মন্ত্ৰীয়ে মানুহৰ বাবে, যদিহে অকণো নেভাবে...
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু শিৱসাগৰৰ প্ৰতিনিধি, ৫ নৱেম্বৰঃ ভাৰত ৰত্ন সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যৰ আন প্ৰান্তৰ লগতে শিৱসাগৰতো মানৱ শৃংখল তথা ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক গীত গোৱাৰ আয়োজন কৰা হৈছিল৷ উদ্দেশ্য আছিল পৱিত্ৰ অসম ভূমিৰ অমৰ গৌৰৱ, দেশৰ বৰ্ণিল সাংস্কৃতিক ইতিহাসৰ অত্যুজ্জল নক্ষত্ৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতি পুনৰবাৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা৷ ৰাজ্য চৰকাৰৰ উদ্যোগত চলি থকা সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকী কাৰ্যসূচীৰ অংশ হিচাপে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰীলৈকে বিভিন্নজনক একোখনকৈ জিলাৰ দায়িত্ব দিয়া হৈছিল৷ ৰাজ্যৰ প্ৰায়বোৰ স্থানতে পুৱা বা দিনৰ ১১ বজাৰ আগতে অনুষ্ঠানৰ কাৰ্যসূচী সূচাৰুৰূপে সম্পন্ন হয়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লতাশিল খেলপথাৰত সময়তে এই কাৰ্যসূচীত অংশগ্ৰহ কৰে৷ পিছে শিৱসাগৰত ইয়াৰ ব্যতিক্ৰম হোৱা দেখা গ’ল৷ শিৱসাগৰীয় ৰাইজে অনুষ্ঠানত ভাগ লৈ পুৱাই সাজি-কাছি আহিল যদিও এগৰাকী মন্ত্ৰীৰ বাবে ৰৈ ৰৈ বোন্দাপৰ দিবলগীয়া হ’ল৷ ঘণ্টাৰ পাছত ঘণ্টা ৰ’দত অভিভাৱকে কণমানিহঁতক মন্ত্ৰীৰ আগমনৰ বাবে থিয় কৰাই থ’বলগীয়া হ’ল৷ অৱশেষত প্ৰায় দুঘণ্টা মন্ত্ৰীলৈ অপেক্ষা কৰি কৰি খং ক্ষোভত এঙামুৰি দিয়া ৰাইজে নিজেই ‘মানুহে মানুহৰ বাবে’ গীত গাবলৈ আৰম্ভ কৰে৷ গান গাই প্ৰায় শেষ হোৱাৰ সময়ত মাত্ৰ শেষৰ এষাৰি লাইন থাকোতেহে বহু পলমকৈ মন্ত্ৰী উপস্থিত হ’ল৷ প্ৰায় ১২ বাজি ৪৪ মিনিটত মন্ত্ৰী বৰ্ডি খেলপথাৰত উপস্থিত হয়৷ উল্লেখ্য ‘অৱধ আছাম’ ৰে’লৰ দৰে লেট মৰা সেই মন্ত্ৰীজন আন কোনো নহয় শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ’ব বুলি সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলা ৰাজ্যৰ গড়কাপ্টানি, পাৰ্বত্য উন্নয়ন, জনজাতীয় বিশ্বাস-সংস্কৃতি ইত্যাদি বিভাগৰ মন্ত্ৰী যোগেন মহন৷ কাৰ্যতঃ মন্ত্ৰী যোগেন মহন নিৰ্ধাৰিত সময়তকৈ দুঘণ্টা পলমকৈ অহাৰ বাবে সমবেত ৭৫০০তকৈ অধিক শিল্পী, ছাত্ৰ-ছাত্ৰী তথা সংস্কৃতিপ্ৰেমী ৰাইজ ঐতিহাসিক বৰ্ডিং ফিল্ডতে জব্দ হৈ পৰে৷ অৱশ্যে নেটিজেনে মন্ত্ৰী, মন্ত্ৰী পদৰ পৰা মুখ্যমন্ত্ৰীৰ পদলৈ উন্নীত হোৱাৰ প্ৰট’কল বুলিও চৰ্চা কৰিছে৷
আন কোনোৱে আকৌ সুধাকণ্ঠৰ সুৰতে গাইছে– ‘মন্ত্ৰীয়ে মানুহৰ বাবে যদিহে অকনো নাভাৱে...৷’ পিছে পলমকৈ হ’লেও উপস্থিত হৈ মন্ত্ৰী মহনে সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰি মুখ্য অতিথি হিচাপে উদাত্ত ভাষণ প্ৰদান কৰি ভূপেন হাজৰিকাৰ সৃষ্টি আৰু আদৰ্শক জীয়াই ৰাখিবলৈ ৰাইজক আহ৩ান জনায়৷ মানুহৰ বাবে জীয়াই, দুৰ্বলৰ বাবে সাহস হৈ থিয় দিব পাৰিলেহে আমি অতি চেনেহৰ শিল্পীজনৰ প্ৰতি উপযুক্ত শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব বুলিও তেওঁ উল্লেখ কৰে৷ নিজ বক্তব্যত তেওঁ সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গকো শ্ৰদ্ধা আৰু আন্তৰিকতাৰে সুঁৱৰি তেখেতৰ গানৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ জিলা আয়ুক্ত আয়ুষ গৰ্গে আজিৰ অনুষ্ঠানত মানৱ দৰদী অসমীয়াৰ প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আদৰণি ভাষণ প্ৰদান কৰে৷ সু-শৃংখলিতভাবে সমবেত ৭,৫০০তকৈও অধিক শিল্পী, ছাত্ৰ-ছাত্ৰী আৰু সংস্কৃতিপ্ৰেমী জনগণে মানৱ শৃংখল ৰচি সমম্বৰে সুধাকণ্ঠৰ অমৰ সৃষ্টি ‘মানুহে মানুহৰ বাবে’ গীতটি পৰিবেশন কৰি আজিৰ অনুষ্ঠানক এক অনন্য মাত্ৰা প্ৰদান কৰে৷ আনহাতে অনুষ্ঠানৰ অংশহিচাপে জিলাখনৰ নবীন-প্ৰবীণ শিল্পীসকলে সুধাকণ্ঠৰ সৃষ্ট কালজয়ী গীত২৬ৰ অনুষ্ঠানথলীৰ চৌদিশ মুখৰিত কৰি তোলে৷ আজিৰ অনুষ্ঠানত ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁই, থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত সমীৰণ বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সতীশ চন্দ্ৰ ঠাকুৰীয়া, ডিমৌৰ সমজিলা আয়ুক্ত মীনাক্ষী পেৰ্মে, অতিৰিক্ত জিলা আয়ুক্তত্ৰয় গীতালী দুৱৰা, লুকুমণি বড়া আৰু গৌৰীপ্ৰিয়া দেউৰী, জিলা পৰিষদৰ সভানেত্ৰী অনিমা চুংক্ৰাং, শিৱসাগৰ আৰু ডিমৌ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াদ্বয় নেকিব চাঈদ বৰুৱা আৰু অংকন জ্যোতি ফুকন, সহকাৰী আয়ুক্তসকল ক্ৰমে পৰিস্মিতা দিহিঙ্গীয়া, নিমাশ্ৰী ডাউকা, বিদিশা শইকীয়া, গণেশ চন্দ্ৰ বড়ো, শুভজিত খাউণ্ড প্ৰমুখ্যে জিলা প্ৰশাসন তথা বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে৷






