Logo
image

ভাৰত-ব্ৰিটেইনৰ সম্পৰ্ক

৮ আৰু ৯ অক্টোবৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ ভাৰত ভ্ৰমণ দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে৷ এই ভ্ৰমণৰ সময়তেই ২০২৫ চনৰ ২৪ জুলাইত দুয়োখন দেশৰ মাজত স্বাক্ষৰিত সৰ্বাংগীণ অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (চিইটিএ)খনৰ কাৰ্যকৰী ৰূপ প্ৰদান কৰা হয়৷ এই চুক্তিৰ মাধ্যমেদি বাণিজ্য, বিনিয়োগ, সুৰক্ষা, প্ৰযুক্তি আৰু শিক্ষা আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত দেশ দুখনৰ মাজৰ সহযোগিতাক অধিক সুদৃঢ় কৰি তোলাৰ বাবে সংকল্পবদ্ধ হয়৷ তদুপৰি, বৰ্তমানৰ অনিশ্চয়তাপূৰ্ণ গোলকীয় ব্যৱস্থা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিভিন্ন অবিবেচকী পদক্ষেপে বিশ্ব ৰাজনীতি অস্থিৰ কৰি তোলাৰ সময়তে বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দুখন গণতান্ত্ৰিক ৰাষ্ট্ৰ কাষ চাপি অহাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷

ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ এই চুক্তিৰ মূল বিষয়টোৱে হ’ল বাণিজ্য আৰু বিনিয়োগ৷ এই দ্বিপাক্ষিক চুক্তিৰ জড়িয়তে দেশ দুখনে ২০৩০ বৰ্ষৰ ভিতৰত তেওঁলোকৰ বাণিজ্যিক পৰিমণ্ডলক ৪২ বিলিয়ন পাউণ্ডৰ পৰা ৮৫ বিলিয়ন পাউণ্ডলৈ বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লৈছে আৰু ৯৯ শতাংশ এনে বাণিজ্যিক সামগ্ৰীৰ শুল্ক নিৰ্মূল কৰাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বস্ত্ৰ, অলংকাৰ, কেমিকেল আৰু কাৰিকৰী ক্ষেত্ৰত ব্যৱহৃত সামগ্ৰী ৰপ্তানি কৰা ব্যৱসায়ীসকল যথেষ্ঠ লাভৱান হ’ব বুলি আশা কৰা হৈছে৷ একেদৰে ভাৰতে ব্ৰিটেইনৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত ৮৯.৫ শতাংশলৈকে শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তদুপৰি এই চুক্তিয়ে সৰলীকৃত শুল্ক পদ্ধতি, উৎপত্তিৰ আত্মপ্ৰমাণীকৰণ নিয়ম, আৰু ডিজিটেল নথিপত্ৰৰ জৰিয়তে অৰ্থনৈতিক সুস্থিৰতাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে৷ ইতিমধ্যে এই চুক্তিৰ ফলত ১ বিলিয়ন পাউণ্ডতকৈ অধিক বিনিয়োগ আৰু ৭,০০০ নতুন চাকৰিৰ সৃষ্টি হৈছে, বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ই-কমাৰ্চ খণ্ডসমূহক লাভৱান কৰিছে৷

এই ভ্ৰমণে ভাৰতে কৌশলগত স্বায়ত্তশাসন ৰক্ষাৰ বাবে পশ্চিমীয়া ৰাষ্ট্ৰসমূহ, ৰাছিয়া আৰু চীনৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই ৰখা ‘বহু সংহতি’ সম্পন্ন বৈদেশিক নীতিৰ অনুসৰণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ইংগিত কৰিছে৷ ৰাছিয়াৰ সৈতে খাৰুৱা তেলৰ লেনদেন কৰাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ বাণিজ্যিক শুল্কৰ সন্মুখীন হোৱা ভাৰতে ব্ৰিটেইনৰ দৰে অধিক বিশ্বাসযোগ্য অংশীদাৰৰ কাষলৈ ওচৰ চাপি যোৱাটো সমীচীন বুলি গণ্য কৰিছে৷ ইয়াৰ বিপৰীতে ব্ৰিটেইনে ব্ৰেক্সিটৰ পাছত গোলকীয় অৰ্থনৈতিক পৰিসৰত নিজৰ হেৰোৱা স্থান পুনৰুদ্ধাৰৰ বাবে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰত এক প্ৰধান মিত্ৰ হিচাপে গণ্য কৰি আহিছিল৷

