Logo
image

কৃষ্ণ-মহম্মদৰ যুগলবন্দীত ধৰাশায়ী ব্ৰিটিছ-সিংহ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ আগষ্টঃ  মহাকাব্যৰ পৰিণতি প্ৰায়ে ট্ৰেজিকেই হয়৷ ৰোমিঅ’-জুলিয়েট, হেমলেট, কিং লিয়েৰৰ পৰা মেকবেথলৈ ট্ৰেজেডিৰে পৰিসমাপ্তি ঘটা ‘এপিক’ৰ সংখ্যা নিচেই কম নহয়৷ যদিহে মহাকাব্যৰ কাহিনী ক্ৰিকেটৰ হয় আৰু কাহিনী দুটা পক্ষক লৈ আগবাঢ়ে– পৰিণতি যদি বিয়োগাত্মক  হয়, তেন্তে অন্যটো পক্ষৰ বাবে সেয়া অৱশ্যেই বিজয় হৈ পৰে, ট্ৰেজিক নহয়৷ লৰ্ডছ টেষ্ট ভাৰতৰ বাবে, ভাৰতীয়ৰ বাবে ‘হাৰ্ট ব্ৰেক’, ষ্ট্ৰেজিক পৰিসমাপ্তি আছিল, কিন্তু ইংলেণ্ডৰ বাবে আছিল বিজয়৷ অ’ভেলত দেখা গ’ল বৈপৰিত্য, ঘৰুৱা দল ইংলেণ্ডৰ কৰুণ পৰিসমাপ্তি আৰু ভাৰতৰ শ্বাসৰুদ্ধকৰ অবিশ্বাস্য জয়৷ টি-২০১ দৰে টেষ্টমেচত অবিশ্বাস্য ফলাফল আদায় কৰাৰ ঘটনা অনেক ট্ৰেজিক মহাকাব্যৰ ৰচক শ্বেক্সপিয়েৰৰ জন্মভূমিতহে সম্ভৱ, য’ত আজি ট্ৰেজিক নায়কত পৰিণত হ’ল ব্ৰিটিছ সিংহ৷ টেষ্ট ক্ৰিকেটৰ স্থায়িত্ব আৰু কিমান দিন বুলি প্ৰশ্ন উঠাৰ সময়ত অ’ভেল টেষ্টৰ দুৰ্দান্ত পৰিণতি, টেষ্ট ইতিহাসৰ সৰ্বনিম্ন ব্যৱধান ছয় ৰানত ভাৰতৰ বিজয় আৰু পাঁচখন টেষ্টৰ অভূতপূৰ্ব উত্থান-পতনে টেষ্ট ক্ৰিকেটৰ দীৰ্ঘায়ুকে প্ৰতীয়মান কৰিলে৷ অৱশেষত অ’ভেলত ৰৈ গ’ল টেষ্ট ক্ৰিকেটৰ চিৰন্তন সৌন্দৰ্য৷

