Logo
image

উক্তি-বক্ৰোক্তি

তদন্তৰ সঠিক অগ্ৰগতিৰ স্বাৰ্থতে মই জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলোঁ৷ সেয়া মই ঘূৰাই পঠিয়াইছোঁ৷ চৰকাৰ, তদন্তকাৰী অথবা আদালত য’ত প্ৰয়োজন হয় তাতে সেই প্ৰতিবেদন থাকক৷ মই কেৱল উচিত তদন্ত বিচাৰিছোঁ৷ জুবিন গাৰ্গক যদি হত্যা কৰা হ’ল, তেন্তে কিয় হ’ল আৰু কেনেকৈ সেই ঘটনা সংঘটিত হ’ল, সেই সকলোবোৰ পানী নসৰকা তদন্তৰ জৰিয়তে ওলাওক আৰু দোষীয়ে কঠোৰতকৈও কঠোৰতম শাস্তি পাওক৷ 

– গৰিমা গাৰ্গ, জুবিন গাৰ্গৰ পত্নী 

এতিয়াৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত মই সংবাদ মাধ্যমক একো নকওঁ৷ তেওঁলোকে এটা অংশ প্ৰকাশ কৰি বাকীবোৰ বাদ দিয়ে৷ মই ক’বলগীয়া সকলোবোৰ অগ্ৰগতিৰ কথা ফেচবুক লাইভত অসমবাসীক জনাই দিম৷

–হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী 

জুবিনক বিহ খুৱাইছিল৷ যদি শেখৰে সঁচা কৈছে, তেন্তে অভাৱনীয় ধৰণে গভীৰ এই ষড়যন্ত্ৰ৷ য়াট, প’ৰ্ট, হাস্পতালত চিচি টিভি ফুটেজ পৰীক্ষা আৰু য়াটৰ কৰ্মচাৰীক সোধা-পোছা কেতিয়া হ’ব? য়াটত পাৰ্টী কৰা আৰু সেই পাৰ্টীৰ আয়োজককেইজনক কেতিয়া চোঁচৰাই আনিব?

– উৎপল শৰ্মা, সভাপতি, সদৌ অসম ছাত্ৰ সন্থা

মোক আপোনালোকে এৰি দিয়ক৷ মই এয়াই কৈছোঁ৷ মানুহজনক বহুত আপোনালোকে হেৰি কৰিছে৷ আৰু আমাক নকৰিব৷ মোৰ প্ৰাইভেচীটোক অলপ গুৰুত্ব দিয়ক৷ 

– অনিতা ডেকা মহন্ত, শ্যামকানু মহন্তৰ পত্নী

হামাছে যিহেতু শান্তি চুক্তিৰ বাবে আগবঢ়োৱা চৰ্তাৱলী মানি ল’বলৈ সন্মত হৈছে, এনে ক্ষেত্ৰত ইজৰাইলে অনতিপলমে গাজাত আক্ৰমণ বন্ধ কৰিবই লাগিব৷ আমি যাতে যুদ্ধবন্দীসকলক নিৰাপদে আৰু অনতিপলমে উলিয়াই আনিব পাৰোঁ সেয়া নিশ্চিত কৰিব লাগিব৷ এয়া অকল গাজাৰ বিষয় নহয়, সমগ্ৰ পশ্চিম এছিয়াৰ বহুকাংক্ষিত শান্তিৰ বিষয়৷

– ড’নাল্ড ট্ৰাম্প, মাৰ্কিন ৰাষ্ট্ৰপতি 

গাজাত শান্তি স্থাপনৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যি পদক্ষেপ গ্ৰহণ কৰিছে তাক স্বাগতম জনাইছোঁ৷ গাজাত দীৰ্ঘম্যাদী আৰু ন্যায়সংগত শান্তি ওভতাই অনাৰ বাবে যি প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে তাক ভাৰতে সদায় সমৰ্থন আগবঢ়াব৷

– নৰেন্দ্ৰ মোদী, প্ৰধানমন্ত্ৰী