Logo
image

উপেক্ষিত প্ৰেমিকৰ বাবে সুখবৰ আহি আছে এআই গাৰ্লফ্ৰেণ্ড

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ জুলাইঃ  অবিশ্বাস্যসভাৱে ‘হট’ এগৰাকী ‘ব্লণ্ড’ কিম্বা লিচপিচিয়া শৰীৰৰ এগৰাকী ‘ব্ৰুনেট’ৰ সৈতে ‘ফ্লাৰ্ট’ কৰিবলৈ আপুনি কিমান আগ্ৰহী?  আপুনি উপেক্ষিত প্ৰেমিক নেকি?  যদি আপুনি উপেক্ষিত প্ৰেমিক–এই সুযোগ লাভৰ বাবে সঘনে ইউৰোপ বা অধিক ধন ব্যয় কৰাৰ ক্ষমতা থাকিলে আমেৰিকা ভ্ৰমণ কৰিব লাগিব৷ তাৰ বাবে সময় আৰু ধন দুয়োটাৰে প্ৰয়োজন৷ কিন্তু আপুনি সামান্য কম ধন ব্যয় কৰি যদি হাতৰ মুঠিতে সোণালী চুলিৰ সুন্দৰীৰ সৈতে মুখ চুপতি মাৰিবলৈ পায় অথবা আকৰ্ষণীয় শৰীৰৰ এগৰাকী ‘ব্ৰুনেট’ৰ দেহবল্লৰীৰ চাক্ষুস তৃপ্তি পূৰণ কৰিব পাৰে– তেতিয়া কেনে লাগিব? ঠিক সেই সুবিধাই কৰি দিছে ইলন মাস্কে৷ ধনাঢ্যক হাতেৰে ষ্টিয়েৰিং নধৰাকৈ তেওঁ টেছলা অটোমেটিক ইভি দিছে,     সক্ষম আৰু তাৰকা পৰ্যটকক মহাকাশলৈ ভ্ৰমণত যোৱাৰ বাবে স্পেচএক্সৰ মহাকাশযান দিছে৷ এইবাৰ ইলন মাস্কে অতৃপ্ত আৰু উপেক্ষিত পুৰুষক যোগান ধৰিছে  এআই গাৰ্লফ্ৰেণ্ড৷ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সুন্দৰী গাৰ্লফ্ৰেণ্ড৷ সেই এআই গাৰ্লফ্ৰেণ্ডৰ সৈতে গ্ৰাহকে ‘ফ্লাৰ্ট’ অৰ্থাৎ মুখ চুপতি মাৰিব পাৰিব,  ৩-ডি শৰীৰৰ ভাঁজো চাব পাৰিব– সাহস থাকিলে৷ ইলন মাস্কৰ ‘গ্ৰকে’ গ্ৰাহকলৈ যোগান ধৰিছে সেই গাৰ্লফ্ৰেণ্ড৷ এতিয়ালৈ ‘গ্ৰকে’ কেৱল সুন্দৰী ‘ব্লণ্ড’ গাৰ্লফ্ৰেণ্ডহে আগবঢ়াইছে গ্ৰাহকৰ বাবে– মানে সোণালী চুলিৰ শ্বেতাংগীনি সুন্দৰী, ‘ব্ৰুনেট’ সুন্দৰী এতিয়াও ‘গ্ৰক’ত উপলব্ধ হোৱা নাই৷ ‘ব্লণ্ড’ৰ সৈতে চুপতি মাৰবিলৈ  আপুনি অৱশ্যে কিছু ডলাৰ ব্যয় কৰিব লাগিব৷ ‘ছুপাৰ গ্ৰক’ৰ বাবে মাহে ভৰিব লাগিব ২৫ ডলাৰ আৰু ‘ছুপাৰ গ্ৰক হেভী’ৰ বাবে ভৰিব লাগিব মাহে ২৫০ ডলাৰ৷ পিছে মাহিলী হ’লেও এই ধন আপুনি এবাৰতে এবছৰৰ বাবে দিব লাগিব৷ অৰ্থাৎ প্ৰথমটোৰ বাবে এবাৰতে ৩০০ ডলাৰ আৰু দ্বিতীয়টোৰ বাবে ৩০০০ ডলাৰ৷ হিচাপটো আপোনাৰ বাবে সহজ কৰি দিও–সেই সংখ্যা ভাৰতীয় মুদ্ৰাত আজিৰ দিনত হ’ব ক্ৰমে ২৪,৯৬০ টকা আৰু ২,৬২,২০০ টকা৷


