
কণ্ঠত ৩০ সহস্ৰাধিক গান, ৪৪ চিনেমাৰ সংগীত পৰিচালনা, আধৰুৱা হৈ ৰ’ল বহু কাম
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ছেপ্টেম্বৰঃ ৩০ হাজাৰৰো অধিক গান দেশবাসীক উপহাৰ দি এটা যুগৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা জুবিন গাৰ্গে যেন সাগৰ তলিতে শুই পৰিল৷ ছিংগাপুৰত এটা অনুষ্ঠানত ভাগ ল’বলৈ যোৱা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে ছিংগাপুৰতে শুকুৰবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে৷ ৪০টা ভাষাত ৩২ হাজাৰৰো অধিক গীতত কণ্ঠদান কৰা জুবিন গাৰ্গে ৪৪খনৰো অধিক ছবিৰ সংগীত পৰিচালনা কৰিছিল৷ বিভিন্ন ভাষাৰ প্ৰায় চাৰি কুৰি চিনেমা আৰু তথ্যচিত্ৰৰ সংগীত আৰু অভিনয়ৰ সৈতে জড়িত আছিল জুবিন গাৰ্গ৷ জুবিন গাৰ্গৰ পৰিকল্পনা আছিল আৰু বহুকেইখন ছবিৰ৷ আধৰুৱা হৈ ৰ’ল তেওঁৰ বহু কাম৷ ‘ৰৈ ৰৈ বিনালে’ নামৰ অসমীয়া ছবিখনৰ কাম প্ৰায় শেষ হৈছে যদিও জুবিন গাৰ্গৰ সপোনৰ ছবি ‘জুলু’ৰ সপোন আধৰুৱা হৈয়েই ৰ’ল৷ কেইবাটাও বিষয়ৰ গীতৰ সৃষ্টি সম্পূৰ্ণ নহ’ল জুবিন গাৰ্গৰ৷ ২০০০ চনত হিয়া দিয়া নিয়া ছবিৰে আৰম্ভ হয় ছবিৰ সংগীত পৰিচালনা তাৰ পাছৰ পৰা ক্ৰমে তুমি মোৰ মাথোঁ মোৰ, মৰমে মৰম জানে, দাগ, শেষ উপহাৰ, নায়ক, প্ৰেম আৰু প্ৰেম, কন্যাদান, জোনাকী মন, জীৱন নদীৰ দুটি পাৰ, অগ্নিসাক্ষী, প্ৰিয়া মিলন, বিধাতা, জুমন সুমন, বাৰুদ, ৰং, দীনবন্ধু, অধিনায়ক, আমি অসমীয়া, মন যায়, এখন নেদেখা নদীৰ সিপাৰে, ৰ’দৰ চিঠি, গানে কি আনে, অন্তৰীন, মিছন ছাইনা, প্ৰিয়াৰ প্ৰিপ্ৰয়, দা আণ্ডাৰ ৱল্ডৰ্, কাঞ্চনজংঘা, ৰত্নাকৰ, ড॰ বেজবৰুৱা, দ্য শ্লেমবুক, ৰাঘৱ, চিকাৰ, ভাইমনদা, যুদ্ধ, হোমৱৰ্ক, ৰৈ ৰৈ বিনালে, মধু তুমি, মন নায়ে, কেছে আছে তুলি হেণ্ড আৰু ছামছাৰা, টিংছ, দিল দিৱানা, হোমৱৰ্ক [হিন্দী]৷ তেওঁৰ প্ৰথমখন গীতৰ এলবাম আছিল অনামিকা৷ ১৯৯২ চনত নিৰ্মাণ কৰা গীতৰ এলবামটোতে তেওঁৰ অসমৰ সংগীতপ্ৰেমীৰ পৰা লাভ কৰিছিল চমকপ্ৰদ সঁহাৰি৷ হৈ পৰিছিল অসমৰ শ্ৰোতা সমাজৰ হিয়াৰ আমঠু৷ শাৰদীয় বতৰত মুক্তি লাভ কৰিছিল অনামিকাই৷ দুৰ্গা পূজাৰ যষ্ঠীৰ দিনা মুক্তি পোৱা কেছেটটোৰ জৰিয়তে দশমীৰ বিসৰ্জন নৌহওঁতেই জুবিন গাৰ্গ সমগ্ৰ অসমৰ গুণগ্ৰাহী শ্ৰোতাৰ নয়নৰ মণি হৈ পৰিল৷ ‘অনামিকা’ ছুপাৰ হিট হ’ল৷ জুবিন গাৰ্গে গঢ়িলে অসমীয়া সংগীতৰ নতুন এটা ধাৰা৷ তেওঁৰ মায়া, পাকিজা, ইয়া আলী আজিও শ্ৰোতাৰ মুখে মুখে৷ তেওঁৰ প্ৰতিটো বিষয়ৰে জ্ঞান বহু গভীৰ৷ বিখ্যাত উপন্যাস এখনৰ পৰা বিখ্যাত গীটাৰিষ্ট জনলৈকে.... এটা গান শুনি সেয়া লাগিলে নিজৰ ভাষাৰ গীতেই হওক বা অন্য ভাষাৰ গীতেই হওক সেই গীতটোৰ সুৰ খুব কম সময়তে জুবিনে আয়ত্ত কৰি ল’ব