Logo
image

ক’ভিডৰ নতুন সংক্ৰমণকো আমি পৰাভূত কৰিম

বিগত বৰ্ষৰ শাৰদীয় দুৰ্গোৎসৱৰ পিছতেই অসমত ক’ভিড-১৯ৰ সংক্ৰমণৰ পৰিৱেশ ক্ৰমাৎ শাম কাটিবলৈ আৰম্ভ কৰিছিল৷ ২০২১ বৰ্ষৰ প্ৰথম তিনিটা মাহত অসমত দৈনিক ২০ৰ পৰা ৩০ জনকৈ ক’ভিড ৰোগী চিনাক্ত হৈছিল৷ এনে পৃষ্ঠভূমিৰ পৰিপ্ৰেক্ষিতত ক’ভিড-১৯ৰ আতংকৰ পৰা মুক্ত হৈ অসমৰ ৰাইজে নৱবৰ্ষ, ভোগালী বিহু আদি উদযাপন কৰিবলৈ লৈছিল৷ বিদ্যালয়, মহাবিদ্যালয় আদিও নিয়মীয়াকৈ অনুষ্ঠিত হ’বলৈ আৰম্ভ কৰিছিল৷ ক’বলৈ গ’লে সকলোৱে স্বস্তিৰ নিশ্বাস এৰিছিল৷ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০২১ৰ ১৬ জানুৱাৰীৰ পৰা দেশত আনুষ্ঠানিকভাৱে ক’ভিড-১৯ৰ টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে৷ এনে পৰিৱেশে সকলোকে সকাহ দিছিল আৰু দেশে এক দীঘলীয়া এই দুই ঘটনাৰ প্ৰেক্ষাপটত অসমত দুটাকৈ নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ দুৰ্গোৎসৱৰ পিছত অনুষ্ঠিত বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চলৰ নিৰ্বাচন তীব্ৰ প্ৰতিযোগিতাৰ মাজত শিহৰণকাৰী পৰিৱেশৰ মাজত অনুষ্ঠিত হৈ যায়৷ এই নিৰ্বাচনত লক্ষাধিক লোকে ভোট দি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে৷ পৰৱৰ্তী কালত ২৭ ফেব্ৰুৱাৰীত জাৰি হোৱা অসম বিধানসভা নিৰ্বাচনৰ অধিসূচনাৰ দিনটোৰ পৰা ৬ এপ্ৰিল তাৰিখে হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোটদানৰ শেষ দিন পৰ্যন্ত অসমত ক’ভিডৰ আতংক আমি প্ৰত্যক্ষ কৰা নাছিলোঁ আৰু চিৰাচৰিত ৰূপত জীৱন যাত্ৰা চলি আছিল৷ অসমৰ স্বাভাৱিক অৱস্থাৰ বিপৰীতে মহাৰাষ্ট˜, গুজৰাট আৰু দিল্লী আদি ৰাজ্যত ইতিমধ্যে ক’ভিডৰ পৰিৱেশ অৱনতি হোৱাৰ বাতৰি আমি লাহে লাহে পাবলৈ আৰম্ভ কৰিছিলোঁ৷ বিশেষজ্ঞসকলে দেশৰ এইলানি সংক্ৰমণক ক’ভিডৰ ২য় লহৰ নামেৰে অভিহিত কৰিছে৷

