Logo
image

সংগীতে শান্তি আনে, সাহস দিয়ে

'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ   ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট কণ্ঠশিল্পী তথা প্ৰথিতযশা সংগীত পৰিচালক তৰালি শৰ্মাক মঙলবাৰে প্ৰদান কৰা হয় ‘ভাস্কৰৰত্ন বঁটা’৷ নলবাৰীস্থিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত বিগত বৰ্ষৰ পৰা প্ৰদান কৰি অহা এই বঁটা এইবেলি বিশিষ্ট সংগীতশিল্পীগৰাকীক প্ৰদান কৰা হয়৷ এই উপলক্ষে মঙলবাৰে অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তৰালি শৰ্মাক ‘ভাস্কৰৰত্ন’ বঁটা প্ৰদান কৰে ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক তথা সাহিত্য অকাদেমি বঁটাপ্ৰাপক গল্পকাৰ  মনোজ কুমাৰ গোস্বামীয়ে৷ তৰালি শৰ্মাক বঁটা প্ৰদান কৰি দিয়া ভাষণত বিশিষ্ট সাংবাদিক-সাহিত্যিকগৰাকীয়ে কয়– ‘আজি এনে এগৰাকী ব্যক্তিক বঁটা দিয়াৰ সৌভাগ্য মোৰ হৈছে, যিগৰাকী কেৱল শিল্পী বা সুৰস্ৰষ্টা নহয়, তেওঁ এগৰাকী সুৰ সাধক৷ তৰালি শৰ্মাই দীৰ্ঘদিন অসমীয়া সংগীতলৈ বিভিন্ন ধৰণে অৰিহণা যোগাই আহিছে৷ গতিকে তেনে এগৰাকী ব্যক্তিক বঁটা দিবলৈ পাই মই খুব আনন্দিত হৈছোঁ, কৃতাৰ্থ হৈছোঁ৷ তৰালি শৰ্মাক অভিনন্দন জনাইছোঁ৷ তৰালি শৰ্মাৰ বহু জনপ্ৰিয় গান আছে৷ শিল্পীগৰাকীৰ যি সাধনা বা চৰ্চা সেয়া অনুধাৱন কৰিব লাগিব৷ বৰগীত যদি কোনোবাই ভুলকৈ গায় বা ঘোষাৰ শব্দ ভুল কৰে, মোৰ কাণত লাগি যায়৷ বাঁহীৰ মাত শুনিলেই অসমীয়া মানুহৰ মূৰ ঘূৰাই যায় বুলি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল৷ এতিয়া কিন্তু অসমীয়া মানুহৰ সংগীতবোধ বা নান্দনিকবোধৰ উত্তৰণ ঘটিছে৷ তাৰ বাবে তৰালি শৰ্মাৰ দৰে শিল্পীসকলক কৃতিত্ব দিব লাগিব৷ লক্ষ্য গুৰুত্বপূৰ্ণ নহয়, লক্ষ্যত উপনীত হোৱাৰ যিটো পথ– সেইটোহে গুৰুত্বপূৰ্ণ৷ তৰালি শৰ্মাই ২০০৩ চনতে ৰাষ্ট্ৰীয় বঁটা পাইছে৷ কিন্তু এতিয়াও তেওঁ লাগি আছে৷ সাধনা কৰি আছে, চৰ্চা কৰি আছে৷ গতিকে Journey is more important than destination৷ ড॰ ভূপেন হাজৰিকা, খগেন মহন্ত, প্ৰভাত শৰ্মাৰ পৰা আৰম্ভ কৰি জুবিন, পাপনলৈকে যি পৰিক্ৰমা, সেইটো কিন্তু চৰ্চা বা সাধনাৰ অবিহনে সম্ভৱ হ’ব নোৱাৰে৷


