Logo
image

ন্যায়-ন্যায়িক প্ৰক্ৰিয়া

আটাইতকৈ সহজ যেন লগা ধাৰণাবোৰ সংজ্ঞাৱদ্ধ ২কৰা বা সহজে বুজিব পৰা আটাইতকৈ টান৷ ন্যায় মানে কি আমি সকলোৱে জানো, বুজি পাওঁ, কিন্তু তাক সংজ্ঞাৱদ্ধ কৰা অতি জটিল৷ ন্যায়ৰ বিপৰীত হ’ল অন্যায়৷ অন্যায় কি আমি সকলোৱে জানো, কিন্তু অন্যায়ক সংজ্ঞাৱদ্ধ কৰা এটা জটিল কাম৷ ন্যায়ৰ দাবী উঠিছে মানে অন্যায় হৈছে৷ কাৰোবাক অন্যায় কৰিছে, কোনোবা অন্যায়ৰ বলি হৈছে৷ কোনোবাই অন্যায় কৰিছে৷

জুবিনে প্ৰাণ হেৰুৱাইছে৷ সন্দেহ হৈছে– জুবিনৰ মৃত্যু এক দুৰ্ঘটনা নে জুবিন অন্যায়ৰ বলি হৈছে? কাৰোবাৰ গাফিলতি, অৱহেলা, অৱজ্ঞাৰ বাবে জুবিনে দুৰ্ঘটনাৰ সন্মুখীন হৈ প্ৰাণ হেৰুৱালে নেকি? সেই গাফিলতি, অৱহেলা, অৱজ্ঞা অপৰাধৰ পৰ্যায়ৰ নেকি? জুবিনৰ মৃত্যুৰ আঁৰত কাৰোবাৰ কিবা অভিসন্ধি, কিবা ষড়.যন্ত্ৰ জড়িত আছে নেকি? মানুহৰ মনত সন্দেহ হৈছে, সেয়েহে মানুহে জুবিনৰ বাবে ন্যায় বিচাৰৰ দাবী তুলিছে৷ যদি কোনোবাই অপৰাধ কৰিছে, তেনেহ’লে অপৰাধীয়ে শাস্তি পাব লাগিব৷ সিহঁতে শাস্তি পালে জুবিনে ন্যায় পাব৷ জুবিনক ভাল পোৱাসকলে ন্যায় পাব৷ এই ন্যায় বিচাৰিছে সমগ্ৰ ৰাজ্যখনে, সমস্ত ৰাইজে৷ সেয়েহে জুবিনৰ বাবে ন্যায়ৰ দাবীয়ে ইমান মানুহক একত্ৰিত কৰিছে যে ই এক বৃহৎ সামূহিক-সামাজিক শক্তিত পৰিণত হৈছে, ই এনে এক শক্তিশালী ৰূপ লৈছে যে ৰাজ্যখনৰ প্ৰচাৰ মাধ্যম, ছ’চিয়েল মিডিয়াৰ ই প্ৰধান আলোচনাৰ বিষয় হৈ আছে আৰু চৰকাৰখনেও ইয়াক যথাযোগ্য গুৰুত্ব দিবলৈ বাধ্য হৈছে৷

প্ৰশ্ন হ’ল, জুবিনৰ বাবে ন্যায় বিচৰা এই প্ৰচণ্ড-বিৰাট সামূহিক শক্তিটোৱে জুবিনক কেনেকৈ ন্যায় প্ৰদান কৰিব? দেশত এটা বিধিৰ দ্বাৰা স্থাপিত ন্যায় প্ৰদান প্ৰক্ৰিয়া আছে৷ জুবিনৰ বাবে ন্যায় বিচৰা সামূহিক শক্তিটোৱে এই ন্যায়িক প্ৰক্ৰিয়াটোক উলাই কৰি,  আওকাণ কৰি বা চেৰাই গৈ ন্যায় প্ৰদান কৰিব পাৰিব নেকি? এই সামূহিক শক্তিটোৰ হাতত ন্যায় প্ৰদান কৰাৰ কিবা আহিলা আছে নেকি? এই সামূহিক শক্তিটো যিমানেই বৃহৎ নহওক কিয়, সি এটা সংবিধান বহিৰ্ভূত কৰ্তৃত্বৰ ৰূপ ল’লে তাৰ ফলাফল সামজখনৰ বাবে শুভ হ’বনে? ন্যায় প্ৰদানৰ বাবে সংবিধানে স্থাপন কৰা ন্যায়-প্ৰদানৰ প্ৰক্ৰিয়াটোৰ ওপৰত নিৰ্ভৰ কৰাৰ আন কিবা বিকল্প আছেনে? বিকল্প পথ ল’লে সি অৰাজকতা সৃষ্টি কৰাৰ সম্ভাৱনা থাকিব আৰু তেনে অৰাজকতাই ন্যায় প্ৰাপ্তিৰ পথ ৰুদ্ধহে কৰিব৷ ন্যায় বিচৰাৰ সময়ত আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ’লে ন্যায় প্ৰদানতকৈ পৰিস্থিতি নিয়ন্ত্ৰণে অধিক প্ৰাথমিকতা লাভ কৰিব৷ সেয়েহে আহত হৈ থকা জনগণৰ আৱেগ-অনুভূতি যাতে গণ-উন্মাদনালৈ অধঃপতিত নহয়, তাৰ বাবে জুবিনক ভালপোৱা সকলো সচেতন হৈ থকা ভাল৷ গণ-উন্মাদনা সৃষ্টি কৰিব বিচৰা ন্যস্তস্বাৰ্থ নাই বুলি দাবী কৰিব নোৱাৰি৷

ৰাইজে ন্যায়ৰ বাবে ন্যায়িক প্ৰক্ৰিয়াটোৰ ওপৰত নিৰ্ভৰ কৰাৰ আন কোনো বিকল্প নাই, আৰু আন বিকল্পবোৰে ন্যায় প্ৰদানত সহায় কৰাতকৈ তাক বিঘ্নিতহে কৰিব৷ ন্যায়িক প্ৰক্ৰিয়াটো এটা যান্ত্ৰিক আৰু কাৰিকৰী প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া ক্ষোভ, শোক আদি আৱেগ, অনুভূতিৰে পৰিচালিত নহয়৷ এই ন্যায়িক প্ৰক্ৰিয়াটোৰ দৃষ্টিত এজন লোক দোষী সাব্যস্ত নোহোৱাপৰ্যন্ত নিৰ্দোষী অৰ্থাৎ অভিযুক্ত আৰু দোষী দুটা সম্পূৰ্ণ সুকীয়া ধাৰণা৷ তদুপৰি ন্যায়িক প্ৰক্ৰিয়াটোত প্ৰতিশোধৰ তাড়নাৰ কোনো স্থান নাথাকে৷ ভাৰতৰ সংবিধানৰ ২১নং অনুচ্ছেদত কোৱা হৈছে যে আইনী প্ৰক্ৰিয়াৰ বাহিৰে আন কোনো উপায়েৰে কোনো ব্যক্তিৰে জীৱন আৰু স্বাধীনতাৰ অধিকাৰ কাঢ়ি ল’ব নোৱাৰি৷ গতিকে কাৰোবাক দোষী সাব্যস্ত কৰাৰ বা শাস্তি প্ৰদান কৰাৰ অধিকাৰ ন্যায়িক প্ৰক্ৰিয়াটোৰ বাহিৰে আন কাৰো নাই৷