দেশীয় প্ৰেক্ষাপটত ক’ভিডৰ ২য় লহৰ প্ৰথমবাৰৰ সংক্ৰমণতকৈ অধিক শক্তিশালী হোৱা দেখা গৈছে৷ সম্প্ৰতি চলি থকা টিকাকৰণৰ মাজতো ক’ভিড ৰোগী অধিক হাৰত চিনাক্ত হোৱাটো সংশ্লিষ্ট সকলোৰে বাবে উদ্বিগ্নতাৰ কাৰণ হৈ দেখা দিছে৷ দেশলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ বাবে আৰম্ভণিতে টিকাকৰণৰ প্ৰতি জনসাধাৰণৰ উদাসীনতা আমি আটায়ে মন কৰিছিলোঁ৷ তেনে এক অৱস্থাত ক’ভিড প্ৰতিৰোধৰ প্ৰতি জনসাধাৰণৰ অসতৰ্কতাও আমি দেখিবলৈ পাইছিলোঁ৷ ৰাজহুৱা স্থানত জনতাৰ এই উদাসীনতা আৰু অসতৰ্কতাই ক’ভিডৰ নতুন সংক্ৰমণক সাৰপানী যোগালেও আন এটা কাৰকৰ কথা সম্প্ৰতি বিশেষজ্ঞসকলৰ চকুত ধৰা পৰিছে৷ সেয়া হৈছে দেশত আবিৰ্ভাৱ ঘটা কৰ’নাৰ এক নতুন প্ৰজাতিৰ ভাইৰাছ৷ এই আটাইবোৰৰ বাবে দেশত মহামাৰীৰ দ্বিতীয় লহৰ অধিক ভয়াৱহ হৈ উঠা বুলি বিশেষজ্ঞসকলে ক’ব খোজে৷ এই নতুন প্ৰজাতিৰ ভাইৰাছ বা ডাবল মিউটেণ্ট কৰ’না ভাইৰাছৰ উপস্থিতিয়ে পৰিস্থিতি অধিক জটিল কৰি তোলা বুলি প্ৰাৰম্ভিক তথ্যই প্ৰমাণ কৰিছে৷ এইবিধ প্ৰজাতিৰ ভাইৰাছৰ ব্ৰাজিলত দেখা পোৱা ক’ভিড ৰোগৰ ভাইৰাছৰ সৈতে যথেষ্ট সাদৃশ্য আছে৷ বৈজ্ঞানিকভাৱে এইবিধ ভাইৰাছক B.1.617 নামেৰে জনা যায় আৰু ইয়াৰ মাজত E484Q তথা L452R - এই দুইবিধ মিউটেশ্যন দেখিবলৈ পোৱা বুলি গৱেষণাই ঠাৱৰ কৰিছে৷ এই নতুন কৰ’না ভাইৰাছৰ প্ৰজাতি অতি সংক্ৰমণক্ষম হোৱাৰ বাবে বিশ্বৰ বহুকেইখন দেশ– ইংলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰতো ইয়াৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে৷

প্ৰাৰম্ভিক অৱস্থাত দেশৰ কেইখনমান ৰাজ্য বিশেষকৈ মহাৰাষ্ট˜, দিল্লী আৰু গুজৰাটত এই সংক্ৰমণৰ প্ৰাদুৰ্ভাৱে দেখা দিয়াৰ পিছত লাহে লাহে অসমতো আমি এইবিধ ভাইৰাছৰ সংক্ৰমণ দেখিবলৈ পাইছোঁ৷ নিৰ্বাচন শেষ হোৱাৰ পিছত এক দীঘলীয়া জিৰণিৰ বাবে আমি সাজু হ’ব খুজিছিলোঁ৷ ৰাজ্যত সম্পূৰ্ণ দুটা বছৰৰ মূৰত ব’হাগ বিহু অনুষ্ঠিত হওক, এখন নতুন চৰকাৰে ৰাজ্যৰ দায়িত্ব লওক– এনেধৰণৰ যোগাত্মক চিন্তাৰে অন্ততঃ ২ মে’ৰ নিৰ্বাচনী গণনা পৰ্ব সমাপন হোৱালৈ আমি নিৰ্বাচনী অভিযানৰ সামৰণি মাৰিছিলোঁ৷ কিন্তু ৯ এপ্ৰিলৰ পৰা আমালৈ ক’ভিড সংক্ৰমণৰ নতুন নতুন খবৰ আহিবলৈ লৈ লাহে লাহে সি পূৰ্ণ পৰ্যায়লৈ গতি কৰিলে৷ জনতাৰ চেপা আতংকৰ মাজতে স্বাস্থ্য বিভাগে এক নতুন যুদ্ধৰ বাবে পুনৰ নিজকে সাজু কৰিলে৷ এই ক্ষেত্ৰত আমাৰ বাবে সাহসৰ উৎস হৈ থাকিল ক’ভিডৰ প্ৰথম লহৰৰ সফলতাৰ অভিজ্ঞতা, সেই সময়ত ৰাজ্যত গঢ়লৈ উঠা আন্তঃগাঁথনিগত সুবিধা আৰু জনসাধাৰণৰ মাজত ইতিমধ্যে চলি থকা টিকাকৰণ অভিযান৷ সেই সাহসকে সাৰথি কৰি স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে ক’ভিডৰ এই ২য় যুদ্ধত অৱতীৰ্ণ হৈ পৰিল৷ জিৰণিৰ পৰিৱৰ্তে আৰম্ভ হ’ল ক’ভিড যুদ্ধৰ নতুন ব্যস্ততা৷

নিৰ্বাচনী আচৰণ বিধিৰ সীমাৱদ্ধতাই আমাক কিছু স্তিমিত কৰি ৰাখিছে৷ তথাপি আমি নিশ্চিত– দৃঢ়তা আৰু পূৰ্বৰ অভিজ্ঞতাই এইবাৰো আমাক বিজয়ী কৰিব৷ আমাৰ চিকিৎসালয়সমূহত ক’ভিড যুদ্ধৰ সক্ষমতা আছে৷ মহামাৰীৰ প্ৰথম লহৰৰ সময়ৰ ক’ভিড কেয়াৰ চেণ্টাৰৰ অভিজ্ঞতা আমাৰ আছে৷ কিন্তু তাৰ মাজত কেইটামান নতুন সমস্যাই মূৰ দাঙি উঠিছে৷ প্ৰথমটো সমস্যা হৈছে অক্সিজেনৰ অভাৱ৷ দিল্লী, মহাৰাষ্ট˜, গুজৰাট আদি ৰাজ্যই অক্সিজেনৰ অভাৱৰ কথা প্ৰকাশ কৰিছে আৰু বিভিন্ন বাতৰি কাকতে দেশত অক্সিজেনৰ অভাৱ হ’ব পাৰে বুলি আমাক সতৰ্কবাণী শুনাইছে৷ দ্বিতীয় সমস্যা হৈছে আই চি ইউৰ অভাৱ আৰু তৃতীয় সমস্যাটো হ’ল ৰেমডিচিভিৰৰ নাটনি৷ ক’ভিড ব্যৱস্থাপনাৰ এক বিশেষ উপায় Anti Viral Therapy ৰ অন্যতম উপাদান হৈছে ৰেমডিচিভিৰ বেজী৷ ক’ভিডৰ চিকিৎসাত ৰেমডিচিভিৰ যথেষ্ট সহায়ক বুলি গৱেষণাই প্ৰমাণ কৰিছে৷ বিগত সময়ৰ ক’ভিড যুদ্ধৰ সফলতাৰ আঁৰতো ৰেমডিচিভিৰৰ যোগাত্মক ভূমিকা আমি দেখিবলৈ পাইছিলোঁ৷ কিন্তু দেশত দৈনিক চাৰে তিনি লাখ লোক সংক্ৰমিত হ’বলৈ লোৱাৰ বাবে অৱধাৰিতভাৱে এনে ঔষধৰ নাটনিয়ে দেখা দিছে৷ তাৰ সমান্তৰালকৈ গঢ়ি উঠিছে ৰেমডিচিভিৰৰ এখন ক’লা বজাৰ৷

