
নগাঁৱৰ জাঁজৰিত 'সুবাস'ৰ বিশেষ উদ্যোগ
'আমাৰ অসম'ৰ ডিজিটেল ডেস্ক, নগাঁও,২৪ জুলাইঃ নগাঁও জিলাৰ জাঁজৰিৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান 'সুবাস'ৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে সংগীত বিষয়ক এক বিশেষ প্ৰশিক্ষণ শিবিৰ। উল্লেখযোগ্য যে শিল্প গুৰু ডম্বৰু ধৰ কন্দলী স্মৃতি সুৰক্ষা সমাজৰ সহযোগত জাঁজৰিৰ মাজ গাঁৱৰ জগজ্জ্যোতি সংঘৰ বাকৰিত আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰত বৰগীত, জ্যোতি-বিষ্ণু-ভূপেন্দ্ৰ সংগীতৰ লগতে অসমীয়া আধুনিক গীতৰ সন্দৰ্ভত বিশেষভাৱে শিক্ষা প্ৰদান কৰা হ'ব।
আনহাতে খ্যাতিমান অভিনেতা, পৰিচালক প্ৰমোদ শৰ্মাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা এই প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত চকলা ঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জগন্নাথ গোস্বামী, শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, শিল্পী জিতু শ্ৰাৱণ, লেখক-সাংবাদিক তথা নাট সমালোচক জ্যোতিপ্ৰসাদ বৰা, অনুষ্ঠানৰ প্ৰধান উদ্যোক্তা, শিল্পী কানু কন্দলী আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে। উল্লেখ্য যে ইতিহাসপ্ৰসিদ্ধ জাঁজৰি অঞ্চলৰ দুকুৰিৰো অধিক শিশু আৰু চেমনীয়াই অংশ লোৱা এই প্ৰশিক্ষণ শিবিৰত সংগীত শিল্পী দিপাংকৰ গিৰি গোস্বামী, ৰঞ্জন বেজবৰুৱা, অনুস্কা শইকীয়া, চন্দ্ৰ মোহন শইকীয়া, বিনয় গোস্বামী, জিতু শ্ৰাৱণ, তৰুণ শইকীয়া আদিকে ধৰি বিভিন্নজনে প্ৰশিক্ষণ প্ৰদান কৰিব । উল্লেখ্য যে আগন্তুক ২৮ জুলাইত এই পাঁচদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি পৰিব।