উৰিয়ামঘাটত ২৯ জুলাইত মহাউচ্ছেদ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ উৰিয়ামঘাটৰ উপৰি বুলড’জাৰ চলিব নগাঁৱৰ চামগুৰি, হাতীচোং গোলাঘাটৰ নেঘেৰিবিল৷ উৰিয়ামঘাটত ২৯ জুলাইত চলিব মহাউচ্ছেদ অভিযান৷ ইতিমধ্যে সংশ্লিষ্ট জিলাৰ প্ৰশাসন আৰু বন বিভাগে বেদখলকাৰীসকল জাননী জাৰি কৰিছে৷ কিন্তু নেঘেৰিবিল এৰিব খোজা নাই বেদখলকাৰীসকলে৷ প্ৰয়োজনত মৰিবলৈও সাজু বুলি ঘোষণা কৰি দিছে বেদখলকাৰীয়ে৷ অসম বন বিধি ১৮৯১ৰ ধাৰা ৭২ আৰু ইয়াৰ সংশোধিত আইন ১৯৯৫ অনুসৰি বেদখলকাৰীসকলক ৭ দিনৰ ভিতৰত বনভূমি এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে৷ শনিবাৰে পাহাৰীয়া জিলা ডিমা হাচাওৰ বন বিভাগ আৰু জিলা প্ৰশাসনে চলায় উচ্ছেদ অভিযান৷ ধুবুৰী, গোৱালপাৰাকে ধৰি ৰাজ্যৰ কেইবাঠাইত আগতীয়াকৈ ক্ষতিপূৰণ দি উচ্ছেদ চলায়ো উচ্ছেদিতক সন্দেহযুক্ত নাগৰিকৰূপে প্ৰতিষ্ঠা কৰাত কাৰ্যতঃ সফল হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে৷ বিজেপিয়ে সৃষ্টি কৰা এনে নেৰেটিভৰ সমান্তৰালভাৱে ছাত্ৰ সন্থাৰ পৰা বীৰ লাচিত সেনালৈ বিভিন্ন সংগঠনৰ নেতা-কৰ্মীয়ে উচ্ছেদৰ সপক্ষে দি গৈছে এটাৰ পাছত আনটো বক্তব্য৷ উজনি-নামনি সৰ্বত্ৰ উচ্ছেদিত লোকৰ বিৰুদ্ধে বিভিন্ন সংগঠনৰ নেতা-কৰ্মীয়ে সোচ্ছাৰ হৈ পৰাৰ সমান্তৰালভাৱে বেদখল উচ্ছেদ অভিযানৰ নায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ইজনৰ পাছত সিজন বিজেপি বিধায়ক তৎপৰ হৈ পৰিছে৷ কথাই পতি অসন্তুষ্টি প্ৰদৰ্শন কৰি অহা বিধায়ক মৃণাল শইকীয়াও পিচ পৰি থকা নাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট কৰিবলৈ গৈ তেওঁ কয়–পূৰ্বৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদৰ সাহস দেখুৱালে আজি এনে পৰিস্থিতি নহ’লহেঁতেন৷ লাখ লাখ অবৈধ বাংলাদেশী থকাৰ পাছতো পূৰ্বৰ চৰকাৰে উচ্ছেদ কৰা নাছিল৷ ইয়াৰ বিপৰীতে উচ্ছেদিতৰ পক্ষত থিয় হৈছে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ৷ তেওঁ কয়–ৰাতি ৰাতি উচ্ছেদিত মহিলাক পুৰুষ আৰক্ষীয়ে মাৰপিট কৰিছে৷ এয়া অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ৷
চামগুৰিৰ বেলগুৰিত চলোৱা হ’ব উচ্ছেদ