ক’ভিডৰ ২য় লহৰৰ বিৰুদ্ধে যুঁজিবলৈ লৈ আমাৰ সন্মুখত দেখা দিয়া এই তিনিটা সমস্যাৰে মোকাবিলা কৰিবলৈ আমাৰ ৰাজ্যখন কিছু পৰিমাণে সষ্টম হৈ আছে৷ উদাহৰণস্বৰূপে, যোৱাবাৰেই ভাৰতবৰ্ষত অক্সিজেন নাটনিৰ আলোচনা হৈছিল৷ সেইবাৰ ভাৰত চৰকাৰে চিকিৎসালয় পৰ্যায়তে কেতবোৰ ক্ষুদ্ৰ অক্সিজেন প্ৰকল্প স্থাপন কৰাৰ বাবে আৰ্থিক আৰু কাৰিকৰী সহায়তা আগবঢ়াইছিল৷ দিল্লী চৰকাৰকো এনেকুৱা ৮টা প্ৰকল্প স্থাপন কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াইছিল৷ একেসময়তে ৰাষ্ট্ৰীয় বিমানবন্দৰ প্ৰাধিকৰণে অসমতো তিনিটা অক্সিজেন প্ৰকল্প স্থাপনৰ বাবে সাহায্য আগবঢ়াইছিল৷ অসম চৰকাৰে নিজৰ প্ৰচেষ্টাৰে অন্য দহটা এনে প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লৈছিল৷ বিনম্ৰতাৰে জনাওঁ যে, দিল্লী চৰকাৰে আঠটাৰ মাজত এটা প্ৰকল্পৰ কাম সম্পন্ন কৰাৰ বিপৰীতে আমি অসমত হাতত লোৱা ১৩টা প্ৰকল্পৰ আঠটা সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’লো আৰু বাকী থকা পাঁচটা প্ৰকল্প অহা তিনি-চাৰি দিনত সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ম৷

ক’ভিডৰ প্ৰাদুৰ্ভাৱ হোৱাৰ পূৰ্বে চিকিৎসাৰ ক্ষেত্ৰত অক্সিজেনৰ ব্যৱহাৰ কেৱল মাত্ৰ কেইখনমান আই চি ইউ বিছনা, অস্ত্ৰোপচাৰ কক্ষ তথা অতি বিশিষ্ট চিকিৎসালয়ত সীমাতভাৱেহে ব্যৱহাৰ কৰিব লগা হৈছিল৷ সেই সময়ত ৰাজ্যত অক্সিজেনৰ উৎপাদন আছিল দৈনিক কেৱল মাত্ৰ ৪০ মেট্ৰিকটন আৰু তাক সঞ্চয় কৰাৰ ভঁৰাল প্ৰায় নাছিলেই৷ কিন্তু মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে অক্সিজেনৰ উৎপাদন, বিতৰণ আৰু সঞ্চয়ৰ বাবে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত সম্প্ৰতি অক্সিজেনৰ উৎপাদন ৰাজ্যত দৈনিক ৫৮.৫ মেট্ৰিকটনলৈ বৃদ্ধি পায় আৰু সঞ্চয় ক্ষমতা হয়গৈ ২৩৯ মেট্ৰিকটন৷

ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় কেইখনত স্থাপন কৰা অক্সিজেন প্ৰকল্পৰ বৰ্তমান স্থিতি এনেধৰণৰ– গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৩টা, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ২টা, ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ১টা, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ১টা আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ১টা কেন্দ্ৰকে ধৰি মুঠ ৮টা অক্সিজেন উৎপাদন কেন্দ্ৰই বৰ্তমান দৈনিক ৭.২ মেট্ৰিকটন অক্সিজেন উৎপাদন কৰে৷ মহেন্দ্ৰমোহন চৌধুৰী চিকিৎসালয়ৰ ১টা, অসম চিকিৎসা মহাবিদ্যালয়ৰ ২টা আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ ২টাকৈ নিৰ্মিয়মান কেন্দ্ৰকে ধৰি মুঠ প্তটা অক্সিজেন উৎপাদন প্ৰকল্পৰ কাম সম্প্ৰতি চলি আছে আৰু এপ্ৰিল মাহৰ ভিতৰতে সেইসমূহ সম্পূৰ্ণ হৈ ৪.৫ মেট্ৰিকটন অতিৰিক্ত অক্সিজেন উৎপাদন আৰম্ভ হ’ব৷

