
নোবেল বঁটা আমেৰিকা-ওমৰ য়াঘী
২০২৫ বৰ্ষৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিতসকলৰ নাম ঘোষণা হৈ আছে৷ সচৰাচৰ হোৱাৰ দৰেই বা সকলোৱে আশা কৰাৰ দৰে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ফিজিঅ’লজী তথা মেডিচিনৰ বাবে নোবেল বঁটা পোৱা বিজ্ঞানী জ্ঝজনৰ মাজৰে ৬জন আমেৰিকাৰ, দুজন জাপানৰ আৰু এজন অষ্টে˜লিয়াৰ৷ নোবেল বঁটা পোৱাসকলৰ তালিকাত চকু ফুৰালে দেখা যায়– আমেৰিকাৰ ৪২৪জন লোকে নোবেল বঁটা লাভ কৰিছে৷ ভাৰতৰ নোবেল বঁটা পোৱা লোকৰ সংখ্যা ১৩জন৷ আমেৰিকাৰ জনসংখ্যা ৩৫ কোটি, ভাৰতৰ ১৪০ কোটি৷ ভাৰতৰ নোবেল বঁটা লাভ কৰা এই ১৩জন লোকৰ মাজৰে ৰ’নাল্ড ৰছ [চিকিৎসা বিজ্ঞান, ১৯০২], ৰুডয়াৰ্দ কিপলিং [সাহিত্য, ১৯০৭], মাদাৰ টেৰেছা [শান্তি, ১৯৭৯] আৰু দালাই লামা [শান্তি, ১৯৮৯] ভাৰতীয় মূলৰ নহয়৷ তদুপৰি নোবেল বঁটা পোৱা অভিজিৎ বেনাৰ্জী, ভেংকটাৰমণ ৰামকৃষ্ণন, সুব্ৰমনিয়াম চন্দ্ৰশেখৰ আৰু হৰগোবিন্দ খোৰানা ভাৰতীয় মূলৰ হ’লেও নোবেল বঁটা পোৱাৰ সময়ত তেওঁলোক আন দেশৰ নাগৰিক আছিল৷ তেওঁলোকৰ কৰ্ম আৰু গৱেষণাৰ ঠায়ো ভাৰত নহয়৷ নোবেল বঁটা লাভ কৰা আন এজন ভাৰতীয় অমৰ্ত্য সেন ভাৰতীয় নাগৰিক, কিন্তু তেওঁৰো কৰ্মভূমি ভাৰত নহয়৷ ইজৰাইলেও ভাৰতৰ সমানেই অৰ্থাৎ ১৩বাৰ নোবেল বঁটা লাভ কৰিছে৷ ইজৰাইলৰ জনসংখ্যা মাত্ৰ ৰ কোটি৷ নোবেল বঁটাই একোখন দেশৰ মানৱ সম্পদৰ উৎকৰ্ষতাৰ ইংগিত দিয়ে৷ ১৪০ কোটি মানুহৰ দেশ ভাৰতৰ মাত্ৰ ১৩জন লোকে আজিলৈ নোবেল বঁটা লাভ কৰাটোৱে আৰু সেই বঁটা লাভ কৰাসকলেও মূলতঃ আমেৰিকাত গৱেষণা কৰাৰ বাবে নোবেল বঁটা পোৱাটোৱে কি সূচায়? ই আমাৰ মানৱ সম্পদৰ উৎকৰ্ষতাৰ ক্ষেত্ৰত আৰু আমাৰ গৱেষণা প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়বোৰৰ শোচনীয় অৱস্থাকেই প্ৰকাশ নকৰেনে?
