Logo
image

‘নাস্তিক’ৰ মৃত্যু ভগৱানৰ জন্ম

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ ছেপ্টেম্বৰঃ  ‘উইথ দ্য ডিমাইজ অৱ এন এথিষ্ট, এ গড ইজ বৰ্ন’– এজন ঘোষিত ‘নাস্তিক’ৰ মৃত্যুত এজন ভগৱানৰ জন্ম হ’ল৷ অসম আৰু অসমীয়াৰ প্ৰাণৰো প্ৰিয়  জুবিন গাৰ্গৰ কায়িক বিদায়ৰ পাছত তেওঁৰ গান, তেওঁৰ সত্তাৰেই অসমত জুবিন নামৰ এজন ভগৱানৰ জন্ম হ’ল৷ জুবিন গাৰ্গে কায়িকভাৱে বিদায় লোৱাৰ পাছত তেওঁক লৈ, তেওঁৰ সৃষ্টিক লৈ অসমীয়াৰ প্ৰাণত যি আবেগ জাগ্ৰত হৈছে সেয়া এজন ভগৱানক কৰা আৰাধনাতকৈ কোনোগুণে কম নহয়৷ মই কোনো জাতি, ধৰ্মত বিশ্বাস নকৰো– এনেকৈয়ে কৈছিল জুবিনে৷ অন্যাৰ্থত জুবিন গাৰ্গ ঘোষিত ‘নাস্তিক’ আছিল৷ অৱশ্যে তেওঁ আনৰ ধৰ্মাচৰণক বিৰোধো কৰা নাছিল, অসন্মানো কৰা নাছিল৷ কেৱল নিজে ধৰ্মাচৰণ কৰা নাছিল৷ কিন্তু জুবিন গাৰ্গৰ চিৰবিদায়ৰ পাছত যিদৰে অসমৰ প্ৰতিটো জাতি, সম্প্ৰদায়, প্ৰতিটো ধৰ্মৰ লোকে সকলো ভেদাভেদ-ঘৃণা, বিদ্বেষ পাহৰি একেলগ হৈ পৰিছে, সম্প্ৰীতিৰ যি অটুত বান্ধোন প্ৰকট কৰিছে– সেয়া এজন ভগৱানৰ বাবেহে সম্ভৱ৷ যেন সকলোৰে বাবে মৃত্যুৰ পাছত এজন ভগৱান হৈ আবিৰ্ভাৱ ঘটিছে জুবিন গাৰ্গৰ৷ 

এ গড ইজ বৰ্ন! মোৰ ওচৰতে যে এজন ভগৱান আছিল, সেয়া মই এতিয়াহে বুজিছোঁ– আজি জুবিনৰ বিদায়ৰ ছয় দিনৰ দিনা তেওঁৰ পত্নী গৰিমা গাৰ্গে এনেদৰেই অকপটভাৱে স্বীকাৰ কৰিলে স্বামীক নতুন ৰূপত আৱিষ্কাৰ কৰাৰ কথা৷ তেওঁ মানি ল’লে, জুবিন গাৰ্গ কাষত থাকোতে তেওঁ স্বামীৰ ভগৱানসদৃশ অমূল্য ভাৱমূৰ্তি উপলব্ধি কৰিব পৰা নাছিল৷ এতিয়া জাতি-ধৰ্ম-নিৰ্বিশেষে সকলোৱে যিদৰে জুবিন গাৰ্গক আৰাধনা কৰিছে, তাৰ ৰূপ দেখি গৰিমা গাৰ্গে মৰ্মে মৰ্মে উপলব্ধি কৰিছে, ইমান দিনে তেওঁৰ কাষতে এজন ভগৱান আছিল৷ 

