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনৰ কৌশল প্ৰতিৰোধ কৰাৰ স্বাৰ্থত অবিভক্ত বৰপেটা জিলাৰ [বৰপেটা-বজালী] বেদখল উচ্ছেদৰ আহ্বান জনাই কালি অসম জাতীয় মহাসভাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷ অসম জাতীয় মহাসভাই প্ৰধান সম্পাদক হৰেকৃষ্ণ তালুকদাৰ স্বাক্ষৰিত স্মাৰক-পত্ৰখনত উল্লেখ কৰি কয়– বিষ্ণুৰাম মেধিৰ শাসনকালৰ পিছত আপোনাৰ বলিষ্ঠ নেতৃত্বত শেহতীয়াভাৱে সৰ্ববৃহৎ উচ্ছেদ অভিযান জাতীয় জীৱনৰ সঞ্জীৱনীস্বৰূপ বুলি আজি সৰ্বত্ৰ সমাদৃত হৈছে৷ গোৱালপাৰা, ধুবুৰী আদিকে ধৰি নামনি অসমত অবৈধ ভূমি দখলৰ পৰিণামত উচ্ছেদ অভিযান যি হৈ আছে, সেয়া কংগ্ৰেছ নেত্ৰী ইন্দিৰা গান্ধী আৰু তদানীন্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ কু-কৰ্মৰ ফল৷ স্মাৰক-পত্ৰখনৰ জৰিয়তে মহাসভাই কয় যে তদানীন্তন মুখ্যমন্ত্ৰী জননেতা মহেন্দ্ৰ মোহন চৌধুৰীয়ে প্ৰব্ৰজনকাৰীক সংস্থাপিত কৰিব নোৱাৰে বুলি তদানীন্ত্ৰন প্ৰধানমন্ত্ৰী, কংগ্ৰেছ নেত্ৰী ইন্দিৰা গান্ধীক স্পষ্ট ভাষাত জনাই দিয়াত ইন্দিৰা গান্ধীয়ে মহেন্দ্ৰ মোহন চৌধুৰীক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত কৰি শৰৎ চন্দ্ৰ সিংহক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিছিল৷ শৰৎ সিংহই ৰাজ্যৰ ভূমিনীতি সলনি কৰি ‘চিলিং এক্ট’ প্ৰৱৰ্তনৰ জৰিয়তে সত্ৰৰ ভূমি, পতিত ভূমি, ৰিজাৰ্ভ ভূমি, জলাশয় ভূমি, বনভূমিত কংগ্ৰেছৰ ভোটবেংক গঢ়াৰ স্বাৰ্থত অবাধে প্ৰব্ৰজনকাৰীক সংস্থাপিত কৰিছিল৷ এই ব্লুপ্ৰিণ্ট ৰচনাৰ আঁৰৰ নেতাগণ হ’ল তদানীন্তন কংগ্ৰেছ নেতা ফখৰুদ্দিন আলী আহমেদ আৰু মইনুল হক চৌধুৰী৷ স্মাৰক-পত্ৰখনত কয় যে কংগ্ৰেছৰ জাতিধবংসী ষড়যন্ত্ৰ উৎখাত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে যি আপোচবিহীন দৃঢ় স্থিতি গ্ৰহণ কৰিছে, তাক লৈ খিলঞ্জীয়া জনগণে গভীৰ আস্থা প্ৰকাশ কৰিছে৷ ন্যস্ত স্বাৰ্থজড়িত মহলৰ অপপ্ৰচাৰত ভোল নাযাবলৈ সচেতন জনগণে ৰাইজক আহ্বান জনোৱাটো শুভলক্ষণ আৰু মুখ্যমন্ত্ৰীৰ এনে কঠোৰ স্থিতি সমৰ্থনযোগ্য বুলি ৰাজ্যত বিবেচিত হৈছে বুলিও স্মাৰক-পত্ৰখনত উল্লেখ কৰে৷ অন্যথা নামনি অসম, মধ্য অসম আৰু উজনি অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব বুলিও স্মাৰক-পত্ৰত কয়৷ স্মাৰক-পত্ৰৰ জৰিয়তে জাতীয় মহাসভাৰ প্ৰধান সম্পাদক তালুকদাৰে কয় যে ভাৰতবিৰোধী জেহাদী-মৌলবাদী অপশক্তিৰ অসমৰ ভূখণ্ডক সাঙুৰি পৃথক ইছলামিক ৰাষ্ট্ৰ গঠনৰ ষড়যন্ত্ৰ আৰু দীৰ্ঘদিনৰ ব্লুপ্ৰিণ্ট প্ৰতিৰোধ কৰাটো সময়ৰ আহ্বান৷ ইপিনে, ঐতিহ্যমণ্ডিত বৈষ্ণৱ ভূখণ্ড, অবিভক্ত বৰপেটা