আমেৰিকাৰ নোবেল বঁটা লাভ কৰা ৪২৪জন লোকৰ তালিকাত স্পষ্ট হৈ আছে যে ইয়াৰ ভিতৰৰে ১১৯জনৰ জন্ম আমেৰিকাত হোৱা নাই৷ এইবাৰ ৰসায়ন বিজ্ঞানৰ বাবে নোবেল বঁটা লাভ কৰা তিনিজন বিজ্ঞানীৰ এজন হ’ল ওমৰ য়াঘী৷ ১৯৪৮ চনত গাজাৰ পৰা পলাই আহি জৰ্দানত শৰণাৰ্থীৰূপে থকা এটা পৰিয়ালত ১৯৬৫ চনত ওমৰ য়াঘীৰ জন্ম হৈছিল৷ ইংৰাজী ভাষা সামান্যহে জনা য়াঘী দেউতাকৰ উৎসাহ আৰু অনুপ্ৰেৰণাত ১৫ বছৰ বয়সত আমেৰিকালৈ আহে আৰু আমেৰিকাৰ শিক্ষাই তেওঁৰ জীৱন সলনি কৰি দিয়ে৷ আন বহু পুৰস্কাৰ আৰু সন্মানৰ অধিকাৰী য়াঘীয়ে নোবেল পুৰস্কাৰ লাভ কৰি প্ৰমাণ কৰি দিলে যে নিঠৰুৱা শৰণাৰ্থীৰ সন্তানেও উপযুক্ত সুযোগ পালে নোবেল পাব পৰা যোগ্যতা অৰ্জন কৰিব পাৰে৷ আমেৰিকাৰ নোবেল বঁটা পোৱা বিজ্ঞানীসকলৰ প্ৰায়বোৰেই একোখন বিশ্ববিদ্যালয়ৰ শিক্ষক তথা গৱেষক৷ আমেৰিকাৰ বিশ্ববিদ্যালয়ে কিয় নোবেল বঁটা পাব পৰা গৱেষক সৃষ্টি কৰিব পাৰে? ইয়াৰ কাৰণ দুটা– এই বিশ্ববিদ্যালয়বোৰৰ নিজৰ মতে চলাৰ স্বাধীনতা, এইবোৰৰ অত্যাধুনিক আন্তঃগাঁথনি আৰু এই বিশ্ববিদ্যালয়বোৰলৈ অহা আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বৰ প্ৰতিভাশালী ছাত্ৰ আৰু গৱেষকসকল৷ বিশ্ববিদ্যালয়বোৰৰ স্বতন্ত্ৰতা তথা উন্নত অন্তঃগাঁথনিয়ে অধিক প্ৰতিভাশালী ছাত্ৰ আৰু গৱেষকক আকৰ্ষণ কৰি আনে আৰু এই প্ৰতিভাশালী ছাত্ৰ আৰু গৱেষকসকলে সেই আন্তঃগাঁথনিক আৰু অধিক উন্নত আৰু আধুনিক কৰি গঢ়ি তোলে৷ নতুন আৱিষ্কাৰ আৰু উদ্ভাৱন কৰে, নতুন প্ৰযুক্তিৰ বিকাশ কৰে৷
আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ১৫৮জন ছাত্ৰ-শিক্ষক-গৱেষকে নোবেল বঁটা লাভ কৰিছে৷ আমাৰ দেশৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক এই জ্ঞান দি আছে যে হনুমান পৃথিৱীৰ প্ৰথমজন মহাকাশচাৰী আছিল৷ এটা সমীক্ষাত প্ৰকাশ হৈছে যে বহু বিশ্ববিদ্যালয়ত গৰুৰ মূত্ৰৰ বিষয়ে গৱেষণা কৰিব বিচাৰ গৱেষকৰ সংখ্যা হঠাতে বাঢ়ি গৈছে, কাৰণ গৱেষকসকলে ভাবিছে যে গো-মূত্ৰৰ বিষয়ে গবেষণা কৰিব বিচাৰিলে বৰ্তমানৰ ৰাজনৈতিক বাতাৱৰণত বিশ্ববিদ্যালয়বোৰে সহজে সেই প্ৰজেক্ট গ্ৰহণ কৰিব৷ শেহতীয়াকৈ ৰাষ্ট˜পতি ড’নাল্ড ট্ৰাম্পে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ক নাকী লগাই তেওঁৰ মতে পৰিচালিত কৰাৰ চেষ্টা কৰিছে; কিন্তু বিশ্ববিদ্যালয়খনে স্পষ্ট ভাষাত তেওঁৰ এই প্ৰচেষ্টাৰ বিৰোধিতা কৰিছে৷
আমেৰিকা আজি বিশ্বৰ আটাইতকৈ ধনী আৰু শক্তিশালী দেশ কাৰণ আমেৰিকা বিজ্ঞান আৰু প্ৰযুক্তিত আটাইতকৈ আগবঢ়া৷ তথ্য-প্ৰযুক্তিৰ শেহতীয়া সংযোজন কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাতো আমেৰিকা আটাইতকৈ আগবাঢ়ি আছে৷ ইয়াৰ কাৰণ হ’ল– আমেৰিকাৰ বিশ্ববিদ্যালয়বোৰত হৈ থকা গৱেষণা৷ গাজাৰ শৰণাৰ্থী পৰিয়ালৰ ল’ৰা এটাই গৈ আমেৰিকাত নোবেল বঁটা পাব পৰা বিজ্ঞানী হৈছেগৈ৷ ওমৰ য়াঘীয়ে উদ্ভাৱন কৰা মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্কে প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত নতুন অভিনৱ প্ৰযুক্তি বিকশিত কৰাত সহায় কৰিব৷