Logo
image

আমাক ভোট দিয়ক, আমি মিঠাতেল দিম

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ নৱেম্বৰঃ  মিঠাতেল মা আৰু সন্তানৰ মৰমৰ চিন৷ মিঠাতেল কিমান ডাঙৰ বস্তু কংগ্ৰেছে নাজানে৷ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে সুলভ মূল্যত মচুৰ দাইল, চেনি আৰু নিমখ যোগান আঁচনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়–অসমৰ খাদ্য  সুৰক্ষা আইনৰ আউতিলৈ অহা লোকসকলৰ বাবে গেছ হৈ গ’ল, চেনি হৈ গ’ল, নিমখ হৈ গ’ল, চাউলো হৈ গ’ল৷ অৰুণোদয় পালোঁ, বৃদ্ধ পেন্সনো পালোঁ৷ বিধবা পেন্সনো পালো৷ যদি এক লিটাৰকৈ মিঠাতেল পাও সকলো ঝামেলা খটম৷ মিঠাতেল অসমৰ সকলো লোকে  লাগে বুলি কৈছে৷ কিন্তু কংগ্ৰেছৰ নেতাসকলে কয়–মিঠাতেল মুখ্যমন্ত্ৰীৰ৷ মিঠাতেল কিমান ডাঙৰ বস্তু এইটো কংগ্ৰেছ বুজি নাপায়৷ মোৰ মনত আছে,  মই সৰু থাকোতে যেতিয়া জ্বৰ উঠে মায়ে মিঠাতেল গৰম কৰি মালিচ কৰে৷ মাকে নিজৰ বাচ্ছাক মিঠাতেল গৰম কৰি মালিচ দিয়া পৰম্পৰা তাহানিৰ পৰা চলি আছে৷ এতিয়াও জ্বৰ উঠিলে মোৰ পৰিবাৰে কয়– অলপ মিঠাতেল গৰম কৰি নহৰুৰে মালিচ দিও বুলি৷ সকলোৰে ঘৰত নি(য় এনেদৰে কয়৷ অসমীয়া মানুহ তেনেকৈ চলে৷ সেই কাৰণে কৈছোঁ মিঠাতেল হৈছে মাক আৰু বাচ্ছাৰ মৰমৰ এনাজৰীৰ চিন৷ দুখীয়া মানুহে আইচক্ৰিম খুৱাই বাচ্ছাক মৰম কৰিব নোৱাৰে৷ দুখীয়া ঘৰৰ বাচ্ছাক মাকে মিঠাতেলৰ মালিছেৰে হে মৰম কৰে৷ ধনী মানুহে বাচ্ছাক ক’ব–ব’ল বাবা আইচক্ৰিম খাবি, চকলেট খাবি বুলি৷ তেওঁলোকৰ টকা আছে আইচক্ৰিম চকলেট খুৱাব৷ দুখীয়া মাকে বাচ্ছাক মৰম কৰিব লাগিলে মিঠাতেল গৰম কৰি মালিচ দিয়েই মৰম কৰিব৷ এইবোৰ গাঁৱৰ সঁচা ছবি৷ আমাৰ সাংবাদিকবিলাক গাঁৱৰে৷ গাঁৱৰ পৰা গুৱাহাটীলৈ আহিলে সকলো সলনি হৈ যায়৷ সাংবাদিকসকল গুৱাহাটীলৈ আহিলে ক’ৰ পৰা হাৱা-পানী সোমাই যায় ক’ব নোৱাৰোঁ৷ বুজি নাপাওঁ৷ তেওঁলোকক মিঠাতেল নালাগে৷ মিঠাতেল নহ’লে আলু ভাজি ক’ৰ পৰা খাব? চানফ্লাৱাৰ তেল আনিব লাগিব ইংলেণ্ডৰ পৰা৷ কিন্তু আমাৰতো ইংলেণ্ডত কোনো নাই৷ ক’ৰ পৰা চানফ্লাৱাৰ তেল আনিম? এইবাৰ অৰুণোদয় দিলোঁ, বৃদ্ধ পেন্সন দিলোঁ, চৰকাৰী ঘৰ দিলোঁ, চাউল দিলোঁ, গেছ দিলোঁ, নিমখ দিলোঁ, চেনি দিলোঁ৷ অহাবাৰ আমাক ভোট দি জিকাই দিয়ক মিঠাতেলো আপোনালোকক দিম৷


১১৭ টকাতে দাইল, চেনি, নিমখ

