
ট্ৰাম্পৰ ভাৰত ভ্ৰমণ বাতিল
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩১ আগষ্টঃ এই শৰতত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰিবলগীয়া ভাৰত ভ্ৰমণ বাতিল কৰিছে৷ ‘দ্য নিউয়ৰ্ক টাইমছে’ ট্ৰাম্প প্ৰশাসনৰ ভ্ৰমণসূচী নিৰ্ধাৰণ কৰা হোৱাইট হাউছৰ বিষয়াক উদ্ধৃত কৰি এই খবৰ প্ৰকাশ কৰিছে৷ নতুন দিল্লীত হ’বলগীয়া ‘কোৱাড’ শীৰ্ষ সন্মিলনত ড’নাল্ড ট্ৰাম্পে অংশগ্ৰহণ কৰিব বুলি পূৰ্বে সন্মতি জনাইছিল৷ ‘কোৱাড’ হৈছে আমেৰিকা, ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়াৰ দ্বাৰা গঠিত এক গোষ্ঠী, যি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল মুক্ত ৰখাৰ দিশত একেলগে কাম কৰে৷ ‘কোৱাড’ৰ এইবাৰৰ শীৰ্ষ সন্মিলন শৰতত নতুন দিল্লীত অনুষ্ঠিত হ’ব৷ সেই বৈঠকত ড’নাল্ড ট্ৰাম্পে অংশগ্ৰহণ কৰাৰ পূৰ্বৰ সিদ্ধান্ত বাতিল কৰিছে৷
নিউয়ৰ্ক টাইমছ সংবাদপত্ৰই ‘দ্য নোবেল প্ৰাইজ এণ্ড এ টেষ্টী ফোন কলঃ হাউ দ্য ট্ৰাম্প-মোদী ৰিলেচনশ্বিপ আনৰেভেলড’ শীৰ্ষক এটা বাতৰিত মোদী-ট্ৰাম্পৰ তিক্ত হৈ পৰা সম্পৰ্ক ব্যাখ্যা কৰিছে আৰু ট্ৰাম্পে ভাৰত ভ্ৰমণ বাতিল কৰা বুলি জনাইছে৷ ট্ৰাম্পে ভাৰত-পাকিস্তানৰ শেহতীয়া সংঘাত তেওঁ বন্ধ কৰা বুলি শান্তিৰ নোবেল বঁটাৰ আশাত ৰাজহুৱাভাৱে কৰা দাবী ভাৰতে মুকলি সমৰ্থন নজনোৱাৰ বাবেই ট্ৰাম্প মোদীৰ ওপৰত খৰ্গহস্ত হৈ পৰা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ অৱশ্যে ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত ট্ৰাম্পৰ মধ্যস্থতা থকাৰ দাবীৰ সত্যতা নোহোৱা বুলি সংবাদপত্ৰখনে লিখা নাই৷ ট্ৰাম্পৰ দাবী মোদীয়ে বা মোদী চৰকাৰে ৰাজহুৱাভাৱে স্বীকাৰ নকৰাৰ বাবেহে ট্ৰাম্প অসন্তুষ্ট বুলি কোৱা হৈছে আৰু মুলতঃ এই খঙৰ বাবেই ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্কৰ শাস্তি আৰোপ কৰিছে৷ নতুন দিল্লী ট্ৰাম্পৰ এই দাবী সন্দৰ্ভত কেইবাদিনো নীৰৱ থাকি বিষয়টো ৰহস্যময় কৰি তুলিছিল৷ ভাৰত-পাক সম্পৰ্কত দেশৰ নীতি ভংগ কৰি কেনেকৈ তৃতীয় পক্ষই প্ৰৱেশ কৰিলে বুলি কংগ্ৰেছ দলে প্ৰশ্ন কৰাতহে বৈদেশিক মন্ত্ৰণালয়ে ট্ৰাম্প বা তৃতীয় পক্ষৰ মধ্যস্থতা অস্বীকাৰ কৰে৷ আনহাতে কোনো দেশে এই ক্ষেত্ৰত মধ্যস্থতা কৰা নাই বুলি মোদীয়ে সদনত ক’লেও তেওঁ কিন্তু ট্ৰাম্প বা আমেৰিকাৰ নাম উচ্ছাৰণ কৰা নাই৷
ইপিনে ড’নাল্ড ট্ৰাম্পে ইউৰোপৰ সকলো বন্ধু ৰাষ্ট্ৰক ভাৰতৰ পৰা পৰিশোধিত ৰাছিয়াৰ তেল ক্ৰয় নকৰিবলৈ আহ্বান জনোৱাৰ লগতে আমেৰিকাৰ আৰ্হিত ভাৰতীয় ১৫ানি পণ্যত অধিক শুল্ক আৰোপ কৰাৰ বাবে তীব্ৰ হেঁচা দিছে৷