
উক্তি-বক্ৰোক্তি
এতিয়া মন, মগজু, শৰীৰ, অন্তৰাত্মাজুৰি মাথোঁ এষাৰেই কথা৷ আমাক ন্যায় লাগে৷ জুবিন গাৰ্গৰ দৰে এক সত্তা অৱহেলিত হ’ব নোৱাৰে৷
– গৰিমা শইকীয়া গাৰ্গ
তোক যে জুইকুৰা লগাই দিলোঁ, দহিলো কিন্তু মই৷ সত্যটো নজনালৈকে এই দহন নকমে৷ সত্যটো আমাক লাগে আৰু অতি সোনকালে লাগে৷ আকৌ তই মমন বুলি মতিবি, যেতিয়া লগ পাম সীমনাৰ সীপাৰে৷ এতিয়া লক্ষ্য মাত্ৰ এটাই, তোক ন্যায় দিয়াব লাগিব৷ ৰাইজ, আপোনালোকৰ মনোবল আমাৰ সহায়ক হওক৷
– জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ
এখন দেশৰ আৰক্ষীয়ে আন এখন দেশলৈ গৈ তদন্ত কৰিব নোৱাৰে৷ বিদেশী ৰাষ্ট˜লৈ গৈ আমিও তদন্ত কৰিব নোৱাৰোঁ৷ চিআইডিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰিবলৈ ছিংগাপুৰলৈ গৈ তদন্ত কৰা সম্ভৱ নহয়৷ সেয়ে আমি এম এল এ টিৰ অধীনত তদন্ত আগবঢ়াব লাগিব৷ ছিংগাপুৰৰ এটৰ্নী জেনেৰেলৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে তথ্য বিচাৰি আবেদন৷
– চি আই ডিৰ এছ ডি জি পি মুন্নপ্ৰসাদ গুপ্তা
তদন্ত ভালকৈয়ে চলি আছে৷ আমাৰ ওপৰত বিশ্বাস ৰাখক৷
– চিআইডিৰ আৰক্ষী বিষয়া ৰজী কলিতা
আমি ন্যায়ৰ কাৰণে বহু কষ্ট কৰিছোঁ৷ জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে ৰাইজে৷ ন্যায়তো আমিয়ে দি দিছোঁ৷ আমি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ গোস্বামীক গ্ৰেপ্তাৰ কৰিছোঁ৷ ৰাইজে যাক যাক সন্দেহ কৰিছে তাকেই গ্ৰেপ্তাৰ কৰিছোঁ৷ আমিয়েই ন্যায় দিছোঁ৷ কংগ্ৰেছে আজিলৈকে কাকো ন্যায় দিব পৰা নাই৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জ্ঞাতে হওক বা অজ্ঞাতেই হওক, জুইত হাত দিলে কিন্তু পুৰিব৷
– অভিনেতা ৰবি শৰ্মা
বহুত সাহস কৰি ভিডিঅ’টো চালোঁ৷ তোৰ মাত শুনিলোঁ৷ তোক সজীৱ দেখিলোঁ৷ যদিও বৰ কষ্ট হৈছে, উপলব্ধি এয়াই যে আমাৰ সাহসো তই, শক্তিও তই, উৎসাহো তই আৰু সত্যও তই৷ তই সকলোতে আছ আৰু এই বিশ্বাস লৈয়ে সদায় জীয়াই যাম৷ তই কোৱাৰ দৰে সঁচাকৈ তয়েই আমাৰ আন্ধাৰৰ জোন আৰু এই জোনৰ পোহৰে যেন সদায় অসমখনক জিলিকাই ৰাখক৷
– সংগীত শিল্পী জুবলি
গৰিমা তুমি ভাগি নপৰিবা৷ তুমি সাহস নেহেৰুৱাবা৷ এই মুহূৰ্তত তুমিয়েই হৈছা সমগ্ৰ অসমবাসীৰ সাহস৷ তোমাৰ শিৰত আজি আমি প্ৰত্যেকেই জুবিনক দেখা পাও৷ তোমাৰ চকুত বাৰে বাৰে চকুলো দেখা পালে আমি বৰ কষ্ট পাও৷ আমি জানো তুমি এগৰাকী অত্যন্ত সাহসী নাৰী৷ লগতে আমি সকলোতো আছোঁৱেই তোমাৰ কাষত৷ ন্যায় নোপোৱালৈকে আমি কোনো ক্ষান্ত নহও৷ জুবিনে ন্যায় পাবই লাগিব৷
– অভিনেতা যতীন বৰা