ৰহস্যময় সংসাৰ, পূৰ্বেই বিবাহিত ধৰ্মেন্দ্ৰই হেমা মালিনীক বিয়া কৰাইছিল ‘মুছলমান’ হৈ
মুম্বাই, ২৪ নৱেম্বৰঃ কি নাছিল ধৰ্মেন্দ্ৰৰ? পৰিয়ালৰ সকলোৰে সৈতে ওচৰত থাকিব বিচাৰিছিল অভিনেতাজনে৷ ১৯ বছৰ বয়সত ছবি জগতলৈ অহাৰ পূৰ্বে তেওঁ আৱদ্ধ হৈছিল বিবাহপাশত৷ ধৰ্মেন্দ্ৰৰ প্ৰথম পত্নীৰ নাম প্ৰকাশ কৌৰ৷ সদায় লাইম লাইটৰ পৰা আঁতৰি থাকিছিল প্ৰথমা পত্নী প্ৰকাশ৷ প্ৰথমা পত্নীৰ পক্ষৰ পৰা ধৰ্মেন্দ্ৰ চাৰি সন্তানৰ পিতৃ হয়৷ ছানী দেউল, ববী দেউল, বিজেতা দেউল আৰু অজিতা দেউল হৈছে প্ৰকাশ কৌৰৰ ফালৰ সন্তান৷ ছবিজগতত প্ৰৱেশ কৰাৰ পাছত ধৰ্মেন্দ্ৰ হেমা মালিনীৰ সৈতে প্ৰণয়পাশত আৱদ্ধ হৈ পৰে৷ কিন্তু বিবাহিত হোৱাৰ পাছতো এটা সময়ত অভিনেতাজনে ধৰ্ম সলনি কৰি হেমাৰ সৈতে বিয়াত বহে৷ সেই সময়ত কট্টৰপন্থী হিন্দু সমাজত পত্নী জীয়াই থাকোতে দ্বিতীয় বিবাহ গ্ৰহণযোগ্য নোহোৱাৰ বাবে ধৰ্মেন্দ্ৰই মুছলমান ধৰ্ম গ্ৰহণ কৰি হেমা মালিনীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ ধৰ্মেন্দ্ৰৰ জ্যেষ্ঠ পুত্ৰ ছানী দেউল সম্প্ৰতি ভাৰতীয় ছবিজগতৰ এজন জনপ্ৰিয় তাৰকা৷ ছানীয়ে বিয়া পাতে পূজা দেউলক৷ তেওঁলোকৰ দুই সন্তান কৰণ আৰু ৰাজবীৰ দেউল৷ কৰণে ২০২৩ চনত দীশা দেউলৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ ববী দেউলৰ পত্নীৰ নাম তানিয়া দেউল৷ তেওঁলোকৰ সন্তান আৰ্যমান আৰু ধৰম৷ আইতাক প্ৰকাশ কৌৰৰ দৰে ধৰম আৰু আৰ্যমানেও লাইম লাইটৰ পৰা আঁতৰত থাকি ভাল পায়৷ বিজেতা দেউলৰ স্বামীৰ নাম বিবেক গীল৷ তেওঁলোকৰ দুই সন্তান পুত্ৰ ছাহিল আৰু কন্যা প্ৰেৰণা৷ এওঁলোক দিল্লীত থাকে৷ অজিতা দেউলে পৰিয়ালৰ সৈতে আমেৰিকাৰ কেলিফৰ্ণিয়াত থাকে৷ তেওঁৰ স্বামীৰ নাম কিৰণ চৌধুৰী৷ দুয়োৰে দুই কন্যা নিকিতা আৰু প্ৰিয়ংকা চৌধুৰী৷
অজিতা দেউলে কেলিফৰ্ণিয়াত শিক্ষকতা কৰে৷ আনহাতে হেমা মালিনীৰ কন্যা অভিনেত্ৰী ঈশা দেউলৰ বিয়া হৈছিল ভৰত তখতানিৰ সৈতে৷ এওঁলোকৰ সংসাৰ দীঘলীয়া নহ’ল৷ দুয়োৰে দুই কন্যা সন্তান আছে যদিও তেওঁলোক সম্প্ৰতি বিবাহ বিচ্ছেদিত৷ হেমা মালিনীৰ আনগৰাকী কন্যা আহানা দেউলো লাইম লাইটৰ পৰা আঁতৰত থাকে৷ ২০১৪ চনত আহানাৰ বৈভৱ ভোৰা নামৰ এজন ব্যৱসায়ীৰ সৈতে বিয়া হয়৷ এওঁলোকৰ সন্তান তিনিটা৷ ইয়াৰে দুটা যমজ সন্তানৰ এজন পুত্ৰ আৰু আনজনী কন্যা৷ উল্লেখ্য যে সোমবাৰে পুৱা অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যু ঘটে যদিও তেওঁৰ মৃত্যুৰ বাতৰি পৰিয়ালৰ তৰফৰ পৰা ৰাজহুৱা কৰা হোৱা নাছিল৷ মুম্বাইৰ শ্মশানত যেতিয়া বলীউডৰ তাৰকা শিল্পী আৰু কলা-কুশলীৰ লগতে ধৰ্মেন্দ্ৰৰ পৰিয়ালৰ লোকসকল আহিবলৈ আৰম্ভ কৰে তেতিয়াহে অভিনেতাজনৰ মৃত্যু সম্পৰ্কে অনুৰাগী তথা মুম্বাইৰ শিল্পী সমাজ অৱগত হয়৷ কিহৰ বাবে অভিনেতাজনৰ মৃত্যুৰ বাতৰি লগে লগে ৰাজহুৱা কৰা নহ’ল তাক লৈ বিভিন্নজনৰ মনত প্ৰশ্নৰ উদ্ৰেক হৈছে৷ কিয়নো অভিনেতাজনক অনুৰাগীসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পৰা বঞ্চিত হ’বলগা হ’ল৷ উল্লেখ্য যে মৃত্যুৰ সময়ত ধৰ্মেন্দ্ৰই এৰি থৈ গৈছে প্ৰায় ৪৫০ কোটি টকাৰ সম্পত্তি৷ ধৰ্মেন্দ্ৰৰ এই বিশাল সম্পত্তিক লৈ অনাগত দিনসমূহত আইনী যুঁজৰ সূচনা হ’ব পাৰে বুলি এতিয়া চৰ্চা চলিছে বলীউডত৷ কিয়নো ধৰ্মেন্দ্ৰৰ দুয়োগৰাকী পত্নী এতিয়া জীৱিত৷ দুয়োৰে সন্তানো আছে৷ ধৰ্মেন্দ্ৰৰ আয়ৰ উৎস মূলতঃ অভিনয় আছিল যদিও ৰীয়েল ইষ্টেট আৰু অন্যান্য ব্যৱসায়ৰ পৰাও বৃহৎ পৰিমাণৰ ধন আহিছিল৷ তদুপৰি আছিল তেওঁৰ ফাৰ্ম হাউচ তথা কেইবাটাও বিলাসী ফ্লেট আৰু ভালে সংখ্যক গাড়ী৷ লোনাওখালাৰ খাণ্ডালাত তেওঁৰ প্ৰায় ১০০ একৰৰ বিশাল ফাৰ্ম হাউচ আছে৷ যাৰ আনুমানিক মূল্য প্ৰায় ১২০ কোটি টকা হ’ব৷ এই ফাৰ্ম হাউচটোতে অধিকাংশ সময় তেওঁ প্ৰথমা পত্নী প্ৰকাশ কৌৰৰ সৈতে কটাইছিল৷ পুত্ৰ ববী দেউলৰ মতে এইটো ফাৰ্ম হাউচতে তেওঁৰ মাতৃ আৰু পিতৃয়ে শান্তি আৰু সুখ বিচাৰি পাইছিল৷ ধৰ্মেন্দ্ৰৰ ধাবাৰ ব্যৱসায়ো আছিল৷ তদুপৰি আছিল বিজয়তা নামৰ এটা প্ৰযোজনা সংস্থা৷ মাৰ্ছিডিজ বেঞ্জ, লেণ্ড ৰ’ভাৰৰ দৰে কেইবাখনো বিলাসী গাড়ী আছিল তেওঁৰ৷ মৃত্যুৰ পূৰ্বে এই সম্পত্তিখিনি যদি তেওঁ উইল কৰি থোৱা নাই, তেন্তে অহা দিন সমূহত সম্পত্তিৰ বাবে অভিনেতাজনৰ বিশাল পৰিয়াল তথা দুই পত্নীৰ মাজত আইনী যুঁজ হোৱাটো প্ৰায় নিশ্চিত৷ তদুপৰি হিন্দু উত্তৰাধিকাৰী আইন অনুসৰি হেমা মালিনীয়ে ধৰ্মেন্দ্ৰৰ সম্পত্তিৰ ভাগ নাপালেও তেওঁৰ দুই কন্যাই সেই ভাগ লাভ কৰিব৷