পাৰিছিল৷ এবাৰ জোনালীত থকা ডি জি মিউজিক ষ্টুডিঅ’ত মিচিং জনগোষ্ঠীৰ ‘পানৈ-জংকী’ নামৰ চিনেমাখনৰ গীতৰ কাম চলি আছিল৷ ছবিখনৰ গীত গাবৰ বাবে প্ৰযোজকে জুবিনকো মাতিছিল৷ মিচিং ভাষাটো আয়ত্ত কৰি সেই ভাষাত গীত গোৱাটো যথেষ্ট কঠিন আছিল আৰু জুবিনৰ গীতটো শিকাবলৈ আমাৰ ষ্টুডিঅ’ত বহুকেইজন মিচিং শিল্পী উপস্থিত আছিল, যিহেতু এই গীতটো আছিল জুবিনৰ কণ্ঠৰ প্ৰথম মিচিং গীত৷ জুবিনে গীতটো শুনি অতি কম সময়ৰ ভিতৰতে আয়ত্ত কৰি ইমান সুন্দৰকৈ গীতটো গালে যে তেতিয়া ষ্টুডিঅ’ৰ কণ্ট্ৰল ৰুমত উপস্থিত থকা মিচিং শিল্পীকেইজনে আনন্দতে কান্দি দিছিল৷ পৰৱৰ্তী সময়ত জুবিনে বহু ভাষাত গীত গাইছে– ৰাভা, বড়ো, কাৰ্বি, অৰুণাচলী, মণিপুৰী, নেপালী, পাঞ্জাৱী, তেলুগু, তামিল, বেংগলী, কৰ্ণাটকীকে আদি কৰি অসমীয়া লোক-সংস্কৃতিৰ প্ৰায়বিলাক গীতেই গাইছে৷ নাগাৰা নাম, বৰগীত, টোকাৰী গীত, দিহানাম, হোলীগীত, গোৱালপৰীয়া, কামৰূপীয়া, বিহুগীত ইত্যাদি সকলো গীতেই জুবিনে গাইছে৷ এটা অসমীয়া গীত গাবৰ বাবে তেওঁক যিমান সময় লাগে বেলেগ এটা ভাষাৰ গীত গাবলৈ তাতকৈ অলপহে বেছি সময় লাগিছিল৷ আচলতে গীত এটা আয়ত্ত কৰি ল’ব পৰা গুণ শিল্পী হিচাপে জুবিনৰ অসীম৷ অভিনেতা, পৰিচালক, সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, গায়ক সকলো ৰূপতেইতো তেওঁ উচ্ছ আসন একোখন দখল কৰি ল’বলৈ সক্ষম হৈছে৷ তেওঁ অসমীয়া সাহিত্যৰ জগতখনত এজন ‘কবি’ হিচাপেও আত্মপ্ৰকাশ কৰিছিল আৰু এই ৰূপতো তেওঁ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ ২০০৬-০৭ বৰ্ষত তেওঁৰ অন্যতম হিট ‘য়া আলি’ৰ বাবে আন্তঃৰাষ্ট্ৰীয় সন্মানো [Global Indian Film Award] কঢ়িয়াই আনিছিল আৰু লাভ কৰিছিল ‘বলীউড’ৰ 'Stardust Award' ৰ দৰে সন্মানীয় পুৰস্কাৰ৷ কলকাতাৰ ছবি জগতে একেৰাহে দুবাৰ তেওঁলৈ আগবঢ়াইছিল Kalakar Awardৰ সন্মান আৰু বাংলা ছবি ‘শুধু তুমি’ৰ সংগীত পৰিচালনাৰ বাবে লাভ কৰিছিল বিখ্যাত Bengal Film Journalists Award ২০০৬ চনত৷ সংগীতৰ ক্ষেত্ৰখনৰ উপৰি জুবিনে ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘দীনবন্ধু’ নামৰ ছবিখনত অভিনয় কৰি প্ৰমাণ কৰিছিল যে তেওঁ এজন ভাল অভিনেতাও৷ ইয়াৰ পাছত এম মণিৰামৰ ‘মন যায়’ নামৰ ছবিখনৰ যোগেদি তেওঁ এজন প্ৰতিভাশালী অভিনেতা বলি নিজকে প্ৰমাণ কৰিলে৷ উল্লেখ্য এই ছবি দুখন ভাৰতীয় পেনোৰামালৈয়ো নিৰ্বাচিত হৈছে৷ আনহাতে, সংগীত সুধাৰে সকলোকে মোহাচ্ছন্ন কৰি ৰখা গায়ক জুবিনে তেওঁৰ প্ৰথমখিনি কবিতা পুথি ‘শব্দ অনুভূতি’ৰ যোগেদি নিজকে কবি হিচাপেও প্ৰতিষ্ঠা কৰিলে৷ উল্লেখ্য, দিনচেৰেক পূৰ্বে জুবিন গাৰ্গৰ প্ৰায় ৩৮ হাজাৰ গীতৰ এটি সংগ্ৰহালয় মুকলি কৰা হৈছিল৷