Logo
image

আক্ৰান্ত নহ’লেও কৰ’নাকালত এইকেইবিধ ফল খাই থাকক

আমাৰ অসম বিশেষঃ কৰ’নাৰ পৰা নিজকে ৰক্ষা কৰাৰ প্ৰথম উপায় হ’ল শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱা মানে কৰ’না ভাইৰাছৰ যি মাৰাত্মক লক্ষণ অৰ্থাৎ শ্বাসযন্ত্ৰ আৰু পৰিপাকতন্ত্ৰত সংক্ৰমণ সহজে প্ৰতিৰোধ কৰা৷ যাৰ বাবে বিশেষজ্ঞসকলে কৰ’নাৰ নাম শুনি ভীতিগ্ৰস্ত নহৈ অতিমাৰী ভাইৰাছবিধৰ ক্ষেত্ৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বিধিসমূহ মানি চলিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ কৰ’নাৰ সংক্ৰমণৰ এই জটিল সময়ছোৱাত আটাইতকৈ জৰুৰী ভিটামিন ‘চি’ যুক্ত খাদ্য গ্ৰহণ কৰা৷ কিয়নো ভিটামিন ‘চি’য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ এই ভিটামিন ‘চি’ পোৱা যায় বিভিন্ন ফলমূলত৷ কিন্তু কোনবিধ ফলত কিমান পৰিমাণে ভিটামিন ‘চি’ থাকে বা কোন সময়ত কোনবোৰ ফল খোৱা উচিত সেই বিষয়ে বহুতে নাজানে৷ আজিৰ শিতানত কৰ’নাত আক্ৰান্ত হ’লে খাবলগীয়া ভিটামিন ‘চি’ যুক্ত ফলসমূহৰ বিষয়ে উল্লেখ কৰা হ’ল–

[১] আমলখিঃ পুষ্টি বিজ্ঞানীসকলৰ মতে আমলখিত মধুৰিআমতকৈও দহগুণ বেছি ভিটামিন ‘চি’ থাকে৷ তদুপৰি নেমুতকৈও তিনিগুণ বেছি ভিটামিন ‘চি’ থাকে আমলখিত৷

আমলখিত সুমথিৰাতকৈ ১৫ৰ পৰা ২০ গুণ বেছি, আপেলতকৈ ১২০ গুণ বেছি, আমতকৈ ২৪গুণ আৰু কলতকৈ ৬০ গুণ বেছি ভিটামিন ‘চি’ থাকে৷ এজন প্ৰাপ্তবয়স্ক লোকক দৈনিক ৩০ মিলিগ্ৰাম ভিটামিন ‘চি’ৰ প্ৰয়োজন হয়৷ এই ভিটামিন ‘চি’ দৈনিক মাত্ৰ দুটা আমলখিৰেই পূৰণ কৰিব পাৰি৷

[২] নেমুঃ কৰ’নাৰ পৰা ৰক্ষা পৰিবলৈ নেমু আৰু উতলা পানী খোৱাৰ বিকল্প নাই৷ ভিটামিন ‘চি’ৰ অভাৱ পূৰণ কৰাত প্ৰধান উৎস হৈছে নেমু৷ নেমু সকলোৰে ৰান্ধনি ঘৰত থাকে৷ তদুপৰি ই বজাৰতো সহজলভ্য৷ এনে ক্ষেত্ৰত কৰ’নাত আক্ৰান্ত হ’লে বা কৰ’নাৰ সংক্ৰমণৰ আশংকা এৰাই চলিবলৈ নেমু খোৱাৰ বাহিৰে বিকল্প নাই৷ পুৱাই উঠি খালী পেটত নেমুৰ ৰস আৰু কুহুমীয়া পানী মিহলাই খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়৷

[৩] অন্যান্য ফলঃ কৰ’নাত আক্ৰান্ত হ’লে ভিটামিন ‘চি’ যুক্ত অন্যান্য ফল যেনে– আঙুৰ, মধুৰিআম, আপেল, অমিতা, তিয়ঁহ, কল, তৰমুজ আদি খাব পাৰে৷ এই সময়ছোৱাত নিয়মীয়াকৈ অন্ততঃ তিনি-চাৰিবিধ ফল খোৱা উচিত৷ পুৱাৰ আহাৰৰ সৈতে এটা বা আপেল অথবা মধুৰিআম খালে উপকাৰ পোৱা যায়৷

একেদৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পূৰ্বে কেই টুকুৰামান অমিতা বা তৰমুজ খাব পাৰে৷ আঙুৰ, অমিতা, তৰমুজ আৰু কল সৰু সৰুকৈ কাটি মৌৰ সৈতে মিলাই ফ্ৰুড চালাড হিচাপে খালে উপকাৰ পোৱা যায়৷