জিলাৰ ভূমি আগ্ৰাসন, বেদখল, জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনৰ ফলত সত্ৰ-সংস্কৃতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰাটো জৰুৰী বুলিও স্মাৰক-পত্ৰখনত উল্লেখ কৰে প্ৰধান সম্পাদক তালুকদাৰে৷ স্মাৰক-পত্ৰখনত অবিভক্ত বৰপেটা জিলাৰ হাজাৰ হাজাৰ বিঘা ভূমিৰ বেদখলকাৰীক উচ্ছেদ চলোৱাটো জৰুৰী হৈ পৰিছে বুলি উল্লেখ কৰি প্ৰধান সম্পাদকজনে অবিভক্ত বৰপেটা জিলাক মহাসংকটৰ পৰা উদ্ধাৰ কৰাত অধিক গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক আহ্বান জনায়৷

প্ৰতিবাদ কৰি থাকক কিন্তু উচ্ছেদ চলি থাকিবইঃ  মন্ত্ৰী চন্দ্ৰমোহন

‘আমাৰ অসম’ৰ বৰপেটাৰোডৰ প্ৰতিবেদকঃ  বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি বনাঞ্চলিক বিষয়াৰ নৱ নিৰ্মিত কাৰ্যালয়টো মুকলি কৰে৷ প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভৱনটো মুকলি কৰি বনমন্ত্ৰীজনে ৰাজ্যখনৰ সকলোবোৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় পৰ্যায়ক্ৰমে নতুনকৈ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে৷ ইপিনে ৰাজ্যত চলি থকা উচ্ছেদক লৈয়ো মন্তব্য বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ তেওঁ কয়–১৯৫৯-৬০ চনমানতে উক্ত বনাঞ্চল সমূহত উচ্ছেদ চলাব লাগিছিল৷ এতিয়ালৈকে ৰাজ্যত ১ লাখ ৩০ হাজাৰ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে৷ ৰাজ্য চৰকাৰে মুকলি কৰা মাটিৰ পৰিমাণ হাৰিয়ানা ৰাজ্যৰ মুঠ মাটি কালিতকৈ ডেৰ গুণ অধিক৷ বেদখল উচ্ছেদক সকলোৱে আদৰণি জনোৱা উচিত৷ বনাঞ্চলৰ মাটি বুলি জনাৰ পিচতো জানি বুজি তেওঁলোকে বেদখল কৰিছে৷ আনকি বেদখল কৰা লোকসকলৰ অন্য ঠাইত ঘৰ আৰু মাটি থকা বুলিও দাবী বনমন্ত্ৰীৰ৷ তেওঁ কয়– কংগ্ৰেছৰ দিনত উচ্ছেদ হ’ব লাগিছিল কিন্তু নহ’ল, কংগ্ৰেছে ভোট বেংকৰ স্বাৰ্থত উচ্ছেদ নকৰিলে ভোট বেংক সুৰক্ষাৰ স্বাৰ্থত৷ আমি কাৰোবৰ ভোট বেংক চাম নে অসমৰ ৰাইজৰ সুৰক্ষা চাম? উচ্ছেদিতই ফৰেষ্ট বেটেলিয়ান আৰু আৰক্ষীলৈ শিল গুটি, ইটা দলিয়াইছে, আৰক্ষী ৬গৰাকী আঘাত প্ৰাপ্ত হৈছে৷ আৰক্ষীয়েও আত্মৰক্ষাৰ বাবে গুলীচালনা কৰাত এজন মানুহৰ মৃত্যু হৈছে৷ কাৰ উচতনিত এনে ঘটনা হৈছে তদন্ত হ’ব৷ মল্লিকা অজুৰ্নে কৰা মন্তব্য প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় তেওঁ লোকে উচ্ছেদিত সকলক মাটি কিনি দিয়ে যদি দিয়ক আমি বেয়া নাপাওঁ৷ তেওঁ আমছুৰ প্ৰতিবাদ সম্পৰ্কে কয় প্ৰতিবাদ কৰি থাকক কিন্তু উচ্ছেদ চলি থাকিব৷ আমি নিজে উচ্ছেদ কৰা নাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মেহে উচ্ছেদ কৰিছোঁ৷