উক্তি-বক্ৰোক্তি
মোক যেতিয়াই জুবিনক কিবা ক’বলগীয়া থাকে, মই তেতিয়াই আহিম৷ মোক জুবিনে আগবঢ়াই নিব লাগিব, জুবিনে মনৰ কথা শুনিব, মোক আশীৰ্বাদ দিব, মই তেওঁক সকলো ক’ম৷ জুবিনে বৰ অসমৰ সপোন দেখিছিল৷ বৰ অসমখন আমি সকলোৱে মিলি গঢ়িব লাগিব৷
– গৰিমা শইকীয়া গাৰ্গ
মই ভাবো, যিখন অভিযোগনামা দাখিল হ’ব, সকলোৱে বহুত আচৰিতো হ’ব৷ নতুন নতুন বহুত তথ্যও পাব৷ ইট উইল নট বি এ ভেৰী ইজী৷ গোটেই বস্তুটো জাতিটোক এবজৰ্ব কৰিবলৈ সময় লাগিব৷ তাত আৰু বহুত কথা থাকিব৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ছিংগাপুৰ পুলিচে কৈছে, তেওঁলোকে প্ৰাৰম্ভিক অনুসন্ধানত কোনো ‘ফাউল প্লে’ৰ সন্দেহ দেখা নাই৷ তেন্তে প্ৰশ্ন উঠিছে–জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত কিয় অসম আৰক্ষীয়ে জ্জজনক গ্ৰেপ্তাৰ কৰিলে? ২০২৬ চনৰ নিৰ্বাচনৰ কথা মনত ৰাখি অসমীয়াৰ মন যোগাবলৈকে বিজেপি চৰকাৰখনে এনেদৰে তদন্ত আগবঢ়াইছে নেকি?
– সাংবাদিক ৰাজদীপ সৰদেশাই
কেৱল জাষ্টিচ ফৰ জুবিন গাৰ্গ বুলি লিখিলেই নহ’ব৷ আমি অসমীয়া মানুহে কেৱল আৱেগত থাকিলেই নহ’ব৷ আমি চৰকাৰক হেঁচা দিব লাগিব৷ জুবিন গাৰ্গৰ ন্যায়ৰ দাবী আমি নেৰো৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখখন চিলাই কৰি দিব লাগে৷ তেওঁ জুবিন গাৰ্গৰ বিষয়ে আল্টু-ফাল্টু কথা কৈ থাকিব নালাগে৷
– বিধায়ক অখিল গগৈ
জুবিনক সাগৰত নামিবলৈ দিয়াটো ডাঙৰ ভুল আছিল৷ তেওঁক জুই, পানীৰ পৰা আঁতৰাই ৰাখিব লাগিছিল৷ কিন্তু তেওঁক পানীত নামিবলৈ এৰি দিয়া হ’ল৷ সেইটো আৰু ডাঙৰ ভুল আছিল৷ এবিধ দৰৱ খোৱাটো আছিল বাধ্যতামূলক৷ সেই ঔষধ তেওঁক ছিংগাপুৰত লগত থকাবোৰে খাবলৈ দিছিল নে নাই মই নাজানো৷
– ডাঃ হিতেশ বৰুৱা
জুবিন গাৰ্গৰ বাবে অনুৰাগীয়ে বিচাৰি থকা ন্যায় পাব৷ কেইবাজনো অভিযুক্তক আৰক্ষীয়ে ধৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ধাৰা আৰোপ কৰিছে৷ অভিযুক্তৰ বিৰুদ্ধে তদন্তকাৰীয়ে আৰোপ কৰা ধাৰাৰ ক্ষেত্ৰত যদিহে আদালতত প্ৰমাণ দিব পাৰে তেন্তে ন্যায় পাবই৷
– বিটিআৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰী
আমি ‘ময়ো জুবিন, আমিয়ো জুবিন’ নামৰ এটা ইতিবাচক আন্দোলন আৰম্ভ কৰিম৷ বিজেপি দলৰ সকলো কৰ্মীয়ে সেই আন্দোলন কৰিব৷
– প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া