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়াললৈ ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ যোগান আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ ৰাজ্যৰ প্ৰায় ৩৩হাজাৰ সুলভ মূল্যৰ দোকানতো আজি মন্ত্ৰী, বিধায়ক বা স্থানীয় বিশিষ্ট ব্যক্তিৰ উপস্থিতিত হিতাধিকাৰীসকলৰ অংশগ্ৰহণেৰে এই উপলক্ষে একোখনকৈ সভা অনুষ্ঠিত হয়৷ এই সভাসমূহত গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানটো পোনপটীয়াকৈ  সম্প্ৰচাৰ কৰা হয়৷ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত বৰ্তমান ৰাজ্যখনত থকা প্ৰায় ৭০লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব৷ ইয়াৰ জৰিয়তে প্ৰায় ২ কোটি ৪৫ লাখ হিতাধিকাৰী উপকৃত হ’ব৷ এই আঁচনিৰ জৰিয়তে প্ৰতিমাহে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে ৬৯ টকাত এক কিলোগ্ৰাম মচুৰ দাইল, ৩৮ টকাত এক কিলোগ্ৰাম চেনি আৰু ১০ টকাত এক কিলোগ্ৰাম নিমখ দিয়া হ’ব৷ অৰ্থাৎ ১১৭ টকাত এটা পৰিয়ালে এই তিনিওবিধ সামগ্ৰী এক কিলোগ্ৰামকৈ ক্ৰয় কৰিব পাৰিব৷ অৱশ্যে এই মূল্য কেৱল নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ বাবেহে প্ৰযোজ্য হ’ব৷ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা এক কিলোগ্ৰাম মচুৰ দাইল ৬০ টকাত, এক কিলোগ্ৰাম চেনি ৩০ টকাত আৰু এক কিলোগ্ৰাম নিমখ ১০ টকাত প্ৰতিটো পৰিয়ালে লাভ কৰিব৷ অৰ্থাৎ জানুৱাৰী মাহৰ পৰা ১০০ টকাতে তিনিওবিধ সামগ্ৰী ৰাইজে লাভ কৰিব৷ তিনিওবিধ সামগ্ৰী বিশেষভাৱে তৈয়াৰী ১ কিলোগ্ৰাম আকাৰৰ পেকেটত উপলব্ধ হ’ব৷ বিনামূলীয়া চাউলৰ দৰে দাইল, চেনি আৰু নিমখো প্ৰতি মাহৰ ‘অন্ন সেৱা দিন’ অৰ্থাৎ ১ৰ পৰা ১০ তাৰিখৰ ভিতৰত মেচিনৰ জৰিয়তে হিতাধীকাৰীসকলে সুলভ মূল্যৰ দোকানীৰ পৰা ক্ৰয় কৰিব পাৰিব৷ কিন্তু নৱেম্বৰ মাহত আজিৰ পৰা অৰ্থাৎ ১০ নৱেম্বৰৰ পৰা এই সামগ্ৰীসমূহ সুলভ মূল্যৰ দোকানত উপলব্ধ হ’ব৷ ৰেচন কাৰ্ডৰ গৰাকীয়ে ইচ্ছা কৰিলে এবিধ বা দুবিধ সামগ্ৰীও ক্ৰয় কৰিব পাৰিব৷ তিনিওবিধ সামগ্ৰীৰ প্ৰতিটোৰে বাবে হিতাধিকাৰীসকলে পৃথকে বায়’মেট্ৰিক প্ৰমাণীকৰণ কৰিব লাগিব৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে প্ৰতিশ্ৰুতি দিয়া সহজ, কিন্তু পালন কৰা কঠিন৷ তেওঁ কয় যে যোৱা ৫ বছৰত দিয়া প্ৰতিশ্ৰুতি চৰকাৰে এটা এটাকৈ পূৰণ  কৰিছে৷ অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্তৰ বাবে চৰকাৰখনে ইতিমধ্যে কৰা কাম আৰু ভৱিষ্যতে কৰিব বিচৰা কামৰ বিষয়ে সদৰি কৰি ড॰ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখীয়া মানুহৰ বাবে বেংক একাউন্টৰ ব্যৱস্থা কৰি সেই একাউন্টত ৰন্ধন গেছৰ ৰাজসাহায্য দিয়াৰ ব্যৱস্থা কৰে৷ ক’ভিডৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বিনামূলীয়া চাউল দিলে৷ ক’ভিডৰ পিছতো প্ৰতিটো দুখীয়া পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ বিপৰীতে ৫ কেজিকৈ  বিনামূলীয়া চাউল দি থকা হৈছে৷ দুখীয়া ৰাইজে বিপদৰ সময়ত চৰকাৰৰ মুখলৈ চাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দুখীয়া পৰিয়ালৰ  কথা চিন্তা কৰিয়ে অসম চৰকাৰে ২০২০ চনত ১৮ লাখ পৰিয়ালক ৮৩০ টকাকৈ অৰুণোদয়ৰ ধন দিছিল৷ অৰুণোদয় ২.