Logo
image

মহাত্মা গান্ধীৰ নাম শোভা নাপায়

স্বাধীনতাৰ পাছত ভাৰতবৰ্ষত তিনিবাৰকৈ আৰ এছ এছক  নিষিদ্ধ ঘোষণা কৰা হৈছিল৷ দেশৰ সংবিধান বিৰোধী কাম-কাজৰ বাবে বিভিন্ন সময়ত ভাৰতত আৰ এছ এছক নিষিদ্ধ ঘোষণা কৰা হৈছিল৷ প্ৰথমবাৰ নিষিদ্ধ ঘোষণা কৰা হৈছিল স্বাধীনতাৰ ঠিক পিছতে ১৯৪৮ চনত৷ কোৱা হয় যে সেই সময়ত আৰ এছ এছৰ কাম-কাজে সমাজত বিষ বিয়পাইছিল৷ তাতোতকৈ ডাঙৰ কথাটো হৈছে আৰ এছ এছত বহু কৰ্মকৰ্তাই মহাত্মা গান্ধীক গডছেই গুলীয়াই হত্যা কৰাৰ পাছত পৰস্পৰে পৰস্পৰক মিঠাই বিলাইছিল বুলি অভিযোগ উঠিছিল৷ গান্ধীৰ মৃত্যুত হৰ্ষ-উল্লাস কৰি আৰ এছ এছৰ কৰ্মকৰ্তাই আজিও গডছেক পূজা কৰে৷ সেই সম্পৰ্কত আৰ এছ এছ প্ৰধান এম এছ গলৱালকাৰলৈ ভাৰতৰ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলে কঠোৰ ভাষাৰে চিঠি লিখি সকীয়নি প্ৰদান কৰিছিল৷ ১৯৪৯ চনত এই নিষেধাজ্ঞা এই চৰ্তত আঁতৰোৱা হয় যে আৰ এছ এছে ভাৰতীয় সংবিধানৰ প্ৰতি তেওঁলোকৰ আস্থা, আৰু ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি  সন্মান নিজৰ সংবিধানত অতাৰ্ভুক্ত কৰিব লাগিব৷ কিন্তু আচৰিত  কথা যে স্বাধীনতাৰ পঞ্চাশ বছৰলৈকে আৰ এছ এছে নিজৰ প্ৰতিষ্ঠানত  ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা নাছিল৷ মন কৰিব লগা কথা এইটো যে বল্লভ ভাই পেটেলে নিজেই আৰ এছ এছৰ ওপৰত এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যাক আজি বিজেপি দলে আদৰ্শ পুৰুষ বুলি মানি আহিছে৷ 

 দ্বিতীয়বাৰ আৰ এছ এছৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰা হয় ১৯৭৫ চনত জৰুৰীকালীন অৱস্থাৰ সময়ত৷ সেই সময়ত ইন্দিৰা গান্ধীয়ে আৰ এছ এছক চৰকাৰবিৰোধী আন্দোলন আৰু জৰুৰীকালীন বিৰোধী প্ৰতিবাদত অংশ লোৱা বুলি অভিযোগ আনিছিল আৰু সেয়া মষিমূৰ কৰাৰ বাবে সৰ্বত্ৰ বিৰোধী শক্তিক নিঃশেষ কৰাৰ অংশ হিচাপে আৰ এছ এছক নিষিদ্ধ কৰিছিল৷ কিন্তু এই কথাও সমানে সত্য যে আৰ এছ এছে ইন্দিৰা গান্ধীক তীব্ৰ বিৰোধিতা কৰিছিল৷ ১৯৭৭ চনত জৰুৰীকালীন অৱস্থাৰ অন্ত পৰে আৰু ভাৰতত জনতা পাৰ্টীৰ চৰকাৰ গঠন হয় আৰু আৰ এছ এছৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয়৷  