ভাৰত চৰকাৰৰ সহায়তাত বিভিন্ন জিলা চিকিৎসালয়ত ৬টা অক্সিজেন উৎপাদন প্ৰকল্পৰ কাম চলি আছে৷ সেইবোৰৰ ভিতৰত তিনিচুকীয়া, নগাঁও, গোলাঘাট, বোকাখাত, শিঙিমাৰী আৰু কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত ৰটাকৈ প্ৰকল্প উৎপাদনক্ষম হ’লে দেনিক ২.৩৪ মেট্ৰিকটন অক্সিজেন উৎপাদন আৰম্ভ হ’ব৷ আমাৰ লক্ষ্য প্ৰতিখন জিলা চিকিৎসালয়ত যাতে একোটাকৈ অক্সিজেন প্ৰকল্প স্থাপন হয় আৰু আমি সেই দিশত কাম কৰি আছোঁ৷

ভূটানৰ চানদ্ৰুপ জংখাৰত স্থাপিত অক্সিজেন প্ৰকল্পটোৰ উন্নীতকৰণৰ কাম সম্পূৰ্ণ হ’লে ই দৈনিক ৫০ মেট্ৰিকটন অক্সিজেন উৎপাদনক্ষম হৈ উঠিব আৰু তাৰ পৰা অসমে লাভ কৰিব ৪০ মেট্ৰিকটন পৰ্যন্ত অক্সিজেন৷ অসমে ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহলৈকো অক্সিজেনৰ যোগান ধৰি আহিছে৷ ত্ৰিপুৰালৈ দৈনিক ১ মেট্ৰিকটন আৰু অৰুণাচল প্ৰদেশলৈ দৈনিক ০.৫ মেট্ৰিকটন অক্সিজেন অসমে যোগান ধৰি আহিছে৷ একোগৰাকী ৰোগীয়ে ব্যৱহাৰ কৰিব পৰা, প্ৰতি মিনিটত ৫ লিটাৰ অক্সিজেন যোগান ধৰিব পৰা ১২০০টা অক্সিজেন কনচেনট্ৰেটৰ আহৰণ কৰি ব্যৱহাৰ কৰা হৈছে আৰু অতিৰিক্ত ২০০০ এনে যন্ত্ৰ আহৰণৰ প্ৰক্ৰিয়া চলি আছে৷

