Logo
image

প্ৰবাসী অসমীয়াৰ প্ৰাইভেট পাৰ্টী এটাৰ শেষত সাগৰত সাঁতুৰিবলৈ গৈ ৰহস্যমৃত্যু

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ ছেপ্টেম্বৰঃ  ‘এই মায়াৰ ধৰাত, দুদিন মাথোঁ থাকিবা তুমি, জীৱন গ’লেই গ’ল, নিবলে একোকে নেপাবা তুমি...’৷ নিজেই এটা সংগীতৰ মায়াময় যুগৰ সৃষ্টি কৰি নিজে গোৱা গীতৰ দৰেই ‘মায়াৰ ধৰাত’ ‘দুদিন মাথোঁ থাকি’ ‘নিৰলে’ গুছি গ’লগৈ জুবিন গাৰ্গ৷ অসমৰ অযুত অনুৰাগীৰ হৃদয়ত সুৰৰ ঝংকাৰ আৰু গীতৰ ছিম্ফনীৰে স্পন্দন তুলি ছিংগাপুৰৰ অচিন দক্ষিণ চীন সাগৰৰ জলৰাশিত বিলীন হৈ গ’ল অসমীয়াৰ প্ৰাণৰ আটাইতকৈ কাষৰ জুবিন গাৰ্গ৷ যিদৰে এদিন নিজেই গাইছিল ‘আকাশে গাতে ল’বৰে মন, সাগৰতলীত শুবৰে মন...’, ঠিক নিজে কোৱাৰ দৰেই ছিংগাপুৰ প্ৰণালীৰ সাগৰ তলিত চিৰদিনলৈ শুই পৰিল জুবিন গাৰ্গ আৰু  লগে লগে সমাপ্তি ঘটিল নিজেই সৃষ্টি কৰা সংগীতৰ যুগটোৰ প্ৰাণস্পন্দন৷

গৃহভূমিৰ পৰা বহু দূৰৈত অসমীয়াৰ হৃদস্পন্দন জুবিন গাৰ্গৰ এই চিৰবিদায়ে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে৷ শ্যামকানু মহন্ত নামৰ এজন অসমীয়া উদ্যমীয়ে ছিংগাপুৰত আয়োজন কৰা ‘নৰ্থ ইষ্ট ফেষ্টিভেল’ত সংগীত পৰিৱেশন কৰিবলৈ গৈ অকালতে হেৰাই যোৱা জুবিন গাৰ্গৰ কি পৰিস্থিতিত দেহাৱসান ঘটিল, সেয়া এতিয়া ৰাজ্যবাসীৰ বাবেই নহয়, সমগ্ৰ দেশৰ লক্ষ লক্ষ অনুৰাগীৰ বাবেই বিৰাট ৰহস্য হৈ পৰিছে৷ বিয়লিৰ পৰা সন্ধিয়ালৈকে জুবিনৰ দেহাৱসানক লৈ মুহূৰ্তে মুহূৰ্তে সৃষ্টি হৈছে ইটোৰ পাছত সিটো থিয়’ৰী, আকাশে-বতাহে উৰিছে অসংখ্য জনৰৱ৷

প্ৰথমেই খবৰ ওলাইছিল, পেৰাগ্লাইডিং অথবা স্কুবা ডাইভিং কৰিবলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত হৈ দেহাৱসান ঘটিল জুবিন গাৰ্গৰ৷ কিন্তু সেই তথ্য বা সেই খবৰ সত্য নহয় বুলি দাবী কৰিছে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই৷ এটা প্ৰাইভেট পাৰ্টীত ভাগ ল’বলৈ গৈ অকাল মৃত্যুক সাবতি ল’লে অসমীয়াৰ প্ৰাণস্পন্দন জুবিন গাৰ্গে৷

তন্ময় ফুকন নামৰ ছিংগাপুৰত থকা এজন প্ৰবাসী অসমীয়াই আয়োজন কৰা সমুদ্ৰৰ মাজৰ এটা সৰু দ্বীপৰ পাৰ্টীত ভাগ ল’বলৈ গৈয়েই অতি ৰহস্যজনক পৰিস্থিতিত জীৱন নাট সামৰিলে জুবিন গাৰ্গে৷ জুবিন গাৰ্গক অতিথি হিচাপে লৈ সেই সমুদ্ৰ পাৰ্টী হৈছিল শুকুৰবাৰে দুপৰীয়া এখন ‘য়াট’ত [YACHT]৷ প্ৰায় ৩৫জন ব্যক্তি বহিব পৰা এবিধ বিলাসী নৌকাই হৈছে এই য়াট৷ ছিংগাপুৰৰ গাতে লাগি থকা দক্ষিণ চীন সমুদ্ৰৰ পৰা ছিংগাপুৰ প্ৰণালী হৈ প্ৰায় আধা ঘণ্টাৰ সমুদ্ৰ যাত্ৰাৰে উপস্থিত হয়গৈ ছেইণ্ট জ’নছ নামৰ ক্ষুদ্ৰ দ্বীপত৷ ছিংগাপুৰৰ ‘ছাউডাৰ্ন আইলেণ্ড’ৰ অন্তৰ্গত ছেইণ্ট জ’নছেই এই প্ৰাইভেট পাৰ্টীৰ লক্ষ্য স্থান আছিল৷ গান-বাজানা, ফুৰ্টি, খাদ্য-পানীয়–সকলো উপভোগ কৰি ১০জনমান ব্যক্তি ‘ক্ৰেজি মাংকি’ নামৰ ট্ৰেভেল কোম্পানীটোৰ বিলাসী য়াটখনত উঠি দ্বীপটোত উপস্থিত হৈছিল৷ দ্বীপটোৰ পাৰত নিৰ্দিষ্ট স্থানত য়াটখন ৰখালৈকে কোনো অঘটন ঘটা নাছিল৷ সকলোৱে নিয়ম পালন কৰি লাইফ জেকেট পৰিধান কৰিয়েই এই আধা ঘণ্টীয়া সমুদ্ৰ যাত্ৰা কৰিছিল৷ সদা ফুৰ্তিবাজ জুবিন গাৰ্গে যাত্ৰাকালত কেইবাটাও গীতো পৰিৱেশন কৰিছিল৷ য়াটখন ছেইণ্ট জ’নছ দ্বীপত ‘ডকিং’ কৰাৰ পাছত আনন্দ-স্ফূৰ্তিৰ মাজত সাঁতুৰি-নাদুৰি থাকোঁতে হঠাতে জুবিন নোহোৱা হৈ পৰিল৷ জুবিন ক’ত গ’ল বুলি পাৰ্টীৰ আয়োজসকলে বিচাৰ-খোঁচাৰ কৰাত হঠাত জুবিনক সমুদ্ৰৰ পানীত পৰি থকা অৱস্থাত দেখে সকলোৱে৷ ইয়াৰ পূৰ্বে জুবিনে য়াটৰ পৰা সাগৰৰ পানীলৈ জঁপিয়াই পৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ সেই ভিডিঅ’ত জুবিনে স্বাভাৱিকভাৱে সাঁতুৰি পুনৰ য়াটলৈ উভতি আহিছে৷ সেই সময়ত জুবিনে লাইফ জেকেট পৰিধান কৰি আছিল৷ সেই সময়ত জুবিন গাৰ্গ অচেতন অৱস্থাত আছিল বুলি জানিব পৰা হৈছে৷ লগে লগে জুবিনক পানীৰ পৰা তুলি য়াটলৈ অনা হয়৷ তেতিয়া তেওঁৰ শ্বাস-প্ৰশ্বাস তেনেই ক্ষীণ আছিল আছিল আৰু ‘পালছ’ তেনেই নেহোৱাৰ দৰে আছিল৷ তাৎক্ষণিকভাৱে পাৰ্টীৰ আয়োজকসকলে ছিংগাপুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰে আৰু গুৰুতৰভাৱে অসুস্থ জুবিনক আৰক্ষীৰ সহযোগত ছিংগাপুৰ জেনেৰেল হাস্পতাললৈ লৈ অনা হয়৷ হাস্পতালত জুবিনক বুকুত হেঁচি চিকিৎসকে দীৰ্ঘ সময় ‘চিপিআৰ’ দি হৃদস্পন্দন ঘূৰাই আনিবলৈ চেষ্টা চলালেও সেয়া আৰু সম্ভৱ হৈ নুঠিল৷ ভাৰতীয় সময় অনুসৰি ২.৪৫ বজাত ছিংগাপুৰ জেনেৰেল হাস্পতালৰ চিকিৎসকে জুবিনক মৃত বুলি ঘোষণা কৰে৷

যদিও ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ ভাষ্য অনুসৰি জুবিন আকষ্মিকভাৱে পানীত পৰি অথবা সাঁতুৰিবলৈ গৈ মৃত্যুমুখত পৰিছে, ছিংগাপুৰৰ ‘দ্য ষ্ট্ৰেইট টাইমছ’ নামৰ সংবাদপত্ৰই ‘স্কুবা ডাইভিঙ’ৰ ফলত জুবিন গাৰ্গ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সম্ভাৱনাও নাকচ কৰা নাই৷ ‘দ্য ষ্টেইট টাইমছ’ সংবাদপত্ৰই ছিংগাপুৰ আৰক্ষীক উদ্ধৃত কৰি জনাইছে যে, স্থানীয় সময় অনুসৰি বিয়লি ৩.৩০ বজাত তেওঁলোকৰ সৈতে ছেইণ্ট জ’নছ দ্বীপৰ পৰা যোগাযোগ কৰি এই ঘটনাটোৰ বিষয়ে জনাইছিল৷

ছিংগাপুৰত প্ৰায় একদশক ধৰি থকা এজন প্ৰবাসী অসমীয়াই জনোৱা অনুসৰি তন্ময় ফুকন নামৰ প্ৰবাসী অসমীয়াজনে এই প্ৰাইভেট পাৰ্টীটো আয়োজন কৰিছিল৷ বৃহস্পতিবাৰে নিশা জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থৰ সৈতে আলোচনা কৰি তন্ময় ফুকনে জুবিনৰ পৰা পাৰ্টীত ভাগ লোৱাৰ সন্মতি আদায় কৰে৷ নাম প্ৰকাশত অনিচ্ছুক প্ৰবাসী অসমীয়াজনে কয় যে, তেওঁকো সেই প্ৰাইভেট পাৰ্টীলৈ নিমন্ত্ৰণ জনোৱা হৈছিল৷ কিন্তু শেষ মুহূৰ্তত তেওঁ ‘নৰ্থ ইষ্ট ফেষ্টিভেল’ৰ আয়োজনত ব্যস্ত হ’বলগীয়া হোৱাৰ বাবে প্ৰাইভেট পাৰ্টীলৈ যোৱাৰ সিদ্ধান্ত ত্যাগ কৰে৷ সেই পাৰ্টীত তন্ময় ফুকন, ছিংগাপুৰ অসম এছ’চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰ, সম্পদক দেৱজিৎ হাজৰিকাকে ধৰি জ্জ্বজন প্ৰবাসী অসমীয়া আছিল৷ তদুপৰি জুবিন, তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ আৰু আন এজন ব্যক্তিৰ সৈতে প্ৰাইভেট পাৰ্টীত ভাগ লৈছিল মুঠ ১১জন ব্যক্তিয়ে৷