‘আমাৰ অসম’ৰ চামগুৰিৰ প্ৰতিবেদকঃ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত এইবাৰ নগাঁও জিলাতো অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসন সাজু হৈছে৷ নগাঁও সদৰ ৰাজহ চক্ৰৰ লগতে চামগুৰি ৰাজহ চক্ৰ কতৃপক্ষই চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত দীৰ্ঘ দিন ধৰি অবৈধভাৱে দখল কৰি থকা সন্দেহযুক্ত নাগৰিকক উৎখাত কৰিবলৈ জাননী জাৰী কৰিছে৷ শুকুৰবাৰে নিশা চামগুৰি ৰাজহ চক্ৰ বিষয়া ড॰ ময়ূৰপংক্ষী বৰাৰ স্বাক্ষৰিত এক জাননী যোগে ৰাজহ চক্ৰটোৰ অধীনৰ খাটোৱাল মৌজাৰ অন্তৰ্গত বেলগুৰি কছাৰী গাঁও কিচামতৰ তিনি নম্বৰ দাগ লগতে তিনি নম্বৰ দাগৰ অংশ ৫২৮, ৫০৬, ৫০৫, ৬০৪ নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত যিসকল অবৈধ বেদখলকাৰীয়ে ভূমি অধিগ্ৰহণ কৰি ঘৰৰ লগতে খেতি কৰি বেদখল কৰি আছে সেই সকলক অনতি পলমে মুক্ত কৰিবলৈ জাননী জাৰী কৰিছে৷ জাননী মতে, জাননী পোৱাৰ লগে লগে উক্ত বেদখলীকৃত ভূমি অতি শীঘ্ৰে মুক্ত কৰিবৰ বাবে জনোৱা হ’ল৷ অন্যথা ভূমি আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰি উক্ত ভূমি বে-দখল মুক্ত কৰা হ’ব৷ ইয়াৰ পিছত পুনৰ কোনো জাননী প্ৰদান কৰা নহ'ব বুলিও বেদখলকাৰী সকলক জাননী খনৰ জৰিয়তে সকীয়াই দিছে৷ ৰাজহ বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ইতিমধ্যে জাননী জাৰি কৰা বেলগুৰি ৰিজাৰ্ভত ৭২টা পৰিয়ালে ঘৰ বনাই খেতি বাতি কৰি বেদখল কৰি আহিছে৷ সূত্ৰটোৱে জনোৱা মতে, খাটোৱাল মৌজাৰ অন্তৰ্গত বেলগুৰিত সন্দেহজনক লোকে দুশ বিঘাৰো অধিক ভূমি অবৈধ ভাবে দখল কৰি অধি গ্ৰহণ কৰি আছে৷ এই বেদখল সন্দৰ্ভত স্থানীয় ৰাইজেও অভিযোগ উত্থাপন কৰিছিল৷ ৰাজহ বিভাগৰ এক সূত্ৰই জনোৱা মতে, চামগুৰি ৰাজহ চক্ৰৰ অধীনস্থ অঞ্চলত দুহেজাৰ পঞ্চাশ বিঘা মাটি বেদখল হৈ আছে৷ সূত্ৰটোৱে জনোৱা মতে, ৰাজহ চক্ৰটোৰ অধীনস্থ আমনি আমতল, গটঙা, মোৱামাৰী, দুই নম্বৰ গৰুমৰা, বৰঙাতলি, গেৰুৱামুখ, পুতনি নদীত পৰ্যায় ক্ৰমে বেদখলকৃত ভূমি উচ্ছেদ কৰা হ’ব৷
নগাঁৱৰ হাতিচোং মৌজাৰ দুটাকৈ স্থানত চলিব উচ্ছেদ
‘আমাৰ অসম’ৰ ধিঙৰ প্ৰতিবেদকঃ উৰিয়াম ঘাটৰ পিচতেই নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাতিচোং মৌজাৰ গৰৈমাৰী পথাৰ কিচামতৰ ৭২ নং চৰকাৰী গ্ৰেজিং ৰিৰ্জাভ আৰু হাতিচোং মৌজাৰ বগৰিগুৰি পাম কিচামতৰ ৬২ আৰু ৬৩ নং চৰকাৰী গ্ৰেজিং ৰিৰ্জাভৰ প্ৰায় দুই হাজাৰ পাঁচশ বিঘা মাটিত জিলা প্ৰশাসনৰ তৰফৰ পৰা নগাঁও সদৰ ৰাজহ চক্ৰৰ বিষয়াই উচ্ছেদৰ জাননী জাৰি কৰে৷ উল্লেখ্য চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি বেদখল কৰি বৃহৎ বৃহৎ অট্টালিকাৰ লগতে সন্দেহযুক্ত নাগৰিকে খান্দি ৰাখিছে বৃহত বৃহত পুখুৰী৷ যোৱা ২৪ জুলাইৰ নিশা এই চৰকাৰী ভূমি খালি কৰিবলৈ প্ৰশাসনৰ ফালৰ পৰা জাননী জাৰি কৰাৰ পিছতেই এক বেদখল কাৰীৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷ উক্ত গ্ৰেজিং ৰিৰ্জাভ দুটা ১৯৯৩-৯৪ চনলৈকে মুক্ত আছিল যদিও জিলা ৰাজহ বিভাগৰ একাংশ বিষয়া স্থানীয় একাংশ দালালে বাংলাদেশী নাগৰিকৰ লগতে একাংশ ধুৰন্ধৰ লোকক সস্তা দৰতে বিক্ৰী কৰি দিয়ে৷ যাৰফলত মাত্ৰ দুটা বছৰৰ ভিতৰতে এক ডাঙৰ ডাঙৰ গাঁৱলৈ পৰ্যবসিত হয় ৰিৰ্জাভ দুটা৷ আনহাতে উচ্ছেদৰ জাননী লাভ কৰাৰ পিচতে দখলকাৰী সকলে ঘৰ দুৱাৰ ভাঙি তালি টোপোলা বান্ধি ৰাতিৰ ভিতৰতে ট্ৰাকে ট্ৰাকে ধিঙৰ চৰ অঞ্চললৈ ঢাপলি মেলিছে ইয়াৰে অধিকাংশই সন্দেহজনক নাগৰিক যদিও ধিঙৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ নিস্ক্ৰীয় ভূমিকাৰ বাবেই নিৰ্বিবাদে ধিঙত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷ চক্ৰ বিষয়া গৰাকীয়ে নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰাত জাঙুৰ খাই উঠিছে দল-সংগঠন৷
গ্ৰেজিং ৰিজাৰ্ভত শাৰী শাৰীকৈ গঢ়ি উঠিছে বস্তি
‘আমাৰ অসম’ৰ ৰূপহীহাটৰ প্ৰতিবেদকঃ নামনি অসমৰ বিভিন্ন স্থানত উচ্ছেদ অভিযান চলোৱাৰ পিছত ৰাজ্য চৰকাৰে উজনি অসমৰ উৰিয়ামঘাটৰ ৰেংমা আৰু দৈয়াং বনাঞ্চলৰ পৰা অবৈধ বেদখলীক জাননী জাৰী কৰাৰ পিছত শ শ পৰিয়ালে টালি টোপোলা বান্ধি ঢাপলি মেলিছে নগাঁও আৰু মৰিগাঁৱলৈ৷ দিনে নিশাই উৰিয়ামঘাটৰ পৰা ঘৰ-দুৱাৰ ভাঙি সৰু বৰ বাঁহেৰে বিভিন্ন বয়-বস্তু লৈ কলিয়াবৰ তিনি আলিৰ পৰা নলতলী আৰু চুলুং হৈ ব্যাপক হাৰত উচ্ছেদৰ জাননী লাভ কৰা পৰিয়ালে প্ৰৱেশ কৰিছে চামগুৰি, ৰূপহী, জুৰীয়া, ধিং, মৈৰাবাৰী, লাহৰীঘাট, ভূৰাগাঁও আৰু বৰালিমাৰীলৈ৷ ইয়াৰ মাজতে নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত খাটোৱাল মৌজাৰ বেলুগুৰি-কছাৰী গাঁও কিছামতৰ প্ৰায় দুশ পৰিয়াললৈ ৰাজহ বিভাগে উচ্ছেদৰ জাননী জাৰী কৰিছে৷ চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই জাৰী কৰিছে উচ্ছেদৰ জাননী৷ আজি পুৱা ৰাজহ বিভাগৰ কৰ্মচাৰীয়ে অবৈধ বেদখলী পৰিয়ালৰ মাজত উচ্ছেদৰ জাননী বিতৰণ কৰে৷ সেই সময়ত ৰাজহ বিভাগৰ কৰ্মচাৰীৰ সৈতে স্থানীয় আৰক্ষী উপস্থিত হৈছিল