Logo
image

৩৫বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম হ্ৰাসৰ ঘোষণা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ আগষ্টঃ  দুখীয়া তথা মধ্যবিত্ত শ্ৰেণীৰ ৰোগীৰ বাবে ভাল খবৰ!  হ্ৰাস পালে ৩৫ বিধকৈ অত্যাৱশ্যকীয় ঔষধৰ মূল্য৷ যি সময়ত ঔষধৰ মূল্যবৃদ্ধিৰ বাবে দুখীয়া তথা মধ্যবিত্ত পৰিয়ালৰ ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে, ঠিক সেই সময়তে কেন্দ্ৰীয় চৰকাৰে একাধিক অত্যাৱশ্যকীয় ঔষধৰ মূল্য হ্ৰাসৰ নিৰ্দেশ দি যেন কিছু হ’লেও ৰোগীক সকাহ প্ৰদান কৰিছে৷ ঔষধৰ মূল্য নিৰ্ধাৰণকাৰী সংস্থা নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইছিং অথৰেটীয়ে ৩৫ বিধ ঔষধৰ মূল্য হ্ৰাস কৰিবলৈ ফাৰ্মা কোম্পানীক নিৰ্দেশ  প্ৰদান কৰিছে৷ সেই অনুসৰি এতিয়া এণ্টিবায়টিক, মধুমেহ, কাৰ্ডিঅ’ ভাছকুলাৰ, এণ্টী ইনফ্ল’মেটৰী আৰু মানসিক ৰোগৰ ঔষধৰ খুচুৰা মূল্য হ্ৰাস পোৱাটো নিশ্চিত হৈ পৰিছে৷ দাম হ্ৰাস পাবলগীয়া ঔষধৰ ফৰ্মুলেশ্বনৰ ভিতৰত আছে এক্সিক্ল’ফেনাক, পেৰাচিটমেল ট্ৰিপছিন কাইমেট্ৰিপছিন, অম’ক্সিছিলিন, পটাছিয়াম, ক্লাভুলানেট, এট্ৰ’ভাষ্টাটিন, এণ্টী-ডায়েবেটিক সংমিশ্ৰিত এম্পাগ্লিফ্ল’জিন, ছিটাগ্লিপটিন আৰু মেটফৰ্মিন টেবলেট৷ হৃদ ৰোগৰ বাবে ব্যৱহাৰ কৰা এট্ৰ’ভাষ্টাটিন ঔষধৰ মূল্য হ্ৰাস কৰা হৈছে৷ সেই অনুসৰি অট্ৰ’ভাষ্টাটিন ৪০ মিলিগ্ৰাম আৰু ক্ল’পিড’গ্ৰেল ৭৫ মিলিগ্ৰাম মিশ্ৰনেৰে প্ৰস্তুত কৰা হৃদৰোগৰ ঔষধৰ খুচুৰা মূল্য নিৰ্ধাৰণ কৰা হৈছে ২৫.৬১ টকা৷


আকুম’ছ ড্ৰাগ এণ্ড ফাৰ্মাচিউটিকেল আৰু ডাক্তৰ ৰেড্ডীজ লেবৰেটৰীয়ে প্ৰস্তুত কৰা এচিক্ল’ফেনাক-পেৰাচিটামল-ট্ৰিপচিন-কাইমেট্ৰিপচিন সংমিশ্ৰিতটেবলেটৰ দাম হ’ব ১৩ টকা৷ কেডিলা ফাৰ্মাচিউটিকেল প্ৰস্তুত কৰা একেই ফৰ্মুলেশ্বনৰ টেবলেটৰ দামো নিৰ্ধাৰণ কৰা হৈছে ১৫.০১ টকা৷ কাৰ্ডিঅ’ভাছকুলা সমস্যাৰ বাবে ব্যৱহাৰ কৰা এট্ৰ’ভাষ্টাটিন ৪০ মিলিগ্ৰাম আৰু ক্ল’পিড’গ্ৰেল ৭৫ মিলিগ্ৰাম এটা টেবলেটৰ দাম হ’ব ২৫.৬১ টকা৷ শিশুৰ চিকিৎসাত ব্যৱহূত ছেফিক্সিম আৰু পেৰাচিটামলৰ সংমিশ্ৰিত ঔষধৰ দামো হ্ৰাস পাইছে৷ একেদৰে ডিক্ল’ফেনাক বেজীৰ দাম ৩১.৭৭ টকালৈ হ্ৰাস পাইছে৷ ভিটামিন ডি ছাপ্লিমেণ্টৰ বাবে ব্যৱহৃত কোলেকেলছিফেৰল ড্ৰপ আৰু ড্ৰাইক্লোফেনাকৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ অৱশ্যে, এই ঔষধৰ মূল্যৰ সৈতে অতিৰিক্তভাৱে জি এছ টি পৰিশোধ কৰিব লাগিব ৰোগীয়ে৷ কেন্দ্ৰীয় ঔষধৰ দাম নিৰ্ধাৰণকাৰী সংস্থাটোৰে ফাৰ্মাচী বা ডিলাৰসমূহে দাম হ্ৰাস পোৱা ঔষধৰ তালিকা ব্যৱসায় প্ৰতিষ্ঠানত সকলোৱে দেখাকৈ আঁৰি ৰাখিব লাগিব৷ যদিহে নিৰ্ধাৰিত দামতকৈ গ্ৰাহকৰ পৰা অধিক দাম লয়, তেনেহ’লে শাস্তিৰ সন্মুখীন হ’ব লাগিব৷ ডি পি চি অ’-২০১৩ ৰ অধীনত আইনী শাস্তিৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী আইন-১৯৫৫ ৰ অধীনত অতিৰিক্তভাৱে সংগ্ৰহ কৰা মাচুল সুতসহ ঘূৰাই লোৱা হ’ব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে৷