
আঙুৰলতাক মহিলা আয়োগৰ অধ্যক্ষ নিযুক্তি
'আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ আগষ্টঃ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে বিজেপি নেত্ৰী তথা অভিনেত্ৰী আঙুৰলতা ডেকাক৷ ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্ৰ চাহুৱে সোমবাৰে এক নিৰ্দেশনাযোগে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী তথা প্ৰাক্তন বিজেপি বিধায়িকা আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ নিযুক্তি দিয়ে৷
নিৰ্দেশনাটোত আঙুৰলতা ডেকাক তিনি বছৰৰ বাবে আয়োগৰ অধ্যক্ষ নিযুক্তি দিয়া হৈছে বুলি উল্লেখ কৰা হৈছে৷ একেটা নিৰ্দেশনাত ৰাজ্যিক মহিলা আয়োগৰ নতুনকৈ দুগৰাকী সদস্য নিযুক্তি দিয়া হৈছে৷ সেই অনুসৰি কবিতা ৰয় শইকীয়া আৰু নীলিমা ব্ৰহ্মক সদস্যৰূপে নিযুক্তি দিয়া হৈছে৷ সদস্যদ্বয়ৰো কাৰ্যকাল তিনি বছৰ নিৰ্ধাৰণ কৰা হৈছে৷