
এছআইটিয়ে উদ্ঘাটন কৰিব জুবিন-মৃত্যু ৰহস্য
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ ছেপ্টেম্বৰঃ অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ তদন্তকাৰী গোট অৰ্থাৎ এছ আই টি৷ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চিবিআইৰ দ্বাৰা তদন্তৰ দাবী উত্থাপন হোৱাত অৱশেষত বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালকপ্ৰধানক অসম আৰক্ষীৰ আটাইতকৈ ‘দক্ষ’ বিষয়াক অন্তৰ্ভুক্ত কৰি এছ আই টি গঠনৰ নিৰ্দেশ প্ৰদান কৰে৷ শ্যামকানু মহন্ত নামৰ এজন ব্যৱসায়ীয়ে চৰকাৰী অনুদান লৈ ছিংগাপুৰত আয়োজন কৰা নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ গৈ বিগত ১৯ ছেপ্টেম্বৰত ছেইণ্ট জন্ছ দ্বীপত অতি ৰহস্যজনক পৰিস্থিতিত মৃত্যুক সাৱটিছিল অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গে৷ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোক হত্যাৰ সন্দেহ কৰি ব্যৱসায়ী শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, প্ৰাগ চেনেলৰ মালিক সঞ্জীৱ নাৰায়ণ আৰু জুবিনৰ বাদ্যযন্ত্ৰী শিখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে ৰাজ্যৰ থানাই থানাই অনুৰাগীসকলে এজাহাৰ দাখিল কৰিছিল৷ জুবিনৰ মৃত্যুক লৈ প্ৰায় অৰ্ধশতাধিক এজাহাৰ দাখিল কৰাত মুখ্যমন্ত্ৰীয়ে শিল্পীজনৰ মৃত্যুৰ ঘটনাটোৰ চি আই ডিক তদন্তৰ নিৰ্দেশ দিছিল৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে চি আই ডিয়ে ১৮/২০২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে৷ বুধবাৰে চি আই ডিৰ ৪জনীয়া এটা দলে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ সন্ধানত দিল্লীলৈ ৰাওনা হৈছে৷ অৱশ্যে, জুবিনৰ মৃতদেহৰ লগতে দিল্লীলৈ অহা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই মেঘালয়ত আত্মগোপন কৰা বুলি চৰ্চা লাভ কৰিছে৷ কিন্তু ঘটনাৰ সময়ৰ আৰু তাৰ পাছত দুই সাক্ষী তথা অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু সঞ্জীৱ নাৰায়ণৰ শেহতীয়া ভাষ্যই শিল্পীজনৰ মৃত্যুৰ ঘটনাটোক অধিক ৰহস্যঘন কৰি তোলাত অৱশেষত মুখ্যমন্ত্ৰীয়ে এছ আই টি গঠন কৰি তদন্তৰ নিৰ্দেশ দিয়ে৷ বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ মৃত্যুৰ ঘটনাটোৰ তদন্তক লৈ আৰক্ষী সঞ্চালকপ্ৰধান, চি আই ডিৰ এডিজিপিৰ লগতে ৰাজ্যৰ মুখ্য সচিবৰ সৈতে এখন বৈঠকত মিলিত হয়৷ এই বৈঠকতে মুখ্যমন্ত্ৰী শৰ্মাই ডি জি পিক জুবিনৰ মৃত্যুৰ ঘটনাৰ নিৰপেক্ষ তদন্তৰ স্বাৰ্থত অসম আৰক্ষীৰ আটাইতকৈ দক্ষ বিষয়াক লগত লৈ এছ আই টি গঠনৰ নিৰ্দেশ দিয়ে৷ এই কথা টুইটযোগে ৰাজহুৱা কৰি মুখ্যমন্ত্ৰীয়ে পেছাদাৰী সততাৰে তদন্ত কৰাত এছ আই টিক সম্পূৰ্ণ স্বতন্ত্ৰতা প্ৰদান কৰিব বুলিও উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে, একাংশ লোকৰ দাবীৰ প্ৰতি সন্মান জনাই মঙলবাৰে জুবিন গাৰ্গৰ অন্তিম সাক্ষাৎকাৰৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দ্বিতীয়বাৰলৈ জুবিনৰ নশ্বৰদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছিল৷ জি এম চি এইচৰ ফৰেনছিক বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত গঠিত এটা বিশেষ চিকিৎসকৰ দলে জুবিনৰ মৰণোত্তৰ পৰীক্ষা কৰি ‘ভিছেৰা’ পৰীক্ষাৰো ব্যৱস্থা কৰে৷ জুবিনৰ ‘ভিছেৰা’ পৰীক্ষাৰ বাবে নতুন দিল্লীস্থ চেণ্ট্ৰেল ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰিব বুলিও বুধবাৰে দিছপুৰত অনুষ্ঠিত উচ্চস্তৰীয় বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অৱশ্যে, জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীৰ দক্ষ বিষয়াৰ নেতৃত্বত এছ আই টি গঠন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যদিও এখন বিদেশী ৰাষ্ট্ৰত সংঘটিত ঘটনাটোৰ অসম আৰক্ষীৰ তদন্তৰ সীমাবদ্ধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে অনুৰাগীসকলে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নাম প্ৰকাশত অনিচ্ছুক এজন জ্যেষ্ঠ অধিবক্তাই জানিবলৈ দিয়া অনুসৰি ছিংগাপুৰত সংঘটিত ঘটনাটোৰ অসম আৰক্ষীয়ে কোনো কাৰণতেই বিদেশী ৰাষ্ট্ৰখনত গৈ তদন্ত কৰিবলৈ নোৱাৰে৷ কিয়নো ছিংগাপুৰ-ইণ্ডিয়া মিউচুৱেল লিগেল এছিছটেন্স– ২০০৫ৰ অধীনত ভাৰত চৰকাৰৰ অনুমোদন মতে ছিংগাপুৰ পুলিচৰ সহযোগত কেৱল চি বি আয়েহে যিকোনো অপৰাধজনিত ঘটনাৰ তদন্ত কৰিব পাৰিব৷ কাৰণ ইণ্টাৰপলত চি বি আইহে ভাৰতবৰ্ষৰ একমাত্ৰ অনুসন্ধানকাৰী সংস্থা হিচাপে স্বীকৃতি দিয়া হৈছে৷ চি বি আই তদন্ত কৰিবলৈ বিদেশ মন্ত্ৰণালয়ৰ পৰা অনুমোদন ল’ব লাগিব৷ তদুপৰি চৰকাৰে বিদেশী ৰাষ্ট্ৰখনৰ বৈদেশিক মন্ত্ৰণালয়ৰ পৰাও অনুমতি ল’ব লাগিব৷ তেনেস্থলত অসম চৰকাৰে সমগ্ৰ বিষয়টো অৱগত হোৱাৰ পাছতো ছিংগাপুৰত হোৱা ঘটনাৰ তদন্তৰ ভাৰ চি বি আইক দায়িত্ব দিয়াৰ পৰিৱৰ্তে আৰক্ষীৰ দ্বাৰা তদন্ত ঘোষণা কৰাত চৰকাৰৰ সদিচ্ছাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে জুবিনৰ অনুৰাগীসকলে৷ ইফালে, মুখ্যমন্ত্ৰী নিৰ্দেশৰ পাছতে অসম আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক লৈ চি আই ডিত ভাৰতীয় ন্যায় সংহিতাৰ ৬১[২]/১০৫/১০৬[১] ধাৰাত ৰুজু হোৱা ১৮/২০২৫ নম্বৰৰ গোচৰটো তদন্তৰ বাবে চি আই ডিৰ এছডিজিপি মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্ব ৯জনীয়া এছ আই টি গঠন কৰে৷ এছ আই টিত এছএছপি ৰ’জি কলিতাক মুখ্য তদন্তকাৰী বিষয়া, এছএছপি মৰমী দাসক অতিৰিক্ত তদন্তকাৰী বিষয়া আৰু এছএছপি লৱ কুমাৰ ডেকা, চিডিএছপি তৰুণ গোৱেল, পৰিদৰ্শক ধ্ৰুৱজ্যোতি বৰা, পৰিদৰ্শক মুক্তাজুৰ ৰহমান, পৰিদৰ্শক কিষাণু পাঠক আৰু উপ-পৰিদৰ্শক গিৰীন্দ্ৰ কেওটক সহকাৰী তদন্তকাৰী বিষয়া হিচাপে দায়িত্ব দিয়া হৈছে৷