সেইদৰে, প্ৰতিৰক্ষা সহযোগিতাৰ দুয়োখন দেশে সহযোগিতা সৃষ্টিৰে ভাৰতে ব্ৰিটেইনৰ পৰা ৩৫০ মিলিয়ন পাউণ্ড ব্যয়েৰে উন্নত প্ৰযুক্তিৰ মিছাইল ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে দুয়োখন দেশৰ সেনা বাহিনীয়ে যৌথ অনুশীন চলোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰে৷ ইয়াৰ বাহিৰেও উভয় পক্ষই প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ আৰু প্ৰযুক্তি হস্তান্তৰৰ ক্ষেত্ৰতো সহমত পোষণ কৰে৷ ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ এই সহযোগিতাই আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক শক্তিশালী কৰি তোলাৰ লগতে ব্ৰিটেইনৰ আঞ্চলিক কৌশলগত প্ৰত্যাশাকো সমৃদ্ধ কৰি তুলিব৷

প্ৰযুক্তি আৰু শিক্ষা খণ্ডৰ বাবেও এই চুক্তি এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈ পৰিছে৷ প্ৰযুক্তি সুৰক্ষা পদক্ষেপ আৰু ভাৰত-ব্ৰিটেইনৰ মাজৰ ২৪ মিলিয়ন পাউণ্ড ব্যয়েৰে আৰম্ভ কৰা যোগাযোগ আৰু উদ্ভাৱন কেন্দ্ৰটোৱে কৃত্ৰিম বুদ্ধিমত্তা, ষষ্ঠ প্ৰজন্মৰ যোগাযোগ ব্যৱস্থা, চাইবাৰ সুৰক্ষা, বিত্তীয় প্ৰযুক্তি আৰু পাৰিপাশ্বিৰ্কতাৰ দিশসমূহকো সবল কৰি তোলাত অৰিহণা আগবঢ়াব৷ কূটনৈতিক আৰু প্ৰতিৰক্ষাৰ দিশৰ পৰা চাবলৈ গ’লে, এই চুক্তিয়ে পেহেলগাম নৰসংহাৰৰ পাছত সন্ত্ৰাসবাদ বিৰোধী  সহযোগিতাকো অধিক শক্তিশালী কৰি তোলাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে৷

আভ্যন্তৰীণ, ৰাজনৈতিক আৰু অৰ্থনৈতিক বাধাসমূহে ব্ৰিটেইনৰ ৰাজনৈতিক পৰিৱেশক প্ৰভাৱিত কৰি থকাৰ পাছতো প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ ভাৰত ভ্ৰমণে ভাৰত-ব্ৰিটেইনৰ দ্বিপাক্ষিক সম্পৰ্কক এক বাস্তৱ ৰূপ প্ৰদান কৰিবলৈ সমৰ্থ হৈছে৷ যিহেতু ভাৰতে ২০৪৭ চনৰ ভিতৰত নিজকে এখন উন্নত দেশ হিচাপে  প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছে আৰু ব্ৰেক্সিটৰ পাছত ব্ৰিটেইনেও নিজৰ গোলকীয় প্ৰাসংগিকতাক পুনৰুদ্ধাৰ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে, এনে প্ৰেক্ষাপটত বিশ্বাস, স্বচ্ছতা আৰু উমৈহতীয়া লাভালাভৰ ভিত্তিত গঢ়ি উঠা এই দ্বিপাক্ষিক সম্পৰ্কই উদীয়মান আৰু প্ৰতিষ্ঠিত শক্তিৰ মাজত ভাৰসাম্যমূলক সহযোগিতাৰ বাবে আৰ্হি আগবঢ়াইছে৷ এইদৰে গঢ়ি উঠা দ্বিপাক্ষিক সম্পৰ্কই ক্ৰমান্বয়ে মেৰুকৰণ হৈ পৰা বিশ্বত অৰ্থনৈতিক অগ্ৰগতি, প্ৰযুক্তিগত উদ্ভাৱন, আৰু গণতান্ত্ৰিক স্থিতিশীলতাৰ প্ৰতি যৌথ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে৷