Logo
image

পাইৰেচীৰ গ্ৰাসত ‘ৰৈ ৰৈ বিনালে’

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৮ নৱেম্বৰঃ  পাইৰেচীৰ গ্ৰাসত পৰিছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ‘ৰৈ ৰৈ বিনালে’৷ জুবিন গাৰ্গে অসমীয়া ছবিৰ পাইৰেচী ৰোধৰ বাবে সময়ে সময়ে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল৷ এতিয়া জুবিন গাৰ্গৰ অবৰ্তমানত তেওঁৰ সপোনৰ ছবিখনে পাইৰেচীৰ অভিলেখ গঢ়াৰ দিশে আগবাঢ়িছে৷ এই অবাঞ্ছিত কাৰ্যত স্বাভাৱিকতে ক্ষুব্ধ  হৈ পৰিছে ছবিখনৰ প্ৰযোজক-পৰিচালক৷ শনিবাৰে গুৱাহাটীৰ জিল ক্ৰিয়েচনত অনুষ্ঠিত এখন সংবাদমেলত ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই কয়– ‘৯ দিনতেই জুবিন গাৰ্গ অভিনীত শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’য়ে এটা ভয়ংকৰ ৰূপ লৈছে৷ ১৯ ছেপ্টেম্বৰত আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাইছিলোঁ৷ সেইদিনাৰ পৰা আন সকলো ৰেকৰ্ডৰ লগতে পাইৰেচী কৰাৰো ক্ষেত্ৰতো ৰেকৰ্ড হৈছে৷ প্ৰথমে চিনেমাখনৰ ৰ মিনিট, ২ মিনিট ৰেকৰ্ডিং কৰি আপলোড কৰোঁতে একো কোৱা নাছিলোঁ৷ কিন্তু শেহতীয়াকৈ সম্পূৰ্ণ চিনেমাখনেই বিভিন্ন পেজ, ইউটিউবত আপলোড কৰা হৈছে৷ জুবিন গাৰ্গে এনেধৰণৰ অসমীয়া চিনেমা জগতৰ কল্পনা কৰা নাছিল৷ জুবিন ফেন ক্লাবৰ ৩ হাজাৰ যুৱক এণ্টি পাইৰেচীৰ কামত অহৰ্নিশে লাগি আছে৷ প্ৰায়বোৰ ভুৱা একাউণ্টৰ পৰা ছবিখনৰ ৰেকৰ্ডিং আপলোড কৰা হৈছে৷ আমাৰ প্ৰযোজকে তিনি নিশা উজাগৰে থাকি পাইৰেচী ৰোধৰ বাবে কাম কৰি আছে৷ আমি এতিয়া কঠোৰ হ’বলৈ বাধ্য হৈছোঁ৷ একাংশই সাংস্কৃতিককৰ্মীসকলক ফুটবলৰ নিচিনা ব্যৱহাৰ কৰিছে৷ কাৰোবাৰ জ্ঝ দিনীয়া সন্তান এটাক এনেদৰে টুকুৰা টুকুৰ কৰি বিক্ৰী কৰিলে কোনে সহ্য কৰিব? আমাৰ তৰফৰ পৰা দুলীয়াজান, তেজপুৰ, দিছপুৰ ইত্যাদি ঠাইত এজাহাৰ দাখিল কৰা হৈছে৷ ৩১ অক্টোবৰত সমগ্ৰ অসমৰ কেইবাটাও ছবিগৃহৰ লগতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অসমবাসীলৈ আগবঢ়াই থৈ যোৱা শেষৰটো উপহাৰ তথা তেওঁৰ সপোনৰ প্ৰকল্প ‘ৰৈ ৰৈ বিনালে’ই মুক্তি লাভ কৰিছিল৷ মুক্তিৰ দিন ধৰি আজিপৰ্যন্ত বহু দৰ্শকে পাইৰেচী কৰি ছবিখনৰ বিভিন্ন ক্লিপৰ লগতে সম্পূৰ্ণ ছবিখনকেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷ যাৰ ফলত আমি ব্যতিব্যস্ত হৈ পৰিছোঁ৷ আমি যিমানেই তেওঁলোকক সহৃদয়তাৰে আহ৩ান জনাইছোঁ, সিমানেই এই কাৰ্য বৃদ্ধি পাইছে৷ জুবিন গাৰ্গৰ অনুৰাগী হিচাবে এয়া সকলোৰে বাবে আৱেগিক সময়৷ কিন্তু এখন চিনেমাৰ পাইৰেচী কৰাটো জুবিন গাৰ্গেও বিচৰা নাছিল৷ গতিকে আজি সংবাদ মাধ্যমৰ জৰিয়তে সকলো দৰ্শকলৈ পাইৰেচী নকৰিবলৈ আমি পুনৰ আহ৩ান জনাইছোঁ৷ পাইৰেচীৰ কঠোৰ শাস্তি সম্পৰ্কে সংশ্লিষ্ট সকলোকে সতৰ্ক কৰি দিলোঁ৷ জুবিন গাৰ্গে অসমীয়া ছবিৰ বিশ্বমুখী যাত্ৰা বিচাৰিছিল৷ এইখন জুবিন গাৰ্গৰ ১৯ বছৰৰ সপোন৷ গতিকে দৰ্শকে কথাবোৰ বুজি উঠক৷ এনেকৈ অসমীয়া ছবিৰ পাইৰেচী হৈ থাকিলে কোনো প্ৰযোজক অসমীয়া ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি নাহিব৷ আমি চৰকাৰকো ছবিখনৰ পাইৰেচী ৰোধ কৰিবলৈ অনুৰোধ জনালোঁ৷ যিসকলে পাইৰেচী কৰি আছে, তেওঁলোকক নিজৰ পেজ-ইউটিউব চেনেলৰ পৰা ছবিখনৰ ক্লিপসমূহ ডিলিট কৰিবলৈ অনুৰোধ জনালোঁ৷’ সংবাদ মেলত ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ অন্যতম প্ৰযোজক শ্যামন্তক গৌতমে কয়– ‘এই বিষয়ক লৈ আমাৰ গৰিহণা দিয়া আৰু ক্ষোভ প্ৰকাশ কৰাৰ বাদে এতিয়া একো উপায় নোহোৱা হৈছে৷ এতিয়া অসম আৰক্ষীৰ অপৰাধ  শাখাৰ সৈতে কথা-বতৰা চলি আছে৷ তেওঁলোকে আমাক সহায় কৰিছে৷ অসমৰ বাহিৰৰ বিভিন্ন স্থানৰ পৰাও চিনেমাখনৰ পাইৰেচী কৰাৰ কথা ধৰা পৰিছে৷ আমি বাংগালুৰুতো ছবিখনৰ পাইৰেচী কৰাৰ খবৰ লাভ কৰিছোঁ৷  দৰ্শকে আমাক সহায় কৰিব লাগিব৷ অসমৰ বাহিৰত থকা অসমীয়াখিনিয়েও আমাক সহায় কৰিব লাগিব৷ কিছুমানে নাজানি পাইৰেচী কৰিছে আৰু কিছুমানে জানি-বুজি কৰিছে৷ আমি কিং ভাই, আক্ৰাম হুছেইন, অম্বিকা বৰুৱা, জুবিন ফেন ক্লাব পাপু, অৰুণ অসম আদি একাউণ্টৰ পৰা ছবিখনৰ ক্লিপসমূহ আপলোড কৰা দেখিছোঁ৷ এই ৰক্তবীজৰ চক্ৰই পাইৰেচী কৰিবলৈ উঠি-পৰি লাগিছে৷  আমি পাইৰেচী কৰাসকলক ছবিখনৰ ক্লিপসমূহ ডিলিট কৰিবলৈ অনুৰোধ জনাইছোঁ৷ আমি পাইৰেচীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিম৷ এই প্ৰক্ৰিয়া দীঘলীয়া হ’ব৷’ সংবাদমেলত ছবিগৃহ কতৃৰ্পক্ষ সংস্থাৰ তৰফৰ পৰা ৰাজীৱ বৰা, ছবিখনৰ কাৰ্যবাহী প্ৰযোজক অনুপম শৰ্মা, ছবিখনৰ চিত্ৰনাট্য উপদেষ্টা শান্তনু ৰৌমুৰীয়াৰ লগতে অসমীয়া চলচ্ছিত্ৰ জগতৰ সৈতে জড়িত মানস বৰুৱা, শশাংক সমীৰ, ধৃতিমান ফুকন আদি উপস্থিত থাকে৷


