Logo
image

নিখুঁত এনআৰচি অবিহনে নিখুঁত ভোটাৰ তালিকা অসম্ভৱ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ নৱেম্বৰঃ  দুদিন পূৰ্বেও অসমলৈ আহি বহিঃৰাজ্যৰ লোকে অসমৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বুলি ৰাজ্যিক নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৱে৷ এখন নিখুঁত এন আৰ চি অবিহনে এখন নিখুঁত ভোটাৰ তালিকা অসম্ভৱ বুলি স্পষ্ট কৰি আছুৰ কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাই এনেদৰে কয়– ‘নিৰ্বাচন আয়োগে অসমত ভোটাৰ তালিকাৰ সংশোধনৰ কথা ঘোষণা কৰিছে৷ এটা কথা সত্য যে অসম আন্দোলনৰ সময়ৰ পৰা এতিয়ালৈকে এখন অশুদ্ধ ভোটাৰ তালিকাৰ ভিত্তিতে নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে৷ মহামান্য আদলতেও এই কথাটো স্বীকাৰ কৰিছে যে অসমৰ ভোটাৰ তালিকাত অবৈধ বাংলাদেশীৰ নাম সন্নিৱিষ্ট হৈ আছে৷ তেনেক্ষেত্ৰত ভোটাৰ তালিকাৰ সংশোধনীৰ প্ৰয়োজন আছে৷ কিন্তু আমি অসমত তেতিয়ালৈকে এখন শুদ্ধ ভোটাৰ তালিকা নাপাও যেতিয়ালৈকে এখন শুদ্ধ এন আৰ চি নাপাওঁ৷ এখন শুদ্ধ বাংলাদেশীৰ নাম নথকা এন আৰ চিৰ অধীনত যেতিয়া অসমত ভোটাৰ তালিকাৰ সংশোধন হ’ব, তেতিয়াহে আমি এখনশুদ্ধ ভোটাৰ তালিকা পাবলৈ সক্ষম হ’ম৷ তেতিয়াহে এখন শুদ্ধ ভোটাৰ তালিকাৰ অধীনত অসমত নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱপৰ হ’ব৷ এতিয়া নিৰ্বাচন আয়োগে বিশেষ সংশোধনৰ কথা ঘোষণা কৰিছে, বিদেশীৰ নাম নথকা এখন ভোটাৰ তালিকা আমি পাম বুলি আশা কৰিছোঁ৷ কিন্তু মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোটাৰ তালিকাৰ সংশোধনীৰ কথা ক’বলৈ গৈ যি ধৰণৰ কথা কৈছে এয়া চূড়ান্তভাৱে বিভ্ৰান্তিকৰ আৰু অসমৰ মানুহৰ মাজত সন্দেহৰ সৃষ্টি কৰিছে৷


তেওঁ কৈছে যে দুদিন আগত অহা বহিঃৰাজ্যৰ এজন ব্যক্তিয়েও ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব পাৰিব৷ এইটো কি ধৰণৰ আচৰিত কথা৷ এটা কথা খাটাং চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পাছত কোনো ব্যক্তিৰ নাম তাত সন্নিৱিষ্ট হ’ব নোৱাৰিব৷ একেদৰে দুদিন আগত অহা ব্যক্তি এজনে যদি ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰে তেন্তে তেওঁ পূৰ্বৰ যিখন ৰাজ্যত ভোট দিছিলে, সেই ৰাজ্যৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছেনে এই কথা মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে স্পষ্ট কৰিব লাগিব৷ কাৰণ অসমৰ দৰে ৰাজ্যত অশুদ্ধ ভোটাৰ তালিকাৰ বাবে ঐতিহাসিক অসম আন্দোলনৰ দৰে এটা আন্দোলন হৈ গৈছে, য’ত ৮৬০গৰাকীকৈ লোক শ্বহীদ হৈছে৷ তেনে এখন স্পৰ্শকাতৰ ৰাজ্যত বক্তব্য ৰাখোঁতে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক সংবেদনশীল হ’বৰ বাবে সকীয়াই দিছোঁ৷ দুদিনৰ আগত অহা ভোটাৰে যদি ইয়াত নাম সন্নিৱিষ্ট কৰিব পাৰে ইয়াৰ অৰ্থটো হৈছে যে বাহিৰৰ পৰা আমি কিছুমান ভ্ৰাম্যমান ভোটাৰ ইয়ালৈ লৈ আহিম নেকি৷ লাখ লাখ ভোটাৰ ইয়ালৈ আহিব ভোট দিব গুচি যাব নেকি৷ পৰৱৰ্তী নিৰ্বাচন আহিলে আকৌ গৈ সেইখন ৰাজ্যত ভোট দিব পাৰিব নেকি৷ বহিঃৰাজ্যত ভোটাৰ তালিকাত নাম কৰ্তন নকৰাকৈ কোনো বহিঃৰাজ্যৰ ব্যক্তিয়ে ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব নোৱাৰিব৷ অসমৰ জনপ্ৰতিনিধি কোন হ’ব সেইটো খিলঞ্জীয়া ভোটাৰে নিৰ্ধাৰণ কৰিব৷ বাহিৰৰ পৰা কোনোবা ভোট দিবলৈ আমাৰ ভাগ্য নিয়ন্তা হ’ব, আমাৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব– এই পৰিৱেশ অসমত হ’বলৈ নিদিওঁ৷ সেই কাৰণে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক সকীয়াই দিছোঁ– অসমৰ দৰে ৰাজ্য এখনত কথা কওঁতে তেওঁ কিছু সংবেদনশীল হোৱা উচিত৷ তেওঁ ব্যাখ্যা আগবঢ়োৱা উচিত যে দুদিন পূৰ্বে অহা ব্যক্তি এগৰাকীয়ে কি ধৰণে অসমত নাম অন্তৰ্ভুক্ত কৰিব পাৰে৷ বৈধ ভাৰতীয় নাগৰিকে অসমত ভোট দিব বিচাৰিলে ইয়াত ক’বলৈ একো নাই৷ অসমত যদি স্থায়ীভাৱে থাকিব বিচাৰে তেন্তে নাম সন্নিৱিষ্ট কৰক৷ কিন্তু ইয়ালৈ এসপ্তাহৰ বাবে ফুৰিবলৈ আহিও কোনোবাই ভোট দি যাব পাৰিব নেকি?’