 
                        জুবিনক ‘আৱিষ্কাৰ’ৰ বাবে মন্ত্ৰী জয়ন্তমল্লক পৌৰ নিগমৰ ধন্যবাদ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ অক্টোবৰঃ ‘ৰাজনীতি নকৰিবা বন্ধু’– শীৰ্ষক গীতেৰে অসমবাসীক সজাগ কৰি গৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে৷ অসমীয়াৰ প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ পাছতেই ন্যায় বিচৰাৰ নামত কি শাসক দল– কি বিৰোধী, সকলোৱে এতিয়া যেন ৰাজনীতি আৰম্ভ কৰিছে৷ জুবিন গাৰ্গৰ ন্যায় দিয়াৰ ইচ্ছ্যুটোক লৈ বিৰোধী দলে ২০২৬ ৰ নিৰ্বাচনত শাসনলৈ অহাৰ কচৰৎ আৰম্ভ কৰাৰ বিপৰীতে শাসক দল বিজেপিয়ো এতিয়া ৰাইজৰ আস্থা লাভৰ লক্ষ্যৰে জুবিনৰ ন্যায়ৰ দাবীত নিজ চৰকাৰৰ বিৰুদ্ধেই জিলাই জিলাই আন্দোলনত নামি পৰিছে৷ জুবিনৰ মৃত্যুৰ ন্যায় বিচৰা সাধাৰণ জনতাৰ ক্ষোভ দেখি খোদ মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ নেতৃত্বক চিন্তিত কৰি তোলাৰ সময়তে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ইচ্ছ্যুটোৱে ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিক কোনো ক্ষতি নকৰে বুলি সদম্ভ ঘোষণা কৰিছে দলটোৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰঞ্জিত দত্তই৷ শাসকীয় বিজেপি দলটোৱে জুবিনৰ ন্যায় বিচাৰি নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিদিনে ৰাজপথত প্ৰতিবাদ কৰাৰ পাছতো এই প্ৰতিবাদকক বিজেপিৰ সজাগতা কাৰ্য বুলিহে দায় সৰাৰ চেষ্টা চলাইছে প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তই৷ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তীৰ সন্দৰ্ভত সোমবাৰে শোণিতপুৰত এখন সংবাদ মেল সম্বোধন কৰি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰ ইচ্ছ্যুয়ে বিজেপিক নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলাই বুলি সদম্ভ ঘোষণা কৰে ৰঞ্জিত দত্তই৷ সংবাদ মেলত ৰঞ্জিত দত্তই কয়–‘কা আন্দোলনৰ সময়তো কোৱা হৈছিল বিজেপিৰ প্ৰত্যাহ্বান হ’ব বুলি৷ কিন্তু নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসনত জয় লাভ কৰি চৰকাৰ গঠন কৰিলো৷ বিজেপিৰ সেই সময়ত কোনো ক্ষতি নহ’ল৷ বৰ্তমান জুবিন প্ৰসংগয়ো বিজেপিক অহা নিৰ্বাচনত কোনো ক্ষতি নকৰে৷ চৰকাৰত থাকিলে প্ৰত্যাহ্বান আহিবই৷ সেয়েহে পৰিস্থিতি মোকাবিলা কৰিবলৈ আমি চেষ্টা কৰিবই লাগিব৷ তাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিম৷ এইটো ঠিক যে বিজেপি কেতিয়াও জুবিন গাৰ্গৰ বিৰোধী নহয়৷ জুবিন গাৰ্গৰ ঘটনাটোৰ পাছত মুখ্যমন্ত্ৰীয়ে যিদৰে ক্ষীপ্ৰভাৱে কাম কৰিছে, মই ভাবো চৰকাৰে ভালেই কৰিছে৷ মুখ্যমন্ত্ৰীয়ে পৰিয়ালৰ সৈতে আলোচনা কৰি সোণাপুৰত জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে যিমানখিনি পাইছে, সিমানখিনিয়েই কৰিছে৷ বিৰোধীয়ে এতিয়া অপপ্ৰচাৰৰ চেষ্টা চলাইছে৷ এছ অ’ পি দিয়া হৈছে যে–১০ বজালৈ মানুহ যাব পাৰে৷ কোনোবাই যদি ১০ বজাৰ পাছত ২০০-২৫০ মানুহ লৈ সমাধি ক্ষেত্ৰলৈ যায়, তেনেহ’লে আমি কি কৰিম৷ বিজেপিয়ে জুবিনক ভাল পায়৷ জুবিনৰ ন্যায় বিচাৰি শাসক দল বিজেপিয়ে আন্দোলনো কৰা নাই৷ আমাৰ কথা হ’ল যিসকল দোষী তেওঁলোকক শাস্তি দিব লাগে৷ জুবিন গাৰ্গে ন্যায় পাব লাগে৷ যিয়ে ন্যায় দিব, আমি সেই ন্যায়পালিকাক কৈছো–আপোনালোকে সোনকালে ন্যায় দিয়াৰ ব্যৱস্থা কৰক৷