ছবিগৃহত তলা, ‘ৰৈ ৰৈ বিনালে’ চাবলৈ বঙাইগাঁও-গোৱালপাৰালৈ অভয়াপুৰীৰ অনুৰাগী

‘আমাৰ অসম’ৰ যোগীঘোপাৰ প্ৰতিবেদকঃ  বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ একমাত্ৰ ছবিগৃহটোও দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাত প্ৰিয় শিল্পী জুবিন গাৰ্গ অভিনীত বহু চৰ্চিত কথাছবি ‘ৰৈ ৰৈ বিনালে’ দৰ্শনৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে হাজাৰ-হাজাৰ দৰ্শক৷ উল্লেখ্য, উত্তৰ শালমাৰাৰ সদৰ অভয়াপুৰীত তাহানিতে নিৰ্মাণ কৰা ‘জণ্টী ট’কিজ’ নামৰ ছবিগৃহৰ যোগেদি অভয়াপুৰীৰ লগতে পাশ্বৰ্ৱৰ্তী গ্ৰামাঞ্চলৰ লোকসকলে ছবি উপভোগ কৰি আহিছিল৷ বিশেষকৈ অসমীয়া ছবিৰ সোণালী যুগৰ ‘আজলী নবৌ, সোণ মইনা’, বোৱাৰী’, সেন্দূৰ,  পিতাপুত্ৰ আদি জনপ্ৰিয় ছবিসমূহ উপভোগ কৰাৰ বাবে গ্ৰামাঞ্চলৰ শ-শ দৰ্শকে বাছ ভাৰা কৰি অহা দৃশ্য আছিল তেনেই সুলভ৷ কিন্তু পৰৱৰ্তী সময়ত দূৰদৰ্শন, ভিচিডি আদিৰ জনপ্ৰিয়তা বাঢ়ি অহাত ছবিগৃহৰ দৰ্শক ক্ৰমান্বয়ে কমি অহাৰ লগতে অসমীয়া ছবি পৰিচালকে দৰ্শকে বিচৰা ধৰণে ছবি নিৰ্মাণ নকৰাত বাছ ভাৰা কৰি গ্ৰামাঞ্চলৰ দৰ্শক অহাৰ দৃশ্য দুৰ্লভ হৈ পৰিল৷ এনে অৱস্থাত দৰ্শকৰ অভাৱত বন্ধ হৈ পৰিল দশক দশক ধৰি মনোৰঞ্জনৰ ব্যৱস্থা কৰা অভয়াপুৰীৰ চিনাকি ‘জণ্টী ট’কিজ’৷ ‘মালিকে জণ্টী ট’কিজ বন্ধ কৰি দিয়াৰ পাছত কিছু ছবি অনুৰাগীয়ে মালিকৰ পৰা গৃহটো ভাৰাত লৈ ‘মিলিজুলি ট’কিজ’ নাম দি কিছুদিন ছবিগৃহটো চলায় যদিও সফল নহ’ল৷ দীৰ্ঘদিন ধৰি ছবিগৃহটো সম্পূৰ্ণভাৱে বন্ধ হৈ থকাৰ সময়তে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষ অভিনীত ‘ৰৈ ৰৈ বিনালে’ ছবিখন চৰ্চাৰ বিষয় হৈ পৰাৰ লগতে অসমৰ জনতাই প্ৰিয় শিল্পীজনক ছবি পৰ্দাত দৰ্শন কৰাৰ বাবে উদগ্ৰীৱ হৈ পৰে৷ ছবিখনে মুক্তি পোৱাৰ পিছতে ছবিগৃহলৈ দৰ্শকৰ লানি নিছিগা সোঁত বয় যদিও অভয়াপুৰীৰ ছবিগৃহ বন্ধ হৈ থকাত হতাশাত ভুগিছে দৰ্শক৷ কিছুসংখ্যক দৰ্শক বঙাইগাঁও, গোৱালপাৰালৈ গৈ ‘ৰৈ ৰৈ বিনালে’ দৰ্শন কৰিছে যদিও অভয়াপুৰী আৰু পাশ্বৰ্ৱৰ্তী অঞ্চলৰ দৰ্শকে ছবিখন চাবলৈ নাপাই আশাহত হোৱাৰে সম্ভাৱনা অধিক৷