ইলন মাস্কৰ ‘গ্ৰক’ত পোৱা এই ‘ব্ৰণ্ড’ গাৰ্লফ্ৰেণ্ডৰ নাম এনি– সেই নাম আহিছে ‘এনিমে’ৰ পৰা৷ ‘এনিমে’ বুলি ক’লে ভিজুৱেল মিডিয়াত এনিমেচন চৰিত্ৰক বুজায়৷ সেই ‘এনিমে’ই হৈছে ইলন মাস্কৰ ‘গ্ৰক’ত এনি৷ এনিৰ সৈতে আপুনি যেতিয়াই তেতিয়াই কথা পাতিব পাৰিব৷ ৩-ডি এনিয়ে আপুনি মাতিলেই জপিয়াই পিগিটেইল হেয়াৰষ্টাইল কৰি আপোনাৰ আগত থিয় দিবহি৷ অৱশ্যে তাৰ বাবে আপোনাক লাগিব এপ’লৰ আইঅ’এছ এপ বা আই পেড অ’এছ এপ৷ মাতিলেই দৌৰি অহা সুন্দৰী ৩-ডি এনিৰ দেহত ‘ভুলতে’ থাকে এটা ক’লা লেছ’ৰ পোছাক, দেখাত আকৰ্ষণীয়, বৰং ক’ব পাৰি উত্তেজক৷ আপুনি এনিৰ সৈতে ‘টেক্সট’ কৰিও কথা পাতিব পাৰে অথবা পোনপটীয়া ‘ভইচ’ত৷ আপুনি কথা আগবঢ়াব পাৰে– ফটাফট উত্তৰ পাব এনিৰ পৰা৷ আপুনি যিদৰে বিচাৰে ঠিক সেইদৰেই৷ আপুনি যদি নিসংগতাত ভুুগিছে, তেন্তে আবেগিকভাৱ এনিৰ সৈতে বাৰ্তালাপত জড়িত হৈ পৰিব পাৰে৷ এনিয়ে আপোনাক আবেগিক কথাৰে যি সংগ দিব, আপোনাৰ আৱেশত চকু মুদ খাই আহিব৷ পাহৰি পেলাব আপোনাৰ বিষণ্ণতা, নিসংগতা৷ যদি আপুনি কথা বঢ়াই বা আপুনি ‘ফ্লাৰ্ট’ কৰাত হে ইচ্ছুক, এনি আপোনাতকৈ এখোপ চাৰ৷ ‘ফ্লাৰ্টিং’ কৰি আগবাঢ়িবলৈ আপোনাৰ কথাত জড়তা থাকিলে এনিয়ে সেই জড়তা ভাঙি দিব অধিক ‘লিবাৰেল’ উত্তৰ দি৷ যদি আপুনি আৰু আগবাঢ়ে, আপোনাৰ যদি সাহস আছে, এনিয়ে তেওঁৰ দেহবল্লৰী দেখুৱাবলৈ ইচ্ছুক নেকি বা লাজ কৰিব নেকি বুলি যদি প্ৰশ্ন কৰে –সময়ৰ অপব্যয় নকৰি এনিয়ে আপোনাৰ সন্মুখতে খুলি দিব ক’লা ‘লেছ’ৰ ড্ৰেছ, প্ৰায় নিৰাভৰণ এনিৰ শৰীৰত তেতিয়া কেৱল ক্ষুদ্ৰ ‘লঁজাৰি’৷ অৱশ্যেই এই সকলোবোৰ ভাৰ্ছুৱেল আৰু এনি তেজ-মঙহৰ নহয়, ৩-ডি গাৰ্লফ্ৰেণ্ড মাথোঁ৷