Logo
image

জুবিনৰ ধুমুহাত ৰাজনীতি থানবান

২০২৬ৰ অসম বিধান সভা নিৰ্বাচন সমাগত৷ ৰাজনৈতিক দলবোৰ নিৰ্বাচনক লৈ ভিতৰি ভিতৰি উৎকণ্ঠিত যদিও অসমৰ ৰাইজৰ নাই কোনো উৎকণ্ঠা৷ ৰাজনীতিৰ প্ৰতি ৰাইজৰ যেন অনীহা ভাব আহিছে৷ বিজেপিয়ে  ৰাইজৰ মাজত ৰাজনৈতিক চেতনা পুনৰবাৰ জগাই তুলিবলৈ আপ্ৰাণ চেষ্টা কৰিছে যদিও এইবাৰ সফল হ’ব পৰা নাই৷ কিয়নো অসমৰ জনতাক  এইবাৰ নিৰ্বাচন নহয়, জুবিনৰ ন্যায় লাগে৷ জুবিনৰ ন্যায়ৰ বিষয়টোত জনতা এনেদৰে অটল হৈ আছে যে বিজেপি  নানা কূট-কৌশল কৰিও মানুহৰ মোহ ভংগ কৰিব পৰা নাই৷ জুবিনৰ ন্যায় নোপোৱালৈকে কোনো যেন ক্ষান্ত নহয়৷

সদ্য মুক্তিপ্ৰাপ্ত জুবিনৰ ৰৈ ৰৈ বিনালে ছবিখন  চোৱাৰ পাছত ন্যায়ৰ দাবী দুগুণ জোৰেৰে উঠিছে৷ ছবিখন চাই মানুহ ইমান বেছি আৱেগিক হৈ পৰিছে জুবিন যে নাই সেই কথা আজি কোনেও বিশ্বাসেই কৰিব পৰা নাই৷৷ জুবিনক অকালতে হেৰুৱাৰ দুখত ছবিখন চাই মানুহ ইমানেই ভাগি পৰিছে যে জুবিনে ন্যায় নোপোৱালৈকে, জুবিনৰ মৃত্যুৰ ৰহস্য ফাদিল নোহোৱালৈকে কোনো যেন ক্ষান্ত নহ’ব৷ ই চৰকাৰৰ বাবে আটাইতকৈ বেয়া ইংগিত৷ যদি কেনেবাকৈ নিৰ্বাচনৰ আগতে জুবিনৰ মৃত্যুৰ ৰহস্য ফাদিল নহয়, জুবিনৰ মৃত্যুৰ দোষত দোষীসকলে শাস্তি নাপায়, তেনেহলে ২০২৬ চনত অসম বিধান সভাৰ নিৰ্বাচনৰ ৰেহ-ৰূপ যে ব্যাপকভাৱে সলনি হ’ব সেয়া খাটাং৷ ক্ষোভত থকা জনতাই জুবিনৰ মৃত্যুৰ বাবে দায়ী লোকক ক্ষমা নকৰাৰ লগতে ন্যায় দিব নোৱাৰা চৰকাৰকো যে ক্ষমা নকৰিব সেয়া নিশ্চিত৷ আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে জুবিনৰ মৃত্যুৰ বাবে যিসকল দোষী সেইসকলৰ শাস্তিও জনতাই বিচৰাৰ দৰেই হ’ব লাগিব৷ অন্যথা মানুহৰ মাজত থকা ক্ষোভ অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা আছে৷

সেয়ে বিজেপি এইবাৰ বিপাঙত পৰিছে৷ জুবিনৰ মৃত্যুৰ তদন্ত অধিক খৰটকীয়া কৰাত গুৰুত্ব দিছে, যাতে নিৰ্বাচনৰ আগে আগে সকলো ফাদিল হয়৷ অন্যথা অইন কোনো নিৰ্বাচনী ইছ্যুৱে এইবাৰ ঠাই নাপাব৷ বহু কষ্টৰে বিজেপিয়ে কিছুমান ৰাজনৈতিক ইছ্যু তৈয়াৰ কৰিব খুজিছে যদিও ৰাইজ সেইবোৰলৈ অলপো কাণসাৰ দিয়া নাই৷ কোনো ৰাজনৈতিক, সামাজিক ঘটনাই বৰ্তমান সময়ত অসমৰ ৰাজনৈতিক পটভূমিত ঠাই পোৱা নাই৷ জুবিন অনুৰাগীয়ে সকলো নস্যাৎ কৰিছে৷ সেয়ে বিজেপিয়ে  নিজকে জুবিনৰ আটাইতকৈ  বেছি অনুৰাগী বুলি পতিয়ন নিয়াবলৈ অহোপুৰুষাৰ্থ কৰা দেখা গৈছে৷ আনহে নালাগে বিজেপিৰ বাদে আনবোৰ অনুৰাগী  ‘ডুপ্লিকেট’ বুলি কবলৈও কুণ্ঠাবোধ কৰা নাই বিজেপিয়ে৷ ইয়াৰ দ্বাৰা দলটোৱে নিজকে জুবিন অনুৰাগী বুলি প্ৰতিপন্ন কৰিবলৈ যোৱাৰ বিপৰীতে প্ৰকৃত জুবিন অনুৰাগীসকলক অপমান  কৰা পৰিলক্ষিত হৈছে৷