অসমত সংগীতৰ অফুৰন্ত ভাণ্ডাৰ আছে৷ বৰগীতৰ পৰা বিহুলৈ– লোকসংগীতৰ পৰা জনজাতীয় সুৰলৈ৷ এই সংগীতৰ ভাণ্ডাৰৰ পৰা কিমান সুন্দৰ সংগীতৰ সৃষ্টি কৰিব পাৰি, সেয়া ভূপেন হাজৰিকা, খগেন মহন্তই দেখুৱাই গৈছে৷ তৰালি শৰ্মাই সুৰৰ সাধনা কৰিছে, সুৰ সৃষ্টি কৰিছে৷ শব্দ আমি বৰ বেছি অনুধাৱন নকৰোঁ৷ সদায় সুৰ গুৰুত্বপূৰ্ণ৷ তৰালি শৰ্মাক দিয়া ‘ভাস্কৰৰত্ন’ বঁটাই অকল তৰালি শৰ্মাকেই নহয়– বিভিন্ন শিল্পীক, বিভিন্ন উদীয়মান গায়ক-গায়িকাক ভাল সংগীত চৰ্চা কৰিবলৈ উৎসাহ যোগাব, অনুপ্ৰেৰণা যোগাব৷ সংস্কৃত ভাষা দিৱস ইৰানৰ দূতাৱাসতো উদ্‌যাপন কৰিছে, যিটো হয়তো আমি গুৱাহাটীত কৰা নাই বা অন্য ঠাইত কৰা নাই৷ সংস্কৃত ভাষাই আকৌ জনপ্ৰিয়তা লাভ কৰিব বুলি মই ভাবোঁ৷’ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি অৰিন্দম শৰ্মাই আদৰণি ভাষণ দিয়া অনুষ্ঠানটো উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰ!াদ আৰ যোশীয়ে৷ উল্লেখ্য, তৰালি শৰ্মাক প্ৰদান কৰা ‘ভাস্কৰৰত্ন’ বঁটাত আছে ফুলাম গামোচা, জাপি, হাতে বোৱা চেলেং, শৰাই, শিল্পীগৰাকীৰ প্ৰতিচ্ছবিসম্বলিত স্মাৰক, গছপুলি আৰু প্ৰশস্তি-পত্ৰ৷ ইফালে, মনোজ কুমাৰ গোস্বামীৰ পৰা ‘ভাস্কৰৰত্ন’ বঁটা গ্ৰহণ কৰি বিশিষ্ট সংগীতশিল্পী তৰালি শৰ্মাই সকলোকে ধন্যবাদ-কৃতজ্ঞতা জনাই কয়– ‘এনে ধৰণৰ বঁটা-বাহনে মোৰ দায়িত্ব আৰু বৃদ্ধি কৰিলে৷ এই বঁটা দি উদ্যোক্তাসকলে তৰালি শৰ্মাক আকৌ এবাৰ সজীৱ কৰি তুলিলে৷ সংগীতে শান্তি আনে, সাহস দিয়ে৷ সংগীতৰ জৰিয়তে একতাৰ বান্ধোন নিকপকপীয়া হয়৷ অসমৰ লোকসংগীতৰ ধাৰা বৰ বিশাল৷’ সংস্কৃত ভাষাৰ গুৰুত্ব সম্পৰ্কে বিশেষভাৱে উল্লেখ কৰি বিশিষ্ট কণ্ঠশিল্পীগৰাকী ভাষণৰ মাজে মাজে কেইবাটাও গীতৰ কলি আওৰাই সকলোকে আপ্লুত কৰে৷ হূদয়পৰশা অনুষ্ঠানটোৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বিকাশ ভাৰ্গৱ শৰ্মাই৷ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ নিয়ন্ত্ৰক ড॰ ৰঞ্জিত কুমাৰ তিৱাৰী, ভাৰপ্ৰাপ্ত শৈক্ষিক পঞ্জীয়ক ড॰ জ্যোতিৰাজ পাঠক, ছাত্ৰ পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ ড॰  মল্লিকা কলিতাৰ উপৰি বিশ্ববিদ্যালয়ৰ বহুসংখ্যক অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