আৰ এছ এছক তৃতীয়বাৰৰ বাবে নিষিদ্ধ কৰা হয় বাবৰি মছজিদ ধবংস হোৱাৰ সময়ত৷  ১৯৯২ চনৰ ৬ ডিচেম্বৰত কৰ সেৱকসকলে বাবৰি মছজিদ ভাঙি পেলোৱাৰ পাছত আৰ এছ এছ আৰু অন্যান্য ভাতৃ সংগঠন যেনে ভি এইচ পি,  বজৰংগ দল আদিৰ ওপৰত নৰসিংহ ৰাও চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছিল৷ অভিযোগ উঠিছিল যে বাবৰি মছজিদ ধবংসৰ স’তে উক্ত সংগঠনসমূহ প্ৰতক্ষভাৱে জড়িত আছিল আৰু এখন গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ দেশত ধৰ্মৰ নামত হোৱা উন্মদনাই সামগ্ৰিকভাৱে বিৰূপ প্ৰভাৱ পেলাইছিল৷  ১৯৯৩ চনত এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয়৷ 

 ভাৰতত এতিয়াও আৰ এছ এছ সমানে শক্তিশালী৷ বিভিন্ন সময়ত নানান বিৰোধ, প্ৰতিক্ৰিয়া হোৱাৰ পাছতো আৰ আৰ এছে নিজৰ এজেণ্ডা প্ৰচাৰ কৰাত অলপো হেমাহি কৰা নাই৷ ২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত সংগঠনটো আৰু অধিক শক্তিশালী হোৱা দেখা গৈছে৷ কিন্তু এটা কথা দিনৰ পোহৰৰ দৰে সত্য সেই আৰ এছ এছৰ লোকেই মহামানৱ মহাত্মা গান্ধীক হত্যা কৰি কাললৈ কুখ্যাতি অৰ্জন কৰি থৈ গ’ল৷  সেয়ে আজিও গান্ধীবাদী জনতাই আৰ এছ এছক ঘৃণাৰ চকুৰে চায়৷  কিন্তু ডাঙৰ কথাটো হৈছে স্বাধীনতাৰ বিৰোধিতা কৰা আৰ এছ এছে আজিও হিন্দু ৰাষ্ট্ৰৰ সপোন দেখে৷  ব্ৰিটিছলৈ কেইবাবাৰো ক্ষমা বিচাৰি চিঠি লিখা চাভাৰকাৰ এইখন স্বাধীন ভাৰততে বহুতৰে বাবে পূজ্য৷ তাৎপৰ্যপূৰ্ণ কথা এয়ে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ আদৰ্শৰে আগুৱাই যোৱাৰ কথা কৈছে, যি গান্ধীৰ মৃত্যুত আৰ এছ এছৰ কৰ্মকৰ্তা উৎফুল্ল হৈ উঠিছিল৷ ই এক হস্যকৰ কথা৷ আজি মহাত্মা গান্ধীতকৈ গডছেৰ বন্দনা বেছি হয় সংগঠনটোত৷ তেনেস্থলত জনতাৰ মন জয় কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কোৱা কথাবোৰ জনতাই বিশ্বাস কৰিব বুলি পোনচাতে কৈ দিয়া টান৷ বিজেপি আৰু আৰ এছ এছ একেটা মুদ্ৰাৰে যে ইপিঠি সিপিঠি, সেই কথা নুবুজা মানু্‌হ খুব কমেই ওলাব৷ তেনেক্ষেত্ৰত বিজেপি  গান্ধীৰ আদৰ্শৰে আগবাঢ়ি যাব বুলি ভৱাটো তেণেই অমূলক কথা৷ দেশত এতিয়া গণতন্ত্ৰ বিপন্ন হৈছে৷ সাংবিধানিক অধিকাৰ খৰ্ব হৈছে৷  ধৰ্মনিৰেক্ষ দেশ হিচাপে গঢ় লোৱা দেশখনত ধৰ্মৰ নামত ৰাজনীতি হৈছে৷ ক্ষমতাৰ লালসাই কিলবিলাই থকা ৰাজনৈতিক নেতাৰ মুখত এতিয়া যেন মহাত্মা গান্ধীৰ নাম শোভা নেপায়৷