Logo
image

পৰস্পৰক ‘হত্যাকাৰী’ বুলি ৪ৰ্থ দিনা বিধানসভা তোলপাৰ লগালে মুখ্যমন্ত্ৰী-অখিলে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ নৱেম্বৰঃ  কোন কাৰ হত্যাকাৰী? মানবেন্দ্ৰ শৰ্মাক কোনে হত্যা কৰিলে? প্ৰণৱ বড়োক কোনে হত্যা কৰিলে?– এনেবোৰ কথাক লৈ শুকুৰবাৰে উত্তপ্ত হ’ল অসম বিধানসভাৰ মজিয়া৷ মানবেন্দ্ৰ শৰ্মাৰ হত্যা, প্ৰণৱ বড়োৰ হত্যাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ মাজত শুকুৰবাৰে বিধানসভাত হয় তীব্ৰ বাকবিতণ্ডা৷ পৰস্পৰে ‘হত্যাকাৰী’ বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী শৰ্মা আৰু বিধায়ক গগৈয়ে৷ ‘চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান বিধেয়ক’ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বক্তব্য  আগবঢ়াই থকাৰ সময়ত বিধায়ক অখিল গগৈয়ে কৰা এটা মন্তব্যক লৈ দুয়োৰে মাজত তীব্ৰ বাক বিতণ্ডা হয়৷ মুখ্যমন্ত্ৰী শৰ্মাই ‘চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান বিধেয়ক’ আইনত পৰিণত হোৱাৰ লগে লগে চাহ বাগানৰ মালিকসকলক চাহ-শ্ৰমিকে দখল কৰি থকা মাটি স্বেচ্ছাই এৰি দিবলৈ আহ৩ান জনাই কয়– ৰাজ্যৰ যিসকল চাহ বাগানৰ মালিক আছে চাহ শ্ৰমিকে দখল কৰি থকা মাটি তেওঁলোকে স্বেচ্ছাই মাটি চাহ শ্ৰমিকসকলক এৰি দিয়ক৷ ইয়াৰ বাবে জিলা আয়ুক্ত বা ৰাজহ বিভাগে যাতে কালৈকো জাননী দিব নালাগে তাৰ বাবে চাহবাগিচাৰ গৰাকীসকলে এই পদক্ষেপ লওক৷ লগে লগে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী শৰ্মাক উদ্দেশ্যি প্ৰশ্ন কৰে– মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ বাগিচাৰ মাটিখিনি শ্ৰমিকক এৰি দিবনে নাই? উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়– মোৰ ক’ত চাহ বাগিচা আছে৷ মই ক’তো চৰকাৰী মাটি দখল কৰা নাই৷ আপুনিয়ে অসমৰ একমাত্ৰ বিধায়ক যিয়ে চৰকাৰী মাটি দখল কৰিছে৷ আপুনি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটি দখল কৰি অৰ্কিড পাৰ্ক বনাইছে৷ আপুনি প্ৰণৱ বড়োক নিৰ্মমভাৱে হত্যা কৰিছে৷ প্ৰণৱ বড়োৱে যিদিনা গাত কেৰাচিন ঢালিছিল অখিল গগৈয়েও গাত কেৰাচিন তেল ঢালিব লাগিছিল৷


লগে লগে বিধায়ক অখিল গগৈয়ে প্ৰশ্ন কৰে– আপোনাৰ মানবেন্দ্ৰ শৰ্মাৰ হত্যাৰ কথা মনত আছেনে? মানবেন্দ্ৰ শৰ্মাৰ নামটো মনত আছেনে?  থাৰ্ড মেছৰ কথা মনত আছেনে? লগে লগে মুখ্যমন্ত্ৰী শৰ্মাই অখিল গগৈক উদ্দেশ্যি কয়– প্ৰণৱ বড়োক আপুনি জ্বলাই দিলে নে নাই? চাহ বাগিচাৰ মানুহে মাটি পাব আৰু আপোনাৰ এই সময়ত এনে ব্যৱহাৰ? উত্তৰত বিধায়ক অখিল গগৈয়ে কয়– মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ থাৰ্ডমেছৰ পিষ্টলটোৰ কথা মনত আছেনে নাই? মুখ্যমন্ত্ৰী শৰ্মাই কয়– আছে আছে৷ কিন্তু দয়াং মেৰাপানীত মোৰ নামত ৰাইজমেল হোৱা নাই৷ লগে লগে বিধায়ক অখিল গগৈয়ে কয়– মই বহুবাৰ জে’ললৈ গৈছোঁ, বহু অত্যাচাৰ সহ্য কৰিবলগা হৈছে৷ কিন্তু আণ্ডাৰ পেণ্ট পিন্ধি দৌৰী থাকিবলগীয়া হোৱা নাই৷ খঙত অগ্নিশৰ্মা হৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়– অখিল গগৈ ডুব্লিকেট কৃষক নেতা৷ তেওঁ চাহ-শ্ৰমিকে মাটি পোৱাটো নিবিচাৰে৷ ইয়াৰ পাছত শাসকীয় পক্ষৰ বিধায়কসকলে ‘অখিল গগৈ হত্যাকাৰী’, ‘অখিল গগৈ চাহ শ্ৰমিক বিৰোধী’ আদি শ্ল’গান দি আক্ৰমণাত্মক হৈ পৰে৷ ফলত সদন অস্থিৰ হৈ পৰে৷ পৰিস্থিতি জটিল হৈ পৰাত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাৰ অধ্যক্ষক সদন স্থগিত ৰাখিবলৈ অনুৰোধ জনোৱাৰ লগতে শাসকীয় পক্ষৰ বিধায়কসকলক নিজ নিজ আসনত বহিবলৈ বাৰম্বাৰ অনুৰোধ কৰে৷ বিধানসভাৰ অধ্যক্ষয়ো উভয় পক্ষৰ বিধায়কক মনে মনে থাকিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতহে পৰিৱেশ স্বাভাৱিক হয় আৰু মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণ সামৰে৷ উল্লেখ্য, শুকুৰবাৰ আছিল অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ চতুৰ্থটো দিন৷ বিধানসভাৰ চতুৰ্থদিনা মুখ্যমন্ত্ৰী শৰ্মা আৰু বিধায়ক গগৈয়ে পৰস্পৰক হত্যাকাৰী বুলি তোলপাৰ লগায়৷