দ্বিতীয়তে, আছুতীয়া বিছনাৰ সংখ্যা তথা আই চি ইউৰ সংখ্যাৰ দৃষ্টিৰে অসমৰ সক্ষমতাৰ এটা খতিয়ান মই দাঙি ধৰিব খোজোঁ৷ যোৱাবাৰ দেশজুৰি ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু অন্যান্য ৰাজ্যৰ পৰা অসমলৈ আগমন হোৱা যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ লগে লগে পৰিস্থিতিৰ জোৰা মাৰিবলৈ ৰাজ্যৰ বিভিন্ন স্থানত নিলগীয়া কেন্দ্ৰসমূহ স্থাপনৰ কাম আৰম্ভ কৰা হৈছিল৷ ২০২০ বৰ্ষৰ মে’-জুন মাহত ক’ভিড সংক্ৰমণে শীৰ্ষবিন্দু স্পৰ্শ কৰোতে ৰাজ্যখনত ৩৫ হাজাৰোধিক আছুতীয়া বিছনা সাজু কৰা হৈছিল৷ তাৰে ৮ হাজাৰ বিছনা আছিল কেৱল ৰাজধানী গুৱাহাটীত৷ আছুতীয়া বিছনাৰ সংখ্যা পদ্ধতিগতভাৱে বৃদ্ধিৰ বাবে সেই সময়ত মূলতঃ তিনি তৰপীয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছিল– প্ৰথম ঢাপত গুৱাহাটী, কামৰূপ, যোৰহাট, শোণিতপুৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধুবুৰী আৰু কোকৰাঝাৰত ৬০০ ৰপৰা ৮০০ ৰোগীৰ যত্ন লোৱাৰ বাবে বৃহৎ ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছিল৷ দ্বিতীয়তে প্ৰতি জিলাতে জটিল ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে জিলা চিকিৎসালয় আৰু আদৰ্শ চিকিৎসালয়সমূহ সাজু কৰা হৈছিল আৰু তৃতীয় ঢাপত অতি জটিল চিকিৎসাৰ ৰোগীৰ বাবে আমি ৭খন চিকিৎসা মহাবিদ্যালয় সাজু কৰি তুলিছিলোঁ৷ এই ব্যৱস্থাসমূহ সংক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যায়ক্ৰমে প্ৰসাৰিত কৰা হৈছিল আৰু পৰৱৰ্তী কালত ক’ভিডৰ প্ৰথম লহৰ যেতিয়া শাম কাটিছিল পৰ্যায়ক্ৰমে সেইবোৰ সামৰি পেলোৱা হৈছিল৷ ক’ভিড সংক্ৰমণৰ প্ৰথম লহৰৰ শীৰ্ষবিন্দুত অস্থায়ী ক’ভিড কেয়াৰ চেণ্টাৰবোৰত প্ৰায় ১২ হাজাৰ, জিলা আৰু আদৰ্শ চিকিৎসালয়ত ৩ হাজাৰ আৰু চিকিৎসা মহাবিদ্যালয়ত ২৫০০ আছুতীয়া বিছনাত ৰোগীৰ শুশ্ৰূষা কৰা হৈছিল৷

সম্প্ৰতি ক’ভিড সংক্ৰমণৰ দ্বিতীয় লহৰৰ সময়ত বিভিন্ন স্থায়ী আন্তঃগাঁথনিৰে স্থাপিত পূৰ্বৰ ক’ভিড কেয়াৰ চেণ্টাৰবোৰ পুনৰাই সক্ৰিয় কৰি সেইবোৰত আছুতীয়া বিছনাৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷ কেৱল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে ৫৫০ খন বিছনা ক’ভিড ৰোগীৰ বাবে ৰখা হৈছে৷ ইয়াৰ সৈতে যোগ হৈছে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ ২২০ আৰু কালাপাহাৰ চিকিৎসালয়ৰ ১২৪ খন বিছনা৷ একেদৰে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত ১২০ খন, শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত ৯০ খন, সোণাপুৰ জিলা চিকিৎসালয়ত ১৫০ খন, কলিতাকুছি আদৰ্শ চিকিৎসালয়ত ৭০ খন, মইনাখোৰোঙ আদৰ্শ চিকিৎসালয়ত ১০০ খন বিছনা সাজু হৈ উঠিছে৷ ৰোগীৰ প্ৰয়োজন অনুসাৰে সৰুসজাইত ৪৫০ খন, কাহিকুছিৰ এছ আই আৰ ডিত ২৫০ খন, পলাশবাৰী পতঞ্জলি কেন্দ্ৰত ২৫০ খন আৰু ৰয়েল গ্লবেল স্কুল কেম্পাছত ১০০০ খন বিছনাযুক্ত একোটাকৈ ক’ভিড কেয়াৰ চেণ্টাৰ সাজু কৰাৰ দিহা কৰা হৈছে৷ অন্যান্য জিলাসমূহতো সম্ভাব্য প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড কেয়াৰ চেণ্টাৰৰ বিছনাৰ সংখ্যা বৃদ্ধিৰ বাবে আমি সাজু হৈ আছোঁ৷

