ৰঙিয়া মহাবিদ্যালয়ত কোনে ফালিছিল জুবিন গাৰ্গৰ পোষ্টাৰ?
উত্তৰ কামৰূপৰ অগ্ৰণী উচ্চশিক্ষাৰ অনুষ্ঠান ৰঙিয়া মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাত প্ৰাৰ্থীৰ পোষ্টাৰৰ লগতে জুবিনৰ পোষ্টাৰ ফালি পেলোৱা ঘটনাই ৰঙিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নিৰ্বাচনৰ আগদিনা নিশা মহাবিদ্যালয়ৰ সন্মুখত দুটা দলৰ মাজত নিৰ্বাচনকেন্দ্ৰিক দুৰ্বাদল কাজিয়াৰ পিছত সংঘটিত এনে অবাঞ্চিত ঘটনাই ৰঙিয়াবাসীক ক্ষোভিত কৰি তুলিছে। শুকুৰবাৰে নিশা হোৱা কাজিয়াত এজন ছাত্ৰ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ মূৰত চিলাই কৰিব লগা অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ পিছতে দল দুটাৰ উপস্থিত থকা একাংশই সন্মুখত থকা পোষ্টাৰ ফালি পেলোৱাই নহয় ভৰিৰেও গচকে। উল্লেখযোগ্য যে সেই পোষ্টাৰৰ সৈতে হিয়াৰ আমঠু জুবিনৰ ৰৈ ৰৈ বিনালে তথা হেজটেগ জাষ্টিচ ফৰ জুবিনৰ পোষ্টাৰো আছিল। পোষ্টাৰ ফালি পেলোৱা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত ৰঙিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোন উদণ্ড যুৱকে হেজটেগ জাষ্টিচ ফৰ জুবিন পোষ্টাৰ ফালিলে তাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। পোষ্টাৰ ফলা দুৰ্বৃত্তক ৰঙিয়াৰ সচেতন ৰাইজে কঠোৰ শাস্তিৰ দাবী তুলিছে।
সেইদিনা নিশা কি হৈছিল?
ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ মহাবিদ্যালয়ৰ সন্মুখত প্ৰাৰ্থীৰ পোষ্টাৰ মাৰিছিল আছুৱে। এবিভিপিও পোষ্টাৰ মাৰিবলৈ ঠাই ৰাখিছিল। নিশা প্ৰায় ১২ বজাত এবিভিপিৰ কৰ্মী সকলে নিৰ্বাচন কৰা ঠাইত অন্য প্ৰাৰ্থীৰ পোষ্টাৰ দেখি এবিভিপি আৰু আছুকৰ্মীৰ মাজত তীব্ৰ বাক-বিতণ্ডা হয়। তেনে সময়তে মহাবিদ্যালয় গেটৰ সন্মুখৰ লাইট কেইটা অফ হোৱাৰ লগে লগে বাক-বিতণ্ডা গৈ দুয়োদলৰ মাজত হতাহতি আৰম্ভ হয়। আক্ৰমণ-প্ৰত্যাক্ৰমণত এবিভিপি তথা বজৰঙৰ কৰ্মী পঞ্চম ষান্মাসিকৰ ছাত্ৰ হীৰক জ্যোতি কলিতা গুৰুতৰভাবে আহত হৈ চিকিৎসাধীন হ'ব লগা হয়। ইয়াৰ পিছতে একাংশ কৰ্মীয়ে ভাৰত মাতা কি জয় ধ্বনি দি তাত থকা পোষ্টাৰ ফালি পেলায়। য'ত প্ৰাৰ্থীৰ পোষ্টাৰৰ লগতে প্ৰাণৰ শিল্পী জুবিনৰ ৰৈ ৰৈ বিনালে তথা হেজটেগ জাষ্টিচ ফৰ জুবিনৰ পোষ্টাৰো আছিল। ক্ৰমাৎ ঘটনা উত্তপ্ত হোৱাত আছু কৰ্মী সকলে কাৰ্যালয়লৈ গুচি আহে। ইফালে এবিভিপি তথা বজৰঙৰ কৰ্মী আহত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে বহু বজৰং কৰ্মী তথা এবিভিপিৰ সদস্য আছুৰ কাৰ্যালয়ৰ ওচৰ পাওঁতেই ৰঙিয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও এভিপিৰ কৰ্মী আৰু বজৰঙৰ কৰ্মীয়ে আক্ৰমণত জড়িত ১০ জন আছু কৰ্মীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে।
পিছদিনা নিৰ্বাচন সুকলমে অনুষ্ঠিত হোৱাৰ পিছত আটাইকেইটা পদতে আছু এবছু সমৰ্থিত প্ৰাৰ্থী জয়লাভ কৰাত এবিভিপি জাঙুৰ খাই উঠে। ছাত্ৰ আক্ৰমণত জড়িত প্ৰাৰ্থীক আটক কৰিলে নিৰ্বাচনত থিয় হ'ব নোৱাৰিলে হ'লহৈ বুলি আৰক্ষীৰ পক্ষপাতিত্বৰ অভিযোগ তুলি এবিভিপি আৰু বজৰঙৰ কৰ্মী সকলে থানা ঘেৰাও কৰে। শীৰ্ষ আৰক্ষী উপস্থিত হৈ আক্ৰমণত জড়িত সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি আশ্বাস দিয়াত পৰিস্থিতি অৱশেষত শান্ত হয়। আৰক্ষীয়ে নিশাই ঘটনাত জড়িত ১০ জনক থানালৈ লৈ আহে। কালি দিনৰ ভাগত এবিভিপি, বজৰং আৰু আছুৰ মাজত ঘটনা সন্দৰ্ভত আলোচনা বিলোচনা হৈ থকাৰ সময়তে পোষ্টাৰ ফলাৰ ভিডিঅ' ভাইৰেল হৈ পৰাত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰথমে পোষ্টাৰ ফালি পেলোৱা ঘটনাত শাসকীয় দলৰ ভাতৃ সংগঠন জড়িত থকা বুলি এটা ছাত্ৰ সংগঠনে আন এটা ছাত্ৰ সংগঠনৰ ফালে আঙুলি টোৱাইছিল যদিও পিছত আছুৰ ফালৰ পৰা পোষ্টাৰ ফলা কাৰ্যত এবিভিপি জড়িত নহয় বুলি ৰহস্য জনক ভাবে এক ভিডিঅ' ফুটেজ যোগে সামাজিক মাধ্যমত ক্লীনশ্বিট দিয়াত সমগ্ৰ ঘটনাটো অধিক ৰহস্যঘন হৈ পৰিছে।
এবিভিপিয়ে পোষ্টাৰ ফলা কাৰ্যত তৃতীয় পক্ষ জড়িত থকা বুলি অভিযোগ আনি এবিভিপিক ৰাইজৰ মাজত হেয় প্ৰতিপন্ন কৰিব খুজিছে। বজৰং দলে পোষ্টাৰ ফলা কাৰ্যত জড়িত দুৰ্বৃত্তক আটক কৰিবলৈ দাবী জনাইছে। এক বিশেষ সূত্ৰে আহত ছাত্ৰ জনৰ চিকিৎসা খৰচ আছুৱে বহন কৰিব বুলি জানিব পৰা গৈছে। অসমীয়া জাতিৰ প্ৰাণৰ শিল্পীৰ নাম থকা পোষ্টাৰ ফলা কাৰ্য অতিকে নিন্দনীয় আৰু গৰিহণা যোগ্য বুলি ৰাইজে মত প্ৰকাশ কৰিছে। লগতে ৰঙিয়া মহাবিদ্যালয় কৰ্তৃপক্ষক অনুশাসনৰ ক্ষেত্ৰত অধিক চোকা নজৰ ৰাখিবলৈ আহ্বান জনাইছে। ৰঙিয়াত ঘৃণনীয় কৰ্মকাণ্ড নকৰিবলৈ সকলো পক্ষকে সচেতন ৰাইজে সতৰ্ক কৰি দিছে। ইফালে আছুৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ভৱজ্যোতি ডেকাই সকলো ছাত্ৰ সমাজকে শান্তিপূৰ্ণ ভাবে থাকিবলৈ আহ্বান জনায়।






