ৰাজ্যৰ ১০খন টোলগেটত এদিনতে সংগ্ৰহ ১.৩৯ কোটি টকা
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ নৱেম্বৰঃ অসমৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা জৰাজীৰ্ণ হ’লেও টোলকৰ সংগ্ৰহত অলপো কৃপণালি কৰা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷ ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত আৰামদায়ক নহ’লেও টোলগেটত কৰ আদায় দিহে বাহন চলাবলৈ বাধ্য সৰ্বসাধাৰণ জনতাই৷ শুনিল আচৰিত যেন লাগিলেও অসমত ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বাহনৰ পৰা এদিনতে গড়ে ২.৩৯ কোটি টকাকৈ টোলকৰ সংগ্ৰহ কৰি আহিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷ তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত এই তথ্য প্ৰকাশ কৰিছে এন এইচ এ আই কতৃৰ্পক্ষই৷ তথ্য অনুসৰি বিগত ২০২৪ চনত অসমৰ ১০খন টোলগেটৰ জৰিয়তে কৰ সংগ্ৰহ কৰা হয় সৰ্বমুঠ ৫০০.৮ কোটি টকা৷ ইয়াৰ ভিতৰত বিগত বৰ্ষটোত মদনপুৰ টোলগেটত সৰ্বাধিক ১২৬.৭৭ কোটি টকা কৰ সংগ্ৰহ কৰা হয়৷ উল্লেখ্য, ২০২৪ চনৰ ৮ ডিচেম্বৰত ৰাজ্যৰ দশমখন টোলগেট টেলিপাৰা টোলগেট মুকলি কৰিছিল৷ এই টোলগেটখনত মুকলিৰ মাত্ৰ ২৪টা দিনতে সংগ্ৰহ কৰে অভিলেখসংখ্যক ২.৪৬ কোটি টকা টোল কৰ৷ স্বেচ্ছাসেৱী সংস্থা চেণ্টাৰ ফৰ এফিচিয়েণ্ট গভৰ্নেন্সৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ হাজৰিকাই কৰা আৰটিআই আবেদনৰ ভিত্তিত ৰাষ্ট˜ীয় ঘাইপথ প্ৰাধিকৰণে জনোৱা অনুসৰি বিগত ২০২৪ চনৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰ পৰ্যন্ত মদনপুৰ টোলগেটত ১২৬.৭৭ কোটি টকা টোলকৰ সংগ্ৰহ কৰে৷ ইয়াৰ বিপৰীতে এই সময়ছোৱাত গুৱাহাটীৰ সমীপৱৰ্তী নাজিৰাখাট টোলগেটত ৯৫.৫২ কোটি টকা, ৰহা টোলগেটত ৬০.৪৮ কোটি টকা, মিকিৰআটি টোলগেটত ৩২.৫৬ কোটি টকা, মান্দাৰদিছা টোলগেটত ৯.৭৩ কোটি টকা, বালাচেৰা টোলগেটত ২.৪৮ কোটি টকা, দাহালপাৰা টোলগেটত ৬৭.৩৫ কোটি টকা, পাটগাঁও টোলগেটত ৬৮.২২ কোটি টকা আৰু গালিয়া টোলগেটত ৩৫.১৯ কোটি টকা টোলকৰ আদায় কৰিবলৈ সক্ষম হয়৷ তদুপৰি বিগত বৰ্ষৰ ৮ ডিচেম্বৰত মুকলি কৰা টেলিপাৰা টোলগেটে ৩১ ডিচেম্বৰপৰ্যন্ত মাত্ৰ ২৪দিনত সংগ্ৰহ কৰে ২.৪৬ কোটি টকা৷ লক্ষণীয়ভাৱে, ২০২২ চনত ৰাজ্যৰ ৭খন টোলগেটৰ জৰিয়তে যান-বাহনৰ পৰা সংগ্ৰহ কৰা হৈছিল ৩০৯ কোটি টকা৷ বিপৰীতে ২০২৩ চনত ৯খন টোলগেটৰ জৰিয়তে সংগ্ৰহ কৰে ৪৫২.২২ কোটি টকা৷ তদুপৰি ২০২৪ চনত ৰাজ্যত নতুনকৈ এখন টোলগেট বৃদ্ধি পোৱাত সংগৃহীত টোল কৰৰ পৰিমাণো ৫০০.৮ কোটি টকালৈ বৃদ্ধি পায়৷ অৰ্থাৎ এবছৰৰ ব্যৱধানত অসমবাসীৰ পৰা সংগৃহীত টোলকৰ প্ৰায় ৫০ কোটি টকা বৃদ্ধি পায়৷