০ ত ২৮ লাখ পৰিয়ালক আৰু  এইবাৰ অৰুণোদয় ৩.০তত ৩৮ লাখ পৰিয়ালক সামৰি লোৱা হৈছে৷ অৰুণোদয়ৰ ধনো ৮৩০ টকাৰ পৰা ১০০০ টকালৈ আৰু এতিয়া ১২৫০ টকালৈ বৃদ্ধি কৰা হৈছে৷ বিধৱা পেন্সনৰ ধন ১২৫০ টকালৈ বৃদ্ধি কৰা বুলি সদিৰ কৰি তেওঁ কয় যে বৃদ্ধ পেন্সনৰ ধনো বৃদ্ধি কৰা হ’ব৷ ড॰ শৰ্মাই কয় যে অৰুণোদয়, ৰন্ধন গেছৰ ৰাজসাহায্য আদিৰ উপৰি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী  জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত একোটা দুখীয়া পৰিয়ালক বছৰি ৫ লাখ টকাপৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা, ৰেচন কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক কলেজত বিনামূলীয়া নামভৰ্তি,  কলেজত পঢ়া  ছাত্ৰীক নিযুত মইনা আঁচনিৰ ধন, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল দিয়া হৈছে৷ তেওঁ কয় যে এখন মৰমীয়াল চৰকাৰ, নিজৰ চৰকাৰ থাকিলে ৰাইজৰ কষ্ট বহুত কমি যায়৷ যিসকলক অৰুণোদয় নালাগে তেওঁলোকে অৰুণোদয় প’ৰ্টেলত থকা  এটা বুটাম টিপিলেই এই সুবিধা বন্ধ হৈ যাব বুলি সদৰি কৰি  মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰয়োজন নোহোৱাসকলে অৰুণোদয়ৰ সুবিধা ত্যাগ কৰিলে যাৰ প্ৰয়োজন আছে তেওঁলোকক দিব পৰা যাব৷ তেওঁ কয় যে অৰুণোদয় পৰিয়ালক প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয়ৰ বাবদ ২৫০ টকাকৈ দিয়া হ’ব আৰু পৰৱৰ্তী সময়ত দুখীয়া পৰিয়ালক মিঠাতেলো দিয়া হ’ব৷ আনৰ ঘৰত কাম কৰা মহিলাসকলে সপ্তাহত যাতে এদিন জিৰণি ল’ব পাৰে তাৰ বাবেও চৰকাৰে চিন্তা কৰে বুলি মন্তব্য কৰি  ড॰ শৰ্মাই কয় যে ভৱিষ্যতে  বিহু আৰু পূজাৰ সময়ত অৰুণোদয়ৰ ধন বঢ়াই দিয়া হ’ব যাতে মহিলাসকলে সন্তানক এসাজ কাপোৰ দিব পাৰে৷  মানুহৰ হিতৰ বাবে, দুখীয়া মানুহৰ ভালৰ বাবে ৰাজনীতি কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয়ৰ ধন আনিবলৈ যেতিয়া বেংকলৈ যায়, মহিলাগৰাকীয়ে মনত সাহস পায় কাৰণ সেয়া তেওঁৰ নিজা ধন৷ তেওঁ কয় যে যিখন সমাজত দৰিদ্ৰ আৰু মধ্যবিত্ত লোক আনন্দত থাকে সেইখনেই আদৰ্শ সমাজ৷ সুলভ মূল্যৰ দোকানীসকলক প্ৰতিকিলো দাইল, চেনী, নিমখৰ বিপৰীতে ২ টকাকৈ দিয়া হ’ব বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে ৰাইজৰ পৰা অতিৰিক্ত