বিবাহ বিচ্ছেদ নকৰাকৈ পুনৰ বিয়া পতা লোকক ৭ বছৰপৰ্যন্ত জে’ল
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ অক্টোবৰঃ বহু বিবাহৰ বিৰুদ্ধে অসম চৰকাৰে শীঘ্ৰেই আনিব এখন নতুন আইন৷ ২৫ নৱেম্বৰত বিধানসভাত উত্থাপন কৰা হ’ব আইনখন৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ আৰু কয়– কোনোবা ব্যক্তিয়ে যদি প্ৰথমগৰাকী মহিলাক ন্যায়ালয়ৰ জৰিয়তে বিবাহ বিচ্ছেদ নকৰাকৈ যদি দ্বিতীয় বিবাহ কৰায় তেওঁ সাত বছৰ বা তাতোধিক সময় কাৰাবাস খাতিব লাগিব৷ উল্লেখ্য, বিজেপি নেতৃত্বাধীন চৰকাৰে বহু বিবাহৰ বিৰোধিতা কৰি আহিছে৷
বহু বিবাহ ৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে এনে আইন যদি বিধানসভাত গৃহীত কৰাব পাৰে তেনেহ’লে আইনী প্ৰক্ৰিয়াৰে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰোৱা ব্যক্তি নিশ্চিতভাৱে জে’ললৈ যাব লাগিব৷ কিন্তু আজিৰ তাৰিখতো দেশত হিন্দু আৰু মুছলমানৰ বিবাহৰ ক্ষেত্ৰত আছে দুখন সুকীয়া আইন৷ হিন্দু বিবাহ আইন অনুসৰি ইতিমধ্যে ৰাজ্যত বাৰণ হৈ আছে বহু বিবাহ৷ কিন্তু মুছলমানৰ ক্ষেত্ৰত এতিয়াও কাৰ্যকৰী হৈ আছে মুছলমান বিবাহ আইন৷ এই আইন অনুসৰি বহু বিবাহত বাধা নাই৷ গতিকে মুখ্যমন্ত্ৰী শৰ্মাই নৱেম্বৰ মাহত এনে আইন অনাৰ কথা ঘোষণা কৰিছে যদিও সেই আইন কেৱল হিন্দুৰ মাজতে আবদ্ধ থাকিব৷






