বিকাশ অসম জে’ললৈ, নতুন গোচৰৰ যো-জা আৰক্ষীৰ
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৫ নৱেম্বৰঃ ব্যৱস্যায়ীক অপহৰণ আৰু ধন দাবী গোচৰত অভিযুক্ত বীৰ লাচিত সেনাৰ বহিষ্কৃত নেতা বিকাশ অসমক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ তিনি দিনৰ আৰক্ষী জিম্মাৰ ম্যাদ উকলি যোৱাত দিছপুৰ আৰক্ষীয়ে ধৃত বিকাশ অসমক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই পুনৰ পাছ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰি আবেদন জনায়৷ আদালতে দুয়ো পক্ষৰ অধিবক্তাৰ যুক্তি তৰ্ক শুনি বিকাশ অসমক ১৫ দিনৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ ইয়াৰ পিছত দিছ্পুৰ আৰক্ষীয়ে নতুন গোচৰত বিকাশক গ্ৰেপ্তাৰ কৰিবলৈ আদালতত আবেদন কৰে৷ আদালতে অনুমতি দিয়াৰ পাছত দিছ্পুৰ আৰক্ষীয়ে পুনৰ বিকাশ অসমক গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈ আছে৷ আৰক্ষীৰ জিম্মাত থকা অৱস্থাত আৰক্ষীয়ে জেৰা কৰি বিকাশ অসমৰ বিৰুদ্ধে বহু বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ ব্যৱসায়ীজনক অপহৰণ আৰু ধন দাবীৰ ঘটনা বিকাশ অসমৰ নেতৃত্বত হৈছিল বুলি আৰক্ষীয়ে নিশ্চিত তথ্য লাভ কৰিছে৷ দিছ্পুৰ আৰক্ষীৰ প্ৰাথমিক তদন্ত ওলাইছে জাতীয়তাবাদীৰ মুখা পিন্ধা ধূৰন্ধৰ নেতা বিকাশ অসমৰ বহু কলংকিত অধ্যায়৷ ব্যৱসায়ীক অপহৰণ কৰাৰ সময়ত জ্জ্বজন অপহৰণকাৰীৰ লগত মোবাইল ফোনত যোগাযোগত আছিল ধূৰন্ধৰ নেতা বিকাশ অসম বুলি আৰক্ষীয়ে নিশ্চিত তথ্য লাভ কৰিছে৷ কেৱল গুৱাহাটীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিকাশ অসমে ধন দাবী কৰাৰ তথ্য লাভ কৰিছে মহানগৰ আৰক্ষীয়ে৷ আনকি জুবিন গাৰ্গৰ মৃত্যুৰ গয়না লৈ বিকাশ অসমে বিভিন্ন জনৰ পৰা ধন দাবী কৰিছিল বুলি একাংশ ব্যৱসায়ীয়ে অভিযোগ উত্থাপন কৰিছে৷ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ফুৰা বিকাশে ধন দাবী কৰিছিল ফটকা ব্যৱসায়িক৷ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বিভিন্ন জনে দীপাৱলীত ফটকা নুফুটাবলৈ দাবী কৰিছিল ৷ তাৰেই যেন সম্পূৰ্ণ সুযোগ লৈছিল ধুৰন্ধৰ বিকাশ অসমে৷ জুবিন গাৰ্গৰ নাম লৈ বিকাশ অসমে ফটকা ব্যৱসায়ীক ভাবুকি প্ৰদান কৰিছিল৷ ফটকা বিক্ৰী কৰিবলৈ হলে বিকাশ অসমে ব্যৱসায়ীসকলৰ পৰা প্ত লাখ টকা দাবী কৰিছিল ৷ আনকি ব্যৱসায়ীসকলে আগধন হিচাপে বিকাশক ডেৰ লাখ টকা