ব্ৰাজিলৰ মডেলে ২৫টাকৈ ভোট দি গ’ল হাৰিয়ানাত
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৫ নৱেম্বৰঃ ব্ৰাজিলৰ এগৰাকী ৰূপৱতী মডেলে ভাৰতৰ বিজেপিশাসিত ৰাজ্য হাৰিয়ানাত কমেও ২৫ টা বুথত ভোটদান কৰিছে৷ তেওঁৰ ফটোসম্বলিত ভোটাৰ কাৰ্ড ৰাজ্যখনত কমেও ২২ খন আছে৷ ভোটাৰ কাৰ্ডেপ্ৰতি তেওঁৰ নাম ভিন ভিন৷ কৰ’বাত ছুইটী, কৰ’বাত সীমা, কৰ’বাত সৰস্বতী৷ কিন্তু ফটো একেখনেই, তেওঁ ব্ৰাজিলিয়ান মডেল৷ দিল্লীত আয়োজন কৰা এখন সাংবাদিক সন্মিলনত বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ আগদিনা এই বোমা ফুটালে কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে৷ পূৰ্বে কৰ্ণাটক, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ ভোটাৰ তালিকাত ভুৱা ভোটাৰ ভৰাই বিজেপিয়ে নিৰ্বাচনত জয়লাভ কৰা বুলি দাবী কৰা ৰাহুল গান্ধীয়ে এইবাৰ উন্মোচন কৰিলে হাৰিয়ানাৰ ভুৱা ভোটাৰৰ কেলেংকাৰি৷ ৰাহুল গান্ধীৰ দাবী, নিৰ্বাচন আয়োগে এনেদৰে ভুৱা ভোটাৰৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰে আৰু তেওঁলোকেই সেই ভোটাৰৰ ভোট বিজেপিক সমষ্টি অনুসৰি বিতৰণ কৰি দি বিজয়ী কৰাই আনে৷
ৰাহুল গান্ধীয়ে কৈছিল, এইবাৰ তেওঁ ‘এইছ’ বোমা বা হাইড্ৰ’জেন বোমা ফুটাব৷ বুধবাৰে সাংবাদিক সন্মিলনত তেওঁ ফুটালে সেই বোমা৷ পূৰ্বে দেশৰ বিজেপিশাসিত আৰু কংগ্ৰেছশাসিত তিনিখনকৈ ৰাজ্যত নিৰ্বাচন আয়োগে বিশাল হাৰত ভুৱা ভোটাৰ অন্তৰ্ভুক্ত কৰি তাৰ জৰিয়তে বিজেপিক বিজয়ী কৰোৱা বুলি ৰাহুল গান্ধীয়ে প্ৰমাণসহ দাবী কৰিছিল৷ দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে ৰাহুল গান্ধীৰ অভিযোগ যথাস্থানলৈ গৈ প্ৰমাণসহ উদ্ধাৰ কৰি সংবাদ পৰিৱেশন কৰিছিল৷ পিছে বাৰম্বাৰ নিৰ্বাচন আয়োগে সেই অভিযোগ অস্বীকাৰ কৰি আহিছে৷ কিন্তু ৰাহুল গান্ধীয়ে বুথৰ ভিডিঅ’ প্ৰকাশ কৰিবলৈ জনোৱা প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সলনি আয়োগে সকলো ভিডিঅ’ নষ্ট কৰি পেলাইছে৷ ৰাহুল গান্ধীৰ মতে ভোটদান শেষ হোৱাৰ পাছত নিৰ্বাচন আয়োগে সমষ্টি অনুসৰি বিজেপিৰ প্ৰাৰ্থীৰ পক্ষত ভুৱা ভোট বিতৰণ কৰে৷ সেয়ে নিৰ্বাচন আয়োগে ভোটদানৰ অন্তত প্ৰকাশ কৰা ভোটদানৰ হাৰতকৈ পিছদিনা প্ৰকাশ কৰা চূড়ান্ত ভোটদানৰ হাৰ ১০-১১ শতাংশ বাঢ়ি যায়৷ ভোটদান হোৱাৰ পাছত অবৈধভাৱে বিজেপিৰ পক্ষত ভোটদান কৰা কাৰ্য ধৰা পৰাৰ ভয়তে নিৰ্বাচন আয়োগে ভোটকেন্দ্ৰৰ ভিডিঅ’ নষ্ট কৰি পেলোৱা বুলি অভিযোগ উঠিছে৷
বুধবাৰে ৰাহুল গান্ধীয়ে দাবী কৰে, হাৰিয়ানাৰ দুই কোটি ভোটাৰৰ ২৫ লাখেই ভুৱা৷ সেয়া হাৰিয়ানাৰ মুঠ ভোটাৰৰ ১২ শতাংশ৷ সেই ২৫ লাখ ভুৱা ভোটাৰ কামত লগায়েই বিজেপিয়ে ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত বিজয়ী হোৱা বুলি ৰাহুল গান্ধীয়ে দাবী কৰিছে৷ তেওঁ কয়– ‘সকলো এগজিট পোলতে কংগ্ৰেছ বিজয়ী হ’ব বুলি দাবী কৰা হৈছিল৷ কিন্তু ফলাফল সম্পূৰ্ণ বিপৰীত হ’ল৷ তদুপৰি হাৰিয়ানাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পোষ্টেল ভোটাৰৰ সংখ্যা প্ৰকৃত ভোটাৰ সংখ্যাৰ সৈতে নিমিলিল৷ শাসনাধিষ্ঠিত কংগ্ৰেছক পৰাস্ত কৰাৰ বাবে বিজেপিৰ সৈতে নিৰ্বাচন আয়োগৰ কু-সম্পৰ্ক গঢ়ি উঠিছিল৷’ ২৫ বাৰ ভোট দিয়া ব্ৰাজিলৰ মডেলগৰাকীৰ উপৰি আন এগৰাকী মহিলা ভোটাৰৰ ফটো দুটা ভোটকেন্দ্ৰৰ ভোটাৰ তালিকাত ২২৩ বাৰ আছে৷ আন এগৰাকী মহিলাৰ ফটো ১০০ খন ভোটাৰ কাৰ্ডত আছে৷ ব্ৰাজিলৰ মডেলগৰাকীৰ ফটো এতিয়ালৈকে ২২ খন ভোটাৰ কাৰ্ডত উদ্ধাৰ কৰিছে ৰাহুল গান্ধীয়ে৷ সেই সকলো প্ৰমাণ ৰাহুল গান্ধীয়ে সংবাদ মেলত দাঙি ধৰে৷ তেওঁ কয়, এই একে ফটো, মডেলৰ ফটো ব্যৱহাৰ কৰি লাখ লাখ ভুৱা ভোটাৰ সৃষ্টি কৰিছিল নিৰ্বাচন আয়োগে৷ সেই ভুৱা ভোটাৰে ভোটদান কৰাৰ তথ্য ভোটকেন্দ্ৰৰ চিচিটিভি ফুটেজ আৰু ভিভিপেটত পোৱা যাব৷ কিন্তু সেই প্ৰমাণ নিৰ্বাচন আয়োগে বিজেপিৰ ভয়তে প্ৰকাশ নকৰে৷ সেই ভিডিঅ’ ফুটেজ প্ৰকাশ কৰিলেই ওলাই পৰিব বিজেপিৰ কেতবোৰ অবিশ্বাস্য বিজয়ৰ কৌশল৷






