আজিৰ তাৰিখত ফ্ৰীডম অৱ প্ৰেছ বুলি একো নাই
‘আমাৰ অসম’ৰ ধুবুৰীৰ প্ৰতিনিধি, ১৬ নৱেম্বৰঃ ধুবুৰীৰ তিনিটাকৈ সাংবাদিক সংস্থাই উমৈহতীয়াভাৱে দেওবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্যাপন কৰে৷ দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে সাহিত্য অকাদেমিৰ বঁটাপ্ৰাপক, বিশিষ্ট গল্পকাৰ-সাংবাদিক তথা ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী৷ ধুবুৰী জাৰ্নেলিষ্ট এছ’চিয়েচন, ধুবুৰী জিলা বাৰ্তাজীৱী সংঘ আৰু নেতাই ধুবুনী প্ৰেছ ক্লাবে ‘ধুবুৰী প্ৰেছ ইউনাইটেড’ শীৰ্ষক মঞ্চৰ জৰিয়তে একত্ৰভাৱে উদ্যাপন কৰা এই কাৰ্যসূচীৰ মুকলি সভাত ‘নতুন সাহসী যুগৰ সাংবাদিকতাঃ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ, সংবাদ মাধ্যম আৰু প্ৰেছ স্বাধীনতা’ শীৰ্ষক আলোচনা আগবঢ়ায় ‘আমাৰ অসম’ আৰু ‘এন কে টিভি’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে৷ ভাষণ প্ৰসংগত গোস্বামীয়ে কয়– পৃথিৱীৰ আটাইতকৈ পুৰণি সংবাদপত্ৰখন [অষ্ট্ৰিয়াৰ] অলপতে বন্ধ হৈ গ’ল৷ সংবাদ জগতৰ বিশ্বাসযোগ্যতালৈ সংকট আহি পৰা বুলি উল্লেখ কৰি গোস্বামীয়ে কয় যে আজিৰ সংবাদপত্ৰই ৰাইজৰ কিমান উপকাৰ কৰিছে, তাক লৈ মোৰ প্ৰশ্ন আছে৷ ডাঙৰ ডাঙৰ সংবাদ গোষ্ঠীয়ে খৰচ বচাবলৈ স্থানীয় সাংবাদিক কমাই দিছে৷ ফলত সংবাদপত্ৰৰ বিশ্বাসযোগ্যতা কমি আহিছে৷ ছ’চিয়েল মিডিয়াৰ মুৰব্বীসকল হৈছে ডাঙৰ ডাঙৰ কৰ্প’ৰেট হাউছৰ৷ ‘এ আই’ বৰ্তমান ৰাজনৈতিক নেতাৰ হাতিয়াৰ হৈ পৰিছে৷ আপোনালোকে এতিয়া যি ‘এ আই’ দেখিছে, সেয়া এমিবা ৰূপত আছে৷ এয়া আৰম্ভণিহে৷ ইয়াৰ প্ৰসাৰ তীব্ৰ গতিত চলি আছে৷ ‘এ আই’ এই পৰ্যায় গৈ পাইছে যে ৰাইজক ভুল তথ্য দিবলৈ আৰম্ভ কৰিছে৷ ‘এ আই’ অহাৰ পাছত ভাৰতৰ বহু মানুহৰ চাকৰি গৈছে৷ গৱেষণাত পোৱা গৈছে যে আগন্তক দিনত আৰু বহু লোকৰ চাকৰি নোহোৱা হ’ব৷ ‘এ আই’ৰ সত্যতা প্ৰমাণ কৰাৰ বাবে এতিয়ালৈকে কোনো আহিলা নাই৷ গতিকে ৰাইজৰ লগতে সংবাদকৰ্মীসকলেও সাৱধানে ‘এ আই’ ব্যৱহাৰ কৰা উচিত৷ মহামাৰী ক’ভিডৰ পাছৰ পৰা সংবাদপত্ৰৰ বিজ্ঞাপন কমি গ’ল৷ আজিৰ তাৰিখত ‘ফ্ৰীডম অৱ প্ৰেছ’ বুলি একো নাই, এতিয়া ‘ফ্ৰীডম অৱ মালিকপক্ষ’ হোৱাৰ দিশে আগবাঢ়িছে৷ অৱশ্যে অসমৰ সংবাদ মাধ্যম দেশৰ আন প্ৰান্ততকৈ পৃথক৷ ইয়াৰ কাৰণ এয়ে যে এতিয়াও বহু পৰিমাণে নিৰপেক্ষভাৱে অসমৰ সংবাদপত্ৰসমূহ চলি আছে৷ সংবাদ মাধ্যমৰ দিশহাৰা হৈ যোৱা দিশটোলৈ চাই হাৰি গ’লে ন’হব, আমি ইয়াৰ প্ৰতিকাৰ কৰিব লাগিব আৰু ৰাইজৰ মাজত বিশ্বাসযোগ্যতা অটুট ৰাখিবলৈ প্ৰয়াস অব্যাহত ৰাখিব লাগিব৷ উল্লেখ্য যে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড॰ উপেন্দ্ৰজিৎ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাত ‘অসমীয়া প্ৰতিদিন’ কাকতৰ বঙাইগাঁও সংস্কৰণৰ সৈতে জড়িত ৰঞ্জিত কুমাৰ শৰ্মা নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে৷ ধুুবুৰী চহৰৰ ঐতিহ্যমণ্ডিত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী পুৱা ৯ বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়৷ তাৰ পাছত স্মৃতি তৰ্পণ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ভোলানাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড॰ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে৷ পুৱা ১০ বজাত অনুষ্ঠিত হয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত গছপুলি ৰোপণ তথা বিতৰণ কাৰ্যসূচী৷
উক্ত কাৰ্যসূচীৰ অন্তত শিল্পীগৰাকীৰ স্মৃতিত উলিওৱা সমদল উদ্বোধন কৰে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক দেৱাশিস বৰাই৷ দিনৰ ২ বজাত অনুষ্ঠিত হয় জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা৷ বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হয় প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ, পঞ্চমৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা৷ বিয়লি ৫ বজাত অনুষ্ঠিত সভাত ‘ধুবুনী’ শীৰ্ষক বাৰ্ষিক মুখপত্ৰ উন্মোচন কৰা হয়৷ এই সভাতে চিত্ৰাংকণ আৰু জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়৷ ধুবুৰীৰ ১২গৰাকী হকাৰক বিশেষভাবে সম্বদ্ধৰ্না জনোৱা হয়৷ নিশা ৯ বজাৰ পৰা জুবিন গাৰ্গক সুঁৱৰি ‘মায়াৱিনী’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ নামতীসকলৰ নাম-কীৰ্তনেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ হোৱা কাৰ্যসূচীত ৫২গৰাকী স্থানীয় শিল্পীয়ে শিল্পীগৰাকীৰ কালজয়ী গীত ‘মায়াৱিনী’ পৰিৱেশন কৰে৷ শিল্পীসকলে বিহুকে ধৰি অসমৰ বাৰে-বৰণীয়া সাংস্কৃতিক নৃত্য-গীতেৰে অনুষ্ঠানটো সজীৱ কৰি তোলে৷ নিশা জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই অনুষ্ঠান পৰিৱেশন কৰে৷ ইপিনে ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ধুবুৰী জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ দ্বাৰা ধুবুৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কনফাৰেন্স হলত ‘ৰাষ্ট্ৰীয় প্ৰেছ দিৱস’ পালন কৰা হয়৷ এই অনুষ্ঠানত এডিচি বন্তি তালুকদাৰ, জনসংযোগ বিষয়া স্নিগ্ধৰাণী দাসৰ উপৰি সংবাদকৰ্মীসকল উপস্থিত থাকে৷ বক্তাসকলে আধুনিক ছ’চিয়েল মিডিয়াই কেনেকৈ বাতৰিৰ ক্ষেত্ৰত বেমেজালিৰ সৃষ্টি কৰিব পাৰে আৰু সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাত আঘাত হানিবলৈ চেষ্টা কৰিব পাৰে, সেই বিষয়ে আলোচনা কৰাৰ লগতে এইক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া সাৱধানতাৰ বিষয়েও আলোকপাত কৰে৷ আনহাতে, ধুবুৰী তেতুলতলাত ধুবুৰী প্ৰেছ ক্লাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্যাপন কৰে৷ উক্ত অনুষ্ঠানত প্ৰেছ দিৱসৰ প্ৰাসংগিতাৰ বিষয়ে বিশিষ্ট সাংবাদিক অতনু ভূঞা, দীপান্বিতা জয়ছোৱালকে ধৰি কেইবাজনেও বক্তব্য ৰাখে৷