আদায় দিছিল বুলি পূব গুৱাহাটী জিলাৰ ডি চি পি মৃণাল ডেকাই জানিবলৈ দিছিল৷ এই সন্দৰ্ভত উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকাই সংবাদ মাধ্যমক কৈছিল, ‘‘বিকাশ অসমে শনিবাৰে আত্মসমৰ্পণ কৰাৰ পিছত ৰাহুল মিশ্ৰক অপহৰণ সম্পৰ্কীয় ৮৭৫/২৫ নম্বৰৰ গোচৰটোত গ্ৰেপ্তাৰ কৰা হৈছিল৷ তাৰ পিছত ফটকা ব্যৱসায়ী জিতেন্দ্ৰ শালৈ, বিকি ৰয়, মিথুন কোঁৱৰে আন এক এজাহাৰ দাখিল কৰিছিল বিকাশ অসমৰ বিৰুদ্ধে৷ তেওঁলোকে জনোৱা অনুসৰি দীপাৱলীৰ সময়ত বিকাশ অসমে প্ৰথমে ফটকা বিক্ৰীত বাধা দিছিল৷ পিছত ফটকা বিক্ৰীৰ বাধা নিদিওঁ বুলি কৈ ৪১ পৰা প্ত লাখ টকা দাবী কৰিছিল৷
সেই অনুসৰি মহানগৰীৰ এখন আগশাৰীৰ হোটেলত ডেৰ লাখ টকা লৈছিল বিকাশ অসমে৷ এই নতুন এজাহাৰ মতে বিকাশ অসমৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ৮৮৩/২৫ নম্বৰৰ এক নতুন গোচৰ৷ গোচৰটোত সন্নিৱিষ্ট হৈছে বি এন এছৰ ধাৰা ৩০৮[২]/৩০৮[৫]/৩[৫]৷ ‘ইফালে ৰাহুল মিশ্ৰক অপহৰণৰ গোচৰটোত ইতিমধ্যে তদন্ত আগবঢ়াই আছে আৰক্ষীয়ে৷ কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই বিকাশ অসমক আৰক্ষীয়ে ১০ দিনৰ জিম্মাত বিচাৰিছিল৷ গোচৰটোৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৩ দিনৰ বাবে বিকাশ অসমক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছিল৷ অৱশ্যে অধিবক্তাই জনোৱা বিকাশ অসমৰ জামিন আবেদন আদালতে নাকচ কৰিছিল৷ উল্লেখ্য যে কিছুদিন পূৰ্বে এক অপহৰণ আৰু ধন দাবীৰ গোচৰত বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টুটো পানী ফুকনসহ ৮জন সদস্যক দিছপুৰ থানাই গ্ৰেপ্তাৰ কৰিছিল৷ আৰক্ষীয়ে জব্দ কৰিছিল বিকাশ অসমৰ স্বাক্ষৰ থকা প্তখন ধনদাবী পত্ৰ৷ তাৰ পিছতে ৰাজ্যৰ বিভিন্ন স্থানত বিকাশ অসমৰ সন্ধানত নামি পৰিছিল আৰক্ষী৷ অৱশেষত শনিবাৰে বিকাশ অসমে দিছপুৰ থানাত আত্মসমৰ্পণ কৰিছিল৷ উল্লেখ্য যে ৰ নৱেম্বৰ, শনিবাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ উপভোগ কৰি দিছপুৰ থানাত আত্মসমৰ্পণ কৰিছিল বীৰ লাচিত সেনাৰ বহিষ্কৃত নেতা বিকাশ অসমে৷ তাৰ পিছতে দিছপুৰ আৰক্ষীয়ে ধনদাবী সম্পৰ্কীয় এক গোচৰত গ্ৰেপ্তাৰ কৰিছিল বীৰ লাচিত নেতাৰ প্ৰাক্তন নেতাজনক৷ ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে ধন দাবী গোচৰত বীৰ লাচিত সেনাৰ বহু সদস্যক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল৷






