Logo
image

জুবিন, ন্যায় আৰু ৰাজনীতি

জুবিন গাৰ্গ আমাৰ সময়ৰ অন্যতম শক্তিশালী সাংস্কৃতিক প্ৰতীক আছিল৷ ১৯ ছেপ্টেম্বৰত তেওঁৰ আকস্মিক মৃত্যুৱে সমগ্ৰ ৰাজ্যলৈ বিষাদৰ বন্যা আনিলে৷ মানুহে বিচাৰিলে তেওঁ ন্যায় পাওক৷ কিন্তু সেই ন্যায়ৰ কোনো সংকেত দূৰদূৰণিলৈ দেখা পোৱা যেন নগৈছে৷ নেতাসকল যেতিয়া ব্যস্ত হৈছে মিঠাতেলত, যেতিয়া তেওঁলোকে ঘোষণা কৰিছে– ‘২০২৬ত জিকাই দিয়ক, আমি মিঠাতেলো ফ্ৰী কৰি দিম’, তেতিয়া জুবিন গাৰ্গৰ হত্যাৰ তদন্তক লৈ যে এওঁলোকে একো মূৰ ঘমোৱা নাই, সেইটো স্পষ্ট হৈছে৷ হয়তো তেওঁলোকে ভাবি লৈছে হিতাধিকাৰী অসমীয়াক কিবাকিবি আঁচনি দি থাকিলেই তেওঁলোক একান্ত বাধ্য হৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ পাহৰি যাব৷ কিন্তু সামাজিক মাধ্যমত মানুহ সজাগ হৈছে৷ JusticeForzubeenGarg ট্ৰেণ্ড হৈছে৷ কিন্তু সকলোৱে এই হেছটেগ ব্যৱহাৰ কৰা নাই৷ হয়তো কবিতা লিখিলেই জে’লত দিয়াৰ দৰে আজব ঘটনা হোৱা অসমত বহুত মানুহে চাকৰি-বাকৰি যাব বুলিও নিমাতে থাকে আৰু কিছু মানুহ আছে যি জুবিনৰ ন্যায়ৰ বাবে খুব বেছি চিঞৰ-বাখৰ কৰা নাই৷ তেওঁলোক হৈছে– ৰাজনীতিক পক্ষপাতি৷ ইমানখিনিলৈকে ঠিকেই আছিল, কিন্তু যেতিয়া we_Need_zubeenGarg Justice_within_10days ট্ৰেণ্ডত আহিল, তেতিয়া কিছু লোক ক্ৰোধিত হ’ল৷ হয়তো তেওঁলোক শাসকীয় চৰকাৰৰ আদৰ্শৰ অনুৰক্ত৷ তেওঁলোকে এই ট্ৰেণ্ডৰ সমালোচনা কৰিবলৈ আৰম্ভ কৰিলে৷ এইটো কথা বুজি পোৱা উচিত যে দহ দিনত কোনেও ন্যায় বিচৰা নাই, কিন্তু বিচাৰিছে– অনুসন্ধান ক্ষিপ্ৰতাৰে হওক৷ ছিংগাপুৰৰ সেই অসমীয়াকেইজনকো তদন্তৰ আওতালৈ অনা হওক, যাৰ কল ৰেকৰ্ডিঙত তেওঁলোকৰ কথা-বাৰ্তাত অনুকম্পাৰ অভাৱ স্পষ্টকৈ শুনা গৈছিল৷ মনোবৈজ্ঞানিকভাৱে ৰাজনৈতিক পক্ষপাতে কিছুমান প্ৰক্ৰিয়া তীব্ৰতৰ কৰে, যেনে সামাজিক পৰিচয়, motivated reasoning, confirmation bias, আৰু out-group antagonism৷ তেওঁলোকে বিকল্প মত, সমালোচনা আৰু বাস্তৱ তথ্যক অস্বীকাৰ কৰিবলৈ ধৰে, ফলত তেওঁলোকৰ বিশ্লেষণাত্মক আৰু সুবিচাৰ কৰিব