গাঁও খনত৷ ৰাজহ বিভাগৰ বুলড’জাৰৰ হাতোৰা পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ লগে লগে গাঁও খনত হাহাকাৰ লাগে৷ কেবাটাও দশক ধৰি গ্ৰেজিং ৰিজাৰ্ভত বসবাস কৰি অহা বেদখলী পৰিয়াল বোৰ ক'লৈ যাব, ভৱিষ্যত কি হ'ব, সেই লৈ শংকিত হৈ উঠে৷ তেওঁলোকৰ আৰু সতি সন্ততিয়ে চৰকাৰী বাবে পুনৰ সংস্থাপন লাভ কৰিব নে নাই, সেই লৈ সন্দিহান হৈ উঠিছে৷ ৰাজহ বিভাগৰ জাননী খনত এই বুলি উল্লেখ কৰা হৈছে যে গাঁও খনৰ তিনি নম্বৰ দাগৰ লগতে একেই দাগৰ অংশ ৫২৮, ৫০৬, ৫০৫ আৰু ৬০৪ নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভ ৰ মাটিত ঘৰ-বাৰী সজাৰ উপৰি খেতি বাতি কৰি বেদখল কৰি আহিছে৷ সেয়েহে জাননী পোৱাৰ লগে লগে বেদখলকৃত ভূমি মুক্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷
ৰাজহ চক্ৰটোৰ সংশ্লিষ্ট লাট মণ্ডলে জনোৱা অনুসৰি গ্ৰেজিং ৰিজাৰ্ভৰ মুঠ ৩৮৯ বিঘা ভূমি বেদখলীৰ কৱলত পৰিছে৷ প্ৰায় দুশ পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰী কৰা বুলি লাট মণ্ডল গৰাকীয়ে সদৰী কৰিছে৷ তদুপৰি মুঠ ৯৯টা পৰিয়ালৰ নামত ৰাজহ বিভাগে ভূমিৰ আৱণ্টন দিয়াৰ পৰিপ্ৰেক্ষিতত তেনে পৰিয়ালসমূহক উচ্ছেদৰ আওতালৈ অনা হোৱা নাই বুলি জানিবলৈ দিয়ে লাট মণ্ডল গৰাকীয়ে৷ উল্লেখযোগ্য যে ১৯৮০ -৯০ দশকত সম্পূৰ্ণ ৰাজনৈতিক ছয়ছায়াত বেলুগুৰি কছাৰী গাৱঁৰ গ্ৰেজিং ৰিজাৰ্ভত ৰূপহীহাট আৰু চামগুৰি সমষ্টিৰ বিভিন্ন প্ৰান্তৰ এচাম ভূমিহীন লোকে অবৈধ ভাৱে বেদখল আৰম্ভ কৰে৷ ক্ৰমান্বয়ে গ্ৰেজিং ৰিজাৰ্ভ খনত অবৈধ বেদখলীয়ে গোজেই গজালি মেলিবলৈ ধৰে৷ বেদখলীয়ে গ্ৰেজিং ৰিজাৰ্ভ খনত শাৰী শাৰীকৈ ঘৰ-বাৰী সাজি বস্তিবাৰী গঢ়ি তোলে৷ পকী ঘৰ-বাৰী সজাৰ উপৰিও খেতি বাতি আৰম্ভ কৰে গ্ৰেজিং ৰিজাৰ্ভ খনত৷ বেদখলী পৰিয়ালৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ লগে লগে গ্ৰেজিং ৰিজাৰ্ভত উপসনাস্থলী, কবৰস্থান আদিও প্ৰতিষ্ঠা হয়৷ দৰিদ্ৰ পৰিয়াল সমূহৰ নামত পকী গৃহ আৰু বাট পথ নিৰ্মাণৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ পুঁজিও আৱণ্টন হয়৷ বেদখলীয়ে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ সমান্তৰাল ভাৱে স্থানীয় এচাম মধ্যভোগী - দালালৰ পৰা প্ৰত্যক্ষভাৱে সহায় লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক বিজয়ী খেলুৱৈ লীলাৱতী দৈমাৰীৰ নামত নিৰ্মাণ হ’বলগীয়া প্ৰস্থাৱিত ষ্টেডিয়ামৰ ১৭৮ বিঘা মাটিও দখল কৰে৷