এ গড ইজ বৰ্ন! সঁচাকৈ অসমত এজন ভগৱানৰ জন্ম হ’ল জুবিন গাৰ্গৰ চিৰবিদায়ত৷ জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বে প্ৰতিনিয়ত অসমত ধৰ্মৰ প্ৰতি, সম্প্ৰদায়ৰ প্ৰতি ঘৃণা৷ ৰাজনীতিকৰ মুখত ধৰ্মৰ প্ৰশ্ন, সংবাদ মেলত সাংবাদিকক নাম-উপাধি সুধি কোন ধৰ্মৰ সেয়া ‘বাহিৰ’ কৰি তাচ্ছিল্যসূচক মন্তব্য৷ ‘চিনাকী’, ‘অচিনাকী’ নামৰ নতুন শব্দবন্ধৰ আবিৰ্ভাৱ৷ ‘অমুক’ৰ ভোট নালাগে বুলি কোনো বিশেষ ধৰ্মৰ প্ৰতি স্পষ্ট ইংগিত৷ মুঠতে ‘হেট স্পিচ’, ধৰ্ম আৰু ৰাজনীতি অসমত একাকাৰ হৈ পৰিছিল৷ ভাবো-নাভাবোকৈ থাকিও অসমত ধৰ্ম আৰু তাক লৈ বিভাজনৰ চৰ্চা মুকলিভাৱে হৈছিল৷ কিন্তু জুবিন গাৰ্গৰ চিৰবিদায়ৰ পাছত সেই ধৰ্মীয় ঘৃণা, মেৰুবিভাজন হঠাতে কপূৰ্ৰৰ দৰে উৰি গ’ল৷ সকলো একগোট হ’ল৷ কি হিন্দু, কি খ্ৰীষ্টান, কি মুছলমান, কি বৌদ্ধ– এই ছদিনত অসমত কোনো ধৰ্ম বিভাজন নাই৷ সকলো আহিছে জুবিন গাৰ্গক চিৰবিদায় দিবৰ বাবে৷ সকলোৱে সমস্বৰে গাইছে ‘মায়াবিনী...৷’ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গেও কৈছে সেই কথা৷ তেওঁ কৈছে– এই কেইদিন অসমত কোনো ধৰ্মীয় ভেদাভেদৰ কথা নাই, সকলোৱে সকলো ঘৃণা, ধৰ্মৰ বিভাজন পাহৰি একগোট হৈছে৷ এনে এটা পৰিৱেশেই জুবিনে বিচাৰিছিল৷

এ গড ইজ বৰ্ণ! কোনো ধৰ্মত বিশ্বাস নকৰা জুবিন গাৰ্গৰ হৈ আৰএছএছে প্ৰাৰ্থনা কৰিছে৷ মছজিদৰ চৌহদত জুবিন গাৰ্গৰ গান বাজিছে৷ জুবিন গাৰ্গৰ হৈ মছজিদৰ ভিতৰত দোৱা মগাই নহয়, যি মছজিদত গান-বাহনা অধাৰ্মিক আচৰণ বুলি ভবা হয়, সেই মছজিদৰ চৌহদত গান বজোৱা, জুবিন গাৰ্গৰ বাবেহে সম্ভৱ৷ ডিব্ৰুগড়ৰ পৰা ধুবুৰীলৈ একেই দৃশ্য৷ মহছজিদত সমবেত হোৱা ধৰ্মীয় সংখ্যালঘুৱে জুবিন বেহেস্তলৈ যোৱাৰ বাবে যিদৰে ডিব্ৰুগড়ত দোৱা কৰিছে সেইদৰে ধুবুৰীত জুবিনৰ প্ৰতিচ্ছবিৰ সন্মুখত আঠুকাঢ়ি হাতযোৰ কৰি মুছলিম লোকে প্ৰাৰ্থনা কৰিছে৷ সমগ্ৰ অসমতে একেই দৃশ্য৷ সেয়ে হয়তো আজি জুবিনৰ সমাধিত অনুৰাগীয়ে আৰম্ভ কৰিছে সৰ্বধৰ্মীয় প্ৰাৰ্থনা৷