পৰা, সিদ্ধান্ত ল’ব পৰা শক্তি হ্ৰাস পায়৷ হৈ থকা তদন্তবোৰো কিমান পক্ষপাতহীন তাৰ বিষয়েও আলোচনা হোৱাটো নিশ্চয় অগণতান্ত্ৰিক আৰু সংবিধান বহিৰ্ভূত নহয়৷ নেচনেল হেৰাল্ড নিউজ পেপাৰৰ মতে, শাসকীয় দলৰ বিৰোধিতা কৰা বা ইয়াৰ স্বাৰ্থৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বিৰোধী নেতাই কেন্দ্ৰীয় সংস্থাসমূহৰ জেৰাৰ সন্মুখীন হোৱাটো বাঢ়ি আহিছে৷ যি নহওক, জুবিন গাৰ্গৰ কণ্ঠই অসমৰ কোটি কোটি জনতাক আপ্লুত কৰিছিল৷ তেওঁৰ গান আৰু প্ৰতিবাদী সত্তাই জনগণক অনুপ্ৰাণিত কৰিছিল৷ সেয়ে তেওঁৰ মৃত্যুত এতিয়া ৰাজনীতি কৰা অনুচিত– শাসক আৰু বিৰোধী দুয়োপক্ষৰ দ্বাৰাই৷ কিছুমান অদৰকাৰী কাৰুকাৰ্য যেনে লগুণ চিঙা আৰু তাক ৰাজনৈতিক নেতাই সমাজ সংস্কাৰৰ পদক্ষেপ বুলি সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এইবোৰো এই সময়ত একেবাৰে অনুচিত আৰু অপ্ৰয়োজনীয়৷ কাৰণ ইতিমধ্যে মেৰুকৰণ হোৱা সমাজত আৰু বেছি ৰাজনৈতিক মেৰুকৰণ হৈ গৈ আছে আৰু ৰাজনৈতিক পক্ষপাতো বাঢ়ি আহিছে৷ লেফট-ৰাইট দুয়োপক্ষই জুবিনক টানি আছে৷ কোনোবাই তেওঁক আস্তিক সাজিছে, কোনোবাই নাস্তিক৷ কিন্তু সময়ৰ আহ৩ান যে ৰাজনৈতিক পক্ষপাতিত্ব নেওচি আমি লিখোঁ JusticeForzubeenGarg৷ ৰাজনৈতিক মেৰুকৰণে সামাজিক বিভাজন গভীৰ কৰে, গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ ওপৰত আস্থা ক্ষয় কৰে আৰু মানসিক স্বাস্থ্যৰ ক্ষতি কৰে [ ৪০% আমেৰিকানে ৰাজনীতিক এক মানসিক চাপৰ কাৰণ বুলি অনুভৱ কৰে; ২০% লোকে ইয়াৰ বাবে টোপনি হেৰুৱাই পেলাইছে]৷ আজি জুবিনক ন্যায় দিব নোৱৰাৰ বাবেও অসমীয়া মানুহৰ টোপনি নাইকিয়া হৈছে৷ তাৰ পাছতো ৰাজনৈতিক নেতাবোৰে নিজৰ স্বাৰ্থৰ কথাই ভাবি আছে৷ জুবিন গাৰ্গক মানুহে ভাল পোৱাৰ আঁৰত আছিল তেওঁ মানুহৰ কথা ভাবিছিল, তেওঁ ৰাজনৈতিকভাৱে পক্ষপাতি নাছিল৷ সেয়ে এই জটিল সময়ত সাধাৰণ মানুহেও মতাদৰ্শগত আনুগত্যতকৈ জুবিনে অসমক কি দিলে আৰু আমি তেওঁক কি দিয়া উচিত, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তাই হয়তো সবাতোকৈ বেছি৷