কৰ বিভাগৰ চেকগেট বন্ধৰ নিৰ্দেশ দিছপুৰৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ ৰাজ্যত চলি থকা কৰ বিভাগৰ সকলো চেকগেট বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে দিছপুৰে৷ মূলতঃ জিএছটি ফাঁকি দি সৰবৰাহ কৰা সা-সামগ্ৰী পৰীক্ষাৰ বাবে আন্তঃৰাজ্যিক সীমান্তৰ প্ৰৱেশ পথত কৰ বিভাগে চেকগেট স্থাপন কৰি তালাচী চলাই আহিছে৷ বিশেষকৈ অসম-পশ্চিম বংগ সীমান্তৰ ছাগলীয়া আৰু শ্ৰীৰামপুৰত জিএছটি বিভাগে ভ্ৰাম্যমান তালাচী চকী বহুৱাই দীৰ্ঘদিন ধৰি মালবাহী যান-বাহনত কৰ সম্পৰ্কীয় নথি-পত্ৰ পৰীক্ষা কৰি আহিছে৷ কিন্তু এই চেকগেটৰ নামত একাংশ কৰ বিষয়াই ব্যৱসায়ীসকলক হাৰাশাস্তি কৰি অহাৰো অভিযোগ আছে৷ যান-বাহনৰ সামগ্ৰীৰ তালাচীৰ নামত ছাগলীয়া আৰু শ্ৰীৰামপুৰৰ চেকগেট একাংশ অসাধু বিষয়াৰ বাবে দুৰ্নীতিৰ অভিকেন্দ্ৰতো পৰিণত হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ দিছপুৰে জিএছটি পৰীক্ষাৰ বাবে স্থাপন কৰা সকলো চেকগেট তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে৷ উল্লেখ্য, ২০১৭ চনত ‘এক দেশ এক কৰ’ নীতিৰ আধাৰত সমগ্ৰ দেশতে সেৱা আৰু পণ্য কৰ অৰ্থাৎ জিএছটি কাৰ্যকৰী কৰা হৈছে৷ জিএছটি বলৱৎ হোৱাৰ আগলৈকে আন্তঃৰাজ্যিক সীমান্তৰ ছাগলীয়া আৰু শ্ৰীৰামপুৰত ৰাজ্য চৰকাৰে চেকগেট স্থাপন কৰি কৰ সংগ্ৰহ কৰিছিল৷ পৰিবহণ, আবকাৰী, কৰ, কৃষি আদি বিভিন্ন ৰাজহ সংগ্ৰহকাৰী বিভাগে পৃথকে পৃথকে চেকগেট বহুৱাই সৰবৰাহ কৰা সা-সামগ্ৰীৰ কৰৰ নথি-পত্ৰ পৰীক্ষা কৰিছিল৷ সেই সময়ত ছাগলীয়া আৰু শ্ৰীৰামপুৰ চেকগেট ছিণ্ডিকেট চক্ৰৰ লগতে চৰকাৰী বিষয়াসকলৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছিল৷ কিন্তু জিএছটি কাৰ্যকৰী হোৱাৰ পাছতেই চৰকাৰে সীমান্তৰ এই চেকগেটসমূহ বন্ধ কৰি দিছিল৷ অৱশ্যে, ইয়াৰ পাছতো জিএছটি ফাঁকি দি দুষ্টচক্ৰই সামগ্ৰী সৰবৰাহ কৰাত কৰ বিভাগে ভ্ৰাম্যমান তালাচী বহুৱাই জিএছটি নথি পৰীক্ষা কৰিছিল৷ কিন্তু ইয়াৰ সুযোগ লৈ একাংশ বিষয়াই দুৰ্নীতি আৰম্ভ কৰাত অৱশেষত শ্ৰীৰামপুৰ আৰু ছাগলীয়াৰ কৰ বিভাগৰ ভ্ৰাম্যমান চেকগেট বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে দিছপুৰে৷
