
হেৰাল নেকি মায়াৱিনী! জুবিনৰ গানৰ ক’পীৰাইট কাৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ ছেপ্টেম্বৰঃ বিগত ৬টা দিনে অসমৰ আকাশত কেৱল এটাই গুঞ্জন, সেয়া হৈছে– ‘মায়াৱিনী ৰাতি৷’ অসমীয়াৰ আৱেগ জুবিন গাৰ্গে পূৰ্বে এটা অনুষ্ঠানত তেওঁৰ মৃত্যুৰ সময়ত এই বিশেষ গীতটো গাবলৈ কৈ থৈ যোৱাত এতিয়া কেৱল অসমতেই নহয়, বিশ্বৰ লাখ লাখ অনুৰাগীয়ে ‘মায়াৱিনী ৰাতি’ গীতটোৱে শিল্পীসকলৈ শেষ শ্ৰদ্ধা জনাইছে৷ যাৰ পৰিপ্ৰেক্ষিতত জুবিনৰ মৃত্যুৰ পাছতেই সামাজিক মাধ্যম ইউটিউব, স্পটিফাই আৰু এপ’ল মিউজিকত ট্ৰেণ্ডিঙৰ শীৰ্ষত আৰোহণ কৰিছে জুবিন গাৰ্গৰ অমৰ সৃষ্টি ‘মায়াৱিনী ৰাতি’ গীতটিয়ে৷ সোমবাৰলৈ মিউজিক প্লেটফৰ্ম ‘স্পটিফাই’ত ‘মায়াবিনী ৰাতি’ গীতটো ট্ৰেণ্ডিঙত আছিল যদিও মঙলবাৰৰ পৰা হঠাতে প্লেটফৰ্মটোৰ পৰা নোহোৱা হৈ পৰে এই বিশেষ গীতটো৷ আকস্মিকভাৱে জুবিনৰ এই গীতটো নোহোৱা হৈ পৰাত অনুৰাগীসকলৰ মনত সন্দেহ বৃদ্ধি পাইছে৷ কিয়নো মিউজিক প্লেটফৰ্মটোত এতিয়া ‘মেঘৰ’ বুলি অনুসন্ধান কৰিলেহে জুবিনৰ ‘মায়াবিনী ৰাতি’ গীতটো শুনিবলৈ পোৱা যায়৷ অৰ্থাৎ গীতটোৰ বিতৰকে স্পটিফাইৰ পৰা ‘অৰিজিনেল ছং’ টো আঁতৰাই দি ৰয়েলিটী আদায়ৰ ষড়যন্ত্ৰ যে কৰিছে সেয়া স্পষ্ট হৈ পৰিছে৷ লক্ষণীয়ভাৱে জুবিন গাৰ্গৰ সংগীতৰ ক’পী ৰাইটক লৈয়ো এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো ইউটিউব, স্পটিফাই, এপ’ল মিউজিককে ধৰি আন আন প্লেটফৰ্মসমূহত জুবিনৰ গানৰ ক’পী ৰাইট আছে ‘জুবিন গাৰ্গ মিউজিক এল এল পি’ৰ হাতত [LLPIN-AA -৫৭১৮]৷ ইয়াৰ সঞ্চালক হিচাপে আছে জুবিন গাৰ্গ আৰু তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা [DIN-০৯৪০৯০৩৫]৷ আনহাতে, জুবিন গাৰ্গ মিউজিক এল এল পিৰ একমাত্ৰ অংশীদাৰ হৈছে টাৰ্ছেম মিট্টাল৷ কিন্তু এতিয়া জুবিন গাৰ্গৰ অনুপস্থিতিত গীতৰ ৰয়েলিটী অংশীদাৰ মিট্টাল আৰু সঞ্চালক সিদ্ধাৰ্থ শৰ্মাৰ হাতলৈ যাব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে৷ যিটোক লৈ ৰাজ্যৰ শিল্পী সমাজেও আশংকা ব্যক্ত কৰিছে৷ জুবিন গাৰ্গৰ গীতৰ ৰয়েলিটীক লৈ গৰিমা গাৰ্গেও অজ্ঞতা প্ৰকাশ কৰিলেও অনুৰাগীসকলে এই বিষয়টোত গৰিমা গাৰ্গৰ হস্তক্ষেপ দাবী কৰিছে৷ লক্ষণীয়ভাৱে জুবিন গাৰ্গৰ গীতৰ ক’পী ৰাইটক লৈ বুধবাৰে এখন সংবাদ মেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়–জুবিন গাৰ্গৰ সৃষ্টিৰাজি সামাজিক মাধ্যমত টাৰ্ছেম মিট্টাল নামৰ এজন ব্যক্তি আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নামত ক’পী ৰাইট আছে বুলি উল্লেখ কৰা আছে৷ তাৰ অৰ্থ এইটো নেকি যে জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ পৰা হোৱা আয়ৰ আৰ্থিক লাভলাভ উক্ত ব্যক্তি দুজনে লাভ কৰি আছে৷ ইয়াৰো এক নিৰপেক্ষ তদন্তৰ প্ৰয়োজন৷