Logo
image

৪১ বছৰ পাছত হিমগৃহৰ পৰা উলিয়াই অনা হ’ব নেলী হত্যাকাণ্ডৰ ৰিপ’ৰ্ট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ অক্টোবৰঃ  সন্মুখত বিধানসভাৰ নিৰ্বাচন৷ জুবিন মৃত্যুৰ ঘটনাই ৰাজ্যত যি ছুনামি সৃষ্টি কৰিছে সেই ছুনামিত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে বিজেপি দল আৰু চৰকাৰ৷ সুদীৰ্ঘ চাৰে চাৰি বছৰ মসৃণভাৱে চৰকাৰে চলাই নিয়াৰ পাছত জুবিন ছুনামিত হঠাৎ যেন থৰক বৰক হৈ পৰিল ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ৷ ২০২৬ৰ নিৰ্বাচনলৈ অতি সন্দৰ্পনে আগবাঢ়ি যোৱা বিজেপি দল আৰু চৰকাৰে এই ক্ষতি পূৰণৰ বাবে অস্ত্ৰ হিচাপে গ্ৰহণ কৰিলে নেলী কাণ্ডক৷ নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বিধানসভাৰ অধিৱেশন৷ এই অধিৱেশনতে ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিমগৃহৰ পৰা উলিয়াই আনি সদনত উত্থাপন কৰিব তিৱাৰী আয়োগৰ প্ৰতিবেদন৷ উল্লেখ্য যে অসমৰ ইতিহাসত ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত সংঘটিত নেলী হত্যাকাণ্ড এক কলা অধ্যায় হিচাপে চিহ্নিত৷ বেচৰকাৰী তথ্য অনুসৰি সেই নিশা নৃশংসভাৱে হত্যা কৰা হৈছিল প্ৰায় তিনি হাজাৰ লোকক৷ কেইঘণ্টামানৰ ভিতৰত সংঘটিত হৈছিল এই ৰক্তাক্ত ঘটনা৷ অসম আন্দোলনৰ ভৰপক সময়ত সংঘটিত এই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল ত্ৰিভুবন প্ৰসাদ তিৱাৰীক৷ তিৱাৰী আয়োগে ১৯৮৪ চনৰ মে’ মাহত ৫৪৭ পৃষ্ঠাৰ প্ৰতিবেদন চৰকাৰক দাখিল কৰে৷ কেৱল নেনীৰ হত্যাকাণ্ডই নহয়, ১৯৮৩ চনৰ জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈ অসমত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গঠন কৰি দিয়া হৈছিল তিৱাৰী আয়োগ৷ কিন্তু তিৱাৰী আয়োগৰ প্ৰতিবেদন আজিলৈকে কোনো এখন চৰকাৰে ৰাজহুৱা নকৰিলে৷ সুদীৰ্ঘ ৪১ বছৰ পাছত ২৫ নৱেম্বৰত ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিধানসভাত দাখিল কৰিব এই প্ৰতিবেদন৷ অসম আন্দোলনৰ সময়ত বাংলাদেশী অনুপ্ৰৱেশকাৰী বিশেষকৈ বাংলাভাষী মুছলমানৰ ওপৰত হত্যাযজ্ঞ চলিছিল নেলীত৷


এই ঘটনা সন্দৰ্ভত ৬৬৮ খন এজাহাৰ দাখিল হৈছিল আৰু চৰকাৰীভাৱে ১,৮০০ লোকৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছিল৷ এই ঘটনাৰ পৰৱৰ্তী দুমাহ লৈ ৰক্তাক্ত হৈ আছিল অসম৷ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া চৰকাৰে অৱসৰ প্ৰাপ্ত আই এ এছ বিষয়া ত্ৰিভূবন প্ৰসাদ তিৱাৰীৰ নেতৃত্বত তদন্ত আয়োগ গঠন কৰি দিয়ে৷ কেতিয়াও ৰাজহুৱা নোহোৱা তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰা সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–অসম চৰকাৰৰ হাতত উপলব্ধ তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ যি কেইটা কপী আছে, তাত তিৱাৰীৰ চহীটো নাছিল৷ সেয়ে প্ৰতিবেদনখন সচা নে মিছা সেয়া লৈ সকলো চৰকাৰ পশ্চাদপদত আছিল৷ আমি ৰিপ’ৰ্টটো দি দিম৷ কিজানি মানুহে কয় মিছা৷ সেই সময়ত প্ৰতিবেদখন লিখা যি কেৰাণী বা সচিব আছিল, তেওঁলোকৰ সৈতে আমি বিষয়া পঠিয়াই কথা পাতি, ফৰেনচিক পৰীক্ষা কৰাই গম পালো যে ৰিপ’ৰ্টটো সঁচা৷ নেলী কাণ্ড অসমৰ ইতিহাসৰ এটা অংগ৷ বিভিন্ন সমাজ বিজ্ঞানী, ইতিহাসবিদসকলে বেলেগে বেলেগ ধৰণে ইয়াক উপস্থাপন কৰিছে৷ অন্ততঃ ৰিপ’ৰ্টটো সন্মুখত থাকিলে মানুহে প্ৰকৃত তথ্যটো পাব পাৰিব, সেই সময়ত কি হৈছিল? নেনী গণহত্যাৰ তদন্ত কৰিবলৈ গঠন কৰা তিৱাৰী আয়োগৰ প্ৰতিবেদন ২৫ নৱেম্বৰত দাখিল কৰা হ’ব বিধানসভাত৷ অসম চৰকাৰৰ কেবিনেটে লৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ অসম বিধানসভাৰ আগন্তুক অধিৱেশনত ১৯৮৩ৰ নেলী হত্যাকাণ্ডৰ সন্দৰ্ভত তিৱাৰী আয়োগৰ প্ৰতিবেদন আনুষ্ঠানিকভাৱে দাখিল কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে৷