তদুপৰি ভাগৱতী আই থান, পলুপামৰ লগতে পশু চিকিৎসালয়ৰ ভূমিও অবৈধ বেদখলীৰ কৱলত পৰে৷ গড়াজানৰ পৰা অহা এটা পৰিয়ালে পশু চিকিৎসালয়খন বেদখল কৰি বসবাস কৰি আহিছে৷ ইপিনে নাজিবুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে উচ্ছেদৰ জাননী সন্দৰ্ভত এইবুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে আমি ১৯৭৬ চনৰে পৰা আই থানৰ মাটি চোৱা-চিতা কৰিব আহিছো আৰু আমি কোনো কাৰণত অবৈধ বেদখলী নহয়৷ তেওঁ এইবুলিও উল্লেখ কৰে যে যোৱা বৰ্ষত উচ্ছেদৰ প্ৰস্তুতিৰ বিষয়ে চৰ্চা আৰম্ভ হোৱাত থান পৰিচালনা সমিতিয়ে নগাঁৱৰ জিলা আয়ুক্তক সাক্ষাৎ কৰি জনাইছিল যে থানৰ মাটি বেদখল হোৱা নাই আৰু চোৱা-চিতা ও সঠিকভাৱে পৰিচালনাৰ বাবে এচাম দৰিদ্ৰ লোকক দিয়া হৈছে৷ তদুপৰি তেওঁ এইবুলি অভিযোগ তোলে যে অধিকাংশ মাটি স্থানীয় জনজাতি আৰু খিলঞ্জীয়া লোকে আমাৰ হতুৱাই খেতি বাতি কৰাই আছে৷ তেনে চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ মাটি উচ্ছেদ কৰিলে গাঁওবাসীয়ে কোনো ধৰণৰ আপত্তি নজনায়৷ তদুপৰি এজন স্থানীয় লোকে জনায় যে ১৯৮৫ চনত চৰকাৰে আৱণ্টন দিয়া ভূমিত বসবাস কৰা পৰিয়ালবোৰ সম্ভাৱ্য উচ্ছেদৰ ফলত কোনো ধৰণে ক্ষতিগ্ৰস্ত নহয়৷
উমৰাংছ’ত অবৈধ মছজিদত চলিল বুলড’জাৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ডিফুঃ সমগ্ৰ ৰাজ্যতে এতিয়া বনাঞ্চলত হোৱা অবৈধ দখলমুক্ত কৰাৰ যি প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে সেই প্ৰক্ৰিয়াই চুই গৈছে পাহাৰীয়া জিলা ডিমা হাচাওকো৷ আজি ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ বন বিভাগ, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে চিমেণ্ট নগৰীৰূপে খ্যাত তথা প্ৰকৃতিৰ ৰম্যভূমি উমৰাংছ’ৰ তিনি কিলোত থকা বনাঞ্চলত অবৈধভাৱে নিৰ্মাণ কৰা এটা মছজিদ সম্পূৰ্ণৰূপে ভাঙি পেলায়৷ পুৱা ১০.৩০ বজাত এই উচ্ছেদ অভিযান আৰম্ভ হয়৷ উল্লেখ্য, অসমৰ লগতে বহিঃৰাজ্যৰ পৰা উমৰাংছ’ৰ বিভিন্ন চিমেণ্ট কাৰখানাত কাম কৰিবলৈ অহা মুছলমান সম্প্ৰদায়ৰ লোকসকলে প্ৰথমে সৰুকৈ এই মছজিদটোৰ নিৰ্মাণ কৰিছিল যদিও পাছলৈ মছজিদটো আটকধুনীয়াকৈ পকাৰে নিৰ্মাণ কৰি লৈছিল৷ অৱশ্যে, উচ্ছেদকালত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰা হোৱা নাই৷