জিএছটি কেলেংকাৰি, ব্যৱসায়ীক গ্ৰেপ্তাৰ
‘আমাৰ অসম’ৰ যোগীঘোপাৰ প্ৰতিবেদকঃ বঙাইগাঁও জিলাৰ যোগীঘোপাত কয়লা ট্ৰাকৰ পৰা পৰিবহণ বিষয়াৰ নামত ধন সংগ্ৰহ কৰা ভুৱা জি এছ টিৰ ব্যৱসায়ী এজনক গ্ৰেপ্তাৰ কৰে৷ যোগীঘোপা আৰক্ষীয়ে ভৰালকুণ্ডী পৰা যোৱানিশা গ্ৰেপ্তাৰ কৰে ভুৱা জি এছ টিৰ ব্যৱসায়ীজনক৷ ধৃত ভুৱা জি এছ টিৰ ব্যৱসায়ীজন ভৰালকুণ্ডী গাঁৱৰ ছাদ্দাম হুছেইন বুলি জনা গৈছে৷ যোগীঘোপা আৰক্ষীয়ে ছাদ্দাম হুছেইনৰ বিৰুদ্ধে ১২৪য২৫ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি আজি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ অভিযোগ মতে, ছাদ্দাম হুছেইনে দীৰ্ঘদিনৰ পৰা ভুৱা জি এছ টিৰ ফাইল খুলি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যৱসায় চলাই আহিছিল৷ চৰকাৰী কৰ ফাঁকি দি কয়লা পৰিবাহী ট্ৰাকত ভুৱা এছ টিৰে দেশৰ বিভিন্ন ৰাজ্যলৈ কয়লা সৰবৰাহ কৰি আহিছিল৷ যোগীঘোপা কয়লা বজাৰৰ লগতে গুৱাহাটীৰ বেলতলা, মাৰ্ঘেৰিটা আদি ঠাইত ভুৱা জি এছ টিৰ চালান কয়লা ব্যৱসায়িক যোগান ধৰি আহিছিল ছাদ্দামে৷ শেহতীয়াকৈ ভুৱা জি এছ টিৰ নায়ক ছাদ্দাম হুছেইনে পৰিবহণ বিষয়াৰ নামত অবৈধভাৱে ধন সংগ্ৰহত নামি পৰিছিল৷ মেঘালয়ৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰা প্ৰতিখন কয়লা পৰিবাহী ট্ৰাকৰ পৰা বঙাইগাঁও আৰু চিৰাং জিলাৰ পৰিবহণ বিষয়াৰ নামত বিভিন্ন ভয়-ভাবুকি দেখুৱাই অৰ্থাৎ এণ্ট্ৰিৰ নামত সাত হাজাৰ টকা অবৈধভাৱে সংগ্ৰহ কৰিছিল ছাদ্দাম হুছেইনে৷ ঘটনা সন্দৰ্ভত স্থানীয় এগৰাকী যুৱকে ছাদ্দাম হুছেইনৰ বিৰুদ্ধে যোগীঘোপা থানাত এখন এজাহাৰ দাখিল কৰে৷ এজাহাৰৰভিত্তিত যোগীঘোপা আৰক্ষীয়ে যোৱানিশা ভৰালকুণ্ডী গাঁৱৰ পৰা ছাদ্দাম হুছেইনক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পিছতে যোৱা নিশাই বঙাইগাঁও জিলাৰ দুজনকৈ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোগীঘোপা আৰক্ষীয়ে ছাদ্দাম হুছেইনৰ বাসগৃহত অভিযান চলায়৷ আৰক্ষীয়ে ছাদ্দাম হুছেইনৰ বাসগৃহত অভিযান চলাই মোবাইল, চিচি টিভিৰ সামগ্ৰীৰ আদি জব্দ কৰে বুলি জনা গৈছে৷ উল্লেখ্য, ইয়াৰ পূৰ্বে ভুৱা জি এছ টিৰ ব্যৱসায়ী ছাদ্দাম হুছেইনে কেইবাবাৰো আৰক্ষীৰ জালত পৰি জে’ল হাজোতলৈ যাব লগা হৈছিল৷