যোৱাবাৰৰ ক’ভিড সংক্ৰমণে দেখা দিয়াৰ আগলকৈ অসমৰ চিকিৎসা মহাবিদ্যালয় কেইখনতহে সীমিত সংখ্যক আই চি ইউ বিছনা উপলব্ধ আছিল৷ ক’ভিড পৰিস্থিতিৰ মাজত ৰাজ্য চৰকাৰৰ পুঁজি তথা পি এম কেয়াৰ পুঁজিৰে প্ৰতিখন চিকিৎসা মহাবিদ্যালয়তে আই চি ইউ সংখ্যা বৃদ্ধি কৰা হ’ল৷ তদুপৰি বেছিভাগ জিলা চিকিৎসালয়ত আই চি ইউ গোট স্থাপন কৰি ভেণ্টিলেটৰৰ সুবিধা সংলগ্ন কৰা হ’ল৷ ফলস্বৰূপে ক’ভিড মহামাৰীৰ প্ৰথম লহৰৰ সময়ত ৰাজ্যৰ আই চি ইউৰ সংখ্যা পূৰ্বৰ ৩০০ৰ পৰা ১০০০ খনলৈ বৃদ্ধি পাইছিল৷ ২০২০ চনত ৫০ খনৰো কম আই চি ইউ থকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে এই সংখ্যা ছয়গুণলৈ বৃদ্ধি কৰি ৩০০ কৰা কৰা হয়৷ তাৰে ১০০ টা আই চি ইউ ক’ভিড ৰোগীৰ বাবে সংৰক্ষিত কৰা হৈছে৷ কেতবোৰ নতুন আই চি ইউ কালাপাহাৰ [৩৮ টা], মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় [২৪ টা], শিঙিমাৰী [১৪ টা] আৰু সোণাপুৰতো [১৫ টা] স্থাপন কৰা হৈছে৷ আনহাতে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত ১০০ টা, যোৰহাট মেডিকেল কলেজত ৬০ টা, শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ৪০ টা, বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত ৩৫ টা আৰু বহুতো জিলা চিকিৎসালয়ত ১০ৰ পৰা ২০ টা আই চি ইউ ২০২০-২১ বৰ্ষত স্থাপন কৰা হৈছে৷

নতুনকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ১০০ খন, শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ৬০ খন, বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ৩৫ খন আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ত ৫৬ খন আই চি ইউ বিছনা স্থাপন কৰিবলৈ লোৱা হৈছে কেৱল মাত্ৰ ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে৷ যুদ্ধকালীন গতিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত ক’ভিড চিকিৎসাৰ বাবে অতিৰিক্ত ২০০ খন বিছনাৰ আই চি ইউ স্থাপনৰ কামো চলি আছে৷

সম্প্ৰতি ক’ভিড ৰোগীৰ বাবে আৱণ্টিত আছুতীয়া বিছনা, অক্সিজেনৰ সুবিধা থকা বিছনা আৰু আই চি ইউৰ সংখ্যা এনে ধৰণৰ –

তৃতীয়তে, ঔষধ যোগানৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাৰ মোকাবিলা কৰিবলৈকো আমি কেতবোৰ ব্যৱস্থা হাতত লৈছোঁ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে নিয়মীয়াকৈ নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, মেক্স, এপ’ল’ আদিৰ দৰে চিকিৎসালয়ৰ সৈতে পৰামৰ্শ কৰি চিকিৎসা বিধিৰ শেহতীয়া বিধানবোৰ কাৰ্যকৰী কৰি আহিছে৷ সেই অনুসৰি ৰেমডেছিভিৰ ঔষধ তথা ডেক্সামিথাছন, মিথাইল প্ৰেডনিছলনৰ দৰে ষ্টেৰইডসমূহ ৰোগীৰ বাবে উপলব্ধ কৰোৱা হৈছে৷ সীমিত মাত্ৰাত ব্যৱহূত টচিলিজুমাব, ইতলুজুমাব আৰু মনক্লনেল এণ্টিবডিসমূহো জটিল হৈ পৰা ৰোগীৰ বাবে সংগ্ৰহ কৰি ৰখা হৈছে৷