এ গড ইজ বৰ্ণ৷ এজন গায়ক, এজন স্বপ্নদ্ৰষ্টা, এজন বিদ্ৰোহী শিল্পী, আনে পতা নিয়ম নমনা জুবিন গাৰ্গ কেৱল জেন-জিৰ প্ৰতিনিধিয়েই নহয়৷ শেষ বিদায়ত শ্ৰদ্ধা জনাবলৈ অহা কিশোৰ-কিশোৰী, বয়স্ক, প্ৰৌঢ়, তেনেই বৰ্ষীয়ান আৰু আনকি শিশুৰ আকুলতা দেখি সকলোৱে বুজিছে জুবিন গাৰ্গ সকলো প্ৰজন্মৰ প্ৰতিনিধি৷ তিনিটা দশক গীত গাই কেৱল তিনিটা প্ৰজন্মকে মোহাবিষ্ট কৰি ৰখা এজন গায়ক নহয় জুবিন গাৰ্গ, প্ৰতিটো প্ৰজন্মৰ– ৮১ পৰা ৮৮লৈ প্ৰত্যেকৰে প্ৰাণৰ আপোন জুবিন৷

মই সকলোৰে ওচৰত কৃতজ্ঞঃ গৰিমা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ  মই আচলতে নিজে বুজি পোৱা নাছিলোঁ যে মোৰ কাষত এজন ভগৱান আছিল৷ ভগৱানৰ আত্মা আছিল যদিও আমি সিমানখিনি চিনিয়েই নাপালো৷ এই মন্তব্য জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ৷ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাই জাতি-ধৰ্ম-বৰ্ণ জিনি তেওঁৰ কাষলৈ অহা হাজাৰ হাজাৰ লোকে দেখুওৱা মৰম আন্তৰিকতা দেখি তেওঁ এইদৰে অনুভৱ ব্যক্ত কৰে৷ তেওঁ আৰু কয়– মানুহৰ ইমান মৰম নাথাকিলে এনেকৈ তেওঁক চাবলৈ নাহে৷ আমি ভাবিব নোৱাৰাধৰণে সৰ্বস্তৰৰ লোকৰ মৰম পাইছো৷ মই সকলোৰে ওচৰত চিৰ কৃতজ্ঞ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে একমাত্ৰ তেওঁৰ প্ৰতি থকা মৰমৰ বাবে৷ এজন শিল্পীয়ে যি পাব লাগে তেওঁ পাইছে৷ তেওঁ যেনেকৈ কৈছিল মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, তেনেদৰে সকলোৱে হিয়া উজাৰি মৰম দিছে৷ তেওঁ আছিল অকল মানুহে৷ ইফালে জুবিন গাৰ্গৰ  দীৰ্ঘকালৰ  বন্ধু মানস ৰবীনে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷ তেওঁ কয়– জুবিন গাৰ্গৰ পৰা টকা পইচা উলিয়াই লোৱাৰ ৰাস্তা উলিয়াই লৈছিল নেকি, তেওঁৰ নিধনৰ পৰা কাৰোবাৰ ভাল হ’ব বা হোৱাৰ সম্ভাৱনা আছিল নেকি? এই অনৈতিক অপৰাধৰ কথাখিনিও তদন্তৰ আওতালৈ আনিব লাগে৷ মোৰ হাততো কাকতালীয়ভাৱে কিছু তথ্য আছে৷ সময়ত মই সেই তথ্য তদন্তকাৰী দলক দিম৷ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ গতি ক্ষীপ্ৰ হ’ব বুলি অসমে আশা কৰিছে৷ আমিও বিচাৰিছোঁ ক্ষীপ্ৰ গতিত তদন্ত আগবাঢ়ক৷ জীয়াই থকা কালত জুবিন গাৰ্গক আমি পদ্মশ্ৰী সন্মানটোও দিব নোৱাৰিলোঁ৷ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি মেডাম টুচু মিউজিয়ামত স্থাপন কৰিব লাগে৷ জুবিন গাৰ্গৰ ধন আত্মসাতৰ অভিযোগ পূৰ্বে বহুবাৰ পাইছিলোঁ৷ সিদ্ধাৰ্থ শৰ্মাৰ পৰা সকলো কতৃৰ্ত্ব জুবিনৰ পৰিয়ালৰ হাতলৈ আনিব লাগে৷