ধন নল’বলৈ সুলভ মূল্যৰ দোকানীসকলক আহ৩ান জনায়৷ আজিৰ এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী অশোক সিংঘাল, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, শ্ৰমিক কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ বিজুলী কলিতা মেধি, সাংসদ ভূৱনেশ্বৰ কলিতা, বিধায়ক অতুল বৰা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মুখ্য সচিব ড॰ ৰবি কোটা প্ৰমুখ্যে কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে৷

মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহক কোঙা কৰিছেঃ  দেৱব্ৰত শইকীয়া

‘আমাৰ অসম’ৰ বৰভাগৰ প্ৰতিবেদকঃ  মুখ্যমন্ত্ৰীৰ দাইল, চেনি, নিমখৰ আঁচনি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ ৰেচন কাৰ্ডখন চালেই দেখিব সকলো৷ ৰেচন কাৰ্ডত উল্লেখ থকা কথাখিনিক লৈ আঁচনি কৰাৰ কি প্ৰয়োজন আছে বুলিও মুখ্যমন্ত্ৰীক প্ৰশ্ন তোলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ ৰেচন কাৰ্ডত উল্লেখ থকা হিচাপে দাইল, চেনি, নিমখ, মিঠাতেল চৰকাৰে বিনামূলীয়াকৈ দিব লাগে৷ কংগ্ৰেছৰ দিনৰ আঢ়ৈশ টকাৰ চিলিণ্ডাৰ হাজাৰ টকা হ’ল৷ ৩০ টকাৰ দাইল ১০০ টকা হ’ল৷ ২৫ টকাৰ চেনি ৫০ টকা হোৱাৰ কথা উল্লেখ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই পুনৰ কয়, আচ্ছে দিন আহিব বুলি কৈ সাধাৰণ ৰাইজক সপোন দেখুৱাই বিজেপি চৰকাৰে অত্যধিক মূল্যবৃদ্ধিৰ জৰিয়তে সৰ্বসাধাৰণ লোকক মাধমাৰ সোধাইছে৷ অভাৱনীয় মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ মানুহ জুৰুলা কৰি তোলাৰ বিপৰীতে ধনী ব্যৱসায়ীসকলৰ বাবে ভালদিন আহি গ’ল বুলি মুখ্যমন্ত্ৰীক কটাক্ষ কৰে বিৰোধী দলপতিজনে৷ আজি নলবাৰীৰ ৰাজীৱ ভৱনত বিজেপি, এজিপি, অসম জাতীয় পৰিষদকে ধৰি বিভিন্ন দলৰ পৰা কংগ্ৰেছ দলত যোগদান কৰা উপলক্ষে আয়োজিত সভাত অংশ লৈ বিৰোধী দলপতিজনে আৰু কয়, যোৱা দহটা বছৰত ৰেচন কাৰ্ডৰ জৰিয়তে দিব লগা দাইল, চেনি, মিঠাতেল চৰকাৰে নিদি এতিয়া নিৰ্বাচন অহাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক মনত পৰা বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ দেৱব্ৰত শইকীয়াই কয় ১০ বছৰে নিদিলে বিজেপি চৰকাৰে, এতিয়া নিৰ্বাচন অহাত মনত পৰিছে৷ চৰকাৰী সাহায্য নোহোৱাকৈ ১০ বছৰে চলিল, এতিয়া নিৰ্বাচন অহাত মুখ্যমন্ত্ৰীৰ মনত পৰিছে৷ অৰুণোদয়ৰ ১২ শ টকাৰে এটা পৰিয়াল কিদৰে চলিব বুলি প্ৰশ্ন উত্থাপন কৰি শইকীয়াই কয় মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহক কোঙা কৰিছে, তাৰ বিপৰীতে লাভৱান হৈছে ধনী ব্যৱসায়ীসকল৷