অ’ভেল ভাৰতৰ বাবে হৈ ৰ’ল চিৰস্মৰণীয়৷ তেনেই নৱাগত ক্ৰিকেটাৰেৰে গঠিত এটা দল৷ ইংলেণ্ডৰ শৃংখলাৰ পূৰ্বে টেষ্ট ক্ৰিকেটৰ পৰা বিৰাট কোহলি, অধিনায়ক ৰোহিত শৰ্মাৰ অৱসৰে টীম ইণ্ডিয়াক দুৰ্বল বুলি ভাবিবলৈ বাধ্য কৰিছিল৷ কিন্তু অ’ভেলত বিজয়েৰে শৃংখলা ২-২ মেচত শেষ কৰাৰ পাছত এতিয়া আৰু নৱাগতৰ সেই ‘চাপ’ একেকোবে আঁতৰাই দিলে টীম ইণ্ডিয়াই৷ অ’ভেলত ভাৰতৰ বিজয়ৰ কাৰিকৰ অৱশ্যেই কৃষ্ণ-মহম্মদৰ যুগলবন্দী৷ কৃষ্ণ অৰ্থাৎ প্ৰসিদ্ধ কৃষ্ণই যিদৰে প্ৰতিপক্ষৰ বেটাৰক স্তব্ধ কৰিলে, সেইদৰে মহম্মদ অৰ্থাৎ মহম্মদ ছিৰাজে সংহাৰ কৰিলে ইংলেণ্ডৰ বেটাৰক৷ আক্ষৰিক অৰ্থতে কৃষ্ণ-মহম্মদৰ যুগলবন্দীত ধৰাশায়ী হ’ল ব্ৰিটিছ-সিংহ৷ অথচ সেই মহম্মদ ছিৰাজেই মেচৰ চতুৰ্থ দিনত খলনায়কত পৰিণত হৈছিল হেৰী ব্ৰুকৰ কেচ ধৰি বাউণ্ডেৰীৰ সিপাৰত ভৰি থৈ৷ সেই ক্ৰিছ ব্ৰুকে ৯৮টা বলত ১১১ ৰান কৰি ভাৰতৰ হাতৰ পৰা বিজয় কাঢ়ি নিছিলেই৷ কিন্তু পাঁচখন টেষ্টত ১২০০ৰো অধিক বল কৰি সৰ্বোচ্ছ ২৩টা উইকেট লোৱা মহম্মদ ছিৰাজে অ’ভেল টেষ্টৰ দ্বিতীয় ইনিংছত পাঁচটা উইকেট লৈ প্ৰায়শ্চিত্ত্ব কৰিলে৷ তেওঁ দলক বিজয় দিয়াই নহয়, উত্তৰ দিলে সুনীল গাভাস্কাৰৰ দৰে সমালোচকক৷ ধাৰাভাষ্যকাৰৰ ৰূপত এমাহ পূৰ্বে সুনীল গাভাস্কাৰে কৈছিল– ‘মহম্মদ ছিৰাজ এজন ভাল বলাৰ৷ কিন্তু তেওঁক এজন ভাল প্ৰশিক্ষক লাগে, যি ছিৰাজক অৱসৰ লোৱাৰ পৰামৰ্শ দিব৷’ আজি অ’ভেলত ভাৰতৰ নায়ক হৈ ছিৰাজে হয়তো গাভাস্কাৰৰ সমালোচনাৰ উত্তৰ মুখেৰে নিদিলেও হ’ব৷ 

প্ৰশংসা কৰিবই লাগিব ক্ৰিছ ৱ’কছৰ দুঃসাহসৰ৷ ভাগি যোৱা কান্ধ, হাতত বেণ্ডেজ বান্ধি আৰু বেটিং কৰা হাত ছুৱেটাৰৰ ভিতৰত সুমুৱাই দলৰ সংকটৰ মুহূৰ্তত ৱ’কছ ক্ৰিজলৈ আহিছিল বেট নকৰা হাতটোৰে বেটিং কৰিবলৈ৷ সেই ৱ’কছক অন্তিম সংগী হিচাপে লৈ কি অবিশ্বাস্য ‘কেলকুলেটিভ’ বেটিঙৰ উদাহৰণ দেখুৱালে এটকিনছনে৷ ৱ’কছক একেৰাহে ১৩টা বল তেওঁ নন ষ্ট্ৰাইকিং এণ্ডত ৰাখি এক এক ৰানকৈ সংগ্ৰহ কৰি দলক আগুৱাই নিলে৷ দুটা অভাৰৰে শেষ দুই বলত এক ৰান কৰি ষ্ট্ৰাইক ৰাখিলে নিজৰ হাতত৷

পাঁচখন টেষ্ট, ২৫ দিনৰ ক্ৰিকেট৷ এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফীৰ সবাটোকৈ নাটকীয়, সবাটোকৈ ৰোমাঞ্চকৰ সৰ্বাধিক উত্তাপভৰা মুহূৰ্ত যে একেবাৰে অন্তিম দিনৰ বাবে সাঁচি ৰখা আছিল, সেয়া কোনে জানিছিল? দুৰ্দান্ত এক শৃংখলাৰ কি অবিশ্বাস্য পৰিসমাপ্তি  এয়া মহাকাব্য নহয় কি?


