Logo
image

অতীত হ’ব ডাক বিভাগৰ ৰেজিষ্টাৰ্ড পোষ্ট

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ আগষ্টঃ  অতীত হ’ব ভাৰতীয় ডাক বিভাগৰ ৰেজিষ্টাৰ্ড পোষ্ট৷ সুদীৰ্ঘ ৫০ বছৰ ধৰি চলি অহা ভাৰতীয় ডাক বিভাগৰ অন্যতম জনপ্ৰিয় সেৱা ৰেজিষ্টাৰ্ড পোষ্ট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ৰেজিষ্টাৰ্ড পোষ্টৰ গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ পহিলা ছেপ্টেম্বৰৰ পৰা ভাৰতীয় ডাক বিভাগে ৰেজিষ্টাৰ্ড পোষ্ট সেৱা  বন্ধ কৰি স্প্ৰীড পোষ্টৰ সৈতে একত্ৰীকৰণৰ কথা ঘোষণা কৰা হৈছে৷ ভাৰতীয় ডাক বিভাগৰ সঞ্চালকপ্ৰধানে ২ জুলাইত জাৰি কৰা বিভাগীয় অভ্যন্তৰীণ জাননীত এই কথা সদৰি কৰিছে৷ বিভাগীয় জাননীখনত ডাক সেৱা আধুনিকীকৰণ আৰু সুশৃংখলিত কৰি এটা উমৈহতীয়াৰ সেৱাৰ অধীনলৈ অনাৰ স্বাৰ্থতে ৰেজিষ্টাৰ্ড পোষ্ট ছাৰ্ভিচক স্পীড পোষ্টৰ সৈতে একত্ৰীকৰণৰ কৰি গ্ৰাহকক সেৱা প্ৰদান কৰা হ’ব বুলিও কোৱা হৈছে৷ উল্লেখ্য, ভাৰতীয় ডাকসেৱাৰ ৰেজিষ্টাৰ্ড পোষ্ট এনে এটা সেৱা যাক নিৰাপদ পোষ্ট বুলি কোৱা হয়৷ ৰেজিষ্টাৰ্ড পোষ্টত ঠিকনাত যাৰ নাম উল্লেখ কৰা থাকে, সেই ব্যক্তিজনকহে চিঠি প্ৰদান কৰা হয়৷


আনহাতে স্পীড পোষ্টৰ ঠিকনা নিৰ্দিষ্ট হোৱাৰ লগতে সময় নিৰ্ধাৰণ কৰা ডেলিভাৰীক অগ্ৰাধিকাৰ দিয়া হয়৷ অৰ্থাৎ উল্লেখিত ঠিকনাত থকা যিকোনো ব্যক্তিয়ে পোষ্টটো সংগ্ৰহ কৰিব পাৰে৷ অৱশ্যে স্পীড পোষ্টতকৈ ৰেজিষ্টাৰ্ড পোষ্টৰ সেৱা লেহমীয়া যদিও ৰেজিষ্টাৰ্ড পোষ্টৰ সেৱাৰ মাচুলো কম৷ ৰেজিষ্টাৰ্ড পোষ্টৰ নূ্যনতম মাচুল ২৫.৯৫ টকা যদিও প্ৰতি অতিৰিক্ত ২০ গ্ৰাম ওজনৰ বিপৰীতে প্ত টকাকৈ মাচুল আদায় লোৱা হয়৷ আনহাতে স্পীড পোষ্টত ৫০ গ্ৰাম ওজন পৰ্যন্ত পাৰ্চেলৰ মাচুল ৪১ টকাৰ পৰা আৰম্ভ হয়৷ অৰ্থাৎ ৰেজিষ্টাৰ্ড পোষ্টতকৈ স্পীড পোষ্টৰ মাচুল ২০-২৫ শতাংশ অধিক হয়৷ ডাক বিভাগে প্ৰকাশ কৰা মতে ধাৰাবাহিকভাৱে ৰেজিষ্টাৰ্ড পোষ্টৰ গ্ৰাহকৰ সংখ্যা হ্ৰাস পাই আহিছে৷ ২০১১-১২ বৰ্ষত ২৪ কোটি গ্ৰাহকে ৰেজিষ্টাৰ্ড পোষ্টৰ সেৱা গ্ৰহণ কৰিছিল যদিও ২০১৯-২০ বৰ্ষৰ এই সেৱা গ্ৰহণ কৰা গ্ৰাহকৰ সংখ্যা ১৮ কোটিলৈ হ্ৰাস পাইছিল৷ উল্লেখ্য, ব্ৰিটিছ ঔপনিবেশৰ সময়ত আৰম্ভ হোৱা ৰেজিষ্টাৰ্ড পোষ্টে নিৰাপদ আৰু আইনীভাৱে স্বীকৃতিপ্ৰাপ্ত নথি-পত্ৰ প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ চৰকাৰী বিভাগ, শিক্ষানুষ্ঠান, আদালত, বেংক আদিয়ে ৰেজিষ্টাৰ্ড পোষ্টক নিৰাপদ যোগাযোগ সেৱা হিচাপে গণ্য কৰি আহিছিল৷ কিন্তু এতিয়া আৰু ঠিক এমাহৰ পাছতেই ৰেজিষ্টাৰ্ড পোষ্ট গ্ৰাহকৰ বাবে নষ্টালজিক হৈ পৰিব৷