অসমত এতিয়া পৰিৱেশ এনেকুৱা হৈছে যে সাম্প্ৰদায়িক ৰাজনীতিত অত্যন্ত পটুতা থকা বিজেপিৰ  হিন্দু-মুছলমানৰ কথাবোৰ আগৰ  দৰে প্ৰাধান্য নোপোৱা হৈছে৷ কোনোবাই উলিয়াব খুজিলেই জুবিনৰ ন্যায়ৰ বিষয়টোৱে তৎক্ষণাত সেই ঠাই পূৰাই পেলায়৷ দেখা গৈছে বহুতে কায়দা কৰি পুনৰ হিন্দু-মুছলমান কৰিব খুজিছে যদিও জুবিনে বিচৰা অসমখনৰ কথা দোহাই দি এইবোৰ বিষয়ৰ পৰা সমূহ  ৰাইজ আঁতৰি আহিছে৷ ই  যেন বিভেদৰ ৰাজনীতি কৰাসকলৰ বাবে  এক বিশাল বাধাৰ প্ৰাচীৰ হৈ পৰিছে ৷ জুবিনৰ মৃত্যুৱে একত্ৰিত কৰা অসমীয়া জাতিটোৰ মাজত বিভেদ সিঁচাটো যেন আগৰ দৰে সহজ হৈ থকা নাই৷ জুবিনৰ আদৰ্শক অসমীয়াই অন্ততঃ বৰ্তমান সময়লৈকে এনেদৰে আগুৱাই লৈ গৈছে যেন খুব কম দিনৰ ভিতৰতে জুবিনে বিচৰা বৰ অসম এখনে প্ৰাণ পাই উঠিব৷ গোটেই অসম আজি জুবিনময় হৈ পৰিছে৷ ঘৰে ঘৰে জুবিনৰ গুণ-গান, পদুলিয়ে পদুলিয়ে জুবিনৰ গানৰ কীৰ্তন৷ জুবিনৰ সমধিক  তীৰ্থস্থান কৰি লোৱা জনতাৰ হৃদয়ৰ পৰা পাৰস্পৰিক বিভেদ বহুলাংশে হ্ৰাস পাইছে৷ জাতি, ধৰ্ম, ভাষা, বৰ্ণ পাহৰি মানুহ এক হৈছে, জুবিনে বিচৰা অসম এখন গঢ়াৰ আলোচনা হৈছে৷ ৰাজনীতিৰ মাজলৈ  কোনেও জুবিনক টানিব পৰা নাই৷ না জীবিত জুবিনক পৰিছিল না মৃত জুবিনক পাৰিছে৷ সেয়া জনতাই হ’বলৈ নিদিয়ে৷ জীৱিত জুবিনতকৈ মৃত  জুবিনৰ মহাশক্তি  দেখি বিজেপিৰ লগতে আন ৰাজনৈতিক দলৰ মুখৰ মাত হৰিছে৷ কোনো ৰাজনৈতিক দলে জুবিনক লৈ আলোচনা কৰিব পৰা নাই, সমালোচনাতো দূৰৈৰে কথা৷  ৰাইজে উভতি ধৰে৷ সকলোৱে জুখি মাখি কথা ক’বলগা হৈছে৷ ইও কম  বিপ্লৱ নহয় কিন্তু৷ 

সেয়ে এইবাৰ অসমত কোনো নিৰ্বাচনী ইছু্য এতিয়ালৈকে নাই৷ শাসকপক্ষৰ লগতে বিৰোধীও বিবুধিত পৰিছে৷  এতিয়া অসমত না পাকিস্তানী এজেণ্ট চলিছে, না মিঠাতেল, না অৰুণোদয়, না হিন্দু-মুছলমান  চলিছে, চলিছে যদি জুবিন আৰু জুবিনৰ ৰৈ ৰৈ বিনালে৷ যেতিয়ালৈকে মানুহে ভবাৰ দৰে জুবিনে ন্যায় নাপায়, তেতিয়ালৈকে হয়তো  এনেদৰেই চলি থাকিব৷ কোনো নিৰ্বাচনী ইছ্যুৱে এইবাৰ জুবিনৰ আগত ঠাই নাপায়৷