
গ্ৰামাঞ্চলৰ মদৰ দোকান বন্ধ কৰি স্কুল খুলিব গৌৰৱে
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ আগষ্টঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ছাত্ৰ-ছাত্ৰী নথকাৰ অজুহাতত একত্ৰীকৰণৰ নামত হাজাৰ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া আৰু ৰাজহৰ আশাত গাঁৱে গাঁৱে নতুনকৈ মদৰ দোকানৰ অনুজ্ঞাপত্ৰ দিয়া হঠকাৰী কাৰ্যৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপ-দলপতি সাংসদ গৌৰৱ গগৈ৷ কংগ্ৰেছ শাসনলৈ আহিলেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বন্ধ কৰি দিয়া চৰকাৰী শিক্ষানুষ্ঠানসমূহ পুনৰ খুলি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছে সাংসদ গৌৰৱ গগৈয়ে৷ ইমানেই নহয়, কংগ্ৰেছে চৰকাৰ গঠন কৰিলে হিমন্ত বিশ্ব শৰ্মাই অনুজ্ঞাপত্ৰ দি গাঁৱে-ভূঞে খোলা সকলো মদৰ দোকান বন্ধ কৰি দিয়া হ’ব বুলিও মুকলিকৈ ঘোষণা কৰিছে সাংসদজনে৷ উল্লেখ্য, বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত বিগত সময়ছোৱাত ৰাজ্যত প্ৰায় ৮ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান একত্ৰীকৰণৰ অচিলাৰে চিৰদিনলৈ বন্ধ কৰি দিলে৷ গাঁৱে-ভূঞে চৰকাৰী শিক্ষানুষ্ঠানত তলা ওলোমাই দিয়াৰ পৰিণতিত আধাতে বিদ্যালয় ত্যাগ [ড্ৰ’প আউট] কৰা অসমৰ শিক্ষাৰ্থীৰ সংখ্যাই দেশৰ ভিতৰত শীৰ্ষ স্থানেৰে অবাঞ্জিত অভিলেখ ৰচনা কৰিছে৷ একেদৰে হিতাধিকাৰীক সন্তুষ্ট কৰাৰ নামত ঋণ লৈ কক্বকাই থকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আবকাৰী ৰাজহৰ স্বাৰ্থত গাঁৱে-ভূঞে সুৰা বিপণী খোলাৰ নতুন অনুজ্ঞাপত্ৰ দিছে৷
যাৰ ফলত গ্ৰামাঞ্চল্যত সুৰাৰ বন্যা বোৱাত নৱ প্ৰজন্মই তিলতিলকৈ ধবংসৰ দিশে গতি কৰিছে৷ ৰাজ্যৰ প্ৰায় প্ৰতিখন গাঁৱৰে পৰিৱেশ এতিয়া এনে পৰ্যায় পাইছেগৈ যে পদূলিয়ে পদূলিয়ে বৈধ-অবৈধ মদৰ দোকানে ভৰি পৰিছে৷ গাঁৱৰ আই মাতৃ সমাজে মদৰ দোকানৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কৰিলেও দিছপুৰৰ নিৰ্দেশত জিলা প্ৰশাসনে অসহায়ভাৱে হাত সাৱতি বহি থাকিবলৈ বাধ্য হৈছে৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ সুৰাপ্ৰীতিৰ বিৰুদ্ধে পলমকৈ হ’লেও সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ৷ কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাঁৱে গাঁৱে খোলা মদৰ দোকান বন্ধ কৰি একত্ৰীকৰণৰ নামত বন্ধ কৰি দিয়া স্কুলসমূহ পুনৰ খুলি দিয়াৰ প্ৰতিশ্ৰুতি দিছে৷ এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দেওবাৰে গুৱাহাটীত এন এছ ইউ আইৰ এটা অনুষ্ঠানত কয়–মোৰ পিতৃও ১৫ বছৰ মুখ্যমন্ত্ৰী আছিলে৷ দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰীও আছিলে৷ কিন্তু ভাৰতৰ কোটিপতি মুখ্যমন্ত্ৰীৰ তালিকাত তেওঁৰ নাম নাছিল৷ তেওঁ দূৰদৃষ্টিৰে নেচনেল গেম পাতি সৰুসজাই ষ্টেডিয়াম নিৰ্মাণ কৰিলে৷ যুৱ সকলক বিভিন্ন আঁচনিৰ জৰিয়তে শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা কৰিলে৷ প্ৰতি বছৰে নৱ প্ৰজন্মক আমেৰিকাৰ নাছালৈ লৈ গৈছিলে৷ ল’ৰা-ছোৱালীবোৰে বিনামূলীয়া কম্পিউটাৰ-লেপটপ পাইছিলে৷ এই বিলাক আছিল সেই সময়ৰ চিন্তা৷ কিন্তু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাঁৱৰ ভিতৰৰ চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰিছে, গাঁৱৰ ভিতৰত মদৰ দোকান খুলিবলৈ অনুজ্ঞাপত্ৰ দিছে৷ শিক্ষাৰ ক্ষেত্ৰত কংগ্ৰেছৰ উদ্দেশ্য হ’ব উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহক অধিক উন্নত কৰিম আৰু গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰি পুনৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহ খুলি দিম৷