দৃষ্টিশক্তি হেৰুৱাই পেলোৱা শদিয়াৰ পৰশমণিৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য
'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ দৃষ্টিশক্তি হেৰুৱাই পেলোৱা তিনিচুকীয়া জিলাৰ শদিয়াৰ এটি ১১বছৰীয়া শিশু পৰশমণিলৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে সহায়ৰ হাত৷ উল্লেখযোগ্য যে শদিয়া সমজিলাৰ তেলিকলা গাঁৱৰ বাসিন্দা তথা কৰ্মসূত্ৰে চপাখোৱাৰ পূৱ লাচিত নগৰত ভাৰাঘৰ লৈ বাস কৰা প্ৰশান্ত বুঢ়াগোহাঁই আৰু গোলাপী বুঢ়াগোহাঁইৰ ১১ বছৰীয়া পুত্ৰ পৰশমণি বুঢ়াগোহাঁইয়ে প্ৰায় ৭/৮ বছৰ মান বয়সত এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলায়৷ এই বিষয়ে জ্ঞাত হোৱাৰ পাছত অভিভাৱকে নেপাললৈ চকু চিকিৎসাৰ বাবে লৈ যায়৷ কিন্তু নেপালত চিকিৎসা প্ৰদানৰ পাছত শিশুটিয়ে আনটো চকুৰো দৃষ্টিশক্তি ক্ৰমান্বয়ে হেৰুৱাই পেলায়৷ তদুপৰি পৰৱৰ্তী সময়ত শিশুটিক বহিঃৰাজ্যলৈ চিকিৎসাৰ বাবে লৈ যোৱা হয় যদিও ব্যয়বহুল চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত উন্নত চিকিৎসা প্ৰদানত ব্যৰ্থ হয় পিতৃ-মাতৃ৷ শিশুটিৰ পিতৃ পেছাত এগৰাকী নৈশ বাছৰ চালক আৰু মাতৃয়েও চপাখোৱা দৈনিক বজাৰত পদপথৰ কাষত ফল-মূলৰ দোকান দি পৰিয়ালক পোহপাল দি আহিছে৷
উল্লেখ্য যে শদিয়া শিক্ষাখণ্ডৰ অধীনৰ ২নং চপাখোৱা টাউন প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত শিশুটি বিগত প্ৰায় ৩ বছৰ ধৰি বিদ্যালয়ৰ নিয়মীয়া পাঠ গ্ৰহণৰ পৰাও আঁতৰি থাকিবলগীয়া হৈছে৷ আনহাতে কণমানি পৰশমণি বুঢ়াগোহাঁইৰ চকুৰ এই সমস্যাৰ বিষয়ে বিগত সময়ত পিতৃ-মাতৃয়ে শদিয়াৰ বিধায়ক বলীন চেতিয়াক অৱগত কৰাৰ লগতে ৰাইজৰ কিঞ্চিৎ সহায় আৰু দিহা-পৰামৰ্শ বিচাৰি সংবাদ মাধ্যম তথা বিভিন্ন মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছিল৷ এই সন্দৰ্ভত স্থানীয় বিধায়কে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰে৷ উল্লেখযোগ্য যে ২২ জুলাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শদিয়াৰ পৰা অহাৰ সময়ত পৰশমণিৰ লগতে পৰিয়ালক লগ কৰাৰ উপৰি কণমানিটোৰ চকুৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১,৫০,০০০ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে৷ সেইমৰ্মে বৃহস্পতিবাৰে বিয়লি শদিয়াৰ বিধায়ক বলীন চেতিয়াই চপাখোৱা পৌৰসভাৰ পৌৰপতি বিচন্দ্ৰাৱতী সোণোৱাল আৰু উপ-পৌৰপতি তথা যুৱনেতা বিপিন গগৈৰ উপস্থিতিত পৰশমণিৰ পৰিয়ালৰ হাতত ডেৰ লাখ টকাৰ চেক প্ৰদান কৰে ৷






