Logo
image

ৰাজভৱনত হিমন্তবিশ্ব

◾বাজপেয়ী ভৱনৰ অগ্নিপৰীক্ষা ৩ মে’তহে

◾মুখ্যমন্ত্ৰী হ’ব কোন? বিজেপিৰ অন্দৰ মহলত উত্তপ্ত পৰিস্থিতি

আমাৰ অসম, ২ মে’: ভোটগণনাৰ প্ৰাক্‌সন্ধ্যা ৰাজভৱনত উপস্থিত হ’ল মন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মা৷ শনিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত ৰাজভৱনত উপস্থিত হৈ মন্ত্ৰী ড॰ শৰ্মাই ৰাজ্যপাল অধ্যাপক জগদীশ মুখিৰ সৈতে আলোচনাত মিলিত হয়৷ এই আলোচনা প্ৰায় আধা ঘণ্টা ধৰি চলা বুলি ৰাজভৱনৰ সূত্ৰত প্ৰকাশ৷ দেওবাৰে পুৱা ৮ বজাৰ পৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হোৱাৰ পূৰ্বে মন্ত্ৰী ড॰ শৰ্মা আৰু ৰাজ্যপাল মুখিৰ মাজৰ এই বৈঠকে ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে৷ ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ ইতিমধ্যে বাজপেয়ী ভৱনৰ বাহিৰে-ভিতৰে আৰম্ভ হৈছে নানা জল্পনা-কল্পনা৷ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৰাজ্যত পুনৰবাৰ চৰকাৰ গঠন কৰিলে মুখ্যমন্ত্ৰী কোন হ’ব তাক কেন্দ্ৰ কৰি অব্যাহত আছে ব্যাপক চৰ্চা৷ ইয়াৰ মাজতে মন্ত্ৰী ড॰ শৰ্মাই শনিবাৰে সন্ধিয়া হঠাৎ ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপালক সাক্ষাৎ কৰা ঘটনাই সমগ্ৰ বিষয়টো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ উল্লেখ্য যে মে’ দিৱস উপলক্ষে শনিবাৰে চৰকাৰী বন্ধ দিন হোৱাৰ পাছতো ৰাজভৱনে মন্ত্ৰী ড॰ শৰ্মাক ৰাজ্যপালক সাক্ষাতৰ অনুমতি দিয়ে৷ ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীজন এজন অসমীয়া লোকেই হ’ব বুলি শুকুৰবাৰে স্পষ্ট কৰি দিছিল মন্ত্ৰী ড॰ শৰ্মাই৷ আনহাতে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীজন কোন হ’ব সেই সন্দৰ্ভত দলৰ সংসদীয় ব’ৰ্ড, মিত্ৰদল আৰু বিজেপিৰ বিধায়কসকলে আলোচনাৰ মাধ্যমেৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কৈছিল৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ কেন্দ্ৰীয় সংসদীয় ব’ৰ্ডে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল৷ কিন্তু এইবাৰ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম এইপৰ্যন্ত ঘোষণা কৰা নাই৷ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই শুকুৰবাৰে সাংবাদিকৰ আগত মত প্ৰকাশ কৰি কয় যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্তবিশ্ব শৰ্মা দুয়োজনৰে মুখ্যমন্ত্ৰী হোৱাৰ এশ শতাংশই দক্ষতা আছে৷ বিগত দুদিনত মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী ড॰ শৰ্মাই ৰাজ্যৰ বিভিন্ন মন্দিৰত পূজা-অৰ্চনা আগবঢ়াই আছে৷

মুখ্যমন্ত্ৰী হ’ব কোন? বিজেপিৰ অন্দৰ মহলত উত্তপ্ত পৰিস্থিতি

মুখ্যমন্ত্ৰীৰ পদক লৈ ৰাজ্যিক বিজেপিৰ অন্দৰ-মহলত হৈছে উত্তপ্ত পৰিস্থিতি৷ মুখ্যমন্ত্ৰী পদক লৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থকৰ মাজত ইতিমধ্যে আৰম্ভ হৈছে অঘোষিত ‘যুদ্ধ’৷ নিৰ্বাচনৰ ভোট গণনাৰ প্ৰাক্‌ক্ষণত এই অঘোষিত যুদ্ধই এক প্ৰকাৰ ‘মহাসমৰ’ৰ ৰূপ লৈছে৷ বিভিন্ন সংবাদ প্ৰতিষ্ঠানে এগ্‌জিট প’লত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি প্ৰকাশ কৰাৰ পাছত বিজেপিৰ অন্দৰ-মহলত মুখ্যমন্ত্ৰী প্ৰাৰ্থীক লৈ আৰম্ভ হোৱা যুদ্ধ স্পষ্ট হৈ পৰিছে৷ মুখ্যমন্ত্ৰীৰ পদ পূৰণৰ বাবে বাজপেয়ী ভৱনত হ’ব অগ্নি পৰীক্ষা৷ ৩-৪ মে’ত বাজপেয়ী ভৱনত হ’ব অগ্নি পৰীক্ষা৷ বিজেপিৰ কেইবাজনো শীৰ্ষ নেতাই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে সৰ্বানন্দ সোণোৱালকে বিচাৰে যদিও আন একাংশ শীৰ্ষ নেতাই মুখ্যমন্ত্ৰীৰ আসনত চাব বিচাৰে নেডাৰ আহ্বায়ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰো একাংশই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে সৰ্বানন্দ সোণোৱালক বিচাৰে৷ ৰাষ্ট্ৰীয় নেতৃত্বৰ আন একাংশৰ ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ বাবে প্ৰথম পছন্দ ড॰ হিমন্ত বিশ্ব শৰ্মা৷ ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ বাবে যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, গৃহৰক্ষী অমিত শ্বাহৰ প্ৰথম পছন্দ ড॰ হিমন্ত বিশ্ব শৰ্মা সেই কথা নিৰ্বাচনী প্ৰচাৰ সভাসমূহত স্পষ্ট হৈ পৰিছিল৷ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, সাংসদ দিলীপ শইকীয়য়ো প্ৰকাৰন্তৰে হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব পাৰে বুলি ইংগিত দি থৈছে৷ তেওঁ মুকলিভাৱে মত প্ৰকাশ কৰি কৈছে যে ড॰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য প্ৰাৰ্থী৷ তেওঁৰ যোগ্যতাক লৈ কোনো সন্দেহৰ অৱকাশ নাই৷ ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোনো হ’ব তাক লৈ দলৰ বাহিৰে ভিতৰে তীব্ৰ চৰ্চা আৰম্ভ হৈছে যদিও এতিয়াও সেয়া স্পষ্ট হৈ উঠা নাই৷ অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ পছন্দৰ প্ৰাৰ্থীসকল বিধানসভালৈ নিৰ্বাচিত হৈ আহিলে তেওঁ মুখ্যমন্ত্ৰীৰ আসনত বহুওৱাৰ যুঁজখন যে গাঢ় হৈ উঠিব সেয়া প্ৰায় নিশ্চিত৷ অৱশ্যে এনে দাবী ভোট ফলাফলৰ পাছত স্পষ্ট হৈ উঠিব৷ ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে সৰ্বানন্দ সোণোৱালে অসম শাসন কৰাৰ দায়িত্বভাৰ পাবনে নাই সেয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