বৰ্তমান ৰাজ্য চৰকাৰৰ হাতত প্ৰায় ২৫ হাজাৰ পালি ৰেমডিছিভিৰ মজুত আছে৷ বহুতো বেচৰকাৰী চিকিৎসালয়লৈ ৰেমডেছিভিৰ যোগান ধৰি স্পষ্ট নিৰ্দেশ দি কোৱা হৈছে যে ৰোগীক যাতে ৰাজ্য চৰকাৰে বান্ধি দিয়া ১,৪০০ টকা [কৰ অতিৰিক্ত] দৰতহে ৰেমডেছিভিৰ যোগান ধৰা হয়৷ তদুপৰি অসমে মহানুভৱতাৰ চিনস্বৰূপে ঝাৰখণ্ডলৈ ২,০০০ পালি, মেঘালয়লৈ ৩০০ পালি আৰু অৰুণাচল প্ৰদেশলৈ ১০০ পালি ৰেমডেছিভিৰ ঋণ হিচাপে আগবঢ়াইছে৷ নিজৰ নিজৰ যোগান লাভ কৰাৰ লগে লগে সেই ৰাজ্যসমূহে আমাক ঋণ পৰিশোধ কৰিব৷

সামৰণিত অসমৰ জনসাধাৰণক মই এই কথাৰে আশ্বস্ত কৰিব খোজোঁ যে ওপৰত উল্লেখ কৰা পদক্ষেপসমূহে ক’ভিড সংক্ৰমণৰ ২য় লহৰত বিজয়ী হ’বলৈ আমাক সহায় কৰিব৷ কিন্তু এই কথাও ঠিক যে অক্সিজেনৰ নিৰন্তৰ যোগান, আই চি ইউৰ পৰ্যাপ্ত বিছনা তথা ঔষধৰ নাটনি দূৰ কৰিও আমি ক’ভিডক সম্পূৰ্ণ পৰাভূত কৰিব নোৱাৰিম যদিহে এই যুদ্ধত জনসাধাৰণে মাৰ বান্ধি সহযোগ নকৰে৷ এই যুদ্ধত প্ৰতিগৰাকী ব্যক্তিয়ে নিজে জয়ী হোৱাৰ উপৰি সমাজক জয়ী কৰাৰ সংকল্প গ্ৰহণ কৰিব লাগিব৷ বিগত যুদ্ধখনত জয়লাভ কৰাৰ কৃতিত্ব পূৰ্ণৰূপে অসমৰ তিনিকোটি জনতাৰ প্ৰাপ্য৷ এইবাৰো এই যুদ্ধত জয়ী হ’বলৈ জনসাধাৰণে সংকল্প লওক৷ ক’ভিডৰ সৈতে খাপ খোৱাকৈ আচৰণ কৰা, মুখচ্ছদ পৰিধান কৰা, হাত ধোৱা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাই হৈছে ক’ভিডক পৰাভূত কৰাৰ অমোঘ মন্ত্ৰ৷ আমি গৌৰৱ কৰিব পৰাকৈ দেশৰ ভিতৰতে অসমতেই ক’ভিডত মৃত্যুৰ হাৰ সৰ্বনিম্ন৷ অসমৰ জনতাই বিপুল সংযম ৰক্ষাৰ জৰিয়তে সেই সৰ্বনিম্ন মৃত্যুৰ হাৰ সম্ভৱ কৰি তুলিছে৷ মই আশা কৰোঁ অসমৰ তিনিকোটি বাসিন্দাই আহি থকা সময়তো সেই বিৰাট ধৈৰ্য আৰু সংযম ৰক্ষা কৰি ক’ভিডক জয় কৰিব৷ অসমৰ জনসাধাৰণৰ সহযোগিতাত ক’ভিডৰ ২য় লহৰকো আমি পৰাস্ত কৰিম৷