অভেলত অন্তিম দিনা ইংলেণ্ডৰ বিজয় একপ্ৰকাৰ নিশ্চিত আছিল৷ কিয়নো ইংলেণ্ডক বিজয়ৰ বাবে প্ৰয়োজন আছিল মাথোঁ ৩৫ ৰানৰ৷ শৃংখতাত সমতা স্থাপন কৰিবলৈ ভাৰতক প্ৰয়োজন আছিল ৪টা উইকেট৷ দিনটোৰ প্ৰথম অভাৰতে জেমী অভাৰটনে প্ৰসিদ্ধ কৃষ্ণৰ বলত একেৰাহে ২টা বাউণ্ডেৰী মাৰি বিজয়ৰ মনোভাৱ স্পষ্ট কৰি দিছিল৷ 

কিন্তু মহম্মদ ছিৰাজৰ বিধবংসী স্পেলে স্তব্ধ কৰি দিলে ইংলেণ্ডৰ বিজয়ৰথ৷ প্ৰথম দুটা অভাৰতে ছিৰাজে হানিলে দুটা আঘাত৷ প্ৰথমে জেমী স্মিথ আৰু তাৰ পাছত মহম্মদ ছিৰাজে বিদায় দিলে অভাৰটনক৷ 

এটা নিখুঁত য়ৰ্কাৰেৰে প্ৰসিদ্ধ কৃষ্ণই ক্লিন ব’ল্ড কৰিলে জ’ছ টংগক৷ তেতিয়া উইকেটত গাছ এটকিনছনক সংগ দিবলৈ আহিছিল আঘাতপ্ৰাপ্ত ক্ৰিছ ৱ’কছ৷ নিশ্চিতভাৱে দুঃসাহস দেখুৱালে ক্ৰিছ ৱ’কছে৷ এটা হাতেৰেই বেটিং কৰিবলৈ আহিল ৱ’কছ৷ কান্ধত আঘাত পোৱা ৱ’কছৰ বাবে বেটিং কৰা সম্ভৱ নাছিল৷ তথাপি দলৰ পৰাজয় ৰোধৰ স্বাৰ্থত ক্ৰিজলৈ আহিল ক্ৰিছ ৱ’কছ৷  তেতিয়া ইংলেণ্ডক বিজয়ৰ বাবে প্ৰয়োজন আছিল ১১ ৰান৷ আনহাতে ভাৰতক প্ৰয়োজন হৈছিল ইংলেণ্ডৰ অন্তিমটো উইকেট৷ ইতিমধ্যে আৰু কষ্টকৰ ৪ ৰান স্ক’ৰব’ৰ্ডত সংযোগ কৰিছিল এটকনছিনে৷ বিজয়ৰ পৰা তেতিয়া ইংলেণ্ড মাথোঁঁ জ্জ ৰান দূৰত৷ কিন্তু মহম্মদ ছিৰাজৰ এটা আউট ছুইংগাৰত উৰি গ’ল গাছ এটকিনছনৰ অফষ্টাম্প৷ লগে লগে অভেলত মহানাটকীয় বিজয় অৰ্জন কৰিলে নৱাগত ভাৰতীয় দলে৷ এয়া আছিল লৰ্ডছত অপ্ৰত্যাশিত পৰাজয়ৰ প্ৰত্যুত্তৰত টীম ইণ্ডিয়াৰ মধুৰ প্ৰতিশোধ৷ যশস্বী জয়ছোৱালৰ ১১৮ ৰানৰ জৰিয়তে দ্বিতীয় ইনিংছত ৩৯৬ ৰান কৰি ভাৰতে ইংলেণ্ডৰ সম্মুখত ৩৭৪ ৰানৰ বিজয়লক্ষ্য স্থিৰ কৰি দিছিল৷ অৱশ্যে অ’ভেলত ইমান বৃহৎ ৰান চতুৰ্থ ইনিংছত সংগ্ৰহ কৰি পূৰ্বে বিজয়ৰ অভিলেখ নাছিল৷ কিন্তু হেৰী ব্ৰুক আৰু জো ৰুটে ‘বাজবল’ ক্ৰিকেট খেলি দলক বিজয়ৰ দুৱাৰদলিলৈ লৈ গৈছিল৷ ব্ৰুকে ৯৮টা বলত কৰিছিল ১১১ ৰান৷ ৰুটে বৰঙনি যোগাইছিল ১০৫ ৰানৰ৷ কিন্তু মহম্মদ ছিৰাজৰ দুৰ্দান্ত বলিঙত শেষ হৈ গ’ল ইংলেণ্ডৰ শেষ আশা৷