
এই বছৰৰ শেষত ইলন মাস্কৰ ‘ষ্টাৰলিংক’
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ আগষ্টঃ চলিত বৰ্ষৰ শেষৰফালে ভাৰতৰ বজাৰত উপলব্ধ হ’ব মাৰ্কিন ধনকুবেৰ ইলন মাস্কৰ ষ্টাৰলিংক৷ ইলন মাস্কৰ ‘ষ্টাৰলিংক’ উপগ্ৰহীয় ইণ্টাৰনেট সেৱাৰ বাবে ভাৰত চৰকাৰে ইউনিফাইড লাইচেন্স প্ৰদানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে কেন্দ্ৰৰ টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই৷ ‘ষ্টাৰলিংক’ ইণ্টাৰনেট সেৱাৰ বাবে ভাৰত চৰকাৰে অনুজ্ঞাপত্ৰ প্ৰদানৰ পাছতেই মাস্কৰ হাইস্প্ৰীড ইণ্টাৰনেট পৰিসেৱাৰ বাবে ভাৰতৰ গ্ৰাহকে কিমান ধন পৰিশোধ কৰিব লাগিব তাক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে৷ ৰাষ্ট্ৰীয় সংবাদ-পত্ৰৰ বাতৰি অনুসৰি দ্ৰুতগতিৰ ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱাৰ বাবে ভাৰতত গ্ৰাহকে মাহত ৩ হাজাৰ টকাকৈ মাছুল ভৰিব লাগিব৷ অৱশ্যে প্ৰথম অৱস্থাত সকলো গ্ৰাহকে ষ্টাৰলিংকৰ সেৱা লাভ নকৰিব পাৰে৷
ভাৰতত ইণ্টাৰনেট পৰিসেৱা ব্যৱসায় আৰম্ভ কৰাৰ সময়ত ষ্টাৰলিংকে ২০ লাখ গ্ৰাহকক লক্ষ্য কৰি লৈছে৷ ব্ৰডবেণ্ড নেটৱৰ্ক দুৰ্বল ভাৰতৰ গ্ৰাম্য অঞ্চলসমূহত সেৱা আগবঢ়োৱাৰ বাবে পৰিকল্পনা কৰিছে ষ্টাৰলিংকে৷ ভাৰতত ষ্টাৰলিংকৰ ইণ্টাৰনেটৰ গতিবেগ ২৫ এমবিপিএছৰ পৰা ২০২ এমবিপিএছৰ মাজত হ’ব বুলি কোৱা হৈছে৷ তদুপৰি ষ্টাৰলিংকৰ ইণ্টাৰনেট পৰিসেৱাৰ প্ৰয়োজনীয় যন্ত্ৰাংশ ক্ৰয় কৰোঁতেও গ্ৰাহকে অতিৰিক্ত ৩৩ হাজাৰ টকা পৰিশোধ কৰিব লাগিব৷ উল্লেখ্য, ইলন মাস্কৰ স্পেচএক্সৰ উপগ্ৰহ ইণ্টাৰনেট সেৱা ষ্টাৰলিংকে ভাৰতত ইণ্টাৰনেট সেৱা প্ৰদানকাৰী জিঅ’, এয়াৰটেল, ভডাফোনৰ বাবে প্ৰত্যাহ৩ান হৈ উঠিব বুলিও শংকা প্ৰকাশ কৰা হৈছে৷ কিয়নো ষ্টাৰলিংক হৈছে স্পেচএক্সৰ এটা প্ৰকল্প৷ যাৰ জৰিয়তে পৃথিৱীৰ কক্ষপথত অৱস্থিত নিম্ন-পৃথিৱী কক্ষপথ [এলইঅ’] উপগ্ৰহৰ সহায়ত উচ্চগতিত ইণ্টাৰনেট সেৱা প্ৰদান কৰে৷ পৰম্পৰাগত ফাইবাৰ বা মোবাইল নেটৱৰ্কৰ সুবিধা নথকা দুৰ্গম অঞ্চলসমূহতো ষ্টাৰলিংকৰ উচ্চগতিত ইণ্টাৰনেট সেৱা উপলব্ধ৷ সেই সূত্ৰে আন টেলিকম এৰি হাইস্প্ৰীড উপগ্ৰহীয় ইণ্টাৰনেট সেৱাৰ বাবে গ্ৰাহকে ষ্টাৰলিংক ক্ৰয় কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে৷