Logo
image

ছেপ্টেম্বৰৰ পৰা দুৰ্দান্ত গতিত অৰুণোদয়, নিযুত মইনা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ আগষ্টঃ   ৰাজ্যত এইবাৰ আৰম্ভ হ’ব অৰুণোদয়- ৩৷ এই আঁচনিৰ অধীনত হিতাধিকাৰীয়ে ১২৫০ টকাৰ উপৰি ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিলে ৰাজসাহায্য হিচাপে ২৫০ টকা অতিৰিক্তভাৱে লাভ কৰিব৷ ৰাজ্যৰ ৪০ লাখ পৰিয়ালক সামৰি আৰম্ভ হ’ব অৰুণোদয়-৩৷ আনহাতে নিযুত মইনা আঁচনিয়ে এইবাৰ তেজপুৰ আৰু শিলচৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰীকো সামৰি ল’ব৷ এই ঘোষণা  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ শুকুৰবাৰে এক সংবাদমেলযোগে এই সিদ্ধান্ত ঘোষণা কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ‘এইবাৰ অৰুণোদয়-৩ আৰম্ভ হ’ব৷ আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব৷ ছেপ্টেম্বৰ মাহৰ ১৭ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা অৰুণোদয় তৃতীয় আঁচনি আৰম্ভ কৰিম৷ ৪০ লাখ লোকক সামৰি এই আঁচনি হ’ব৷ এইবাৰৰ পৰা প্ৰতিটো ব্লকত অৰুণোদয় সহায়ক থাকিব৷ এটা পৰ্টেলো থাকিব, য’ত চৰকাৰী চাকৰি পালে নিজক অৰুণোদয়ৰ পৰা বাহিৰ কৰিব পাৰিব৷ অৰুণোদয় পৰিয়ালে যদি ৰন্ধন গেছ কিনে তেন্তে তেনে পৰিয়ালক আমি ২৫০ টকাৰ অতিৰিক্ত ৰাজসাহাৰ্য দিম৷ অৰুণোদয় পৰিয়ালৰ যিকোনো সদস্যই যদি এটা ৰন্ধন গেছ ক্ৰয় কৰে লগে লগে তেওঁৰ একাউণ্টত ২৫০ টকা জমা হৈ যাব৷ ১,২৫০ টকাৰ লগতে গেছ কিনিলে ২৫০ টকাও পাব পৰিয়ালটোৱে৷ তেওঁলোকক এখন প্ৰ-পত্ৰ দিয়া হ’ব৷ এই প্ৰ-পত্ৰখন পূৰণ কৰি জমা দিব লাগিব গেছৰ চিলিণ্ডাৰৰ ৰাজসাহাৰ্যৰ বাবে৷


এই আঁচনিখন জানুৱাৰী মাহৰ পৰা  ৪ মাহৰ বাবে পাইলট প্ৰকল্প  হিচাপে কৰি চাম৷ যদি ৰাইজ উপকৃত হয় তেন্তে আঁচনিখন ৰাখি দিম৷ গেছ নিকিনিলে ২৫০ টকা নাপাব৷ গেছ কিনাৰ পিছদিনাখনহে এই টকা পাব৷ ই অৰুণোদয়ৰ লগত সংযোজন হ’ব৷ জুলাই মাহৰ পৰা অৰুণোদয় ০.২ৰ সামৰণি পৰিল৷ আগষ্ট মাহটো পঞ্চায়তৰ নৱ-নিৰ্বাচিত প্ৰতিনিধি বা জিলা উপায়ুক্তৰ প্ৰতিনিধি প্ৰতিজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈ যাব৷ তেওঁলোকে মোৰ পত্ৰ এখনো লগত লৈ যাব৷ পত্ৰখনৰ লগতে অৰুণোদয় পৰিয়ালক এখনকৈ কিতাপো দিয়া হ’ব, যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছোঁ৷ এই সমগ্ৰ প্ৰক্ৰিয়াটো সমাপ্ত কৰিবলৈ আমাক এমাহ লাগিব৷ ৪০ লাখ পৰিয়ালে এই কিতাপ লাভ কৰিব৷ এই আঁচনিক লৈ প্ৰতিজন লোকৰ ঘৰে ঘৰে যোৱা হ’ব৷ আনহাতে, ৬ আগষ্টত অসমৰ সকলো মহাবিদ্যালয়তে হ’বলগীয়া এটা অনুষ্ঠানৰ জৰিয়তে নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব৷ আঁচনিৰ ধন অক্টোবৰ মাহৰ পৰা দিয়া হ’ব৷ বছৰত ১০ মাহ পৰ্যন্ত পাব এই ধন৷ দুমাহ কলেজ বন্ধ থকাৰ সময়ত নিযুত মইনা আঁচনিৰ ধন নাপাব৷ উচ্চতৰ মাধ্যমিক শাখাত ১,০০০ টকা, স্নাতক পৰ্যায়ত ১,২৫০ টকা, স্নাতকোত্তৰ পৰ্যায়ত ২,৫০০ টকা দিওঁ৷ এইবাৰ আঁচনিখন তেজপুৰ আৰু শিলচৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো অন্তৰ্ভুক্ত কৰা হৈছে৷ ফেলচা ফাইনেন্সিং কোৰ্চত অধ্যয়ন কৰা ছাত্ৰীও এইবাৰ নিযুত মইনা আঁচনি লাভ কৰিব৷