
কৰ্কট চিকিৎসা ব্যয় ৭গুণ পৰ্যন্ত বাঢ়িল
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ আগষ্টঃ ৰাজ্যৰ কৰ্কট ৰোগীৰ বাবে আশা-ভৰসাৰ স্থল গুৱাহাটীস্থ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ৰোগীৰ মাচুল ৭ গুণ পৰ্যন্ত বৃদ্ধি পাইছে৷ কোনো আগতীয়া জাননী নিদিয়াকৈ সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে জীৱন-মৃত্যুৰে যুঁজ দিয়া কৰ্কট ৰোগীৰ পঞ্জীয়নৰ পৰা আৰম্ভ আৰম্ভ কৰি পেয়িং কেবিনলৈকে সকলোতে অভাৱনীয় হাৰত মাচুল বৃদ্ধি কৰাত ৰোগী আৰু ৰোগীৰ অভিভাৱকৰ মাজত এতিয়া হাহাকাৰ লাগিছে৷ ৰাজ্যিক কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্বন আৰু টাটা ট্ৰাষ্টে পৰিচালনা কৰা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানলৈ অসম চৰকাৰে কাৰ্যতঃ ঔষধ পাতি যোগান বন্ধ কৰি দিয়াত এতিয়া কৰ্কট ৰোগীৰ বিনামূলীয়া কেম’ বন্ধ কৰি দিয়া হৈছে৷ পূৰ্বে চিকিৎসালয়খনত দুখীয়া ৰোগীয়ে ৮টাকৈ ব্যয় বহুল কেম’ বিনামূলীয়াকৈ লাভ কৰিছিল৷ কিন্তু চৰকাৰী বিনামূলীয়া কেম’ৰ যোগান বন্ধ কৰি দিয়াত এতিয়াৰে পৰা ৰোগীয়ে ৫০ হাজাৰো অধিক ধন ভৰি কেম’ ল’ব লাগিব৷ এক কথাত ৰোগীক এতিয়া যেন কেকোঁৰা চেপা দিছে হাস্পতাল কতৃৰ্পক্ষই৷ চিকিৎকালয় কতৃৰ্পক্ষই জানিবলৈ দিয়া অনুসৰি পূৰ্বে ৰোগীৰ পঞ্জীয়নৰ বাবদ মাচুল ১০০ টকা লোৱা হৈছিল যদিও এতিয়া পঞ্জীয়ন মাচুল ৩৬০ টকালৈ বৃদ্ধি কৰা হৈছে৷ অৰ্থাৎ এতিয়াৰে ৰোগীৰ পৰা কৰ্কট প্ৰতিষ্ঠানখনে অতি কৌশলপূৰ্ণভাৱে ৰোগীৰ নাম পঞ্জীয়নৰ অচিলাৰে চিকিৎসকৰ মাচুলো সংগ্ৰহ কৰিব৷ পূৰ্বে জেনেৰেল বিছনাৰ মাচুল ২০০ টকা আছিল যদিও এতিয়া জেনেৰেল বিছনাৰ মাচুল ১,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে৷ একেদৰে এদিনৰ আই চি ইউৰ মাচুলৰ ১,৫০০ টকাৰ পৰা বৰ্তমান ৪,০০০ টকালৈ বৃদ্ধি কৰিছে৷ তদুপৰি ছিংগল কেবিনৰ মাচুল ৩,০০০ টকাৰ পৰা ৪,৫০০ টকালৈ বৃদ্ধি কৰাৰ সমান্তৰালভাৱে শ্বেয়াৰিং কেবিনৰ মাচুলো পূৰ্বৰ ২,০০০ টকাৰ পৰা বৰ্তমান ৩,০০০ টকালৈ বৃদ্ধি কৰিছে৷
আচৰ্যজনকভাৱে ব্যক্তিগত হাস্পতালৰ দৰেই এতিয়া ৰোগী ভৰ্তি হ’লে ছিকিউৰিটী মাচুল অৰ্থাৎ আমানত ধনৰ পৰিমাণো বৃদ্ধি কৰিছে৷ নতুন নিৰিখ অনুসৰি ৰোগীৰ ভৰ্তিৰ সময়ত আগধন হিচাপে আদায় দি লাগিব ১০,০০০ টকা৷ চিটি স্কেনৰ মাচুল ৪,৫০০ টকাৰ পৰা ৬,৫০০ টকা আৰু তেজৰ নমুনা পৰীক্ষাৰ পূৰ্বৰ ১,২০০ টকীয়া পেকেজৰ মাচুলো ২,৪০০ টকালৈ বৃদ্ধি কৰিছে৷ অৱশ্যে সোমবাৰৰে পৰা এই নতুন নিৰিখৰ মাচুল কাৰ্যকৰী কৰা হৈছে যদিও দুমাহ পুৰণি ৰোগীক পূৰ্বৰ নিৰিখতে চিকিৎসা প্ৰদান কৰা হ’ব বুলিও কৰ্কট প্ৰতিষ্ঠানখনৰ কতৃৰ্পক্ষই জানিবলৈ দিছে৷ কতৃৰ্পক্ষই লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পৰা পূৰ্বে লাভ কৰি অহা কেম’ৰ যোগান বন্ধ কৰি দিয়াৰ বাবেই বৰ্তমান বিনামূলীয়া কেম’ৰ সুবিধা বন্ধ কৰি দিয়া বুলিও জানিবলৈ দিছে৷ উল্লেখ্য, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্বনে কৰ্কট প্ৰতিষ্ঠানখনৰ পৰিচালনাৰ সমগ্ৰ দায়িত্ব টাটা ট্ৰাষ্টলৈ হস্তান্তৰ কৰাৰ পৰিণতিতে হাস্পতাল কতৃৰ্পক্ষই নিজৰ ইচ্ছা মতে মাচুল বৃদ্ধি কৰা বুলিও অভিযোগ উঠিছে৷ কৰ্কটৰ সৈতে যুঁজ দি ভাগৰি পৰা দুখীয়া ৰোগীয়ে বিনামূলীয়া তথা ৰেহাই মূল্যত চিকিৎসা সেৱা বিচাৰি ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানলৈ বহু আশা লৈ আহে যদিও এতিয়া ব্যক্তিগত হাস্পতালৰ দৰে মাচুল ভৰিবলগীয়া হোৱাত স্বাভাৱিকতেই ৰোগী আৰু ৰোগীৰ অভিভাৱকসকল বিবুধিত পৰিবলগীয়া হৈছে৷