বিজেপিয়ে আন্দোলন কৰিবলৈ অহা নাই৷ এয়া আন্দোলনো নহয় প্ৰতিবাদো নহয়, আমি ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবেহে আহিছো৷ ২০২৬ চনত নিৰ্বাচন হ’ব৷ জনসাধাৰণেও উন্নয়নৰ পক্ষত ৰায় দিব৷ মই নাভাবো যে নিৰ্বাচনত জুবিন গাৰ্গৰ ইচ্ছ্যুটোৱে কিবা প্ৰভাৱ পেলাব৷’ ইফালে জুবিনৰ মৃত্যুৰ এমাহৰ পাছত বিজেপিৰ হৈ ন্যায় যাত্ৰাত অংশ লোৱা দলীয় সদস্য সকলহে জুবিনৰ প্ৰকৃত অনুৰাগী বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা এটা মন্তব্যক লৈ শেহতীয়াকৈ বিতৰ্ক সৃষ্টি হৈছিল৷ মন্ত্ৰীজনৰ এই বক্তব্যক দলৰ ভিতৰচ’ৰাতো অসন্তুষ্টিয়ে দেখা দিছিল৷ এই বিতৰ্কৰ মাজতে এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ‘জুবিনক আবিষ্কাৰ’ক সন্মানেৰে অভিহিত কৰি ৰাজহুৱাকৈ ধন্যবাদ জনাইছে গুৱাহাটী পৌৰ নিগমে৷ গুৱাহাটী পৌৰ নিগমৰ এই কাৰ্যক লৈ সৰ্বত্ৰ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য, মঙলবাৰে গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত ফেডাৰেল বেংকৰ অৰ্থ সাহায্যৰে বিনামূলীয়াকৈ মৃতদেহ কঢ়িওৱাৰ বাবে ‘মায়াবিনী’ নামৰ এখন মুক্তিৰথ মুকলি কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ এই অনুষ্ঠানতে গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা ৰাজহুৱাকৈ ঘোষণা কৰি কয় প্ৰতিটো সুপ্ত প্ৰতিভা বিকাশ কৰিবলৈ প্ৰয়োজন এটা সুযোগ আৰু সুবিধা৷ ১৯৯২ চনত ‘অনামিকা’ৰ মুক্তিৰ পাছত সকলোৱে জুবিন গাৰ্গক চিনি পাইছিল আৰু প্ৰতিভাৰ উমান পাইছিল৷ সেই প্ৰতিভাৰ উমান পাই প্ৰথমবাৰলৈ জুবিনক এখন মঞ্চ দিছিল জয়ন্ত মল্ল বৰুৱাই৷ সেই সময়ত বি বৰুৱা মহাবিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ব বিদ্যালয়ত হোৱা যুৱ মহোৎসৱত গীত পৰিৱেশন কৰিবলৈ জয়ন্ত মল্ল বৰুৱাই লৈ গৈছিল জুবিন গাৰ্গক৷ য’ত জুবিন গাৰ্গে পাশ্চাত্য সংগীতত সোণৰ পদক অৰ্জন কৰিছিল৷ জুবিন গাৰ্গক ‘আৱিষ্কাৰ’ কৰি এখন মঞ্চ দি উলিয়াই অনাৰ বাবেই গুৱাহাটী পৌৰ নিগমে মঙলবাৰে আনুষ্ঠানিকভাৱে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক৷ মেয়ৰ মৃগেন শৰণীয়াৰ নিৰ্দেশত পৌৰ নিগমে ৰাজহুৱা মঞ্চতে সম্বৰ্ধনা জনাই জয়ন্ত মল্ল বৰুৱাক জুবিন গাৰ্গৰ আৱিষ্কাৰক হিচাপে ধন্যবাদ জনোৱাত বাজপেয়ী ভৱনোত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিন্তু এখন কলেজৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত বিশ্ববিদ্যালয়ৰ যুৱ সন্মিলনত মহান শিল্পীজনে গীত পৰিৱেশন কৰাৰ বাবেই তেতিয়াৰ ছাত্ৰ নেতা জয়ন্ন মল্লই নিজকে ‘জুবিন আৱিষ্কাৰ’ক বুলি অদ্ভূট দাবী কৰাত বিভিন্নজনৰ হাঁহিয়াতৰহে পাত্ৰ হৈছিল৷ সামাজিক মাধ্যমত নেটিজেনৰ ট্ৰ’লৰ পাছতো মেয়ৰ মৃগেন শৰণীয়াই তৈল মৰ্দন কৰিবলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক জুবিন গাৰ্গক আৱিষ্কাৰক অভিহিত কৰি পৌৰ নিগমৰ ফালৰ পৰা ৰাজহুৱা ধন্যবাদ জনোৱাত পুনৰ সামাজিক মাধ্যমত এতিয়া বিভিন্নজনে মন্ত্ৰীজনক সমালোচনাৰ লক্ষ্য কৰি লোৱা দেখা গৈছে৷






